জগতগুৰু মহাপুৰুষ শঙ্কৰ দেৱ জগতৰ কেৱল ধৰ্ম গুৰুৱেই নহয় তেওঁ মন আৰু শৰীৰচৰ্চ্চাৰো গুৰু - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 29, 2020

জগতগুৰু মহাপুৰুষ শঙ্কৰ দেৱ জগতৰ কেৱল ধৰ্ম গুৰুৱেই নহয় তেওঁ মন আৰু শৰীৰচৰ্চ্চাৰো গুৰু



শৰীৰ চৰ্চ্চাৰ গুৰু
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🌚*******************************🌚
        " দেহা থাকিলেহে বেহা "
        জীৱনটো  সুচাৰুভাৱে  চলাই নিয়াৰ মুলতে স্বাস্থ্যই  হ'ল  পৰম ধন ।   স্বাস্থ্যৰ অবিহনে কৰ্মময় জীৱনৰ  কোনো ক্ষেত্ৰতে   সুন্দৰ জীৱন অতিবাহিত কৰাটো নিৰৰ্থক ।  জন্মৰ পৰা মৃত্যুৰ  শেষনিশ্বাস পৰ্যন্ত  মানুহৰ দেহ মনলৈ ৰোগ শোক,চিন্তা ভাৱনা ,দুখ যন্ত্ৰণা , আদি  ভোগ কৰিবলগাতো স্বাভাৱিক । এইবোৰৰ পৰা আতৰি  এটি সুস্থ্য দেহ আৰু  আধ্যাত্মিক ভাৱে সুস্থ্য মনৰ অধিকাৰী  হ'বলৈ কৰা প্ৰচেষ্টাৰ  প্ৰক্ৰিয়াই হ'ল শৰীৰ চৰ্চা ।
        সুস্বাস্থ্যৰ বাবে  সুষম তথা  ৰোগ প্ৰতিৰোধ কাৰী আহাৰ  ,শ্ৰম   আদিৰ প্ৰয়োজন  যদিও  কৰ্মক্ষেত্ৰত   সুস্থ্য  ভাৱনাৰে   সুস্থ্য  মনৰ  অধিকাৰী হবলৈ  আমাৰ  মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাই  জগতবাসীলৈ  দি থৈ যোৱা  আদৰ্শ সমুহ অন্যতম  ।
   
#_মহাপুৰুষ_শঙ্কৰদেৱৰ_প্ৰচলিত_
#মাহ_প্ৰসাদ  :---
🌚   গুৰুজনাই আৱিস্কাৰ কৰা  মাহ প্ৰসাদ  গোটেই বিশ্বৰ সকলো ধৰ্মীয় প্ৰসাদৰ তুলনাত  অধিক স্বাস্থ্যসন্মত , সাত্বিক আৰু উচ্চ মানবিশিস্থ ।    ভিজা বুত,মুগ,নাৰিকল,আদা  লগতে  কল,কুহিয়াৰ, অমিতা ,তিয়হ আদি নানা তৰহৰ
ফল উপকৰনৰ সংযোজন    আমাৰ স্বাস্থ্য সুৰক্ষাৰ বাবে  প্ৰতিবিধেই  অতুলনীয় পুষ্টিগুণসম্পন্ন  খাদ্য ।
নাম প্ৰসঙ্গ ,ধৰ্মীয় পুজা পাৰ্ৱন আদি বিভিন্ন সকাম নিকামত   অসমত বৃহৎ পৰিমানৰ বুট মুগ ইত্যাদিৰ  প্ৰসাদ  আৰু ফলমুল আদিয়ে আমাৰ দেহৰ পুষ্টিসাধনত  যথেস্থ্য অৰিহনা যোগাই আহিছে ।    দেখা যায়  নিয়মিত  মাহ প্ৰসাদ  খোৱা লোকৰ  স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা   আনতকৈ বহুত বেচি ।
      অন্যহাতে   সাত্বিক  গুৰুপাক বৰ্জিত  লঘুপাক নিৰামিষ  আহাৰে এজন লোকৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক ,,সামাজিক , বৌদ্ধিক আৰু আধ্যাত্মিক  উৎকৰ্ষ সাধন কৰায় ।
গীতা শাস্ত্ৰত  সাত্বিক আহাৰৰ বিষযে এনেদৰে_ কৈছে__
 #আয়ুঃ_সত্ববলাৰোগ্যসুখ_প্ৰীতিবিৱৰ্ধনাঃ ।
#ৰস্যাং_স্নিগ্ধাঃ_স্থিৰা_হৃদা_আহাৰাঃ_সাত্বিক_প্ৰিয়া ॥
 ___অৰ্থাত যি আহাৰ খালে মানুহৰ আয়ুস,উৎসাহ ,বল ,আৰোগ্য ,সুখ ,প্ৰীতি  বাঢ়ে, যি আহাৰ ৰসাল, স্নিগ্ধ,  পুষ্টি আৰু  তৃপ্তিকৰ তেনে আহাৰেই সাত্বিক আহাৰ ॥
      আমাৰ শঙ্কৰদেৱ গুৰুজনাই জগত বাসীৰ বাবে  দি থৈ যোৱা বিভিন্ন নাম প্ৰসংগ  কীৰ্ত্তন  ভাওনা  বৰগীত , সত্ৰীয়া নৃত্য  আদি ৰ  জৰিয়তে হোৱা আমাৰ দেহৰ  ৰক্ত আৰু অঙ্গচালনা   শৰীৰ আৰু মনৰ  দুখ ভাগৰ  ৰোগ শোক দুৰ কৰাৰ  সুন্দৰ  মাধ্যম ।   ৰাজহাড় পোনকৈ  আসনত বহি   নাম প্ৰসংগ, হাতৰ  তালি,গীত বাদ্য আদি  সংগত কৰাও  এক  সুন্দৰ  শৰীৰ চৰ্চ্চা ।
      কলিত হৰিনামৰ  ভজন কীৰ্তন ভকতি প্ৰাৰ্থনাৰে   মনৰ  ক্লেশ আতৰাই সুন্দৰ  আধ্যাত্মিক মনৰ অধিকাৰী হব পৰা    গুৰুজনাৰ মহৎ  প্ৰসংশনীয় আদৰ্শ   ।
      পলমকৈ হলেও শঙ্কৰদেৱ গুৰুজনাৰ কীৰিটি ,  উপদেশ,   আদৰ্শ ,  নাম গুনসমুহ দেশে বিদেশে প্ৰচাৰ আৰু প্ৰসাৰ  হৈ অহাতো  অসমবাসীৰ  বাবে অতি গৌৰৱৰ কথা   যদিও  গুৰুজনাৰ  বিষয়ে সম্যক  শুদ্ধ ধাৰনা   সাৰ্বজনীন ভাবে   বহল প্ৰচাৰৰ   আৱশ্যকতা আছে ।      নিজৰ ৰাজ্য বা বহিঃৰাজ্যৰেই হওক     মহাপুৰুষজনাৰ বিষয়ে    কিঞ্চিত অধ্যয়ন কৰি  নিজৰ উদ্যেশ্য  সাধনৰ বাবে    ভুল ধাৰনা সংযোজন ( বিকৃত) নোহোৱাতো  বাঞ্চনীয় ।
    অসমৰ   অধিক  সংখ্যক লোকে   জীৱনৰ এটি বিশেষ বয়সত( ভাতি বয়সত)   গুৰুজনাৰ বিষয়ে  অধ্যয়ন নাম গুণাদিৰ   চৰ্চা  ,প্ৰচাৰ আৰু প্ৰসাৰ   কৰি  অহাতো  প্ৰসংশনীয়   যদিও  স্কুলীয়া পাঠ্যক্ৰম  বা  অইন কোনো মাধ্যমেৰে  লৰা ছোৱালী  বা নৱপ্ৰজন্মৰ   ডেকা ডেকেৰী হতেও   জগতৰ সৰ্ব স্তৰৰ লোকৰ হিতৰ বাবে   জগতগুৰু শঙ্কৰদেৱৰ  বিষয়ে শুদ্ধভাৱে জনাতো নাইবা      আৰ্হি  উপদেশ   সমুহ   বাল্যঅৱস্থাতে  জনাতো    অতি আৱশ্যকীয় ।  সমাজ জীৱনত   এটি সুন্দৰ  জীৱনশৈলীৰে  নিজকে গঢ় দিবলৈ   তেনে  আৰ্হি-উপদেশেই   যথেস্থ ।
      আধুনিক যুগত   ডেকা চামে শৰীৰ চৰ্চাৰ বাবে   দেশ বিদেশৰ বিভিন্ন পদ্ধতি  অনুশীলন কৰিছে , সুখাদ্য বুলি বজাৰত বিভিন্ন খাদ্য উপলব্ধ হৈছে, নাচ গান বুলি দেশী বিদেশী বিভিন্ন  নাচ গান  শিকিছে ।..এইবোৰ চৰ্চাই  শাৰীৰিক  বা মানসিক  সুস্বাস্থ্য গঢ় দিব নোৱাৰে
.............._মুস্তিমেয় কিছুসংখ্যকৰ বাদে      নাম প্ৰসংঙ্গ ,বৰগীত, ,ভতিমা,সত্ৰী্যা নৃত্য,,নাট ভাওনাৰ প্ৰতি  অনিহা কৰাহে দেখা যায় । 
   এইবোৰক  অকল ধৰ্মীয় দিশত নলৈ   শাৰীৰিক,মানসিক,বৌদ্ধিক, ,আধ্যাত্মিক  আৰু চাৰিত্ৰিক  গঠনৰ  আহিলা হিচাবে   বিদ্যালয়  তথা  অভিভাৱকৰ    জৰি্যতে   সৰুৰে পৰা লৰাছোৱালীক  সম্যক জ্ঞান দিয়াতো  ন প্ৰজন্মৰ বাবে উচিত পদক্ষেপ হলহেতেন  ।
🛡    বজাৰৰ  নানা তৰহৰ  বিষম  খাদ্যসামগ্ৰী  খোৱাৰ  বিপৰীতে   ঘৰতে   বুট মুগ  এমুঠি তিয়াই   গুৰুজনাৰ    নামেৰে লৰাছোৱালী নাইবা    পৰিয়ালে    নিতৌ  পুৱা গধুলি (অঙ্কুৰিত ) মাহ প্ৰসাদ খোৱাতো   অধিক সুষম আৰু পুষ্টিকৰ আহাৰ ।
  ✅     এইখিনিতে বিশেষ লক্ষনীয় কথাটো হ'ল-গুৰুজনাৰ প্ৰসাদখিনি  আগবঢ়াবলৈ  আশা কৰিব লাগে  কেৱল    বহিঃৰাজ্যৰ পৰা অহা বছৰি  লাখ লাখ কুইন্টল বুট মুগ মটৰমাহলৈ ।  ফলজাতীয়   বৃক্ষৰোপনৰ প্ৰতি   অনিহাৰ   বাবে   নপ্ৰজন্মই   বহিঃৰাজ্যৰ  আপেল    আঙুৰ আম আদিৰ    বাহিৰে  থলুৱা   (অসমীয়া ) ফল  নিচিনা হ'ল ।
        অসমৰ সাৰুৱা মাটিত   বুট মুগ  বা আন বিভিন্ন লাভজনক শস্যৰ খেতি কমকৈ হলেও উৎপাদন  নোহোৱাৰ কাৰন নাই ।
গুৰুজনাৰ প্ৰতি সন্মান ৰাখি  বা ঘৰেঘৰে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ ৰাখি ধৰ্মপৰায়ন অসমৰ খেতিয়কে  ভগৱন্তক পুজিবলৈ  বা অন্নদাত্ৰী  লখিমী আইক আদৰিবলৈ এডৰা মুগ বুটৰ  খেতি  নকৰাৰ কাৰন নুবুজো   ।  তেনেকৈ  ফল জাতীয় বৃক্ষ ৰোপন  কমি অহাৰ ফলত আন ৰাজ্যৰ #ৰাসায়নিক_বিষাক্ত_উপাদান_মিশ্ৰিত ফল ,বুট মাহ আদি খাবলগীয়া হোৱাতোও চিন্তনীয় হৈ পৰিছে ।
   ✅    এইবোৰ  আমি অসমবাসী ৰাইজ ,কৃষক চৰকাৰপক্ষ  ,অগ্ৰণী যুৱক -যুৱতীসকলে  নাভাবিলে  #কোনে_ভাবিব_বাৰু ?
   🙏    সেয়ে বন্ধুসকল
    জগতগুৰু মহাপুৰুষ শঙ্কৰ দেৱ   জগতৰ অকল #ধৰ্ম_গুৰুৱেই_নহয়__আমাৰ প্ৰতিজন অসম তথা জগত বাসীৰ  #মন_আৰু_শৰীৰচৰ্চ্চাৰো_গুৰু ।
সেযে গাওঁ  আহক--
🙏#জয়_গুৰু_শঙ্কৰ_সৰ্ব_গুণাকৰ
      #যাকেৰি_নাহিকে_উপাম   ।
             #তোহাৰি_চৰণক_ৰেনু_শত_কৌটি
                        #বাৰেক_কৰোহো_প্ৰনাম॥🙏
আপোনাৰ  সেৱাত----
           শ্ৰী যতীন দাস । মালয়বাৰী
              কামৰূপ -মহানগৰ (অসম) জুন/'১৮ইং
বিঃদ্ৰঃ:-=লিখনিত অজ্ঞানতা  আৰু অজানিত ভুলত্ৰুটি পালে  সুপৰামৰ্শেৰে শুধৰাই দিব । 🙏
🎈(পঢ়ি ভাল পালে শ্বেয়াৰ কৰিব পাৰিব )
     🙏🙏🙏জয়   গুৰু  শঙ্কৰ🙏🙏🙏

No comments:

Post a Comment

Advertisement

Pages