বৰহোলাত বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক তৎকালীনভাৱে ক্ষতিপূৰণ প্ৰদানৰ দাবী বৰহোলা আছুৰ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 22, 2020

বৰহোলাত বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক তৎকালীনভাৱে ক্ষতিপূৰণ প্ৰদানৰ দাবী বৰহোলা আছুৰ


বৰহোলাত বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক তৎকালীনভাৱে  ক্ষতিপূৰণ প্ৰদানৰ দাবী বৰহোলা আছুৰ
-----------------------
গ্ৰাম্য অঞ্চলত ব্যাহত হৈ থকা বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ আহ্বান
------------------------------------
সঞ্জয় ৰবিদাস,বৰহোলা,২২ এপ্ৰিল :

মাৰাত্মক  কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত সমগ্ৰ দেশজুৰি বৰ্তি থকা লকডাউনৰ মাজতে যোৱা ১৯ এপ্ৰিলৰ সন্ধিয়া এজাক বিধ্বংসী ধুমুহাই বৰহোলা অঞ্চলত অৰ্ধ শতাধিক  পৰিয়ালৰ বাসগৃহ ধ্বংস কৰি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে । বৰহোলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ভাস্কৰ নেওগ আৰু সম্পাদক প্ৰদীপ বৰুৱাই এক প্ৰেছ বিবৃতি যোগে জনায় যে এই কালৰূপী ধুমুহাজাকে বৰহোলা অঞ্চলৰ নাঙল গাঁও,বামুণচুক,ইকৰাণি,মৰাণ গাঁও,লোশলীয়া,বচাগাঁও,২ নং বচা,গড়াজান,শিলডুবি আদিকে ধৰি বহুকেইখন গাওঁত ঘৰ দুৱাৰ ভাঙি অনিষ্ট সাধন কৰাৰ লগতে বহুকেইটা পৰিয়ালক গৃহহাৰা কৰি ওচৰৰ বিদ্যালয় গৃহত আশ্ৰয় ল'ব লগা হোৱাৰ এটা পৰিৱেশৰ সৃষ্টি কৰে ।ফলত লকডাউনে কোঙা কৰা গ্ৰাম্য সমাজৰ গৃহহাৰা পৰিয়ালকেইটাৰ যাতে কোনো অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয় তাৰ বাবে চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তথা দুৰ্ভগীয়া পৰিয়ালবোৰক চৰকাৰে উচিত ক্ষতিপূৰণ প্ৰদান তথা ধুমুহাত বিধ্বস্ত গৃহসমূহৰ মেৰামতি আৰু পুনৰ্নিমাণৰ দাবী তোলে ।

বৰহোলা আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা তথা তিতাবৰ মহকুমা ছাত্র সন্থাৰ সভাপতি মাধুৰ্য পাঠকে কয় যে গাওঁবুঢ়া , মণ্ডল সকলে ক্ষতিগ্ৰস্ত সকলৰ সঠিক মাপকাঠি নিৰূপণ কৰি প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়াল বাদ পৰি নোযোৱাকৈ গুৰুত্ব প্ৰদান কৰিব লাগে।অঞ্চলটোত ধ্বংস হোৱা বিদ্যালয়,স্বাস্থ্যকেন্দ্ৰ,বিদ্যুৎ যোগান,পানীযোগান ব্যৱস্থা তথা ৰাজহুৱা অনুষ্ঠানবোৰ অতিশীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিব লাগে।তেওঁ লগতে কয় যে অঞ্চলটোলৈ ৰাজনৈতিক নেতাৰ সোঁত বৈছে ভাল কথা,কিন্তু ৰাইজে ইয়াৰ সুফল তৎকালে পাব লাগে।আন এগৰাকী উপদেষ্টা মানৱ সোনোৱালে কয় যে লকডাউনৰ সময়ত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰিবৰ বাবে দিয়া আৰ্থিক সাহায্য বিতৰণৰ ক্ষেত্ৰত একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰো  তদন্ত হ'ব লাগে লগতে ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰকৃত ভুক্তভুগী পৰিয়াল যাতে বাদ নপৰে তথা ক্ষতিপূৰণৰ ধন বা সামগ্ৰী প্ৰদানত যাতে দুৰ্নীতিৰ পয়োভৰ নঘটে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিবলৈ চৰকাৰ,জিলা তথা মহকুমা প্ৰশাসনক আহ্বান জনোৱাৰ লগতে ক্ষতিপুৰণ প্ৰদান প্ৰক্ৰিয়াত কোনোধৰণৰ ৰাজনীতিকৰণ নকৰিবৰ বাবে সকলোপক্ষকে বৰহোলা আঞ্চলিক ছাত্র সন্থাই কঠোৰভাবে সঁকিয়াই দিছে ।ইফালে, দুৰ্যোগৰ সময়তো তিতাবৰৰ স্থানীয় বিধায়ক, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজ সমষ্টিৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ খবৰ নোলোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বৰহোলাবাসী ৰাইজে ।
-----

No comments:

Post a Comment

Advertisement

Pages