গাখীৰ আমাৰ শৰীৰৰ বাবে লাগতিয়াল সকলো ধৰনৰ পুষ্টিগুণেৰে ভৰপুৰ হোৱাৰ লগতে ইয়াত অধিক মাত্ৰাত থকা কেলচিয়াম উপাদানে
দেহৰ যথেষ্ট উপকাৰ সাধন কৰে।
অন্যহাতে আমি সদায়ে খাই থকা হালধিৰ এন্টি অক্সিডেন্ট ,এন্টি বেক্টেৰিয়েল, এন্টি ভাইৰেল, এন্টি চেপ্টিক ,এন্টিইন্ফ্লেমেটৰী গুণসমুহে দেহৰ বিভিন্ন ধৰণে উপকাৰ সাধন কৰে । অৱশ্যে কেচা হালধিৰ দৰে শুকান গুৰি বা বজাৰৰ যিকোনো হালধিত সম্পূৰ্ণৰূপে গুণাগুণ নাথাকে ।
গাখীৰ আৰু হালধিৰ দুয়োবিধ উপকাৰী মিশ্ৰণে আমাৰ দেহত যথেষ্ট সুফল আৰু শক্তি যোগায় ।
🍉#খোৱাৰ_সময়:---- ৰাতি শোৱাৰ আগতে হল্ডিৱালা দুধ খোৱাতো উত্তম সময় যদিও দিনৰ অইন যিকোনো সময়তো খাব পাৰে ।
🍄 #হল্ড়িৱালা_দুধৰ_প্ৰস্তুত_প্ৰণালী --------
এক ইঞ্চি কেচা হালধি মিহিকৈ থেতেলাই বা আধা চামুচৰ পৰা এচামুচ কেচা হালধিৰস , এগিলাচ গাখীৰ আৰু আধা গিলাচ পানী আটাইখিনি মিহলাই কম তাপত আধাভাগ থকালৈ উতলাই নমাই থব আৰু চেকি চাহৰ দৰে খাব ।
অন্যথা গৰম গাখীৰত হালধি ৰস মিহলাই খাব পাৰে ।
ৰুচিৰ বাবে গুড় ,মৌ , চেনী ,বা আন্ডাজ মতে জালুকৰ গুৰি মিহলাই খাব পাৰে ।
বি:দ্ৰ:--- ( গাখীৰৰ অভাৱত পানীত উতলাই খাব )
কেচা হালধিৰ অভাৱত নিৰ্ভেজাল বা ঘৰুৱা হালধি গুৰি ২-৩গ্ৰাম মিহলাব পাৰে ।
100মিলি: " হল্ডিৱালা দুধ"ত থকা পোষক উপাদান *********************************************EnEnergy. 35 k cal
Protein. 0.28 gm.
Fat. 1.94 gm.
Carbohydrate 3.89gm.
Fiber. 0. 8gm.
Super. 3.06gm
Mineral. 100 gm.
Calcium. 6mg.
Iron. 0.30mg.
Sodium. 19. Mg.
#গুণাগুণ_জানো_আহক:-------
🍓 ১) শৰীৰৰ কৰবাত জখম ,আঘাত , খুন্দাখোৱা,মোচোকা খোৱা ,ফুলি উঠা আদি সমস্যাত এগিলাচ হালধি-গাখীৰ খালে দুখ যন্ত্ৰণা লাঘৱ হয় আৰু হেৰোৱা বল শক্তি ঘুৰি আহে ।
🍓 ২) চৰ্ডি ,জৰ ,কাহ ,মুৰৰ বিষ ,গাৰ বিষ আদিত হালধি গাখীৰ খালে অস্বস্থি দুৰ হয় ।
চৰ্ডি ,কফজনিত ৰোগত মৌ আৰু দুই/তিনিটা জালুকৰ গুৰি মিহলাই খাব পাৰে ।
🍓৩) হালধি গাখীৰে হাড় মজবুত কৰে আৰু হাড়ৰ বিষ , গাথি বিষ ,বাত বিষ , গাথি ফুলা আদি উপসম হয় । লগতে বিষ বা ফুলা অংশত হালধিৰ প্ৰলেপ লগালে দ্ৰুত ফল দিয়ে ।
🍓 ৪) অধিক কষ্টকৰ কামত গাত দুখ ভাগৰ লাগিলে হালধি -গাখীৰ এগিলাচ খালে দেহৰ অৱশতা দুৰ হৈ গাত শকতি বাঢ়ে ।
🍓৫) হালধি-গাখীৰ খালে ৰক্তসঞ্চালন ক্ৰিয়া মজবুত হয় ৰক্ত পৰিস্কাৰ হয় আৰু তেজৰ শৰ্কৰা (ব্লাড চুগাৰ) নিয়ন্ত্ৰণ হয় ।
🍓৬। ডায়েবেটিচ ,হৃদৰোগ আৰু কৰ্কট ৰোগীৰ বাবে উপকাৰী পথ্য । (চিকিৎসাধীন ৰোগীয়ে ডক্টৰৰ পৰামৰ্শ লৈ খাব )
🍓 ৭) হালধি আৰু গাখীৰৰ সংমিশ্ৰণে পাচন ক্ৰিয়া আৰু যকৃত ( লিভাৰ )সৱল আৰু শোধন কৰে ।
মিশ্ৰণটোৰ লগত আন্ডাজমতে ক'লা নিমখ মিহলাই খাব পাৰে।
🍓 ৮) অনিদ্ৰা ৰোগত ৰাতি শোৱাৰ আগতে এগিলাচ এই মিস্ৰন খোৱাতো অতিকৈ সুফলদায়ক । মস্তিষ্ক সুস্থ আৰু দু:চিন্তা দুৰ হয় ।।
🍓 ৯। চুলি আৰু চৰ্মৰোগৰ বাবে হালধিৰ বাহ্যিক প্ৰয়োগৰ লগতে হালধি গাখীৰ খালে ভাল ফল পায় ।
🍓 ১০ ।। মহিলাৰ প্ৰসৱৰ কিছুদিন পিছত হালধিমিশ্ৰিত গাখীৰ অধিক উপকাৰী । (চাৰ্জিকেল ডেলিভাৰী হলে নাখাব )
🍓১১ । মাহেকীয়া ঋতুকালীন বিষ বেদনা বা নানা সমস্যাৰ বাবে উপকাৰী । (অধিক ৰক্তস্ৰাৱ হলে নাখাব।)
🍓 ১২) হল্ডিৱালা দুধৰ উল্লেখযোগ্য গুণাগুণ হল ---
ই দেহৰ ইমিউনিতি বা বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে দেহৰ ৰোগ বীজানু অলাগতিয়াল বেক্টেৰিয়া দুৰ কৰে আৰু #ভাইৰেল_সংক্ৰমণ জনিত ৰোগ প্ৰতি ৰোধ কৰে ।
🌋 #ক্ষতিকাৰক_গুণ 🌋
**************?***
⛵১) অধিক মাত্ৰাত হালধি খোৱা শৰীৰৰ বাবে ক্ষতিকৰ । সেয়ে একেৰাহে অধিক দিনলৈ হালধি-গাখীৰ নাখাব ।
⛵২) জন্ডিচ বা কিছুমান ৰোগ বিশেষত হালধি ক্ষতিকৰ ।। সেয়ে জটিল কোনো ৰোগত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ হালধি নাখাব ।
⛵৩) হালধিয়ে শৰীৰত উষ্মতা আনে । সেয়ে অতি গৰমত হালধিৰ মাত্ৰা কমাই খাব ।
⛵৪) চাৰ্জিকেল অপাৰেচন, কেমোথেৰাপি কৰা ৰোগী, পাইল্ চ , পাথৰ ,ৰক্তস্ৰাৱ ,নাকেৰে তেজ যোৱা বা যিকোনো ৰক্তক্ষৰন হোৱা ৰোগীয়ে হালধি গাখীৰৰ মিশ্ৰণ নাখাব ।
⛵৫) কিছুদিন নিয়মিত খোৱাৰ পিছত কোনো ৰোগীয়ে পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিলে নাখাব ।
✈. বন্ধু-বান্ধৱীসকল,
'' হল্ডিৱালা দুধ '' আপোনালোকেও খাই চাওকচোন ।। গুণাগুণ পালে নিশ্চয় জনাব ।
পিছে বজাৰৰ গুৰি হালধি নহয় ; কেচা হালধিহে ।
হাটে বজাৰে বা ওচৰৰ কাৰোবাৰ ঘৰত নিশ্চয় পাব ।। খোৱাৰ লগতে বাৰীৰ এচুকত কেইটুকুৰামান নিশ্চয় ৰুই থব ।
সকলোৰে স্বাস্থ্য. সুৰক্ষাৰ্থে
শ্ৰী যতীন দাস । মালয়বাৰী
জিলা--কামৰূপ (ম ) অসম ।
No comments:
Post a Comment