লকডাউনৰ সময়ছোৱাত তিতাবৰত প্দৰায় হ হেজাৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
------------------------
■ সঞ্জয় ৰবিদাস, বৰহোলা,১৩মে'ঃ
দেশত ক'ৰনা মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰাত সমগ্ৰ দেশত ঘোষণা কৰা হৈছিল লকডাউন । লকডাউনৰ ফলত ডেৰমাহ পৰ্যন্ত ঘৰতে বন্দী হৈ উপাৰ্জনৰ পথ হেৰুৱাইছিল দেশৰ কোটি কোটি দৰিদ্ৰ জনতাই। চৰকাৰী সাহায্য আৰু হাজাৰ-বিজাৰ মহানুভৱ ব্যক্তিৰ বদান্যতাত দৰিদ্ৰসকলে বঞ্চিত হ'বলগা হোৱা নাছিল ভোকৰ ভাতসাজৰ পৰা । অভাৱৰ সময়ত ,জনতাৰ বিপদৰ সময়ত ত্ৰাণকৰ্তা হিচাপে থিয় দিয়া তেনে বহু ব্যক্তিৰ এজন হ'ল তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক, বৰ্তমানৰ বিজেপি নেতা হেমন্ত কলিতা ।
তিতাবৰ মহকুমাৰ প্ৰায় সমূহ পঞ্চায়তৰ অন্তৰ্গত গাঁও,চাহ বাগান অঞ্চল ভ্ৰমি হেমন্ত কলিতাই দুখীয়া জনসাধাৰণৰ মাজত বিতৰণ কৰি আহিছে চাউল,দাইল,আটা,মিঠাতেল,আলু,পিঁয়াজ ইত্যাদি অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী ।
তদুপৰি লকডাউনৰ মাজতে ভুতৰ ওপৰত দানৱ পৰাদি বৰদৈচিলাই বিধ্বংসী ধুমুহা ৰূপ ধাৰণ কৰি ধ্বংসযজ্ঞ চলোৱা বৰহোলা,কপাহতলী,ইকৰাণি,বামুণ গাঁও,শিলডুবি,তুৰুং পঞ্চায়ত,চুঙী,তুৰুঙ পঞ্চায়তৰ ৫৬ নং গ্ৰাণ্ট,গজলা সত্ৰ আদি বিভিন্ন ঠাইত ধুমুহাত ক্ষতিগ্ৰস্ত লোকৰ মাজত তৎকালীন সাহায্য আগবঢ়োৱাৰ লগতে মহকুমাটোত নিয়োজিত চৰকাৰী বিষয়াক লগত লৈ ধুমুহাত বিধ্বস্তসকলক চৰকাৰী ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস দিয়ে ।
ইয়াৰোপৰি তেখেতক তিতাবৰৰ চিকিৎসালয় আৰু বৰবাম চুঙী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী আৰু তিতাবৰৰ অটোচালক,ই-ৰিক্সা চালক,টেম্পচালক,দিন হাজিৰা কৰ্মী,পশ্চিম তিতাবৰৰ তেলিয়াপটি অঞ্চলৰ যোৰহাট আৰু গোলাঘাট সীমান্তৰ কাকডোঙা নদীৰ পাৰত ন-পমুৱা, নামচুঙী, বৰবামচুঙী, চুঙী গাঁও আৰু উজনি বৰবামচুঙীকে ধৰি মুঠ 5 খনকৈ গাওঁ ৰক্ষী বাহিনীৰ সদস্যৰ মাজত বিনামূল্যে শতাধিক মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে।
No comments:
Post a Comment