ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই ক'ডীং প্ৰতিযোগিতাত লাভ কৰিলে ৭.৫০ লাখ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 4, 2020

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই ক'ডীং প্ৰতিযোগিতাত লাভ কৰিলে ৭.৫০ লাখ

১১ বছৰ বয়সতে দেৱপ্ৰতিম শৰ্মা নামৰ প্ৰতিভাবান  এটি কণমানিয়ে  "ক'ডীং" সম্বন্ধীয় এক প্ৰতিযোগিতাত ভাগ লৈ ৭.৫০ লাখ টকাৰ পুৰস্কাৰ লাভ কৰি সমগ্ৰ তিতাবৰ তথা ৰাজ্য খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে "য'ৱাহাৰ নবোদয় বিদ্যালয়"ৰ স্নাকোত্তৰ শিক্ষক ধ্ৰুবজ্যোতি শৰ্মাৰ পুত্ৰ তথা তিতাবৰ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ ষষ্ঠম মানৰ ছাত্ৰ হয় দেৱপ্ৰতিম শৰ্মা।পিতৃৰ অনুপ্ৰেণাত দেৱপ্ৰতিমে প্ৰায় দুমাহ পূৰ্বৰে পৰা ভাৰতৰ ‘Whitehat Junior’ নামৰ এক অনলাইন প্ৰতিষ্ঠানত "ক"ডীং" প্ৰশিক্ষণ লৈ আছিল।আৰু উক্ত প্ৰতিষ্ঠানতে যোৱা ২২ অক্টোবত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ‘CEO for a Day’ শীৰ্ষক এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই প্ৰতিযোগিতাৰ বাবে মুঠ ১২ গৰাকী প্ৰশিক্ষাৰ্থী নিৰ্বাচিত হয় আৰু "যুম" এপৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ মুখ্য পৰিচালন সঞ্চালক গৰাকীয়ে লাইভ ভিডীঅ' যোগে তেওঁলোকক প্ৰশ্ন কৰে।

প্ৰতিযোগিতাৰ অন্তত দেৱপ্ৰতিম শৰ্মাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আৰু পুৰস্কাৰ হিচাপে প্ৰায় ৭.৫০ লাখ টকা লাভ কৰে।এই ধনৰাশি ভবিষ্যতে শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰিব বুলি মন্তব্য আগ বঢ়াইছে দেৱপ্ৰতিমে।স্মৰ্তব্য যে বিদ্যালয়ৰ পাঠ্যক্ৰমত "ক'ডীং" সম্বন্ধীয় কোনো পাঠ্যক্ৰম বৰ্তমান পৰ্য্যন্ত অন্তৰ্ভূক্ত নোহোৱাৰ বাবে দেৱপ্ৰতিমৰ "ক'ডীং"ক লৈ কোনো আনুষ্ঠানিক জ্ঞান নাছিল।তৎসত্তেও অনলাইন যোগে "ক'ডীং" সন্দৰ্ভত মাত্ৰ দুটা মাহ প্ৰশিক্ষণ লৈয়ে দেৱপ্ৰতিমে যি বিৰল কৃতিত্ব লাভ কৰিলে সেয়া সচাই প্ৰশংসনীয়।

যিহেতু অলপতে ভাৰত চাৰকাৰে নতুন শিক্ষানীতি ২০২০ ত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে "ক'ডীং" পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।আৰু থিক তেনে সময়তে দেৱপ্ৰতিম শৰ্মা নামৰ ১১ বছৰীয়া প্ৰতিভাৱান ছাত্ৰ জনৰ এই ক্ষাতি নৱপ্ৰজন্মৰ বাবে নিশ্চয়কৈ অনুপ্ৰৰণাৰ উৎস হব।দেৱপ্ৰতিমৰ উজ্বল ভবিষ্যৎ কামনা কৰিলো।

প্ৰাগজ্যোতিকা ইংলিছ স্কুল কৰ্তৃপক্ষই দেৱপ্ৰতিমক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত।


No comments:

Post a Comment

Advertisement

Pages