স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি "ৰেপিড এন্টিবডী টেষ্ট" সন্দৰ্ভত মত পোষণ কৰে এনেদৰে - "অহা ২২ এপ্ৰিলৰ পৰা ৰাজ্যত "ৰেপিড এন্টিবডী টেষ্ট" আৰম্ভ কৰা হ'ব ৷ কোভিড-১৯ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত সম্প্ৰতি নিয়ন্ত্ৰিত অঞ্চল ( Containment zone) হিচাপে চিহ্নিত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন আৱাসিক অঞ্চলৰ পৰাই এই দ্ৰুত পৰীক্ষণ আৰম্ভ কৰা হ'ব ৷
ভাৰত চৰকাৰে ৯৬০০ টা এনে "ৰেপিড এন্টিবডী টেষ্ট" সঁজুলি অসমক প্ৰদান কৰিছে ৷ এনে পৰীক্ষা প্ৰমাণক্ষম নহয় যদিও নিয়ন্ত্ৰিত অঞ্চলসমূহত থকা লোকৰ পৰীক্ষণৰ বাবে এই সঁজুলি অতি উপযোগী ৷ কিয়নো ১৫ মিনিটৰ ভিতৰতে এই পৰীক্ষাৰ ফলাফল চাব পাৰি।"


No comments:
Post a Comment