জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কুণ্ডলীত গুৰু কমজোৰ হয় যদি তেনে লোকে জীৱনত কষ্টৰ সন্মুখীন হবলগীয়া হয় : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, August 5, 2022

demo-image

জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কুণ্ডলীত গুৰু কমজোৰ হয় যদি তেনে লোকে জীৱনত কষ্টৰ সন্মুখীন হবলগীয়া হয় : Religious Studies

PhotoGrid_Site_1659709904817


গুৰুক ৯টা গ্ৰহৰ মাজত-সকলোতকে শুভ মনা হয়। জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কুণ্ডলীত গুৰু কমজোৰ হয় যদি-তেনে লোকে জীৱনত কষ্টৰ সন্মুখীন হবলগীয়া হয়। ( Religious Studies )


জ্যোতিষ শাস্ত্ৰ অনুসাৰে কুণ্ডলীত থকা প্ৰতিটো গ্ৰহে ব্যক্তিৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়।জ্যোতিষ শাস্ত্ৰত ৯টা গ্ৰহকে মনা হয়।জীৱনৰ সকলো ক্ষেত্ৰতে সফলতাৰ পাছত গুৰু গ্ৰহৰ স্থিতি বহুত মহত্বপূৰ্ণ বুলি কোৱা হয়।ধাৰ্মিক শাস্ত্ৰ অনুসাৰে বৃহস্পতি দেৱক সকলো দেৱৰে গুৰু বুলি মনা হয়।ব্যক্তিৰ কুণ্ডলীত যদি গুৰু শক্তিশালী ৰূপত থাকে-তেন্তে সেইজনাৰ সফলতাৰ বাট মুকলি থাকে।যদি গুৰু কমজোৰ হয় তেতিয়া জীৱনত সমস্যাৰ বৃদ্ধি হয়।


*যিকোনো কামতে সফলতা প্ৰাপ্ত নহয়,আৰু আৰ্থিক দিশৰ পৰাও সমস্যা আহি পৰে! এই সময়ত-এই কথা জনাটো অতি আৱশ্যক হৈ পৰে যে-যদি কাৰোবাৰ গুৰু কমজোৰ হয়,তেতিয়া গুৰুক কিদৰে শক্তিশালী কৰিব পৰা যায়।


বৃহস্পতি দেৱক প্ৰসন্ন কৰিবলৈ কৰিব লাগে-এই উপায়!


*দৰিদ্ৰ লোকক ভোজন কৰাব লাগে-

গুৰু,কুণ্ডলীত কমজোৰ হোৱাৰ বাবে-জীৱনত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।যদি আপোনাৰ কুণ্ডলীতো গুৰু কমজোৰ স্থিতিত আছে-তেন্তে ইয়াৰ দু-প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ দৰিদ্ৰ লোকক ভোজন কৰাব লাগে।দৰিদ্ৰ লোকক দৈ-চাউল খোৱাব পাৰিলে অতি শুভ মনা হয়।মান্যতা অনুসাৰে-ইয়াৰ দ্বাৰা বেয়া প্ৰভাৱ কম হয়। ( Religious Studies )


*শিৱৰ ভক্তি কৰিব লাগে-

গুৰুৰ বেয়া প্ৰভাৱক কম কৰিবলৈ আৰে গুৰুক সাৰত্মক দিশলৈ আনিবলৈ ভগৱান ভোলানাথৰ আৰাধনা শ্ৰেষ্ঠ মনা হয়।মহাদেৱৰ ৰুদ্ৰাভিষেক কৰিলেও-গুৰুক প্ৰসন্ন কৰাল উত্তম উপায় বুলি কোৱা হয়।গুৰুৰ বেয়া প্ৰভাৱত পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰি কম কৰা হয়।


*গুৰুবাৰে ৰাখিব লাগে ব্ৰত-

বৃহস্পতি দেৱক প্ৰসন্ন কৰিবলৈ পিড়িত ব্যক্তিয়ে গুৰুবাৰৰ দিনা ব্ৰত অৱশ্যে কৰিব লাগে।গুৰুবাৰৰ দিনা হালধীয়া বস্ত্ৰ পৰিধান কৰাটো অতি শুভ মনা হয়।ব্ৰত ভঙাৰ সময়ত হালধীয়া বস্তু গ্ৰহণ কৰি ব্ৰত ভাঙিব লাগে।


*এই সামগ্ৰীসমূহ কৰিব লাগে দান-

যদি আপোনাৰ ৰাশিত গুৰু কমজোৰ স্থিতিত আছে-তেতিয়া ইয়াৰদ্বাৰা উৎপন্ন হোৱা সমস্যাৰ পৰা ৰক্ষা পাবলৈ কিছু সামগ্ৰীৰ দান কৰাটো শুভ মনা হয়। যেনে-সোণ,কাঁহৰ বাচন,হালধীয়া বস্ত্ৰ, হালধীয়া ফুল,হালধীয়া ফল,ঘীউ,চানাৰ ডালি ইত্যাদি।এই বস্তুসমূহ গুৰুবাৰৰ দিনা দান কৰাটো বেছি ফলদায়ক।


*বয়সীয়াল লোক,গুৰুৰ কৰিব লাগে সেৱা-

যি ব্যক্তিৰ কুণ্ডলীৰ কমজোৰ গুৰু বাবে-সমস্যাত আছে,সেইজনে সৰ্বপ্ৰথম নিজৰ পিতৃ-মাতৃ আৰু বয়সীয়াল লোকৰ সেৱা কৰিব লাগে।ইয়াৰ লগতে নিজৰ গুৰুক আদৰ সৎকাৰ কৰিলে গুৰুৱে শুভ ফল দিয়ে।ইয়াৰ দ্বাৰা অন্য গ্ৰহৰ প্ৰভাৱো কম হয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages