মহাদেৱৰ কৈলাশ পৰ্বতৰ বি‌‌ষয়ে ৰহস্যময় কিছু তথ্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 11, 2022

মহাদেৱৰ কৈলাশ পৰ্বতৰ বি‌‌ষয়ে ৰহস্যময় কিছু তথ্য : Religious Studies

Religious Studies


হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ  আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। ( Religious Studies )


প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে কৈলাশ পৰ্বতত নিবাস কৰে । এই কৈলাশ পৰ্বতৰ পৰাই সৰগলৈ উঠি যাবলৈ জখলা আছে বুলি বহু পৌৰাণিক কাব্যত আছে।  


কৈলাশ পৰ্বতৰ লগত হিন্দুৰ পবিত্ৰ তীৰ্থ মানসৰোবৰ অৰ্থাৎ নিৰ্মল পানীৰ সৰোবৰ আছে। শাস্ত্ৰত আছে এই সৰোবৰ ভগৱান ব্ৰহ্মাই নিৰ্মাণ কৰাইছিল। 


গোটেই বছৰ বৰফেৰে ঢাক খাই থকা কৈলাশ পৰ্বত চীন দেশৰ তিব্বত অঞ্চলত পৰে । এই পবিত্ৰ  কৈলাশ পৰ্বত কাহিনীও ভেদ কৰিব নোৱাৰা ৰহস্যৰে ভৰা বিশ্বৰ একমাত্ৰ ৰহস্যময় পৰ্বত । 


এই ৰহস্যময় কৈলাশ পৰ্বত আৰোহণ কৰিবৰ বাবে বিশ্বৰ বিভিন্ন ঠাইৰ লোক বিভিন্ন সময়ত আহিছে কিন্তু আজিলৈকে কোনো  এজন পৰ্বতাৰোহীয়ে এই পৰ্বতত উঠিব পৰা নাই।


১১ শতিকাত বৌদ্ধ ভীক্ষু মিলাৰেপায়ে এই পৰ্বতৰ ওপৰলৈকে উঠা বুলি ইউৰোপীয় আলোচনী এখনে কিছুবছৰৰ আগতে প্ৰকাশ কৰিছে আৰু তিব্বতৰ কিছুসংখ্যক লোকে এই কথা কয় যদিও ছেৰ্পা অৰ্থাৎ যিসকল স্থানীয় লোকৰ সহায়ত পৰ্বতাৰোহীয়ে হিমালয়ৰ সুউচ্চ শৃঙ্গ আৰোহণ কৰিব পাৰে সেই সকলৰ মতে কৈলাশ পৰ্বতত আজি লৈকে কোনো লোকে উঠিব পৰা নাই।


এই পৰ্বত আৰোহণ কৰিবলৈ অহা  লোক সকলে এই পৰ্বতৰ বিষয়ে বহুত ৰোমাঞ্চকৰ সত্য কাহিনী, নিজৰ নিজৰ অভিজ্ঞতাৰ কাহিনী লিখি আহিছে।


হিমালয়ত অৱস্থিত এভাৰেষ্ট শৃঙ্গৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ৮৮৫০মি আনহাতে কৈলাশ পৰ্বতৰ  উচ্চতা ৬৬৩৮মি কিন্তু বৰ্তমানলৈকে এভাৰেষ্টত ৭০০০ পৰ্বতাৰোহীয়ে আৰোহণ কৰিছে।  ১৯ শতিকাৰ পৰা ২০ শতিকালৈকে বহু সংখ্যক লোকে কৈলাশ পৰ্বতত উঠিবলৈ চেষ্টা কৰি বিফল হোৱাত সকলো লোকেই এটাই মাত্ৰ কথা কৈছে এই পৰ্বতৰ ওচৰত এক অসাধাৰণ অলৌকিক শক্তি আছে। এই শক্তিয়ে মানুহক ওপৰলৈ যোৱাত বাধা দিয়ে। ( Religious Studies )


বহুত কেইজন বিদেশী পৰ্বতাৰোহী কৈলাশত উঠিবলৈ গৈ ঘূৰি অহা নাই।  বিফল হৈ ঘূৰি অহা এজন ইউৰোপীয় লোকে কৈছে এই পৰ্বতৰ ওচৰলৈ দিশ চাবৰ বাবে কম্পাছ নিব নোৱাৰি কিয়নো কম্পাছ কাম নকৰা হৈ যায় নহ'লে দিশৰ খেলিমেলি হৈ যায়। আন এজন ইউৰোপীয় পৰ্বতাৰোহীয়ে লিখিছে তেওঁ যিমানেই কৈলাশ পৰ্বতৰ ওচৰ চাপিছে সিমানেই পৰ্বতটো দূৰলৈ গুছি যোৱা যেন লাগে।


এই পৰ্বতত উঠিবলৈ গ'লে হয় দিশহাৰা হৈ ওভতি আহিব লাগে নহ'লে হঠাতে হোৱা বেয়া বতৰৰ বাবে ঘূৰি আহিব লাগে। এজন ৰাছিয়ান পৰ্বতাৰোহীয়ে লিখিছে তেওঁ কৈলাশ পৰ্বতৰ ওচৰ পাওঁতে ই হঠাতে বুকু ধপধপাবলৈ ধৰিলে আৰু আগবাঢ়ি যাবলৈ সাহস নহল।


এই পৰ্বতত আৰোহণ কৰিবলৈ চেষ্টা কৰা বহুত কেইজনে কৈছে-- কৈলাশ পৰ্বতৰ ওচৰত চুলি নখ দাড়ি অতি সোনকালে ডাঙৰ হয় । এমাহত যিমান ডাঙৰ হয় সিমান ডাঙৰ ১২ ঘন্টাতে হয়।


এজন ছাইবেৰিয়াৰ লোকে লিখিছে-- এবাৰ কেইবাজনো লোকৰ দল এটাই এই পৰ্বতলৈ উঠিবলৈ চেষ্টা কৰি থাকোতে কেইদিনমানতে বহুত বয়স বাঢ়ি যোৱাৰ নিচিনা হলে , ঘৰলৈ গৈ এবছৰৰ ভিতৰতে আটাইকেইজন  বাৰ্ধক্য জনিত কাৰণ মৃত্যু হল ।


১৯৯৯ চনত ৰাছিয়াৰ চকুৰ ডাক্তৰ এজনে কৈলাশ পৰ্বতৰ ৰোমাঞ্চকৰ কাহিনী শুনি লগত এজন পদাৰ্থ বিজ্ঞানী ,এজন ভূতত্ববিদ্ আৰু এজন ঐতিহাসিক লগত লৈ কৈলাশ পৰ্বতৰ ওপৰত গৱেষণা কৰিবলৈ আহিল । তেওঁলোকৰ দলটোৱে কেইবামাহো কৈলাশ পৰ্বতৰ নামনিত থাকিল, বহু কেইজন বৌদ্ধ ভীক্ষুক লগ ধৰিলে বিভিন্ন খবৰ সংগ্ৰহ কৰি শেষত ক'লে যে এই কৈলাশ পৰ্বত মিছৰৰ পিৰামিডৰ নিচিনা মানুহে সজা পিৰামিড হে কিয়নো ৰাতিৰ নিৰ্জনতাত তেওঁ লোকৰ দলটোৱে প্ৰায়েই পৰ্বতৰ ভিতৰত কোনোবা থকাৰ উমান পাইছে । ভিতৰত মানুহ থকাৰ নিচিনা শব্দ হয়।


কেইবাজনো আমেৰিকা আৰু ৰাছিয়াৰ লোকে এই পৰ্বতৰ বিষয়ে বিভিন্ন ৰোমাঞ্চকৰ কথা লিখিছে।  এজন বিজ্ঞানীৰ মতে এই ঠাই পৃথিৱীৰ মাজত পৰিছে আৰু  অক্ষৰেখা ডালৰ বাবে চুম্বক শক্তি বেছি বুলি ব্যাখ্যা কৰিছে । 


চীন দেশৰ চৰকাৰে ২০০৫ চনৰ পৰা এই পৰ্বতত উঠাৰ ক্ষেত্ৰত বাধা দি আইনৰ ভিতৰত ৰাখিছে। 

বিভিন্ন পৰ্বতাৰোহীয়ে যিয়েই লিখক এটা কথা ঠিক এই পৰ্বত বিজ্ঞানৰ গৱেষণাৰ ভিতৰত নপৰে এই কথা প্ৰত্যেক জনেই উপলব্ধি কৰিছে।


ঠিকেই আমাৰ ভগৱান মহাদেৱৰ বাসস্থান কেনেকৈ বিজ্ঞানীৰ গৱেষণাৰ থলি হব পাৰে। এই পৰ্বতৰ মাহাত্ম অধিক । প্ৰাচীন বৈদিক সাহিত্যত কৈলাশ পৰ্বতৰ বিষয়ে উল্লেখ থকাৰ উপৰিও পুৰাণ আৰু মহাভাৰত ৰমায়ণতো কৈলাশ পৰ্বতৰ কথা আছে। ইয়াৰ  লগত ডাৱৰৰ ওপৰত দেৱতা সকল থাকে বুলিও প্ৰাচীন শাস্ত্ৰত আছে ।


মান্যতা আছে কৈলাশ পৰ্বতৰ পৰাই ভগৱান মহাদেৱ আৰু মা পাৰ্বতীয়ে আমাক সকলো সময়তে ৰক্ষা কৰি আহিছে।  সেয়ে মাতা পাৰ্বতীক আৰাধনা কৰোতে কৈলাশ পৰ্বত নিবাসী বুলি স্মৰণ কৰিব লাগে। শাস্ত্ৰত আছে বিবাহৰ বাধা দূৰ কৰিবলৈ শিৱ মন্দিৰত পাৰ্বতীৰ আগত যেতিয়া ৰঙা ফুল পাচ পাহ, সেন্দুৰ, কুমকুম , ৰঙা হাতৰ খাৰু আৰু ৰঙা বস্ত্ৰ আগ কৰোতে কৈলাশ পৰ্বতক ভাবি সেৱা জনাব  লাগে। ( Religious Studies )



জুলা শৰ্মা 

নতুন দিল্লী

No comments:

Post a Comment

Advertisement

Pages