চুটিগল্প - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 30, 2020

চুটিগল্প


COVID 19 ৰ দায়িত্বত থকা আৰক্ষী কনিষ্টবলৰ পৰকীয়া প্ৰেম--কালিমা সানিলে পুলিচ প্ৰশাসনৰ -- চি চি কেমেৰাত বন্দী হ'ল সমগ্র ঘটনা-- সন্দেহজনক চৰিত্ৰৰ মহিলাৰ লগত কনিষ্টবলক হাতেলোটে ধৰা পেলালে সচেতন ৰাইজে '' ...... বিগ ব্ৰেকিং নিউজ । ৰাতিপুৱাৰ পৰা প্ৰায় সকলো কেইটা টি ভি চেনেলত সম্প্ৰচাৰ হৈ আছে আৰক্ষীৰ এই কু কৰ্মৰ কথা । চাৰিওফালে কৰোণা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ মাজতে এইটো খবৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে । দায়িত্ব পালনত গাফিলতি কৰি নিজৰ কুকাৰ্য্যৰে আৰক্ষীৰ মান মৰ্যাদা ধূলিসাৎ কৰিলে পৌঢ় কনিষ্টবল জনে ।

       কৰোণা মহামাৰীৰ খবৰতকৈয়ো বেছি গুৰুত্বৰে এইটো খবৰহে মিডিয়াই প্ৰচাৰ কৰি আছে । বিভিন্ন দল সংগঠন আৰু বিৰোধী দলে চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিছে । পৰিস্থিতি অধিক ভয়ানক হোৱাৰ আগতে পুলিচ প্ৰশাসনে তাৎক্ষণিক ভাবে বলবৎ হোৱাকৈ কনিষ্টবলজনক চাকৰিৰ পৰা নিলম্বন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ কথাটো মিডিয়াৰ যোগেদি ঘোষণা কৰিলে । ল'গে ল'গে বিভাগীয় ভাবে কনিষ্টবলজনক হেড অফিচলৈ তলব কৰিলে ।

      লকডাউনৰ সময়ত চহৰৰ এই অঞ্চলটোত তেওঁৰ দায়িত্ব পৰিছিল । প্ৰয়োজনীয় সংখ্যক কনিষ্টবল নথকাৰ বাবে তেওঁ দিনটো এই প্ৰখৰ ৰ'দত  অকলেই দায়িত্ব পালন কৰিছিল । মানুহবোৰক লকডাউনৰ নীতি নিয়ম জনোৱাৰ পৰা , গাড়ী ওলাই যোৱা অনুমতি পত্ৰ পৰীক্ষা কৰা, মানুহ বোৰৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰা আদি কামত ব্যস্ত আছিল । কিন্তু সমাজৰ জ্ঞাণী গুণী মানুহে একো নীতি নিয়ম নামাতে । সকলোৱে নিজৰ মতেই ঘুৰি ফুৰিছে , ভদ্ৰলোক সকলে মাস্ক খনেই নিপিন্ধে , কিবা ক'লে ওলোতাই ধমকিহে দিয়ে । কনিষ্টবল জনক মানুহ বুলিয়েই গন্য নকৰে এই অভিজাত সমাজৰ মানুহ বোৰে । প্ৰখৰ ৰ'দত দায়িত্ব পালন কৰি থাকোতে ভোকে পিয়াহে জৰ্জৰিত হৈ থকা কনিষ্টবলজনে এইকেইদিন বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে । ওচৰৰে এঘৰলৈ দুপৰীয়া পানী বিচাৰি গৈছিল , কিন্তু তেওঁলোকে গেটখনত তলা মাৰি থৈছিল, আন এঘৰত আকৌ মহিলা এগৰাকীয়ে ক'লে --" এতিয়া দিব নোৱাৰিম , বাই আহিলেহে দিব পাৰিব , আৰু আপুনি গেট খুলি সোমাই আহিছে যে , চেনিটাইজ কৰা আছেনে হাত । "
আন এঘৰলৈ যাওঁতে বেলকনিৰ পৰা পানীৰ বটলটো দলিয়াই দিছিল ।

     তথাপিও তেওঁ নিজৰ কৰ্ম সম্পাদন কৰি থাকিল । এইখিনিলৈকে ঠিকেই আছিল , কিন্তু অহা যোৱা কৰা মানুহ বোৰে লাহে লাহে এটা কথা লক্ষ্য কৰিব ধৰিলে । পহৰা দি থকা তিনিআলিটোৰ পৰা অলপ দূৰত থকা মন্দিৰটোৰ পূজাৰী জনৰ ঘৈনিয়েকৰ লগত এই কনিষ্টবল জনৰ অবৈধ সম্পৰ্কৰ কথা উমান পালে ৰাইজে । সাধাৰণ চালিঘৰত বাস কৰা পূজাৰী জনৰ ঘৈনিয়েকে আহি কনিষ্টবল জনক চাহ , পানী , ৰুটি পৰঠা আদি খুৱাই আৰু ঘনিষ্ঠ ভাবে কথাৰ মহলা মাৰে । ৰাইজে লক্ষ্য কৰিলে যে ক্ৰমান্বয়ে তেওঁলোকৰ ঘনিষ্ঠতা বাঢ়ি গৈছে । ওচৰতে থকা দুঘৰমান মানুহৰ চি চি কেমেৰাতো এই দৃশ্য বন্দী হ'ল । অঞ্চল টোৰ গন্য মন্য অভিজাত ভদ্ৰলোক সকলে কথাটো সহজ ভাবে ল'ব নোৱাৰিলে । এই সম্ভ্ৰান্ত অঞ্চলটোত এনে অনৈতিক কাৰ্য্য গ্ৰহণযোগ্য নহয় । এদিন দুজন ল'ৰাই দূৰৰ পৰাই মবাইলৰ কেমেৰা জুম কৰি কনিষ্টবল জনক অনুসৰণ কৰিলে আৰু তেওঁ পূজাৰী জনৰ চালিঘৰত সোমোৱা লৈকে দৃশ্য ৰেকৰ্ড কৰিলে । পূজাৰীৰ ঘৈণীয়েকৰ লগত কনিষ্টবল জনৰ অনৈতিক কাৰ্য্য হাতে লোতে ধৰা পৰাৰ পাছত মবাইলৰ ৰেকৰ্ডিং আৰু চি চি কেমেৰাৰ দৃশ্য বিভিন্ন মিডিয়াত দি দিলে । ল'গে ল'গে  বিভিন্ন চেনেলত ব্ৰেকিং নিউজ আহি গ'ল ।

     কনিষ্টবল জনক অফিচৰ বৰমুৰীয়া সকলে বিভিন্ন ধৰনে ককৰ্থনা কৰিলে । তেওঁৰ কাৰণে বিভাগৰ বদনাম হোৱাত সকলো খৰ্গহস্ত হৈ পৰিল । ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু কিছু সময় পিছত পূজাৰী জনৰ ঘৈণীয়েককো মহিলা পুলিচৰ হতুৱাই থানালৈ লৈ অনা হ'ল ।

      দূয়োগৰাকী দোষীকে একেলগে বহুৱাই নানা কটু কথাৰে গালি গালাজ পাৰিলে অফিচাৰে । কিন্তু আচৰিত কথা দূয়োজন নিৰ্বিকাৰ । কেৱল শুনি আছে । কথাবোৰ শুনাৰ পিছত পূজাৰীৰ ঘৈনিয়েকে মাত দিলে --" ছাৰ, যদি অনুমতি দিয়ে মোৰো অলপ ক'ব লগা আছিল । ''
--" কি ক'ব ল'গা আছে ?"
--" ছাৰ , সেই অঞ্চলটোৰ আমি আটাইতকৈ দুখীয়া পৰিয়াল, সকলোৱে অট্টালিকাত থাকে , ধন সম্পত্তি গাড়ী , চাৰিওফালে জয় জয় ময় ময় । আমি থাকো মন্দিৰৰ কাষত থকা গছৰ তলৰ চালিঘৰত । "
--"  এইবোৰ কি বৰ্ণনা দি আছা , কি ক'ব লগা আছে সোনকালে কোৱা । "
--" এই মানুহজনে প্ৰখৰ ৰ'দত দায়িত্ব পালন কৰি আছিল, ওচৰৰ ভদ্ৰলোক সকলে এবটল খোৱা পানী দিয়া নাছিল, এঘৰে বেলকনিৰ পৰা দলিয়াই দিছিল পানীৰ বটল , তেখেতক মানুহ বুলি গন্য কৰা নাছিল মুখাপিন্ধা ভদ্ৰলোক সকলে । সেইবোৰ দৃশ্য চি চি কেমেৰাত ধৰা দিছেনে ছাৰ । "
--" নিজকে নিৰ্দোশী কৰিবলৈ এইবোৰ কি বকি আছা তুমি । "
--" সত্য কথা ক'লে আপোনালোকৰ গা পুৰে কিয় ছাৰ । যি কেইজন মহাপুৰুষে এও আমাৰ ঘৰলৈ যোৱা দৃশ্য ভিডিও কৰিলে সেইকেইজনেই ৰাতি আমাৰ ভঙা বেৰৰ জলঙাৰে তিৰোতাৰ দেহটো চাবলৈ যায় । " গৰজি উঠিল তেওঁ ।
--" এইবোৰ কি কৈছা তুমি ? "
--" কিয় ছাৰ, শুনিবলৈ বেয়া পাইছে নেকি । সাহস আছে যদি ভিডিও কৰা কেইজনক ইয়াত হাজিৰ কৰক আৰু কি অনৈতিক কাৰ্য্য কৰা দেখিলে প্ৰমাণ কৰক , টি আৰ পিৰ পিছত নিগনি দৌৰ দি থকা বেসেৰুৱা চেনেল কেইটাই খবৰ বিচাৰি নাপায় । সকলোতকৈ ডাঙৰ কথা কি জানে ছাৰ । " কাষতে তলমূৰ কৈ বহী থকা কনিষ্টবল জনলৈ চাই পূজাৰীৰ ঘৈনিয়েকে ক'লে -" এও মোৰ দাদা হয় , নিজৰ ককাইদেউ । "
---" কি ? "
কনিষ্টবলজনে সেমেকা হাঁহি মাৰি ক'লে --" হয় ছাৰ , এও মোৰ নিজৰ ভনী । এই নাথাকিলে এইকেইটা দিন মোৰ বৰ অসুবিধা হ'লহেতেন । "'

কমলেন্দ্ৰ শৰ্মা

No comments:

Post a Comment

Advertisement

Pages