আঙুৰলতাই ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন ছবি অংকন কৰি কি মতামত আগবঢ়ালে জানো আহক। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, April 23, 2020

আঙুৰলতাই ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন ছবি অংকন কৰি কি মতামত আগবঢ়ালে জানো আহক।



বটদ্ৰবাৰ বিধায়িকা আঙুৰলতা ডেকাই আজি স্বাস্থ্যমন্ত্ৰী
ড° হিমন্ত বিশ্ব শৰ্মাৰ এখন ছবি অংকন
কৰি মতামত আগবঢ়াই এনেদৰে -  "#হিমন্ত_বিশ্ব_শৰ্মা
যুদ্ধত বিজয় নিশ্চিত কৰে প্ৰতিগৰাকী যোদ্ধাৰ সামূহিক প্ৰচেষ্টা তথা অপৰিসীম কষ্ট আৰু ত্যাগে৷ কিন্তু তাৰ মাজতো এজন বিশেষ থাকে, যাৰ সুপৰিকল্পিত নিখুত যুদ্ধ নীতিৰ বাস্তৱ প্ৰয়োগত আমি বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হওঁ৷


বৰ্তমানৰ প্ৰেক্ষাপটত সমগ্ৰ বিশ্বৰ লগতে অসমৰ কোটি কোটি জনতাই কৰ'ণা মহামাৰীৰ বিৰুদ্ধে অতি সাহসেৰে যুদ্ধত অৱতীৰ্ণ হৈছে৷ তাৰ ভিতৰতে আমাৰ স্বাস্থ্যকৰ্মী সকল, আমাৰ আৰক্ষী জোৱান সকল, চৰকাৰ তথা প্ৰশাসনৰ বিষয়ববীয়া সকল, সাংবাদিক বন্ধু সকলকে আদি কৰি জৰুৰীকালীন সেৱাত জড়িত প্ৰথমশাৰীৰ সেৱক সকল৷ সকলোৰে সামূহিক প্ৰচেষ্টাত আমি কৰ'ণা সংক্ৰমণ কিছু পৰিমাণে হলেও ৰোধ কৰি কৰ'ণা মুক্ত অসমৰ দিশত অগ্ৰসৰ হৈছো৷ এই সকলৰ নিৰন্তৰ দেশৰ প্ৰতি সমৰ্পনৰ সমান্তৰালভাৱে সমগ্ৰ অসমৰ প্ৰেক্ষাপটত উজ্জ্বলি উঠিছে জননেতা তথা অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ সন্মানীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থ হিচাপে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া৷ ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে প্ৰতিজন সচেতন ব্যক্তিৰ মনত এনেদৰে সাঁচ বহুৱাই দিছে যে যুদ্ধ জয়ৰ বাবে নিৰন্তৰ কষ্ট সাধন আৰু ত্যাগৰ উপৰিও প্ৰয়োজনীয় যুদ্ধ নীতি হ'ল, মস্তিস্কত প্ৰস্তুত কৰা পৰিকল্পনা তথা যুদ্ধনীতিক যুদ্ধ ক্ষেত্ৰত বাস্তৱ ৰূপ প্ৰদান কৰা৷ নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে গৌৰৱেৰে ক'ব পাৰোঁ যে, তেখেতৰ এই ব্যতিক্ৰম কৰ্মদক্ষতাই আমাৰ নৱপ্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিছে৷ 


ছবি আঁকি মই ভাল পাওঁ৷ কিন্তু বিগত সময়ত প্ৰত্যক্ষ ৰাজনীতিৰ অংশ হোৱাৰে পৰা আৰু তাৰ সমান্তৰালভাৱে জনপ্ৰতিনিধি হিচাপে বহু ব্যস্ততাৰ বাবে মই ছবি অঙ্কন কৰাৰ সুযোগ পোৱা নাছিলোঁ৷ এই লকডাউনৰ অকনমান আজৰি সময়ৰ সৎ ব্যৱহাৰ কৰি শ্ৰদ্ধাৰ ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কৰ্মৰাজীক সন্মান প্ৰদৰ্শন কৰি তেখেতৰ এখন ছবি অঙ্কন কৰাৰ প্ৰয়াস কৰিছিলোঁ৷ বহু বছৰৰ মূৰত কৰা মোৰ এই চেষ্টাৰ বহু ভুল ক্ৰটি হয়টো থাকিব আৰু ৰাইজৰ মতামতে এই ক্ষেত্ৰত মোক মাৰ্গদৰ্শন কৰিব৷ ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে নিজৰ ঈৰ্ষণীয় দক্ষতাৰে অসমৰ স্বাস্থ্য খণ্ডক যি এক উচ্চ মাত্ৰা প্ৰদান কৰিলে তেখেতৰ সেই কৰ্মৰাজীক সন্মান প্ৰদৰ্শন কৰাৰ বাবে এই লকডাউনৰ বেলা মই তেখেতৰ এখন ছবি অঙ্কন কৰি কৃতজ্ঞতা জ্ঞাপন কৰাৰ ক্ষুদ্ৰতম এক প্ৰয়াস কৰিলোঁ৷" - আঙুৰলতা ডেকা


No comments:

Post a Comment

Advertisement

Pages