এই ব্যক্তিসকলে ভুলতো কিচমিচ নাখাব অন্যথা বিপদত পৰিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 11, 2022

এই ব্যক্তিসকলে ভুলতো কিচমিচ নাখাব অন্যথা বিপদত পৰিব : Assamese Health Tips

Assamese Health Tips


     বজাৰত  ৰাসায়নিক ঔষধযুক্ত " মোক খা মোক খা" কৈ  থকা  বিষাক্ত ফলসমুহে  আমাৰ দেহৰ যথেষ্ট ক্ষতিকৰ বুলি আমি সকলোৱে জানোহঁক ।    ( Assamese Health Tips )


তথাপি নিৰুপায় হৈ আমি সদায়ে   খাই আছো বা ৰুগীয়া লোককো সেইবোৰকেই খুৱাই আছো ।  অসাধু ব্যৱসায়ীৰ এনে বিষাক্ত ফলসমুহে কব নোৱাৰাকৈ দেহৰ  ভয়ানক ৰোগৰ বাহক হব পাৰে ।


বজাৰত পোৱা  শুকান ফলসমুহত  নষ্ট নহবলৈ  ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় যদিও  মাৰাত্মক ধৰনৰ নহয় বুলিয়েই বিশ্বাস ।  তথাপি বজাৰৰ  এনে  বস্তুবোৰৱ গৰম পানীৰে ধুই খোৱাতো ভাল


     আজি কিচমিচ  অৰ্থাত  শুকান  আঙ্গুৰৰ  বিষয়ে  কিছু জানো আহক :--- 


    আমাৰ অসমত উৎপাদন নহয় যদিও   আমি সকলোৱে জানো  যে আঙ্গুৰ এবিধ বৰ পুস্তিকৰ ফল ।  আঙ্গুৰক  ৰ'দত বা   বিশেষ পদ্ধতিৰে  শুকোৱাৰ পিচত কিচমিচ বোলা  হয়। গতিকে কিচমিচ খোৱা মানেই আঙ্গুৰ খোৱাৰ সমানেই  হয় ।  বৰং শুকোৱাৰ পিচত   ইয়াৰ পুষ্টিগুণ অধিক বৃদ্ধিহে হোৱা দেখা যায় ।  সেয়ে  কিচমিচ  পৃথিৱীৰ সকলো দেশতে উপলদ্ধ এবিধ  বলশক্তিদায়ক উত্তম   শুকান ফল আৰু   ৰোগভেদে সুপথ্য বুলি চিকিত্সকেও  ৰোগীক খাবলৈ পৰামৰ্শ দিয়ে 


    কিচমিচৰ ইংৰাজী নাম Raisin হিন্দীত কিসমিস, মুনক্কা বা অন্যান্য ভাষাত বিভিন্ন নামেৰে জনাজাত ।    দেশে বিদেশে আঙ্গুৰৰ প্ৰজাতি ভেদে  কিচমিচ  সোনালী, হালধীয়া,,বাদামী, ,ক'লা , চকলেত,ব্ৰাউন আদি নানাৰঙৰ আছে।   বজাৰত পোৱা চকচকীয়া চফা  হালধীয়া বা সোনালী ৰঙতকৈ  বাদামী , ক'লা আদি   গাঢ়  ৰঙৰ কিচমিচ বেচি গুণকাৰী ।  


#পৌষ্টিক_উপাদান :----প্ৰ'টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম,কাৰ্ব'হাইড্ৰেট,ফাইবাৰ,শৰ্কৰা, কেলৰী আদিৰ  লগতে সুক্ষ্ম পোষক গুণসমৃদ্ধ খনিজ  পদাৰ্থৰে (মাইক্ৰ' নিউট্ৰেন্ট) ভৰপুৰ ।   অন্যহাতে  ই  শৰীৰৰ ৰোগ নাশক,বেক্টেৰীয়া নাশক ,শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্য নাশক ।


#কিচমিচৰ_ব্যৱহাৰ_বিধি:----কিচমিচ সচৰাচৰ বহুতে পায়স , চুজি , হালোৱা  মিঠাই বা তেনে  আহাৰৰ লগত নাইবা  প্ৰত্যক্ষভাবে চোবাই  খোৱা দেখা যায় যদিও   ইয়াৰ  যথোচিত ঔষধী গুণাগুণ লাভ কৰিবলৈ  তলত দিয়া বিধিৰে সেৱন কৰাটো অধিক ফলপ্ৰদ। 


   ৰাতি ১০/১২টা কিচমিচ এগিলাচ  গৰম পানীত তিয়াই  থব  ; ৰাতিপুৱা  খালিপেটত পানী আৰু কিচমিচ   পিতিকি বা চোবাইএকেলগে খাব ।  নাইবা  ৰোগী নিৰোগী  সকলোৱে অইন সময়তো গৰম গাখীৰত বা পানীত উতলাই   ঠান্ডা হলে খাব পাৰে ।   


# সঠিক_গুণাগুন_পাবলৈ পুৱা বা গধুলী খালি পেটত  বা  আহাৰ খোৱাৰ  এঘন্টা  আগত  খোৱাতো ভাল । কিচমিচ খোৱাৰ পিচতে লগে লগে  কমেও  ৪৫ মি বা এঘন্টা অন্য গধুৰ আহাৰ  নাখাব ।


 #কেতিয়াও_অধিক_মাত্ৰাত_নাখাব , সৰু লৰাছোৱালীক  নিয়মিত  দিনত ৬-৮টা কিচমিচহে খাবলৈ দিব ।  ডাঙৰে ১০-১২টা খাব।


 🚁কিচমিচ কিনি আনি গৰম পানীৰে নুধুৱাকৈ নাখাব ।

         #কিচমিচৰ_গুণাগুণ:------


১।  কিচমিচ ৰাতি  গৰম পানীত তিয়াই  ৰাতিপুৱা খালিপেটত  পানী আৰু  কিচমিচ কেইটাও খালে শৰীৰৰ  অলাগতিয়াল বিষাক্ত পদাৰ্থ  বাহিৰ হয় ,  পেট পৰিস্কাৰ হোৱাৰ লগতে  কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা  নানা ৰোগ আৰোগ্য হয়। পাচন শক্তি  মজবুত হয় ।   বায়ু,পিত্ত,কফ জনীত বিভিন্ন ৰোগ উপশম হয়।


#এচিডিতি /দুষিত বায়ু /পিত্ত ৰোগ দুৰ হয় ।  নিয়মিত খালে   দেহৰ ৰোগ বীজানু ,, বেক্টেৰীয়া, আৰু অদৰ্কাৰী উপাদান  বাহিৰ  হয় ।


২। ই  বল শক্তি দায়ক আৰু অতি পুষ্টিকাৰক  হোৱা হেতুকে ৰুগী্যা , দুৰ্বল আৰু ক্ষীন কায় দেহৰ লোকে  পানী বা গাখীৰত উতলাই নিয়মিত সেৱন কৰিলে যথেস্থ উপকৃত হয়  । ( Assamese Health Tips )


 ☑ পৰিশ্ৰমী , খেলুৱৈ , ব্যা্য়াম , শৰীৰচৰ্চা কৰা লোকৰ ক্ষয় হোৱা শক্তি পুৰাবলৈ  বা #এনাৰ্জী_লেভেল_বৃদ্ধিৰ বাবে   উৎকৃষ্ট ফলাহাৰ ।


☑ বিদ্যাৰ্থীৰ  মনোযোগ, মেধা,স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সথিক মাত্ৰাত খোৱাতো উপযোগী  ।


৩। শৰীৰত  ৰক্ত বৃদ্ধিকৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে উৎকৃষ্ট ঔষধী ।


৪। #শৰীৰৰ_ওজন_বঢ়ায় ।   (অধিক ওজন থকা ব্যক্তি আৰু  কম পৰিশ্ৰমী ব্যক্তিয়ে  নাখাব)


৫।  #কলেষ্ট্ৰল__নিয়ন্ত্ৰন_কৰে । হাওঁফাওঁ, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে ।


  কিডনী  পৰিস্কাৰ  তথা সংক্ৰমন দুৰ কৰে ।

 #উচ্চ_ৰক্তচ্চাপ আৰু #বহুমুত্ৰ_ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে ।


৬। #কৰ্কট_ৰোগ প্ৰতিৰোধ কৰে । এই ৰোগত ভুগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে ।


৭। ,চুলি  আৰু  চালৰ যিকোনো সমস্যাৰ লগতে লিভাৰ দৌৰ্বল্য আৰু  মুখৰ  দুৰ্গন্ধ  দুৰ কৰাৰ বাবে কিচমিচ  ভিজোৱা পানী  খোৱা অতি উপকাৰী  ।


৮।  #কিচমিচত_যথেস্থ_পৰিমানে_কেলচিয়াম থকাৰ বাবে  দাঁতৰ ৰোগ, গাথি বিষ  আৰু  হাড়ৰ বাবে উপযোগী ।


৯। কিচমিচ  ক ভিটামিন সমৃদ্ধ  ফল; সেয়ে #চকুৰ_সুৰক্ষা আৰু নানা ৰোগত  কিচমিচ বৰ উপকাৰী ।  

১০। 📵 নিয়মিত সেৱন কৰিলে  #যৌন_দুৰ্বলতা দুৰ হয়   #পুৰুষৰ_প্ৰজনন_ক্ষমতা_বৃদ্ধি_হয় । নাৰীৰ স্তনৰ  আকাৰ আৰু সৌন্দৰ্য বৃদ্ধি হয় ।

গৰ্ভৱতী মহিলাৰ বাবেও  উপকাৰী  ।


১১।   যিকোনো জৰত বা শাৰীৰিক দুৰ্বলতাত  কিচমিচ অতি উপকাৰী পথ্য।


১২॥  #নিচাদ্ৰব্য_খাই_ৰোগত_ভুগা ব্যক্তিয়ে  (নিচাৰ পৰিৱৰ্তে) নিয়মিত খালিপেটত  কিচমিচ ভিজোৱা পানী সেৱন  কৰা  অতি হিতকাৰী ।


      ওপৰোক্ত গুণাগুনৰ  উপৰি  সথিক মাত্ৰাত নিয়মিত সেৱন কৰিলে   দেহ স্বাস্থ্যৱান হোৱাৰ লগতৱ  ৰোগ প্ৰতিৰোধ ক্ষমতা  বঢ়ায় ।


        গতিকে দেখিলেনে বন্ধুসকল কিচমিচ আমাৰ দেহৰ বাবে কিমান  উপকাৰী ফল ।  সেয়ে  বজাৰৰ  ৰাসায়নিক বিষফলৰ পৰিৱৰ্তে  আমাৰ থলুৱা ফল প্ৰচুৰ পৰিমানে  খাওক     ।লগতে    বহিঃৰাজ্যৰ  অধিক পোষক গুণযুক্ত কিচমিচ বা শুকান আঙ্গুৰ   খাওক;  লৰাছোৱালীকো খুৱাওক । (গৰম পানীত বা গাখীৰত উতলাইহে খাব )


   💋__ #অপকাৰি_গুণ__💔 

       ভালৰ অলপেই ভাল । অধিক মাত্ৰাত  কেতিয়াও নাখাব আৰু  ভাল হওক বুলি  লৰাছোৱালিহঁতকো   বেচি মাত্ৰাত নুখুৱাব ।  

📛কিছুমান ৰোগ  বিশেষে  চিকিত্সকে কিচমিচ খাবলৈ  বাধা কৰে ;সেয়ে জটিল চিকিৎসাধীন  ৰুগীয়া লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব ।  🎈অধিক কেলৰীযুক্ত ব্যক্তি ,অপৰিশ্ৰমী ,  অধিক  শকত  আৰু ওজনৰ ব্যক্তিয়ে কিচমিচ নোখোৱাই ভাল ।   

                       আপোনাৰ সেৱাত

                  শ্ৰী যতীন দাস । মালয়বাৰী

  কামৰূপ মহানগৰ   (অসম) জুন/২০১৮ইং

🅾 (পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰিব )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য শ্ৰী যতীন দাসৰ  দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages