প্ৰিয় পাঠকসকল আজি আপোনালোকক শনি মহাৰাজাৰ বিষয়ে ক'বলৈ আগবাঢ়িছো ,যাৰ কৃপাদৃষ্টি পালে আপোনালোকৰ জীৱনত কোনো ধৰণৰ সমস্যাই থিয় দিব নোৱাৰে। ( Religious Studies )
আজি আমি আপোনালোকক এনে কিছুমান নিয়মৰ কথা কম যি আপোনাৰ জীৱনলৈ ধন-সম্পত্তি আৰু মান -যশস্যা বৃদ্ধি কৰাত সহায় কৰিব। কাৰণ যেতিয়া আপোনাৰ মন নাকাৰাত্মকতাৰ পৰা সকাৰাত্মক দিশলৈ গতি কৰিব তেতিয়া আমাক বা আপোনাক সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। আজি আমি আপোনালোকক এই প্ৰয়োগৰ বিষয়ে কম যে কিদৰে আপুনি ইয়াৰ লাভালাভ পাব পাৰিব।
আপোনালোকে জানেনে শনিবাৰৰ দিনতো আমাৰ কাৰণে কিয় বিশেষ? কাৰণ সেই দিনটোত তন্ত্ৰ মন্ত্ৰ কৰা হয় আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো সেইদিনাই কৰা হয়।
যেতিয়া আপুনি কিবা কাম কৰিব নিজৰ ভালৰ বাবে কৰিব। তেতিয়া শনিদেৱৰ পীড়ায়ে আমাক অশান্তি দিব । এটাৰ পাছত এটা সমস্যা আমাৰ জীৱনলৈ আহিয়েই থাকিব আৰু শনি দেৱতাৰ কু-দৃষ্টি পৰিব। তেতিয়া পাৰিবাৰিক সংঘাত, পিতৃ- মাতৃৰ অসুখ, কেৰিয়াৰ নষ্ট আদিবোৰ সমস্যাই দেখা দিব। এইবোৰৰ পৰা কিদৰে পৰিত্ৰাণ পাব আৰু কি ধৰণৰ কাম কৰিলে সমস্যাৰ সমাধান হ'ব জানো আহক।
এটা কথা মনত ৰাখিব ঘৰৰ মুখ্য দুৱৰত সদায় গংগা জল ছটিয়াওক আৰু যদি নাই তামৰ পাত্ৰত বা মাটিৰ পাত্ৰত ৰাতিয়েই জল ভৰাই থওঁক আৰু ৰাতিপুৱাই সেই পানীৰ দুই তিনি টোপাল ছটিয়াই দিয়ক।
কিন্তু শনিবাৰৰ দিনটোত ঘৰ চাফা নকৰাকৈয়ে এই পানী ছটিয়াওক।এনে কৰিলে বেয়া শক্তিবোৰ নষ্ট হৈ যায় আৰু আপোনাৰ সমস্যাৰ অন্ত পৰে।
দ্বিতীয়তে আপুনি ঘৰ মচোতে পানীত অলপমান নিমখ বা ফিটকিৰি ব্যৱহাৰ কৰক।ফিটকিৰিখিনি মগত অলপ পানীত মিহলাই সেই পানী মচা পানীত মিলাই ঘৰ মচক ,কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰয়ে আপোনাৰ ঘৰখনক বিপদ ঘটাব নোৱাৰিব আৰু আপুনি সুৰক্ষিত হৈ থাকিব । ( Religious Studies )
