সস্তা অমিতাৰ বস্তাভৰা গুণ। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 29, 2020

সস্তা অমিতাৰ বস্তাভৰা গুণ।


বছৰৰ  সকলো ঋতুতে  সহজলব্ধ   অমিতা  আমি সকলোৱে  চিনি  পোৱা  এবিধ  সুস্বাদু  ফল । পকিলে   খাবলৈ   মিঠা আৰু বৰ  সোৱাদ     হোৱাৰ লগতে   কেচা   অমিতা   পাচলি  হিচাবে   নানা তৰহৰ  ব‍্যঞ্জন বনাই   খোৱা হয় ।  অন্যহাতে পকা অমিতাৰ  জুচ, পুৰঠ আধাপকা অমিতাৰ চালাড,  কেচা অমিতাৰ খাৰ   খাবলৈ বৰ ৰুচিকৰ । 
     অমিতাৰ  পকাফল, কেচাফল, ফুল, পাত, বীজ,গাগছৰ বাকলি,  গছ বা ফলৰ  এঠা ( Latex ) , শিপা আদি সকলো অংশ‌ই  আমাৰ  দেহৰ নানাবিধ  ৰোগৰ  মহৌষধী   হিচাবে ব‍্যৱহৃত  হয় ।   সেয়ে  সৰ্বগুণী  তথা অমৃতসম  মধু বা  মৌজোলৰ লগত তুলনা কৰি অমিতাক   মধুফল বা  অমৃতা  ( অঞ্চলভেদে মইধ্ফল /অৰ্মিতা) বুলিও কোৱা  হয়।  আয়ুৰ্বেদীয় নাম  ,- অমৃততুম্বী, ইংৰাজীত  - Papaya    বৈজ্ঞানিক নাম - Carica papaya   - হিন্দীত - পপীতা, বঙালীত- পেপে   আৰু  স্থানভেদে  বিভিন্ন নামেৰে জনাজাত ।  আকাৰ আৰু জাত ভেদে  প্ৰায়   বাইশটামান  প্ৰজাতিৰ  অমিতা দেখা যায়।     অসমকে ধৰি  ভাৰতৰ  সকলো  ৰাজ‍্য  তথা কাষৰীয়া  দেশ সমূহত   ইয়াৰ  প্ৰচুৰ উৎপাদন হয় ।   অমিতাৰ  ঔষধি গুণাগুণৰ   বাবে  পৃথিৱীৰ সকলো দেশতে   সমাদৰ অধিক হোৱাৰ লগতে   গৱেষক  সকলে ইয়াৰ বিভিন্ন  অংশৰ পৰা   ঔষধ প্ৰস্তুত কৰি   সুফল লাভ  কৰিছে । 
#অমিতাৰ_পোষক_তত্ত্ব  ------
   অমিতাত দেহৰ  উপযোগী  প্ৰটিন, ভিটামিন  এ, ভিটামিন বি গোট,  ভিটামিন চি, ই, কে , ফাইবাৰ, আইৰন,   পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, ফচফৰাচ, ক'পাৰ,জিংক,চডিয়াম, এন্টিঅক্সিডেন্ট,  ফাইটো নিউট্ৰিয়েন্ট,  লাইকোপেন, কেৰ"টিন, বিটাকেৰ"টিন,  পেপেইন এনজাইম, আলকালয়েড  আদি    নানাবিধ  পুষ্টি আৰু  পোষক  তত্বৰে  ভৰপূৰ ।
       #গুণাগুণ_জানো_আহঁক----
1.  পকা অমিতা    ৰোগী বা নিৰোগী সকলো বয়সৰ  লোকৰ    অতি  পুষ্টি  আৰু  বল  বৰ্ধক  ।  নিয়মিত  সঠিক মাত্ৰাত পকা  বা  কেচা  অমিতা (তৰকাৰী)   খালে   দেহ সুস্থ আৰু  ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
 2.  শৌচ  খোলোচা নোহোৱা,  সময়মতে বা দুইতিনি দিনলৈ  শৌচ নোহোৱা  বা কৌষ্ঠকাঠিন্য  আদি  লক্ষণ  বহুতো  ব্যক্তিৰ  ক্ষেত্ৰতেই  দেখা  যায় ।    স্বভাৱগত  ভাৱে  এনে  সমস্যাত  ভুগা   ব‍্যক্তিৰ     দেহ মন  সুস্থ  নাথাকে  আৰু   বিভিন্ন  ৰোগত  ভুগিব পাৰে ।     অমিতাই  পৰিপাক  তথা  হজমশক্তি বঢ়ায় ,   কৌষ্ঠকাঠিন‍্য  দুৰ কৰি  শৰীৰৰ  অলাগতিয়াল  পদাৰ্থ toxin. বাহিৰ কৰায় । পুৰঠ বা দোহোচীয়া  অমিতা কেচাই  খালে ভাল ফল দিয়ে।
   আমিষভোজী  বা  সঘনাই  মাছ মাংস, গুৰুপাক আহাৰ খাই থকা  লোকে নিয়মিত অমিতা খোৱাতো ভাল। 
 3.  পাইল্ চ   বা  অৰ্শ  ৰোগীৰ বাবে অমিতা  অতি  উপকাৰী পথ‍্য  ।  একেৰাহে নিয়মিত  কিছুদিন খালে  যথেষ্ঠ ভাল ফল পায় ।
 4.  হৃদৰোগ,  ডায়েবেটিচ,  উচ্চৰক্তচাপ ,  অতিৰিক্ত কলেষ্ট্ৰল বৃদ্ধি   আদিত  অমিতা  সেৱন  কৰা   খুবেই  উপকাৰী । 
 5. বাতবিষ ,  গাথিবিষ ,  দেহ  ফুলা, পানী  জমা হোৱা। আদিৰ বাবে  অমিতা উত্তম  পথ‍্য ।
  6, অমিতাই   ক্ষীণ  বা  শকত   লোকৰ   দেহৰ  ওজন  স্বাভাৱিক   কৰে । 
 7, অমিতা ক্ষাৰধৰ্মী  হোৱাৰ বাবে   অম্লপিত্ত,    এচিডিতি   আদি  দুৰ কৰে ।
 .  8, মহিলাৰ  অনিয়মিত   মাহেকীয়া বা  অন্যান্য  বিকাৰ  থাকিলে  ( কম  মাত্ৰাত)    নিয়মিত অমিতা  খালে   সমস্যা  দুৰ হয় ।
   গৰ্ভৱতী  মাতৃয়ে  পকা  অমিতা  বা  কেচা অমিতাৰ  তৰকাৰী   মাজে মাজে  খোৱাতো ভাল।
( অধিক মাত্ৰাত নাখাব)
9.  প্ৰসূতিকালীন  মহিলাই  অমিতা সেৱন কৰিলে   স্তনদুগ্ধ বৃদ্ধি  হয়। 
10.   নিয়মিত অমিতা  খালে   মানসিক তথা বয়সৰ  চাপ    আতৰ হয় । 
11.  অমিতাই  দেহৰ  অপকাৰী   বেক্টেৰিয়া , ভাইৰাছ,     সংক্ৰমণ জনিত  ৰোগ  দুৰ কৰে।
12.   গাৰ ছাল  মসৃণ  আৰু  ছালৰ  ৰোগ  প্ৰতিৰোধ কৰে ।   গাধোৱা পানীত   কেইটুকুৰামান  অমিতা  মিহলাই গা  ধুলে  ছালৰ   বাবে উপকাৰী । (শিশুৰ  গাধোৱা পানীত  কেইখিলামান  তুলসী  পাত  মিহলাব)
13.  পকা অমিতা   মুখত বা ছালত  ঘহিলে   ছাল মসৃণ  হোৱাৰ লগতে   বীজানুমুক্ত  হয় ।
14  চকুৰ  দৃষ্টিশক্তি  তথা  চকুৰ নানাবিধ ৰোগৰ বাবে   অমিতা  নিয়মিত  খোৱাতো ভাল।
15. অমিতাৰ ফুল    ব্ৰঙ্কাইটিচ,  জন্ডিচ,  কিডনী সম্বন্ধীয়  ৰোগৰ বাবে  হিতকাৰী ।   একে  ৰোগত    এক/ডেৰ চামুচ শিপাৰ ৰস  মৌ মিহলাই খাব পাৰে ।
🚹#অমিতাৰ_বীজ_আৰু_এঠা (Latex)
অমিতা  কাটি  সচৰাচৰ বীজ বোৰ  পেলাই দিয়া হয় আৰু   গাখীৰৰ দৰে  ওলোৱা  এঠাৰ  বাবে  বহুতে  অমিতা  কাটিবলৈ  বেয়া পায় । আচলতে  অনাদৃত  এঠা  বা  বীজবোৰত   যথেষ্ঠ পৰিমাণে ঔষধি গুণ আছে ।    আজিকালি    এইবোৰৰ  পৰা  নানাবিধ  ঔষধ, চাবোন, কচমেটিক সামগ্ৰী প্ৰস্তুত  কৰিব ধৰিছে  ।   ,
         পকা  বা পুৰঠ  অমিতাৰ  ক'লা  বীজ  ধুই  ৰ'দত   শুকাই    (অতিপাত  নুশুকুৱাব) মিহিকৈ গুৰি কৰি    লব ।    ➡ খোৱাৰ  মাত্ৰা - ১গ্ৰামৰ পৰা  ৪গ্ৰাম( বয়স অনুসৰি)  -- গৰম পানীৰ লগত ।
16.  টায়েফ‌ইড জ্বৰত  বহুদিন ভুগি থাকিলে    আহাৰৰ পিছত ১চামুচকৈ  অমিতা বীজৰ  গুৰি  কিছুদিন খালে আসু আৰোগ্য হয় ।
17.  অমিতাৰ  শুকান বীজৰ  চুৰ্ণ  কৰ্কট  ৰোগ , হাপানি, লিভাৰ চিৰ'চিচ,   লিভাৰৰ সংক্ৰমণ ,কিডনীৰ ৰোগৰ বাবে   উপকাৰী দৰৱ ।  
18.  কৃমি  ৰোগত  অমিতাৰ শুকান  বীজৰ গুৰি (শিশুৰ বাবে 1-2গ্ৰাম,  ডাঙৰৰ 3--4গ্ৰাম) অলপ  গৰম পানী মিহলাই  ৰাতি  খোৱাৰ এঘন্টা  পিছত খালে  সমস্যা দুৰ হয় ।
19.  দাঁঠতৰ  বিষত  শিপা  নাইবা  ছালৰ  ৰস  লগালে বিষ  কমে।     
20. খৰ, খজুৱতি, পুৰণি ঘা  আদিত  অমিতাৰ এঠাত  গ্লিচাৰিন মিহলাই লগালে আৰোগ্য হয়।
21. মুখ বা  জিহ্বাৰ  ঘা হলে   অমিতাৰ আঠা  পানী মিহলাই     লগালে    উপসম হয় ।
22. অমিতাৰ  এঠা {Latex}.  জুয়ে পোৰা  দাগত  ( ঘা শুকোৱাৰ পিছত) লগালে  দাগ   গুচে ।
23.   অমিতাৰ  পাত   #মাৰাত্মক_ডেঙ্গু_ৰোগৰ   মহৌষধ ।      ইয়াৰ পৰা প্ৰস্তুত কৰা  টেবলেত, কেপচুল  , চিৰাপ  আদিয়ে    এই ৰোগ নিৰাময় কৰে ।
🚫🚫#অপকাৰী_গুণ⛔🚳
   ☢☢অমিতাৰ  অপকাৰী গুণ  নাই  যদিও 
   ভালৰ  মাজতো  বেয়াগুণ  থাকে।  সেয়ে-
 🚺1-   অত‍্যধিক  মাত্ৰাত অমিতা  খালে   পেটৰ    অপকাৰ কৰিব পাৰে ।  ( বিশেষকৈ  #গৰ্ভৱতী মহিলাই  অধিক  পৰিমাণে  নাখাব)
 🚺   2.  অমিতা  অধিক  খাই    কিছুমানৰ এলাৰ্জি  বা ছালৰ কোনো সমস্যা, পেটৰ অসুখ,   নতুবা  কিবা পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিলে   নাখাব  বা  কমাই  খাব ।
 🚺  3.  আন কিছু ৰোগত অমিতাই  অপকাৰ কৰিব পাৰে । সেয়ে  চিকিৎসাধীন  জটিল  ৰোগীয়ে  চিকিৎসকৰ পৰামৰ্শ  লৈ  অমিতা  খাব ।     ➡সংগ্ৰহ
     #শেষত_দুআষাৰ
      অমিতাৰ   #বস্তাভৰা  অৰ্থাৎ  অশেষ  গুণাগুণৰ বিপৰীতে  বজাৰৰ অধিক মূল্যৰ   অন্যান্য পাচলিৰ  তুলনাত  অমিতাৰ মূল্য   যথেষ্ঠ #সস্তা  আৰু  বিষাক্ত ৰাসায়নিক দৰৱমুক্ত ।   তথাপি দেখা যায়  কিছুমানে সস্তীয়া   অমিতা খাবলৈ   অনিচ্ছা  কৰে ।  সেয়া  যি কাৰণতে নহওক,   দেহৰ  উপকাৰী  নানা ঔষধি গুণসমৃদ্ধ  অমিতা  সকলোৱে খাওক   ।   বিভিন্ন  জুতিৰে খাওক  , ল'ৰাছোৱালীকো খুৱাওক ।  পাচলিৰ  নাতনি পুৰাবলৈ    ঘৰৰ  আশে পাশে  দুজোপামান  অমিতাগছ  নিশ্চয়  ৰুব ।
      সকলোৰে সুস্বাস্থ্য কামনাৰে--
                        শ্ৰী যতীন দাস ।
                   মালয়বাৰী ।  কামৰূপ -ম/অসম

No comments:

Post a Comment

Advertisement

Pages