সপোন কাৰ জীৱনত নাথাকে ! আশা কাৰ নাথাকে ! আৰু কোনে বাৰু মনৰ পচন্দৰ সংগী এজনী নিবিচাৰে | কিন্তু সকলো সপোন,আশা বাস্তৱ নহয় |
যিদৰে আজি জাগৃতি আৰু নিয়ৰৰ সপোন বোৰ মৰহি গ'ল | জাগৃতি আৰু নিয়ৰৰ মাজত এদিনাখন বন্ধুত্বৰ মাজেৰে প্রেমৰ সম্পৰ্কলৈ আগবাঢ়িছিল |দুয়ো প্রেমত অন্ধ্র হৈ পৰিছিল |
- জাগৃতি
- কোৱা
- তোমাৰ মোৰ সম্পৰ্ক জানো তোমাৰ দেউতাই মানি লৱ ?
- কেতিয়াওঁ মানি নলয় সেয়া অসম্ভৱ |
- তেতিয়া হ'লে কি কৰিবা ?
- আমি দুয়ো কৰবাত গুছি যোৱাৰ বাহিৰে বেলেগ উপায় নাই |
- কিন্তু যাম কত ?
- তুমি আগতে কাম এটা জোগাৰ কৰি লোৱা |
জাগৃতিৰ কথা মতে আকাশে অতিসোনকালে কাম বিচৰাত লাগিল | কামৰ সৰু-বৰ নাই | বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ কামৰ বাহিৰে চৰকাৰী কাম পাৱলৈ নাই | এপাচি শাকত এটা জালুকৰ লেখিয়া | সি দিনৰাতি একাকাৰ কৰি ব্যক্তিগত খণ্ডয় হওঁক বা চৰকাৰী খণ্ডয় হওঁক ইন্টাৰভিউ দি থাকিল |
- মাজনী
দেউতাকৰ মাতত জাগৃতি উচপ খাই উঠিল |
- কোৱা দেউতা
- তোৰ মাৰৰ মৃত্যুৰ পাছত তোক মই বহুকষ্ট কৰি ডাঙৰ কৰিলো |
দেউতাকৰ কথা খিনি তাই একান্ত মনে শুনি গ'ল |
- চাওঁতে চাওঁতে তই চকুৰ পচাৰতে গাভৰু হ'লি | তোৰ বিয়াৰ বয়স হ'ল |
তাইৰ বকুখন চিৰিংকৈ মাৰিলে |
- মই ভাবিছো এয়া তোৰ উপযুক্ত বিয়াৰ বয়স | এজন ভাল ল'ৰাৰ হাতত তোক অৰ্পন কৰিৱ পাৰিলে মই ৰক্ষা | সেইদিনা আমাৰ গাওঁৰ অকনে মোক খৱৰ কৰিলে এজন ল'ৰাৰ কথা |
ল'ৰা হাইস্কুলৰ মাষ্টৰ | এখন ভাল ঘৰৰ ল'ৰা | সেয়েহে ল'ৰা ঘৰৰ মানুহে কালি আমাৰ ঘৰত আহিৱ তই বিয়াৰ বাবে সাজু হ' | তোৰ মাৰ থাকিলে,,,,,,
কথাখিনি আধা কোৱা কৈ তাইৰ দেউতাকে চকুপানী মছি আতৰি গ'ল | হয়টো তাইৰ মাকলৈ মনত পৰিছে |
কিন্তু নিয়ৰ ! নাই নাই তাই এই বিয়াত কেতিয়াওঁ সন্মতি দিৱ নোবাৰে | কিন্তু দেউতাকৰ কথাখিনি কেনেকে অগ্রাহ্য কৰে | দেউতাকৰ মনত তাই কেনেকে আঘাট দিৱ !
কি কৰিৱ তাই ! এফালে দেউতাক আনফালে নিয়ৰ |
নৈৰ ঘাটত এক নিৰিবিলি পৰিবেশত জাগৃতি আৰু নিয়ৰ | দুয়ো মৌনতা অৱলম্বন কৰি আছে |
- জাগৃতি
নিয়ৰে নিৰৱতা ভংগ কৰিলে |
- কোৱা
- তুমি বিয়াত সন্মতি দিয়া
তাই এক আচৰিত নেত্রে তালৈ চালে |
- কি ! তুমি পাগল হৈছা নেকি ?
- অ মই পাগল হৈছো | পাগল হৈছো | কিন্তু মই তোমাৰ দেউতাৰ মনত আঘাট দিৱ বিচৰা নাই |
সি জাগৃতিৰ সন্মুখলৈ আগুৱাই গ'ল | দুয়োখন হাতেৰে জাগৃতিৰ চকুৰ পৰা সৰি পৰা পানী খিনি মছি দিলে |
- চোৱা জাগৃতি |
আমাৰে মইনা শুৱয়ে,বাৰীতে বগৰি ৰুৱয়ে,,,
তোমাৰ মাৰ শূন্যতাত তোমাৰ দেউতাই কিমান কষ্ট কৰি তোমাক ডাঙৰ কৰিলে | তোমাৰ জীৱনত মই আজি আহিছো | কিন্তু তোমাৰ জীৱনত মোৰ অৱদান কি ?
বৰ্তমানক পায় অতীতক পাহৰি নাযাবা জাগৃতি | তুমি নাভাবিবা যে মই তোমাৰ লগত প্রেমৰ অভিনয় কৰি আছিলো |
সি তাইক দুবাহুৰে জোৰকৈ বুকুৰ মাজত তানি আনিলে |
- পাগলৰ দৰে ভালপাওঁ তোমাক মই পাগল | কিন্তু এজন ভাল মানুহৰ হৃদয়ত আঘাট কৰা মোৰ শাহস নাই | হয়টো তুমি অবিহনে মই,,,,
সি তাইক এৰি দিছিল | আৰু দৌৰি যোৱাৰ দৰে গৈ চাইকেল খন লৈ সেমেকা দুচকুৰে কৈছিল,,,,,,,
- তোমাৰ অবিহনে মই মৰি থাকিৱ ও পাৰো অ জাগৃতি |
সি গুছি গ'ল | ভাগি পৰিছিল জাগৃতি | নিঠৰ হৈ ৰৈছিল | আকাশ খনলৈ সেমেকা দুচকুৰ চাইছিল | কলীয়া মেঘে ধাকিছে | চাগে বৰষুণ আহিৱ | বিষাদগ্রস্ত মনলৈ তাই ঘৰলৈ আহিছিল |
বিচনাত বাগৰি কোমলকৈ গাৰুটো সাৱতি তাই শুই শুই কান্দিছিল | কিয় এনে হয় | কিয় সপোন বোৰ ভাগি চূৰমাৰ হয় | কাৰোবাক সুখী কৰি কাৰোবাক দুখ সাগৰত পেলাই থৈ তাই কিমান সুখী হৱ !
ল'ৰা মানুহৰ ঘৰে জাগৃতিক পচন্দ কৰিলে | নকৰিৱ কিয় দেখাত অপেশ্বৰীৰ দৰে ছোৱালী | তাৰমানে বিয়াৰ আয়োজন আৰম্ভ হৱ |
- জাগৃতি ,ঐ জাগৃতি
বাহিৰত বান্ধৱী প্রিয়ংকাৰ মাত শুনি তাই ওলাই আহিল |
- হু ! এইখন ল' | নিয়ৰে দি গ'ল |
কাগজখন দি প্রিয়ংকা গ'লগৈ | আজি যে তাইৰ প্রিয়ংকাৰ লগত এষাৰ কথা পাতিৱলৈ মন নগ'ল | তাই কোঠাৰ ভিতৰলৈ সোমায় আহিল | আৰু নিয়ৰে দি পঠোৱা কাগজ খন কপা কপা হাতেৰে খুলিলে |
মোৰ মৰমৰ জাগৃতি
তোমাৰ নতুন জীৱনলৈ শুভেচ্ছা থাকিল | তুমি অবিহনে মই এইখন গাওঁত থাকিৱ নোবাৰো | আৰু কেতিয়াওঁ উভতি ওঁ নাহো | তোমাৰ কপালত ৰঙা সেন্দুৰৰ দাগ দেখিলে মোৰ বুকুখন কপি উঠিৱ | সেয়েহে পলোৱাৰ সিদ্ধান্ত ল'লো |
মোৰ ভাৰতীয় সৈন্য বাহিনীত চাকৰি হ'ল | তুমি কৈছিলা নহয় কাম জোগাৰ কৰিৱ | মই সিদ্ধান্ত লৈছো | মই মোৰ দেহ তোমাৰ কাৰনে দেশক দান কৰিম | শাহসত আগুৱাই গৈ যুদ্ধ কৰিম | কুশলে থাকিবা |
ইতি
----------
তোমাৰ দুৰ্ভগীয়া প্রেমিক
নিয়ৰ
তাই চকুপানীক বাধা দিৱ নোবাৰিলে | তাই যেন এতিয়াই গৈ নিয়ৰক কৱ নিয়ৰ মোক ও তোমাৰ লগতে লৈ যোৱা না |
কিন্তু নাই নিয়ৰ চাগে গ'লগৈ তাইৰ বুকুৰ এফালৰ কলিজা গুছি গ'ল |
সি তাইক বিদায় দিলে সঁচা | কিন্তু তাৰ আত্মাই তাইক সদায় অভিশাপ দিৱ | যি অভিশাপে তাইক সদায় আমনি কৰি থাকিৱ |
- মাজনী, মাজনী
জাগৃতিৰ মাত নাপায় দেউতাক ভিতৰলৈ সোমায় আহিল | কিন্তু এয়া কি ! জাগৃতি !
- মাজনী
অবিশ্বাস্য | এক শিহৰিত দৃশ্য | জাগৃতিয়ে আত্মাহত্যা কৰিলে |
ভাগি পৰিল তাইৰ দেউতাক |
- মাজনী তই মোক এই প্রতিদান দিলি | কিমান কষ্ট কৰি তোক এই দুহাতেৰে তুলি তালি ডাঙৰ কৰিলো | আৰু তই মোক দি গ'লি এটা পংকিল জীৱনৰ অভিশাপ | কি দুখ দিছিলো তোক মই কি দুখ !
জাগৃতিৰ কাষত এখন পত্র উদ্ধাৰ হ'ল |
দেউতা,মোক ক্ষমা কৰিবা | আমি ব্রাহ্মন সম্রদায়ৰ মানুহ | মই এজন ক্ষত্রিয় ল'ৰাক ভাল পাইছিলো | মই নিৰুপায় আছিলো দেউতা মই তোমাক ও এৰিৱ নোবাৰো আৰু তাক ও নোবাৰো | অহাজনমত তোমাক আকৌ দেউতা ৰূপত বিচাৰিম |
- চৰম ভূল এয়া | তই মোক এবাৰ ও কোৱা নাছিলি | নিজৰটো শুদ্ধ বুলি কিয় ভাৱি ললি | কিয়,,,,,,,,,,
দাউ দাউ কৈ জ্বলিল এজন দুৰ্ভগীয়া পিতৃৰ সন্মুখত এজনী কন্যাৰ মৃতদেহ | বৰ হৃদয় বিদাৰক |
সময়বোৰ গৈ থাকিল |
মই নিয়ৰৰ ঘৰৰ পদুলি পালো | বহুত মানুহৰ জুম | মই সেই জুম ভাগি ভিতৰলৈ সোমাই গ'লো |
তাৰমাকে আউলি বাউলি হৈ কান্দিছে | তাৰ ভনীয়েকে তাৰ সেই মৃতদেহটো সাৱতি কান্দিছে | আৰু দেউতাকে নিঠৰ হৈ তাৰ মৃতদেহটোলৈ চাই আছে | হয়টো কিমান দুখ পাইছে মানুহজনে |
পাকিস্তানী সেনাৰ ভয়ংকৰ আক্ৰমনত নিয়ৰৰ মৃত্যু হ'ল | ভাৰত চৰকাৰে তাক শ্বহীদ ঘোষনা কৰিলে |
এটা সময়ত তাৰ মৃতদেহ ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য কৰিলে |
জ্বলি থকা জুইকুৰালৈ চাই নিয়ৰৰ দেউতাকে ঘোষনা কৰিলে |
- ৰাইজ,নিয়ৰৰ নামত ভাৰত চৰকাৰে ঘোষনা কৰা দহ লাখ টকাটো মই আমাৰ গাওঁৰ উন্নয়নৰ কাৰনে দান কৰিলো |
লগে লগে ৰাইজৰ হাতচাপৰি | দুখৰ মাজতো যেন এক সুখৰ ৰেঙনি |
অভিশাপৰ মাজত ও যেন গাওঁখনলৈ এয়া এক আশীৰ্বাদ | | |
No comments:
Post a Comment