ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নগাবাট সমষ্টিত ৭৮ টা দুখীয়া পৰিয়ালৰ মাজত দুহেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 25, 2020

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নগাবাট সমষ্টিত ৭৮ টা দুখীয়া পৰিয়ালৰ মাজত দুহেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান


ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ  নগাবাট সমষ্টিত ৭৮ টা দুখীয়া পৰিয়ালৰ মাজত দুহেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান
--------------------
 সঞ্জয় ৰবিদাস,বৰহোলা, ২৫ এপ্ৰিলঃ

বৰ্তমান লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে ইয়াৰ অন্তৰ্গত সমষ্টিসমূহৰ ৰাইজৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিৰ অন্তৰ্গত জনসাধাৰণক সকাহ দিয়াৰ লগতে কভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ সময়তে আজি পৰিষদখনৰ ১ নং নগাবাট সমষ্টিৰ অন্তৰ্গত গাওঁসমূহৰ শাৰীৰিকভাৱে অক্ষম যুৱক-যুৱতী আৰু অবিবাহিতা যুৱতীসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰীৰ নেতৃত্বত নগাবাট সমষ্টিৰ সদস্য তথা পৰিষদৰ অন্যতম কাৰ্যবাহী সদস্য বিপুল কছাৰীয়ে।  নগাবাট সমষ্টিৰ বিভিন্ন গাঁৱৰ মুঠ ৭৮ গৰাকী হিতাধিকাৰীক আজি নগদ ২০০০ টকাকৈ সাহাৰ্য প্ৰদান কৰা হয়। এই হিতাধিকাৰীসকলৰ বেংক একাউন্ট নথকাৰ বাবে আৰু লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত  হিতাধিকাৰীসকলৰ ঘৰলৈ গৈ এই সাহাৰ্য প্ৰদান কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰী আৰু নগাবাটৰ সদস্য বিপুল কছাৰীক আজিৰ কাৰ্যসূচীত সহযোগ কৰে পৰিষদৰ উপ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, অন্যতম কাৰ্যবাহী সফস্য পূৰ্ণ বৰা, ৰাজু বৰা,  যোৰহাট জিলা বিজেপিৰ সম্পাদক দেৱজিৎ সোণোৱাল,  তিতাবৰ মহকুমা বিজেপিৰ মিডিয়া চেলৰ শৰৎ গগৈ আদিকে ধৰি পৰিষদৰ আৰু বিজেপিৰ একাংশ বিষয়ববীয়াই। সম্পূৰ্ণ সামাজিক ব্যৱধান ৰক্ষা কৰি হিতাধিকাৰীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে এটাকৈ চাবোন দি কভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়। হিতাধিকাৰীসকলকে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পিছতে বিষয়ববীয়াসকলে বৰহোলা অঞ্চলত ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ দুৱস্থাৰ বুজ লয় আৰু আঘাটপ্ৰাপ্তসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

No comments:

Post a Comment

Advertisement

Pages