কোনবোৰ ৰাশিৰ লাভালাভ হব আৰু কোনে সাৱধান হ’ব লাগিব জানি লওক : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 14, 2022

কোনবোৰ ৰাশিৰ লাভালাভ হব আৰু কোনে সাৱধান হ’ব লাগিব জানি লওক : Assamese Horoscope

Assamese Horoscope


১৬ জুলাই নিশা ১০.৫৬ বজাত মিথুন ৰাশিৰ যাত্ৰা সম্পূৰ্ণ কৰি ভগৱান সূৰ্য্যদেৱে দক্ষিণায়নৰ প্ৰথম ৰাশি কৰ্কটত প্ৰৱেশ কৰিব । কৰ্কট ৰাশিত সূৰ্য্যদেৱৰ প্ৰৱেশে আন ৰাশিত কেনেধৰণৰ প্ৰভাৱ পেলাব তাৰ জ্যোতিষীয় বিশ্লেষণ । ( Assamese Horoscope )


মেঘ ৰাশি: পাৰিবাৰিক বিবাদ আৰু মানসিক বিকাৰৰো সন্মুখীন হব পাৰে । বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা অপ্ৰিয় খবৰ পোৱাৰ সম্ভাৱনা । মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তাশীল হওক । সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ নিষ্পত্তি কৰা হব । যদি আপুনি বাহন আদি কিনিব বিচাৰে তেন্তে সেই দৃষ্টিকোণৰ পৰা গ্ৰহটোৰ গোচৰ অনুকূল হব । চৰকাৰৰ ক্ষমতাৰ পূৰ্ণ সুবিধা লাভ কৰিব ।

বৃষ ৰাশি : এই সময়চোৱাত  সূৰ্যৰ প্ৰভাৱ আপোনাৰ বাবে আশীৰ্বাদৰ দৰে । কেৱল সাহস আৰু পৰাক্ৰম বৃদ্ধি হোৱাই নহয় , লোৱা সিদ্ধান্ত আৰু কৰা কামৰ প্ৰশংসাও হব । যদি আপুনি আপোনাৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি কাম কৰে তেন্তে অধিক সফল হব । সৰু ভাই-ভনীৰ লগত পৰিয়ালত মতানৈক্য বাঢ়িব নিদিব । ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব । বিদেশী কোম্পানীত সেৱা বা নাগৰিকত্বৰ বাবে কৰা প্ৰচেষ্টা সফল হব ।


মিথুন ৰাশি : স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ চকুৰ লগত জড়িত বিকাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব । নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ কৰক । কাজিয়া আৰু বিবাদৰ পৰা আঁতৰত থাকক লগতে আদালতৰ লগত জড়িত বিষয়বোৰো সমাধান‌ কৰক ।  পূৰ্বপুৰুষৰ সম্পতিৰ সৈতে জড়িত বিষয়মূহো নিষ্পত্তি কৰা হব । কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ বলি হোৱাৰ পৰা বিৰত থাকক । কাম সম্পূৰ্ণ কৰি পোনে পোনে ঘৰ‌ অহিলেই ভাল হব। মানসিক  চাপৰ পাৰিবাৰিক পৰিৱেশৰ পৰা বিৰত থাকক ।


কৰ্কট ৰাশি : স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰিৰীক বিষৰ সন্মুখীন হ'বলগীয়া হব পাৰে । শৰীৰত ভিটামিনৰ অভাৱ হবলৈ নিদিব । চৰকাৰী ক্ষমতাৰ পূৰ্ণ সহযোগিতা থাকিব । যদি আপুনি যিকোনো চৰকাৰী চাকৰি বাবে আবেদন কৰি আছে তেতিয়া আপোনাৰ বাবে এই সময়ছোৱা অনুকূল হব । সমাজৰ অভিজাত লোকসকলৰ লগত পাৰস্পৰিক সম্পৰ্ক বাঢ়িব ।


সিংহ ৰাশি : আপুনি আৰ্থিক সংকটৰ সন্মুখীন হব পাৰে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ভাল নম্বৰ লাভৰ বাবে অধিক প্ৰচেষ্টা চলাব লাগিব । শিশুৰ লগত জড়িত চিন্তাই ব্যক্তিকৰ হব পাৰে ।প্ৰেম সম্পৰ্কীয় বিষয়তো উদাসীনতা থাকিব পাৰে । সৃষ্টিশীল কামত আপুনি সফল হব ।


কন্যা ৰাশি : সূৰ্যৰ প্ৰভাৱে এই সময়ছোৱাত যথেষ্ট সফলতা কঢ়িয়াই আনিব । উপাৰ্জনৰ উৎস বাঢ়িব ।যদি যিকোনো ডাঙৰ কাম হাতত লব বিচাৰে তেন্তে সেই দৃষ্টিকোণৰ পৰাও অনুকূল হব ।  জেষ্ঠ্য সকলৰ সৈতে মতানৈক্য বৃদ্ধি হবলৈ নিদিব ।  ( Assamese Horoscope )


তুলা ৰাশি : সকলো ক্ষেত্ৰত সফলতা লাভ কৰিব । যিসকলে অপমান কৰিছিল তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহিব । নিৰ্বাচনৰ সৈতে জড়িত সকলো ক্ষেত্ৰ অনুকূল হব ।


বৃশ্চিক ৰাশি : বহু দিশত সফলতা লাভ কৰিব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব । নতুন চুক্তিৰ বাবে সময় অনুকূল । নিজৰ শক্তিৰ সহায়ত অতি কঠিন পৰিস্থিতিতো সহজে জয় কৰিব । পৰিকল্পনা আৰু কৌশলসমূহ সম্পূৰ্ণ নোহোৱালৈকে গোপনীয় কৰি ৰাখক ।


ধনু ৰাশি : সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ সমাধান হব । সন্মান বাঢ়িব , কিন্তু স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব । মানুহে আপোনাৰ বিষয়ে ষড়যন্ত্ৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ পৰা সাৱধান হৈ থাকিব ।


মকৰ ৰাশি : বৈবাহিক বিষয়ত বাধাৰ সৃষ্টি কৰিব পাৰে। শহৰেকৰ লগত মতানৈক্য বাঢ়িব নিদিব । ব্যৱসায়ৰ ক্ষেত্ৰত ভাল । বিবাদ আৰু আদালতৰ গোচৰৰ ক্ষেত্ৰত  আপোনাৰ পক্ষত সিদ্ধান্ত থাকিব । যিকোনো চৰকাৰী চাকৰি বাবে আবেদন কৰিব বিচাৰে যদি এই সময়ছোৱা আপোনাৰ বাবে অনুকূল।


কুম্ভ ৰাশি : কিছুমান বিষয়ত সাৱধান হওক । প্ৰেম সম্পৰ্কীয় বিষয়ত উদাসীনতা থাকিব , গতিকে ব্যৱসায়ত মনোনিবেশ কৰাটো বুদ্ধিমানৰ কাম হব । শিশুৰ লগত জড়িত চিন্তাইও আপোনাক আমনি কৰিব পাৰে ।


মীন ৰাশি : আধ্যাত্মিক উন্নতিৰ লগতে সমাজত সন্মান বাঢ়িব। উপাৰ্জনৰ মাধ্যম বাঢ়িব আৰু দীৰ্ঘদিনীয়া ধনো ঘূৰাই পাব । পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা পাব । প্ৰেমত উদাসীনতা থাকিব ।

 ( Assamese Horoscope )


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in

No comments:

Post a Comment

Advertisement

Pages