যদি আপুনি ধাৰত ফচি আছে,সমস্যাই আপোনাক হতাশাগ্ৰস্ত কৰিছে তেন্তে শনিবাৰৰ দিনা হনুমানক পূজা অৰ্চনা নিশ্চয় কৰিব। সেইদিনা কোনো হনুমান মন্দিৰত এখিলা পাণত অলপ লং ইলাচি আৰু মিঠা বস্তু লৈ তাক তেওঁৰ চৰণত অৰ্পণ কৰক। দ্বিতীয়তে সৰিয়হৰ তেল লৈ তাত নিজৰ প্ৰতিচ্ছবি চাওঁক আৰু মাটি দাইলৰ বৰ বনাই তাক কোনো জন্তুক ভোজন কৰাওঁক।যেনে কুকুৰ, মেকুৰী আদি।
এনে কৰিলে শনিদেৱৰ প্ৰকোপ শান্ত হয়। যদি এইয়া সম্ভৱ নহয় তেতিয়া ঘৰত বনোৱা ৰুটিৰ শেষৰ ৰুটিতো তেল সানি তাত গুৰ আৰু তিল লগাই কোনো জন্তুক ভোজন কৰাওঁক। শনিবাৰৰ দিনা নিজৰ চুলিত তেল সানক আৰু লগতে নাভিতো তেল সানি শুই থাকক।আপোনাৰ জীৱনত থকা সমস্যা নিমিষতে দূৰ হৈ যাব। লগতে আপোনাৰ স্বাস্থ্যজনিত সমস্যাও দূৰ হ'ব কাৰণ আমাৰ শৰীৰৰ প্ৰধান কেন্দ্ৰবিন্দু হ'ল আমাৰ নাভি।
শনি দেৱতাক লৈ এটা কাহিনী আছে। ৰাৱণে যেতিয়া শনিদেৱক নিজৰ ভৰিৰ তলত ৰাখিছিল তেতিয়া হনুমানে তেওঁক মুক্তি প্ৰদান কৰিছিল আৰু তেতিয়া শনিদেৱে তেওঁক বৰদান দিছিল যে যি মোক পূজা কৰাৰ পাছত তোমাক পূজা কৰিব সেই ভক্তৰ ওপৰত মই কেতিয়াও কু -দৃষ্টি নেপেলাওঁ।
সেইকাৰণে আমি শনিবাৰৰ দিনা শনিদেৱতাৰ লগতে হনুমানৰো পূজা অৰ্চনা কৰিব লাগে। পূজা কৰোঁতে শনিদেৱৰ চকুলৈ চাব নালাগে নহ'লে নকাৰাত্মক প্ৰভাৱ পৰা দেখা যায়।
আঁহতৰ গছত এঘটি পানী ধালিলেও শনিদেৱ সন্তুষ্ট হয়। পূজা কৰিবলৈ যাওঁতে মিচৰি আৰু ৰঙা ফুল লৈ যাওঁক।যদি আপোনাৰ জীৱনত সমস্যা বাঢ়িছে তেতিয়া সৰিয়হৰ তেলত সেন্দুৰ মিহলাই হনুমানৰ মূৰ্ত্তিত লেপন কৰক । এনে কৰিলে আপোনাৰ সমস্যাৰ অন্ত পৰিল যাব ।
সেইদিনা হনুমান চাল্লিচাও পঢ়ক। সেইদিনা ভুলতো কাৰো পৰা ধাৰ নল'ব নহ'লে সেই ধাৰ আপুনি বহু দিনলৈ পূৰণ কৰিব নোৱাৰিব। ঘৰৰ ওচৰত আঁহতৰ গছ নাথাকিলে ঘৰৰ মূখ্য দুৱাৰৰ বাঁওফালে সৰিয়হৰ এগছি চাকি জ্বলাওঁক। চাকিগছৰ মুখখন দক্ষিণ দিশৰ ফালে ৰাখিব।
এইদৰে আপুনি শনিবাৰৰ দিনা পূজা কৰি জীৱনৰ কষ্ট বোৰ দূৰ কৰিব পাৰে।যদি আপোনাৰ সংস্থাপন বা চাকৰিত সমস্যাই দেখা দিছে তেতিয়া শুক্ৰবাৰৰ ৰাতি বুট তিয়াই ৰাখি তাক শনিবাৰৰ দিনা সৰিয়হৰ তেলত ভাঁজি কোনো জন্তুক ভোজন কৰাওঁক।
এইদৰে আপুনি শনিবাৰৰ দিনা এইকেইটা উপায় অৱলম্বন কৰি সুফল লাভ কৰিব পাৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment