আজিৰে পৰা ৰাজ্যত গাহৰি মাংসৰ বিক্ৰী নিষিদ্ধ হোৱা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই মতামত আগ বঢ়াইছে এনেদৰে -
"গাহৰিৰ মাজত শেহতীয়াকৈ সংক্ৰমিত ৰোগ এতিয়ালৈকে চিহ্নিত হোৱা নাই যদিও ই মানৱ শৰীৰত সংক্ৰমিত নহয়। কিন্তু দ্ৰুতগতিত এই ৰোগ এটা গাহৰিৰ পৰা আন এটা গাহৰিলৈ সংক্ৰমিত হয়। ৰাইজৰ সুৰক্ষাৰ লগতে গাহৰিৰ মৃত্যু ৰোধ কৰা আৰু এই দিশত সাৱধানতা অৱলম্বন কৰাৰ বাবে গাহৰি মাংসৰ ক্ৰয়-বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে এই সন্দৰ্ভত কৃষক আৰু উদ্যমীসকলৰ হোৱা ক্ষতি হ্ৰাস আৰু ৰাইজৰ মাজত আশংকা দূৰ কৰাৰ বাবে ইয়াৰ সমাধানসূত্ৰ উলিয়াবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।" - অতুল বৰা


No comments:
Post a Comment