ভগৱান গণেশৰ আৰ্শীবাদ প্ৰাপ্ত কৰিবলৈ ভগৱান গণেশৰ পূজা-বিধি জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 13, 2022

ভগৱান গণেশৰ আৰ্শীবাদ প্ৰাপ্ত কৰিবলৈ ভগৱান গণেশৰ পূজা-বিধি জানি লওক : Religious Studies

Religious Studies

সকলো দেৱী দেৱতাৰ ভিতৰত গণপতি প্ৰথম পূজনীয় হয়।বুধবাৰৰ দিনটো গণপতিৰ সাধনা-আৰাধনাৰ বাবে সকলোতকে উত্তম মনা হয়। ( Religious Studies )


প্ৰথম পূজনীয় গণপতিৰ বাবে-বুধবাৰৰ দিনটো অত্যন্ত শুভ মনা হয়।ৰিদ্ধি-সিদ্ধিৰ দাতা গজাননৰ এই দিনা বিধি-বিধানৰ দ্বাৰা পূজা কৰিলে-তেওঁৰ সম্পূৰ্ণ আৰ্শীবাদ প্ৰাপ্ত হয়।আৰু জীৱনলৈ অহা সমস্ত বাধা দূৰ হয়।


*গণপতিৰ পূজাত কি কি অৰ্পণ কৰিব লাগে-


১)বুধবাৰৰ দিনা গণপতিৰ পূজাত চাউল নিশ্চয় অৰ্পণ কৰিব।গণপতিক চাউল-কোনোদিন শুকানকে অৰ্পণ নকৰিব।গণপতিক চাউল অৰ্পণ কৰাৰ আগে-সেই চাউল ধুই লব লাগে আৰু ইন্দ্ৰ অক্ষতম-ঔম গং-গণপতায়ে মন্ত্ৰটি মাতি অৰ্পণ কৰিব লাগে।


২/বীৰ হনুমানৰ দৰে শ্ৰী গণেশকো সেন্দূৰ অৰ্পণ কৰিব লাগে।গণপতিৰ পূজাত সেন্দূৰ অৰ্পণ কৰিলে-ঘৰত কোনো ধৰণৰ বেয়া আত্মা অথবা নকাৰত্মক উৰ্জাৰ প্ৰৱেশ নঘটে।সেন্দূৰ অৰ্পণ কৰিলে গণপতি প্ৰসন্ন হৈ-নিজৰ ভক্তক অত্যান্ত শুভ ফল দিয়ে।


৩/গণপতিৰ পূজাত দুবৰি বনৰ বিশেষ মহত্ব আছে।গণপতিৰ পূজাত অৰ্পণ কৰা দুবৰি বন-সেউজীয়া হব লাগে।শুকান দুবৰি আঁতৰাই দিব লাগে।এই কথা মন কৰিব লাগে যে-গণপতিক কৰা দুবৰি সদায়ে ওপৰৰ অংশ লব লাগে।শ্ৰী গণেশক-২১ডাল দুবৰি অৰ্পণ কৰিলে-অত্যান্ত শুভ মনা হয়।  ( Religious Studies )


৪/সকলো দেৱী-দেৱতাৰ পূজাতে ফুলৰ বহুত মহত্ব থাকে।যদি আপুনি দেৱী-দেৱতাক অনুকুল পুষ্প অৰ্পণ কৰে-তেতিয়া তাৰ দ্বাৰা প্ৰসন্ন হৈ-সেই দেৱী-দেৱতাৰ আৰ্শীবাদ শীঘ্ৰে প্ৰাপ্ত হয়।গণপতিৰ শৃংগাৰৰ বাবে-যিকোনো ফুল প্ৰয়োগ কৰিব পাৰে-কিন্তু পূজাত অত্যান্ত তেওঁৰ প্ৰিয় ফুল-গেণ্ডাৰ হালধীয়া ফুল বা গেণ্ডা ফুলৰ মালা অৱশ্যে অৰ্পণ কৰিব লাগে।


৫/গণপতিৰ পূজাত আপুনি যিমান ধৰণৰ প্ৰসাদ অৰ্পণ কৰিলেও-কিন্তু তেওঁৰ পূজা মোদকৰ অবিহনে অসম্পূৰ্ণ মনা হয়।মোদক প্ৰসাদ অৰ্পণ কৰিলে ভগৱান গণেশ শীঘ্ৰেই সাধকৰ ওপৰত প্ৰসন্ন হৈ-তেওঁৰ জীৱনত নিজৰ কৃপা দিয়ে।যদি কোনো কাৰণত মোদক উপলব্ধ নহলে-বুন্দিয়া লাৰু অৰ্পণ কৰিব পাৰে।


৬/পূজাৰ শুভ ফল পাবৰ বাবে-প্ৰতিজন দেৱী-দেৱতাকে ফল অৰ্পণ কৰা হয়।গণপতিৰ সাধনাত শুভ ফল পাবৰ বাবে-তেওঁক কল অৰ্পণ কৰিব লাগে/কাৰণ-গণপতিক ফলৰ ভিতৰত কল অত্যাধিক প্ৰিয় হয়।সেইবাবে কল অৰ্পণ কৰিলে-তেওঁ শীঘ্ৰে প্ৰসন্ন হৈ-সাধকক সুখ-সমৃদ্বিৰ বাবে আৰ্শীবাদ প্ৰদান কৰে।


৭/বুধবাৰৰ দিনা শ্ৰী গণেশৰ চালীশা পাঠ কৰিলে-গণপতি প্ৰসন্ন হয় আৰু সুখ-সমৃদ্ধিৰ বাবে আৰ্শীবাদ দিয়ে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages