কেন্সাৰ বেমাৰ আৰু কেমোথেৰাপী : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 13, 2022

কেন্সাৰ বেমাৰ আৰু কেমোথেৰাপী : Assamese Viral Post

Assamese Viral Post


আজিকালি মানুহৰ এটাই ধাৰণা যে কেঞ্চাৰ বেমাৰ হলে কেমোথেৰাপী লব লাগে। ( Assamese Viral Post )


মোৰ দেউতাৰ কেঞ্চাৰ ধৰা পৰিছিল ২০১৯ ৰ ডামানিজ নাৰ্চিং হোম ডিব্ৰুগড়ত। তাত ডক্তৰে চিকিৎসা কৰিম বুলি কৈছিল যদিও মই তাৰ পৰা ডক্তৰৰ অমান্তিত জোৰ কৰি লৈ আহিলো চেন্নাইত চিকিৎসা কৰিবলৈ। তাৰ পিছত “চেন্নাই গ্লৱেল হস্পিতেলত” গৈ দেউতাক ডক্তৰে চাই পেত চিটিস্কেন,বায়পছি টেষ্ট কৰি গম পালে যে দেউতাৰ prostate cancer 4th Stage আৰু ৰাজহাঁড়,হাঁওফাওৰ চাৰি ঠাইত বেমাৰটো বিয়পিচে।

ডক্তৰে প্ৰথমে বেমাৰটো উৎপত্তি হোৱা ঠাইটো বিচাৰি উলিয়ালে আৰু কলে যে prostate glane ৰ পৰা বেমাৰটো হৈছে সেয়ে অপাৰেচন কৰি সেই prostate glane টো উঠাই দিব লাগিব। আৰু ডক্তৰৰ কথা মইয়ো মানি লৈ দেউতাক বুজাই অপাৰেচনটো কৰাই দিলো। সকলো ঠিকমতে হৈ গল আৰু দেউতাক ২ঘন্টামান ICU ত ৰাখি পিছত কেবিনত থৈ গলহি।

অলপ পিছত ডক্তৰ আহি মোক কলে যে “অপাৰেচন ভালদৰে হৈছে ভয় কৰিব নালাগে, কিন্তু চিকিৎসা আৰু অলপ বাকী আছে”। তেতিয়া মই ডক্তৰক সুধিলো কি চিকিৎসা কৰিব লাগিব, ডক্তৰে মোক কলে যে “প্ৰথমটো হল ৮ দিনৰ কাৰণে ৰেডিঅথেৰাপী আৰু দ্বিতীয়টো চাৰিটা কেমোথেৰাপী লব লাগিব এমাহৰ মূৰে মূৰে,দাম প্ৰায় ৯/১০ হাজাৰ মান হব। যিটো কেমোথেৰাপী আমাৰ হস্পিটেলত দিব লাগিব।অসমত গৈ দিলে নহব।অসমৰ ডক্তৰে যদি সামান্য ভূল কৰি দিয়ে তেতিয়া আমাৰ হস্পিটেলৰ বদনাম হব”।  ( Assamese Viral Post )


চেন্নাইলৈ যিহেতু মাহে মাহে গৈ থকা সম্ভৱ নহয়,সেয়ে ডক্তৰক মই সুধিলো কেমোথেৰাপী বাহিৰে কিবা বিকল্প আছে নেকি,তেতিয়া ডক্তৰে কলে টেবলেট খাব লাগিব আজীৱন আৰু কেমো দিওঁতে পোৱা কষ্টৰ পৰাও বাচিব। সেয়ে ডক্তৰক মই কেমোৰ সলনি সেই টেবলেটটো দিব কলো।

বেমাৰটো চিকিৎসা কৰি শেষ কৰোতে প্ৰায় এমাহ মান লাগিছিল। আৰু তাৰ পৰা দেউতাক ছুটি কৰি আহিবৰ সময়ত ডক্তৰজনে মোক কৈছিল যে “কেঞ্চাৰ মানেই কেমোথেৰাপী নহয়,কিন্তু ৰোগীবোৰে কেমোৰ সলনি টেবলেটৰ কথা কলে বিশ্বাস নকৰে।সেয়ে ৰোগীয়ে যেনেকৈ বিচাৰে তেনেকৈ চিকিৎসা কৰো”।

সেই ২০১৯ চনতে দেউতাক কেঞ্চাৰৰ চিকিৎসা কৰা আৰু মাজতে এবাৰ চেকআপত নিয়া হৈছিল। তাৰ পিছৰ পৰা কিন্তু দেউতাৰ একো ডাঙৰ সমস্যাই দেখা দিয়া নাই। মাজে মাজে গা বেয়া হলে ওচৰৰে হস্পিতেলত দেখাই ভাল কৰো। স্কুটী চলাই ঘূৰি ফূৰা দেখিলে মানুহে কয় “অমুকাৰ কেঞ্চাৰ আছে বুলি কোনে কব”।


সেয়ে আপোনালোকক কঁও কেঞ্চাৰ হলেই কেমোথেৰাপী দিব লাগে বুলি ধৰি নলব। যিটো দিলে ৰোগীজনে বহুত কষ্ট পায়।ডক্তৰৰ লগত ভালদৰে আলোচনা কৰিব। কেমোৰ সলনি কেইবাটাও বিকল্প ঔষধ আছে। 

Gleneagles Global Hospitals, Chennai

 

 ( Assamese Viral Post )


উৎস : ফেচবুক


4 comments:

  1. The post encourage some of cancer patients and guardians.Thanks for the post.

    ReplyDelete
  2. Assamot cancer maane camoteraphy, tar bahire kunu bikolpo nai

    ReplyDelete
  3. বৰ সহায়ক হ'ব

    ReplyDelete

Advertisement

Pages