সকলোৱে নিজৰ ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ-বহু প্ৰকাৰৰ উদ্ভিদ ৰোপণ কৰে।কোৱা হয় ঘৰত গছ-গছনি ৰোপণ কৰিলে শুদ্ভ বায়ু আহে।লগতে ঘৰৰ সদ্যসকলৰ স্বাস্থ্য ভালে থাকে।কিন্তু বহু বাৰ আপুনি ৰোপণ কৰা গছ-গছনি ভাল পৰিণাম নিদিয়ে।বহুবাৰ তাতো বাস্তু দোষ উৎপন্ন হয়। ( Assamese Fact )
বাস্তু অনুসাৰে ঘৰত কি উদ্ভিদ থাকিব লাগে!আৰু কি উদ্ভিদ থাকিব নালাগে?
১/বৰগছ-আহঁত গছ
ঘৰৰ বাৰীৰ বাহিৰত থকটো শুভ মনা হয়।এই বৃক্ষ ঘৰৰ বাৰীৰ ভিতৰত থাকিলে অশুভ ফল দিয়ে।
২/ঘৰত নিম গছ থকাটো সকলোৱে পচন্দ নকৰে।কিন্তু ঘৰৰ বাৰীত নিম গছ থাকিলে-বহু শুভ মনা হয়।সকাৰত্মক উৰ্জা আৰু শুদ্ধ বায়ুৰ লগত নিম গছে বহু প্ৰকাৰৰ কল্যাণকাৰী হয়।
৩)হিন্দু ধৰ্মত তুলসীৰ বহু মহত্ব আছে।তুলসীক লক্ষ্মীৰ ৰূপ মনা যায়।যদি আপোনাৰ ঘৰত কোনো প্ৰকাৰৰ নকাৰত্মক ওৰ্জা আছে,তেতিয়া তুলসীয়ে সেয়া নষ্ট কৰিবলৈ সহায়তা কৰে।এই কথা মন কৰিব লাগে-তুলসী ঘৰৰ দক্ষিণ দিশৰ ফালে ৰোপণ কৰিব নালাগে।এনে কৰিলে-শুভ ফলৰ ঠাইত বহু লোকচান কৰে।
৪/ঘৰত আমলখি গছ উত্তৰ দিশ বা পূৰ্ৱ দিশে থাকিলে অত্যন্ত লাভদায়ক হয়।ই আপোনাৰ কষ্টৰ নিবাৰণ কৰে।
৫/কল গছ-ধাৰ্মিক কাৰণতো বহু শুভ মনা হয়।গুৰুবাৰৰ দিনা কল গছৰ পূজা কৰা হয় আৰু পূজা পাঠত কল গছৰ পাত ব্যৱহাৰ কৰা হয়।সেইবাবে ঘৰৰ ঈশান কোণত কল গছ থাকিব লাগে।কোৱা হয় যে-কল গছৰ ছায়াত বহি পঢ়িলে-পঢ়াখিনি সোনকালে মনত ৰাখিব পাৰি।
৬/বাঁহ গছ ঘৰত থাকিলে শুভ মনা হয়।এয়াই সমৃদ্ধি আৰু সফলতাৰ দিশে লৈ যোৱাৰ ক্ষমতা দিয়ে। ( Assamese Fact )
৭/যাৰ ঘৰত নাৰিকল গছ থাকে-তেওঁলোকৰ মান সন্মানত বৃদ্ধি হয়।
৮/ঘৰৰ বাৰীত আম গছ থাকে।আৰু বহু লোকে বিভিন্ন ধৰণৰ আম গছ ৰোপণ কৰে।কিন্তু ঘৰৰ আশে-পাশে আম গছ থাকিলে-ঘৰৰ সন্তানৰ ওপৰত বেয়া প্ৰভাৱ দিয়ে।আম গছ উৎসাহেৰে ৰোপণ কৰিব নালাগে।যদি প্ৰথমৰপৰাই আম গছ আছে যদি-তেন্তে এনে কৰিব লাগে-আম গছৰ কাষত এনে উদ্ভিদ লগাব লাগে-যাক শুভ মনা হয়।যেনে-নাৰিকল,নিম,অশোক,আদি।
৯/ঘৰৰ ওচৰত কাঁইট থকা উদ্ভিদে শক্ৰভয় উৎপন্ন কৰে।আৰু গাখীৰ ওলোৱা উদ্ভিদে ধনৰ নাশ কৰে।
১০/ঘৰৰ ঈশান আৰু পূৰ্ৱ দিশে-অধিক ওখ উদ্ভিদ থাকিব নালাগে।
১১)আৰু ঘৰৰ চোতালত আৰু ঘৰৰ আশে-পাশে এনে গছ থাকিব নালাগে।
১২/ঘৰৰ আশে-পাশে আধা জ্বলা বা,শুকায় যোৱা গছ থকাটো শুভ নহয়।বাস্তু শাস্ত্ৰত কোৱা হয়-ইয়াৰ দ্বাৰা ঘৰত নকাৰত্মক আৰু বেয়া বতাহ প্ৰৱেশ কৰে।
১৩)কিছু বিশেষ গছ-গছনি ঘৰৰ ওচৰে পাজৰে থাকিব নালাগে।যেনে-কপাহ,কাজু বাদামৰ গছ,ধূনা-আদি।এনে উদ্ভিদ ঘৰৰ ওচৰত থাকিলে ঘৰত কলহৰ স্থিতি উৎপন্ন হয়।
১৪/ঘৰৰ সন্মুখত তেতেলী বা ঔ-টেঙা গছ থাকিলে-সেয়া দূৰ কৰিব লাগে।বাস্তু অনুসাৰে-এনে উদ্ভিদত বেয়া শক্তিয়ে বাস লয়।যদি আপুনি এই উদ্ভিদক কাটিব নোঁৱাৰে,তেন্তে এই উদ্ভিদৰ দু-প্ৰভাৱক দূৰ কৰিব পাৰে।এই উদ্ভিদৰ কাষত-তুলসী,অশোক, নিম,চন্দন,বা নাগকেশৰৰ গছ ৰোপণ কৰিব লাগে।এনে কৰিলে-বেয়া প্ৰভাৱৰ পৰা ৰক্ষা পোৱা যায়।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment