আজিকালি ঘৰে ঘৰে পাথৰি ৰোগ (Stone desease)বিশেষকৈ মুত্ৰাশয়,বৃক্ক,আৰু পিত্ত পাথৰি ৰোগে ঘৰে ঘৰে বিয়পি পৰিছে -- যাৰ ফলত বহুতো জীয়াতু ভোগাৰ লগতে নানা চিকিত্সাৰে ধন খৰছ কৰি দেহটোকো ঘুণীয়া কৰিবলগীয়া হয় ।
ইয়াৰ নিৰাময়ৰ বাবে প্ৰকৃতি প্ৰদত্ত বনদৰৱ - পাতেগজা বা দুপৰটেঙাৰ বিষয়ে জানো আহক ।
পাতে গজা আমি প্ৰায় সকলোৱে চিনি পাওহঁক । ইয়াৰ আচৰিত গুণটো হল ইয়াৰ পাত এখিলা মাটিত পেলাই থলে কিছুদিন পিচত পাতৰ কাষে কাষে থকা খাজকটা কোণে কোণে নতুন গছপুলি গজি উঠে । সেয়ে ইয়াক পাতে গজা বোলে । আনহাতে দুপৰীয়া ইয়াৰ পাত টেঙা হয় বাবে ইয়াক দুপৰ টেঙাও বোলে । সেয়ে ইংৰাজীত এই গছজোপাক Miracle plant/Air plant/Leaf of life/Goethe plant/ Cathadral bells আদি নানা নামেৰে পৰিচিত । বৈ : নাম -Bryophyllium pinnatum
পাথৰ ৰোগ দুৰ হয় বাবে হিন্দীত ""পাথৰ চুড়""" ""পাথৰচত্তা"", বিষনাশক গুণৰ বাবে "" দৰ্দ মাৰ"" বঙালীভাষাত ""পাথৰকুচী"" আদি নামেৰে জনাজাত । ভাৰতৰ লগতে বিভিন্ন দেশত এই গছ সহজলভ্য আৰু ইয়াৰ অনেক গুণাগুনৰ বাবে গছজুপীক বৰ আদৰ যতনেৰে ৰোৱা হয় । পিছে বাগিচাত ৰূই শুৱনি কৰি থোৱাই নহয় ইয়াৰ গুণাগুন জানি যথোচিত ব্যৱহাৰ কৰাটোহে আৱশ্যক ।
#গুণাগুণ ~~~~~
মুত্ৰাশয় বা বৃক্ক নাইৱা পিত্তথলীত হোৱা
পাথৰ ৰোগৰ পৰা হাত সাৰিবলৈ বা এই ৰোগত ভোগা ব্যক্তিয়ে ৰোগ ধৰা পৰাৰ লগে লগে পাতেগজা পাতৰ ৰস ২-৩খিলাকৈ চোবাই নাইবা ৰস উলিয়াই দিনে দুবাৰকৈ একেৰাহে ২১দিন খালে পাথৰ গলি প্ৰশ্ৰাৱত ওলাই যায় । ইয়াৰ ডাল ,পাত ,শিপা পানীত উতলাই ৪ভাগ পানীৰ ১ ভাগ থকাত নমাই ঠান্তা হলে দিনে দুবাৰকৈ খাব পাৰে । দিনটোত যথোচিত মাত্ৰাত পানী সেৱন কৰিব । প্ৰশ্ৰাৱ ৰঙচুৱা হলে কুহিয়াৰ ,ডাৱৰ পানী আদি খাব পাৰে ।
শিলিখা ,আমলখি ,চালকুৱৰী, (Aloevera), অশ্বগন্ধা, পুৰণি কোমোৰা , টিয়হ , গাজৰ, পটল , পুৰণি চাউলৰ ভাত লঘুপাক আহাৰ উপকাৰী, ।
ইযাৰ বীপৰিতে মাছ মাংস , মচলা গুৰুপাক আহাৰ , অতিভোজন , বিৰুদ্ধ বা অপৰিস্কাৰ আহাৰপানী খোৱা ,বেচিকৈ নেমুৰস খোৱা, অধিক পৰিশ্ৰম , চাইকেল চলোৱা , বেচিকৈ বাহনত উঠা আদি এৰাই চলিব।
➡ ( ৰোগৰ চৰম পৰ্যায়ত এই দিহাৰে আৰোগ্য নহলে চিকিত্সকৰ সহায় নিশ্চয় লব ।)
✅ #পাতেগজাৰ_অন্যান্য_গুণসমুহ
পাতেগজাৰ এন্টি ভাইৰেল, এন্টিবেক্টেৰিয়েল, এল্টি এলাৰ্জিক ,এন্টিডায়েবেটিক গুণৰ লগতে , হাপানী ,ব্ৰঙ্কাইটিচ, কৰ্কট , মধুমেহ , আৰ্থাৰাইটিচ ,বাতবিষ আদি ৰোগৰ প্ৰতিৰোধক গুণ আছে ।
✔ ১ । পাতেগজা পাতে প্ৰশ্ৰাৱৰ যিকোনো বিকাৰ দুৰ জৰে ।
✔ ২। নিয়মিতকৈ পাতেগজা খালে দেহৰ ভিতৰত থকা বিভিন্ন অলাগতিয়াল পদাৰ্থ ৰোগ বীজানু আদি বাহিৰ হয়।
✔ ৩। মুৰৰ বিষত ইয়াৰ ৰস ১-২চামুচ বা দুখিলা পাত চোবাই খোৱাৰ লগতে মুৰত সানিলে উপসম হয়
✔ ৪। #মধুমেহ_ৰোগত শৰ্কৰা নিয়ন্ত্ৰন কৰে ।
✔ ৫। #গৰ্ভৱতী_মাতৃ আৰু গৰ্ভস্ত সন্তানক সুৰক্ষিত ৰাখে । দিনে এখিলা ১চামুচ মৌ মিহলাই খাব ।
✔ ৬। হাপানী /এস্থমা ৰোগত পাতেগজা উপকাৰী
✔ ৭। বাতবিষ , চকুৰ বিষ , আদিৰ বাবেও পাতেগজা উপকাৰী ।
✔ ৮। #উচ্চ_ৰক্তচ্চাপ ,হৃদযন্ত্ৰৰ ৰোগীৰ বাবে হিতকাৰী।
✔ ৯ । হাগনী ,আমাসয়, তেজ হাগনী ,কলেৰা বা পেটৰ বিভিন্ন ৰোগত পাতেগজা পাতৰ ৰসে ভাল ফল দিয়ে
২চামুচ ৰসত ১-২ গ্ৰাম জিৰাগুৰি মিহলাই গৰম পানীৰে খাব ।
✔ ১০। #পাইল্ চ বা অৰ্শ ৰোগীয়ে দুচামুচ ৰস আকনমান জালুকৰ গুৰিৰে দিনে দিনে দুই তিনিবাৰকৈ কিছুদিন খালে উপসম হয় ।
✔১১। দেহত ঘা , ফোহোৰা , ব্ৰন ,পকতীয়া আদি হলে পাতেগজা খোৱাৰ লগতে ঘা ফোহোৰাত লেপ দিলে সোনকালে আৰোগ্য হয় ।
✔ ১২। #মৃগীৰোগত আক্ৰান্ত হোৱা সময়ত
২চামুচ ৰস খুৱালে ভাল ফল দিয়ে ।
✔ ১৩। #জন্ডিচ আৰু লিভাৰ ৰোগত পাতেগজা
বৰ উপকাৰী ।
✔ ১৪। পাতেগজাই তেজ পৰিস্কাৰ কৰে ।
✔১৫। শৰীৰৰ জলাপোৰাত ইয়াৰ ৰস খালে আৰু গাত সানিলে উপসম হয় ।
✔ ১৬ । শিশুৰ পেটৰবিষ হলে পাতেগজা থেতেলাই পেটত সানি বা লেপ লগালে অৰোগ্য হয় ।
( সকলো ধৰনৰ পেটৰ বিষত উপসম নহব পাৰে )
✅ দেখিলেনে বন্ধুসকল ,
পাতেগজা বা দুপৰটেঙা গছজুপীৰ কিমান গুণ ?
গতিকে বাগিচাত ৰুই থোৱাই নহয় । মাজে মাজে নিশ্চয় খাব । ৰোগ থাকক বা নাথাকক কেচাই , গৰম পানীত মিহলাই , ৰান্ধি বা শাকৰ লগত মিহলাই যেনেকৈয়ে নাখাওক নিৰ্ভয়ে খাব পাৰে ।
♿ পাতেগজাৰ পাৰ্শ্বক্ৰিয়া নাই যদিও চিকিৎসাধীন ৰোগীয়ে আন কোনো ঔষধৰ লগত একে সময়ত নাখাব ।
আপোনাৰ বাৰীত যদি পাতেগজা নাই বিচাৰি আনি নিশ্চয় ৰুব । 🙏
আপোনাসৱৰ সুস্বাস্থ্য কামনাৰে
শ্ৰী যতীন দাস । মালয়বাৰী
কামৰুপ -ম অসম / আগষ্ট ২০১৯ইং
💙 (শ্বেয়াৰ কৰিব পাৰিব )
No comments:
Post a Comment