আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 9, 2024

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

          Horoscope Today


🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞 

 ২৩ পুহ, মঙ্গলবাৰ ইং ৯ জানুৱাৰী ২০২৪ ।

( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আয় বাঢ়িব , চেষ্টা কৰিলে কৰ্মত সফলতা লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, সৌভাগ্যৰ উদয় হব, লগতে আজি আপুনি হঠাতে ধন -সন্মান লাভ কৰিব পাৰে।


৩. *মিথুন ৰাশি*(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব, ছাত্ৰ - ছাত্ৰী সকলৰ মনত নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, লগতে আজি আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*(ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে বন্ধুৰ পৰা মনত সামান্য অশান্তি পাৱলগীয়া হ'ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি আবেলি সময়ত মনত সামান্য অশান্তি পাৱলগীয়া হ'ব পাৰে লগতে আজি আপুনি মিচা অপৱাদ পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাকৈ তলৰ বয়সৰ ব্যক্তিৰ পৰা মনত সুখ- শান্তি পোৱাৰ যোগ দেখা যায়।( Horoscope Today )



Horoscope Today


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, মনত শ্ৰদ্ধা ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব,  শুভ সংবাদ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ নিমন্ত্ৰীত হ'ব পাৰে, প্ৰেমত সামান্য বাধাৰ সন্মুখীন হব পাৰে, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- আশীৰ্বাদৰ লাভ কৰিব পাৰে, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত সন্মান বাঢ়িব, আনক সহায় - সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, লগতে আজি আপোনাৰ আয়- উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব,   কৰ্মত শুভ হ'ব, ভ্ৰমণত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205  ( Horoscope Today )

No comments:

Post a Comment

Advertisement

Pages