তিনি ত্রৈলোক্যৰ অধিপতি ভগবানে নৰসিংহৰ ৰূপ লৈ দৈত্য হিৰণ্যকশিপুক বধ কৰিছিল | নৰসিংহৰ ভয়ংকৰ ৰূপ দেখি ব্ৰক্ষ্মাকে আদি কৰি সমস্ত দেৱগণ ভয়ত মৃতপ্ৰায় হৈছিল | কিন্তু প্ৰহ্লাদে তেওৰ চৰণত সেৱা জনাই কৈছিল- হে প্ৰভু মই তোমাৰ এই ৰূপ দেখি ভয় কৰা নাই, ভয় কৰিছো সংসাৰৰ দূখ কষ্টবোৰ দেখিহে | তোমাৰ চৰণ ছায়াত ঠাই দিয়া মোক | সংসাৰৰ দূখ যাতনাবোৰৰ পৰা কেনেকৈ উদ্ধাৰ হব পাৰো, কেনেকৈ ভকতি কৰি সংসাৰ বৈতৰণীৰ পৰা মুক্তি হৈ তোমাৰ চৰণত শৰণ লব পাৰো | মোক কৃপা কৰা বুলি কাকূতি মিনতি কৰিলত ভগৱন্তই ভয়ংকৰ ৰূপ সম্বৰণ কৰিলে আৰু কলে-সংসাৰ এৰিবলৈ সকলোৱে হৰি হৰি নাম লোৱা আৰু বৈকুণ্ঠগামী হোৱা, ভকতৰ মনোবাঞ্চা পূৰণ কৰি বিচৰা মতে কামনা, মুকুতি, ধৰ্ম আৰু সম্পত্তি দিও | এইদৰে বহুত প্ৰলোভন দিয়াৰ সত্বেও প্ৰহ্লাদে একোৱে নিবিচাৰিলে, ভক্তিয়েই পৰম সম্পদ বুলি কৈছে | তোমাৰ প্ৰতি সেৱা কৰাৰ প্ৰতিদান হিচাপে একো ফলৰ বাঞ্চা কৰা নাই আৰু কোনো কামনা বাসনা নাই বুলি কৈছে | তেতিয়া ভগৱন্তই প্ৰহ্লাদক পৰম ভকত হৈ হৰিৰ সৰ্বদা চিন্তা কৰি দৈত্যৰ ৰজা হৈ দিনে ৰাতিয়ে তেওৰে নাম সুমৰণ কৰিলে সকলো বন্ধনৰ পৰা মুক্তি লভিব পাৰিব বুলি কৈছে ----
হিৰণ্যকশিপুৱে হৰিক নিন্দা কৰি যি মহা পাতকত পৰিল সেই পাপৰ পৰা নিস্তাৰ বিচাৰি প্ৰহ্লাদে এটি বৰ ভিক্ষা মাগিলে আৰু ভগবানৰ চৰণত ঠাই বিচাৰিলে | হে স্বামী মই তোমাৰ চৰণ এৰি নিদিও তুমি মোৰ পৰা সংসাৰৰ দুখ যাতনাবোৰৰ দুৰ কৰা | কৃষ্ণ...
No comments:
Post a Comment