দাঁতৰ বিষ কিদৰে নিৰাময় কৰিব জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Wednesday, September 14, 2022

demo-image

দাঁতৰ বিষ কিদৰে নিৰাময় কৰিব জানি লওক : Assamese Health Tips

PhotoGrid_Site_1663124510971


মানুহৰ গুৰুত্বপূৰ্ণ অংগ হল দাঁত। বহুত মানুহৰ দাঁতৰ সমস্যা আছে।যেনে-দাঁতৰ বিষ,দাঁত সিৰসিৰ কৰা-ইত্যাদি।এইবোৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ এইসমূহ কৰিব লাগে। ( Assamese Health Tips )


১)পানী-

দাঁতৰ বিষ হলে-ফিটকাৰি পানীত দি-সেই পানীত তুলা এডোখৰ তিয়াই বিষ হোৱা দাঁতৰ গুৰিত লগাব।এনেকৈ ৩/৪দিন কৰিব।এনে কৰিলে আপুনি সুফল পাব।


২/কুল-কুল কৰিব-

বকুল গছৰ ছালৰ ৰস-কুহুমীয়া পানীত মিহলি কৰি-দৈনিক দুবাৰ কৰি কুল কুল কৰিব।


৩/লং-

৫টা লং পিহি-নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে-দাঁতৰ বিষ নাইকিয়া হয়।নাইবা ৫টা লং পিহি-১গিলাচ পানীন মিহলাই মুখ কুলকুলিয়ালে-দাঁতৰ বিষ কমে।


৪/ভীমকলৰ পাত-

ভীমকলৰ পাতৰ মাজৰ-কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায়-বিষ হোৱা দাঁতেৰে কামুৰি ধৰিলে-বিষ নাইকিয়া হয়।


৫/সৰিয়হ তেল-

সৰিয়হ তেল,নেমু ৰস আৰু অলপ নিমখ মিহলি কৰি-দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়।দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।


দাঁতৰ বিষ কিদৰে নিৰাময় কৰিব! 


এই ৰোগৰ লক্ষণ-

প্ৰথমে পানী খালে দাঁতৰ গুৰি, শিৰ শিৰাই যায়। পাচলৈ দাঁতৰ গুৰিত বিষ হয়। 


এই ৰোগৰ কাৰণ-

বিভিন্ন বেলেগ বেলেগ কাৰণত দাঁতৰ বিষ হব পাৰে। মূলতঃ দাঁতৰ গুৰি বিলাক দুৰ্বল হলে, সঘনাই দাঁতৰ গুৰি ফুলা ৰোগ হলে, দাঁত পোকে খালে আৰু শৰীৰত কেলছিয়ামৰ অভাৱ হলে, দাঁতৰ বিষ হয়। 


দাঁতৰ বিষৰ বন দৰৱ-


১) ভীমকলৰ পাতৰ  মাজৰ কেচাঁ ঠাৰি এডাল জুইত অলপ সেকি, যিমান সময় পৰা যায়, বিষ হোৱা দাঁতেৰে কামুৰি ধৰি ৰাখিলে বিষ নাইকিয়া হয়। 


২/বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ, দাঁতৰ যিকোনো ৰোগ ভাল হয়।   ( Assamese Health Tips )



৩/আদা খুন্দি দাঁতেৰে চোবাই  কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দূৰ হয়। 


৪/৫টা বাদাম খাব লাগে আৰু বাদাম, আদা, নিমখ পিহি, বিষোৱা দাঁতত লগাব লাগে। 


৫) ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে। 


৬/বগা লাটুমণিৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে। 


৭/ভেদাই লতাৰ গুটি পিহি দাঁত মাজিলে, বিষ কমে। 


৮/হিং এটুকুৰা দাঁতেৰে কামুৰি ধৰি ৰাখিলে, বিষ কমে। 


৯/পিপলীৰ গুড়া, ঘীউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্ৰলেপ দিব লাগে। 


১০/সৰিয়হৰ তেল, নেমু ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয় আৰু দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়। 


১১/৫টা লং পিহি, নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি ১গিলাচ পানীত মিহলি কৰি দাঁত কুলকুলিয়ালে দাঁতৰ বিষ কমে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages