আজি 'ধৰিত্ৰী দিৱস' উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মতামত আগ বঢ়াইছে এনেদৰে - "ধৰিত্ৰী দিৱস হৈছে ধৰিত্ৰী আইয়ে আমাক দি অহা সীমাহীন স্নেহ আৰু অমূল্য সম্পদবোৰৰ বাবে কৃতজ্ঞতা জনোৱাৰ এটি বিশেষ মুহূৰ্ত।
ধৰিত্ৰী আইৰ প্ৰতি আমাৰ বহু কৰণীয় আছে আৰু আমি প্ৰকৃতাৰ্থত কিমান দায়িত্বশীল হৈছোঁ, সেয়া জুখি চোৱাৰ এয়া সঠিক সময়। এই দায়িত্বশীলতাৰ মাজতে মানৱ সভ্যতাই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান লুকাই আছে।" - সৰ্বানন্দ সোণোৱাল


No comments:
Post a Comment