আঠিয়া কলৰ উপকাৰিতাৰ বিষয়ে জানো আহক। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 27, 2020

আঠিয়া কলৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

"আজি এটা দাম  আৰু কালি এটা দাম
             দেশত লাগিছে কিহৰ ধুম ধাম
  আঠিয়া কল  এটাৰ  হাতীৰ সমান  দাম ......।। "
         গীতফাকিত  উল্লেখিত   আঠিয়া কল  অসমীয়া  খাদ্যসম্ভাৰত   ওতঃপ্ৰোত ভাৱে  জৰিত  এবিধ  অতি সুস্বাদু ফল   ।  সকলো জাতৰ কলগছতকৈ   যথেস্থ   শকত আৱত  ডাঙৰ দীঘল   এই  বহুবৰ্ষী কলগছ জুপীৰ   পাতৰ পৰা শিপালৈ  বিভিন্ন  কাম কাজ ,বিয়া সৱাহ বা ঔষধী হিচাৱে   ব্যৱহাৰ হৈ অহা     অসমীয়া  পাৰিবাৰিক বা সামাজিক  জনজীৱনৰ    ( বিশেষকৈ গ্ৰাম্য  চহা জীৱনৰ)  লগত অতীজৰে পৰা    জড়িত হৈ অহা এবিধ   অৱিচ্ছেদ্য  আপুৰুগীয়া উদ্ভিদ । 
         আঠিয়া কলৰ ইংৰাজী নাম Balbisinia banana বৈ:নাম:--  Musa balbisinia colla
 এচিয়া মহাদেশৰ বিভিন্ন ঠাইত  আঠিয়া কলৰ উদ্ভিদ দেখিবলৈ পোৱা যায়    । এই কলবিধক বহুতো দেশে   জংগলী  বা বনৰীযা  কল {Wild Banana) বুলি গন্য  কৰে  যদিও   ইয়াৰ  আদৰ আৰু ব্যৱহাৰ অসমতে আটাইতকৈ বেচি ।  বিশেষকৈ  কলৰ  বাকলি, পাত, কলডোং  বা  কলডোনা , গছৰ মুঢ়া বা  গুৰি  অংশ   শুকুৱাই (বিশেষকৈ কাতি  মাহত)   পোৰা   ছাঁইৰে  বনোৱা  #কলাষাৰ   প্ৰথম অসমীয়া লোকেই খাইছিল  । এনেকি মুৰ /চুলি ধোৱা , কাপোৰ ধোৱা আদি বিভিন্ন কামত চেম্প' বা  চাবোনৰ নিচিনাকৈ ব্যৱহাৰ কৰে ।   সেয়ে হবলা  আমি অসমীয়া সকলে
#খাৰ_খোৱা_অসমীয়া  নামটো পাইছোহঁক ।   বিভিন্ন কাৰনত   অতীজতকৈ  আধুনিক অসমৰ চহৰে নগৰে     খাৰৰ ব্যৱহাৰ কমিবলৈ ধৰিছে যদিও  কম বেচিকৈ হলেও  গ্ৰাম্যাঞ্চলত  ইয়াৰ ব্যৱহাৰ এতিয়াও   চলিয়েই আছে ।
#ঔষধী_হিচাৱে_আঠিয়া_কলৰ_ব্যৱহাৰ :-  ----
    ওপৰত উল্লেখিত  খাৰ  বিভিন্ন   ধৰনৰ   ব্যঞ্জনৰ  উপকৰন হিচাৱে ব্যৱহাৰ   কৰাৰ  ওপৰি  , কলপচলা , কলফুল বা কলডিল , কল , কলৰ বাকলি, কলৰ পাত, পাতৰ ঠাৰি , কান্ডৰ পৰা ওলোৱা পানী, শিপা আদি সকলো অংশই  ঔষধী হিচাবে ব্যৱহৃত হয় ।

 #__উপকাৰিতা_
      বৈজ্ঞানিক বিশ্লেষন মতে  আঠিয়া কলৰ বিভিন্ন অংশত  থকা ৰসায়নিক উপাদান সমুহ যেনে :- ভিটামিন, কেলছিয়াম, আইৰন, ফাইবাৰ, প"টাচিয়াম, ক্লৰাইড,মেগনেচিয়াম,ফচফ'ৰাচ  আদি বিভিন্ন উপাদান সমুহে  আমাৰ দেহৰ যথেস্থ পুষ্টি  আৰু  উপকাৰ সাধন কৰে ।
      আঠিয়া বা ভীমকলত যথেস্থ পৰিমানে বীজ থকাৰ বাবে বহুতে খাবলৈ অবহেলা কৰে যদিও  ই  সুস্বাদু  আৰু  ঔষধী হিচাৱে ইয়াৰ গুনগত মানদন্ড  আটাইতকৈ বেচি ।
🍒      ১)  গৰমৰ দিনত  আঠিয়া কলেৰে পইতাভাত নিমখ তেল জলকীয়া সানি খোৱাৰ মজা  খাওতা সকলেহে বুজে ।   পেট  ঠান্ডা থকাৰ  লগতে  দেহৰ বাবে বৰ পুষ্টিকৰ ।
   🍓   ২)   পকা আঠিয়া কল চকা চকাকৈ কাটি  পানীত ৩-৪ ঘন্টা তিয়াই বা  ৰাতি তিয়াই থৈ  ৰাতিপুৱা  কিছু পিতিকি  পানীখিনি চেকি খালে  দেহ শীতল হয় ,  প্ৰস্ৰাৱ  খোলোচা হয় ।
      পুৰনি বা নতুনকৈ হোৱা #গ্ৰহণী_ৰোগীৰ বাবে  যথেস্থ উপকাৰী  পথ্য ।
   🍓   ৩।  পেটচলা  বা   বাৰে বাৰে হাগনি  হৈ থাকিলে  এটা কেচা  আঠিয়া কলৰ  ৩ভাগৰ ১অংশ  ,  মধুৰিআমৰ কুমলীয়া পাত  ৪/৫খিলা আৰু  শিলিখা গছৰ ১ ইঞ্চি  চাল  (অভাৱত ১টা শিলিখা  ফল) মিহিকৈ   থেতেলি   একাপ পানীত কিছুসময় তিয়াই থৈ      দিনত ২-৩বাৰ  খালে    উপসম হয় । কমি গলে  পুনৰ নাখাব (বয়স হিচাবে মাত্ৰা কম বেচি হব)

🍓৪। এজুপী  কলৰ  এক ডেৰ হাত ওপৰত কাটি   কটা অংশৰ সোমাজত   বিন্ধাৰ নিচিনা কৰি কল পাত ঢাকি ৰাতিটো থৈ দিলে  পুৱালৈ যি পানী জমা হয়
সেই পানী পাকস্থলী সম্বন্ধীয়  অৰুচি, বদহজম,আমাসয় ,গ্ৰহণী ,এচিডিতি  আদি সকলো প্ৰকাৰ  ৰোগৰ বাবে উপকাৰী ।
   
    🍓  ৫।  শীতকালত  বিশেষকৈ পুহমাহত  দৈনিক একোটাকৈ  আঠিয়া কল খালে   দেহৰ শ্ৰীবৃদ্ধি হয়  ।
   
     🍓 ৬।  শিশুৰ  ছয় মাহ বা মাতৃদুগ্ধ এৰাৰ পিচত   বজাৰৰ  বিভিন্ন  শিশু খাদ্যৰ  সলনি  পকা আঠিয়া  কলৰ গুটি আতৰাই   পোণে পোণে,  পিঠাগুৰি বা আন খাদ্যত মিহলাই   কম মাত্ৰাত নিয়মিত খুৱালে   শিশু হৃষ্টপুষ্ট হয়  / পয়ালগা বা দুৰ্বল শিশুৰ বাবে  উপকাৰেী ।     গৰম দিনত   ঘামচি ,পেটৰ অসুখ আৰু নানাবিধ  ৰোগৰ পৰা সুৰক্ষিত  থাকে ।

আজি কালি  জন্মিবৰ দিনৰ পৰাই   শিশু সকলক  ফেনৰ  বতাহত  ৰখাৰ ফলত  গৰম  একেবাৰেই। সহ্য কৰিব নোৱাৰা হয় ।
আগৰ  দিনত  প্ৰায় বোৰ  মাতৃয়ে    শিশুক    আঠিয়া কল  বীজবোৰ চালনিত চেকি   পুষ্টিকৰ খাদ্য হিচাবে খুৱাই ছিল ।
     🍒 ৭। চৰ্দি  জ্বৰ   কাহ  আদি ৰোগত  শুকান আঠিয়াকলৰ বাকলি পুৰি লগে লগে পানীত জুবুৰিয়াই কৰা  খাৰত   সৰিয়হ তেল আৰু নিমখ মিহলাই   চেকি  ভাতৰ লগত খালে জুতি লগাৰ উপৰি  ৰোগ উপসম হয়।

🍎৮।  #গাথি_বিষ  বা  গাৰ  বিষত  কলাখাৰত মিঠাতেল  মিহলাই  মালিচ কৰিলে  বিষ কমে ।
      পকা আঠিয়া কল  ভজা পিঠাগুৰিৰে  সানি লাড়ু    বনাই    বা পিঠা  বনাই  খাব পাৰি ।
      কিছুমানে আকৌ  পকা   বা  কেচা  পুৰঠ  আঠিয়া কল  চকা চকাকৈ কাটি   ৰ'দত ভালদৰে শুকুৱাই   বিস্কুটৰ নিচিনাকৈ  খায় ।   জেলি বনাই খায় , কিছুমানে আকৌ  মিঠা  সাজৰ ( নিচাদ্ৰব্য)উপকৰন  হিচাবে ব্যৱহাৰ কৰে ।
      অন্যহাতে    বিভিন্ন ৰোগাদিত  আঠিয়া কল  বেজালি  দৰৱৰ   উপকৰন হিচাৱে ব্যৱহাৰ কৰা হয় ।
   
      মুঠতে যেনেকৈয়ে নাখাওক    আঠিয়া কল   ডাঙৰ বা সৰু সকলো লোকৰ বাবে বৰ পুষ্টিকৰ  ফল।
   
       বি:দ্ৰ:--- বহুতৰে  ক্ষেত্ৰত আঠিয়া কল  খালে  শৌচ    টান  হয় ।  নিয়মিত খালে  এই সমস্যা দুৰ হয় । অন্নথা বীজ আতৰাই বা ২নং পদ্ধতি মতে  পানীত তিয়াই থৈ বা  জুচ বনাই খাব পাৰে ।
       #কলপচলা :--
      আঠিয়া কলপুলিৰ গাগছৰ গুৰি অংশ  মিহিকৈ কাটি,খুন্দি , নাইবা পতাত  থেতেলাই   ভাজি বা দাইলত সিজাই  খোৱাতো  অসমীয়া লোকৰ প্ৰিয় খাদ্য ।  স্বাস্থ্যৰ বাবে  পচলা  বৰ উপকাৰী  ব্যঞ্জন ।
       #ইউৰিক_এচিডৰ_সমস্যাত ভোগা ব্যক্তিৰ বাবে  পচলা বৰ উপকাৰী ।
       #কলডিল :---- আঠিয়া কলৰ কলডিল  ভাজি বা  বৰা  বনাই  খোৱাটো  বৰ পুষ্টিকৰ  । ইয়াত  যথেস্থ পৰিমানে  আইৰন , প্ৰ'টিন, কেলছিয়াম ,ভিটামিন আদি থকাৰ বাবে   ৰুগীয়া লোকৰ  বাবে বৰ উপকাৰী ।  নিম্ন ৰক্তচ্চাপত ভোগা ব্যক্তিৰ বাবে হিতকাৰী ।  আনহাতে কটা চিঙা  ঘা আদি   সোনকালে  শুকায় ।
       #কলপাত_কলপটুৱা_আদি ---- কলপাত/কলপটুৱা আদি বিভিন্ন মাংগলিক  কামকাজত ব্যৱহাৰ   হোৱাৰ বাবে  পৰিৱেশ বিনষ্ট  নোহোৱাৰ লগতে   সকাম নিকামে এইবোৰত  আহাৰ খোৱাতো  স্বাস্থ্যসন্মত ।
       কলপাতত এবিধ  বগা  মমজাতিয় পদাৰ্থ থাকে। ই কৃমীনাশক । সৰু ল'ৰাছোৱালীৰ  কৃমি হলে  এনে  কলপাতত  গৰম ভাত  টোপোলা কৰি থৈ   ঠান্ডা হোৱাত  খুৱালে  কৃমিৰ উপদ্ৰৱ কমে ।
       #খাৰ---------আগতে বৰ্ণোৱাৰ দৰে  আঠিয়া  বা  ভীমকলৰ  বাকলি , গাগছ,  গছৰ মুঢ়া ,পাত ,ঠাৰি আদি  ৰ'দত শুকুৱাই   পুৰি  ওলোৱা ছাঁই  লাওখোলা বা মাটিৰ  কলহত তিয়াই তলত সৰু ফুটা  এটাৰে নিগৰি  ওলোৱা পানী  (কোনো পাত্ৰত তিয়াই থৈ চেকিলেও হব)  বিভিন্ন  ব্যঞ্জনৰ  উপকৰন  হিচাৱে খোৱাতো  অসমীয়া লোকৰ  ৰুচিকৰ খাদ্যাভ্যাস ।
      প্ৰাচীন কালত নিমখৰ  অভাৱত    দেহৰ বাবে লগা নিমখৰ অভাৱ  পুৰাবলৈ  এনেকৈ বনোৱা খাৰ   ব্যঞ্জনৰ লগত খাইছিল ।  খাৰ মিহলালে   নিসিজা পাচলি  বা খাবলৈ বেয়া লগা পাচলিও  সোৱাদ হৈ পৰে ।  তেনেকৈয়ে  খাৰ  অসমীয়া লোকৰ  আহাৰৰ অৱিচ্ছেদ্য  উপকৰন হৈ পৰে ।
      আমি খোৱা সাধাৰন নিমখৰ বীপৰিতে   খাৰত থকা পটাছিয়াম ক্লৰাইড   আমাৰ  শৰীৰৰ বাবে  বৰ উপকাৰী উপাদান ।
       খাৰে   গেচ,এচিডিতি  বা দেহৰ  অতিৰিক্ত  অম্লভাগ দুৰ কৰে ।   খাদ্য বস্তু  সহজে  হজম হোৱাত সহায় কৰে।
       হৃদৰোগী  বা  উচ্চ ৰক্তচ্চাপ  ৰোগীৰ বাবে  খাৰ  উপকাৰী ।
       কৰ্কট  ৰোগীয়ে মাজে মাজে  খাৰ খাব পাৰে ।
( চিকিত্সকক শুধি খাব )
   #গৰ্ভৱতী_মাতৃয়ে  আইৰন ,ভিটামিন , কেলছিয়াম  আদিৰ অভাৱত  খুব কম মাত্ৰাত  মাজে মাজে খাৰ , কলডিল, বা পচলা   খোৱাতো ভাল ।
      মাজে মাজে খাৰ খোৱাতো ৰোগী নীৰোগী সকলোৰে বাবে ভাল ।  পিছে #টেঙাৰ_লগত_কেতিয়াও_খাৰ_নাখাব ॥
    🍒🍣   দেখিলেনে
         আমি খাৰখোৱা অসমীয়া সকলৰ বাবে  আঠিয়া বা ভীমকলৰ গছজোপা  কিমান  উপকাৰী  উদ্ভিদ  !   আজিকালি  আধুনিক যুগৰ হেচাত   কলপটুৱাত ভাত খোৱা, কলৰ ৰভাচালি সজা ,  কলপাতত প্ৰসাদ খোৱা  , আদি  প্ৰথা বোৰ  কমিবলৈ ধৰিছে । বহুতে আকৌ   " ভীমকলটোক দেখিলে দুৰতে নমস্কাৰ  "  কৰেহি ।  গাৱে চহৰে  খাৰ বনোৱা পদ্ধতিকো এৰিবলৈ লৈছে ।  লাহে লাহে  আঠিয়া কলজুপীও  এলাগী হৈ কমি যাবলৈ ধৰিছে ।    ই আমাৰ বাবে  দুৰ্ভাগ্য জনক ।
        🌶  আমাৰ শিক্ষিত নিবনুৱা চামে   ভীমকলৰ পৰা  #উৎকৃষ্ট_শিশুখাদ্য   লগতে   অসমীয়াৰ  প্ৰিয়  খাৰক উদ্যোগমুখী কৰি   দুপইচা  উপাৰ্জনৰ পথ  উলিয়াব নোৱাৰেনে (?)     লগতে  লুপ্ত হব ধৰা আঠিয়া বা ভীমকল   বাটে পথে   সুবিধা অনুযায়ী বাৰীয়ে বস্তিয়ে      য'তে  ত'তে    এজোপাকৈ   ৰুই  বানপানীত ভুৰখন সজাবলৈ   নাইবা  মানুহ    আৰু  অন্নান্য  জীৱ জন্তুৰ  খাদ্য সংকট দুৰ কৰিব  নোৱাৰোনে ।
🍉#মই_ভাৱো
 এনে মূল্যৱান আঠিয়া কলৰ অধিক  উৎপাদন তথা  উদ্যোগ মুখী কৰিব পাৰিলে
  বিশ্বৰ  বজাৰত  আমি
#আঠিয়া_কল_এটাৰ_হাতীৰ_সমান_দাম
      #নিশ্চয়_পালোঁহেতেন..... ।
          ....বন্ধু তথা উঠি অহা  ডেকা চামে  কথাটো  ভাবি চাবচোন । --  অন্ততঃ  আমি 'খাৰ খোৱা অসমীয়া"ৰ মান ৰাখিবলৈ .....
          সকলোৰে স্বাস্থ্য সুৰক্ষাৰ্থে
                 শ্ৰী যতীন  দাস  /মালয়বাৰী
               কামৰূপ মেট্ৰো  -অসম /আগষ্ট ২০১৯
🍒( শ্বেয়াৰ কৰিব পাৰিব )

No comments:

Post a Comment

Advertisement

Pages