সকলো মন্দিৰতে ৰাধা-কৃষ্ণৰ মূৰ্তি থকা ৰহস্য বিষয়ে জানি লওঁক: Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 4, 2022

সকলো মন্দিৰতে ৰাধা-কৃষ্ণৰ মূৰ্তি থকা ৰহস্য বিষয়ে জানি লওঁক: Religious Studies

Religious Studies

ৰুক্মিণী ভগৱান কৃষ্ণৰ পত্নী আছিল। ভগৱান কৃষ্ণ ৰুক্মিণীৰ লগত কিয় নাথাকে। সকলো মন্দিৰতে ৰাধা-কৃষ্ণ মূৰ্তি কিয় থাকে।( Religious Studies)


ৰুক্মিণীৰ লগত কিয় নাই ।ৰুক্মিণীটো মহাৰাণী আছিল। আপোনালোকক আজি আমি ক'বলৈ উলাইছোঁ ৰুক্মিণী আৰু ৰাধা কোন? ভগৱান শ্ৰীকৃষ্ণ নাৰায়ণ । যেতিয়া এওঁ ৰাম হৈ আহিল তেতিয়া লক্ষ্মী সীতা হৈ আহিল। যেতিয়া এওঁ কৃষ্ণ হৈ আহিল তেতিয়া লক্ষ্মী ৰুক্মিণী হৈ আহিল। তেতিয়া এই ৰাধা কোন?


 ভগৱান নাৰায়ণৰ বৈকুণ্ঠত দুজনী লক্ষ্মী আছিল। এজনীৰ নাম লক্ষ্মী আৰু আনজনীৰ নাম মহালক্ষ্মী। লক্ষ্মী বহুত বাৰ ভগৱানৰ পৰা আতঁৰি ও যায়। কোনোবা ভক্তক দৰ্শন দিবলৈ বা অন্য কাৰণত অকলেই যাব পাৰে। অৰ্থাৎ ভগৱান নাৰায়ণক অলপ দেৰিলৈকৈ এৰি যাব পাৰে। কিন্তু মহালক্ষ্মীয়ে নাৰায়ণক এৰি কেতিয়াও এই পৃথিৱীলৈ নাহে।


  ভগৱানে ক'লে- মহালক্ষ্মী এইবাৰ তুমিও ব'লা মই কৃষ্ণ হৈ পৃথিৱীলৈ যাম। লক্ষ্মী ৰুক্মিণী হৈ আহিল আৰু ৰাধা মহালক্ষ্মী হৈ। এবাৰ কি হ'ল ভগৱান যেতিয়া দোৱাৰিকাৰ ৰজা আছিল আৰু ৰুক্মিণী মহাৰাণী আছিল। তেতিয়া দুৰ্বাসা ঋষি জংঘলত বহি আছিল । ভগৱান কৃষ্ণয়ে গম পালে যে দুৰ্বাসা ঋষি আহিছে। তেতিয়া তেওঁ সোণৰ ৰথ লৈ দুৰ্বাসা ঋষিক সন্মান সহকাৰে আনিবলৈ লগত ৰুক্মিণীকো লৈ গ'ল। তাৰ পিছত ভগৱানে জংঘললে গৈ পাই ক'লে- প্ৰমাণ প্ৰভু আপুনি মোৰ লগত দোৱাৰিকালে বলক আমি আপোনাৰ সেৱা কৰিব বিচাৰোঁ। 


সোণৰ ৰথত দুৰ্বাসা ঋষি বহিল আৰু ক'লে- মই তোমাৰ লগত দোৱাৰিকালৈ যাম। কিন্তু এটা চৰ্ত আছে।এই ৰথত যিকেইটা ঘোঁৰা বন্ধা আছে আপুনি সেইকেইটা খুলি দিয়ক। ৰুক্মিণীয়ে ক'লে- গুৰু মহাৰাজ ঘোঁৰাকেইটা খুলি দিলে ৰথখন যাব কেনেকে।দুৰ্বাসা ঋষিয়ে ক'লে-আপোনালোক দুটা ঘোঁৰা হৈ যাওঁক। ৰুক্মিণীৰ চিন্তা হ'বলৈ ধৰিলে হেই ভগৱান এই ৰথখন এতিয়া আমি চলাব লাগিব। ভগৱানে ঘোঁৰাকেইটা খুলি দিলে আৰু ৰথখনৰ এফালে ভগৱান আৰু আনফালে ৰুক্মিণী। তাৰ পাছত ৰথখন টানিবলৈ ধৰিলে কিন্তু ৰুক্মিণী চাৰিখোজ মান যোৱাৰ পাছতে ঘাঁমিবলৈ ধৰিলে আৰু হাতত ধৌ উঠি গ'ল। 

Religious Studies)


তেতিয়া ৰুক্মিণীয়ে ক'লে- প্ৰভু এইয়া কি কঠিন পৰীক্ষা লৈছে গুৰুদেৱে। তাৰ পাছত ৰুক্মিণীয়ে ক'লে-ৰথ টানিলো গুৰুদেৱে এতিয়া ঘোঁৰাকেইটা লগাওঁনে। গুৰুদেৱে ক'লে- নালাগে দোৱাৰিকালে লৈ ব'লা।এতিয়াটো দোৱাৰিকা তাৰ পৰা ১০ কিলোমিটাৰ দূৰত আছিল। টানি টানি ৰুক্মিণীৰ বহুত জোৰে পিয়াহঁ লাগিল। ভগৱানক ক'লে- প্ৰভু বহুত জোৰে পিয়াহঁ লাগিছে ন'হলে এতিয়া মোৰ জীয় উলাই যাব। তেতিয়া ভগৱানে ক'লে-ঠিক আছে পানী খাবলৈ দিওঁ নে।অ' খোৱাই দিয়া। ভগৱানে ৰথখন লৈয়ে  ভৰিৰে প্ৰহাৰ কৰিলে আৰু চৰণগংগা প্ৰকট কৰিলে। এতিয়াও সেই ঠাইখিনি আছে।


 তাৰ পিছত ৰুক্মিণী পানীৰ ওপৰত জপিয়াই পৰা দি পৰিল আৰু খাবলৈ ধৰিলে। ৰুক্মিণীয়েও খালে ভগৱানেও খালে। কিন্তু এতিয়া গুৰুদেৱৰ খঙ উঠিলে।

তাৰ পিছত ক'লে- বাহ নিজৰ গুৰুদেৱক নুসুধিলা আৰু নিজেই খালা। যোৱা মই তোমালোকক শাওঁ দিম।  দুৰ্বাসা ঋষি বহুত খঙাল আছিল কথায়ে প্ৰতি শাওঁ দিয়ে। ৰুক্মিণীক শাওঁ দিলে নিজৰ গুৰুক নুসুধাকে পানী খালা। তুমি ভগৱানক বহুত ভাল পোৱা ন।যোৱা তোমাৰ কৃষ্ণৰ লগত বিয়োগ হৈ যাব। কিছুবছৰৰ কাৰণে।আজিও সেই স্থান আছে।ৰুক্মিণী ভগৱানৰ পৰা দূৰত আছিল কিছুবছৰ। তাতে আছিল শাওঁ কাৰণে। তাৰ পিছত ভগৱান কৃষ্ণক শাওঁ দিলে আৰু ক'লে -যোৱা তোমাৰ দোৱাৰিকাত পানী নাথাকিব। সেই কাৰণে আজিও দোৱাৰিকাত খাব পৰাকৈ পানী নাই। দোৱাৰিকাত খান্দিলেও বহুত খাৰুৱা পানী উলায়। আজিও দোৱাৰিকালৈ পানী বাহিৰৰ পৰা অনা হয়।


যেতিয়া কলি যুগ আহিল মন্দিৰ বনোৱা হ'ল। তেতিয়া কোনোবাই ক'লে ভগৱানৰ লগত ৰুক্মিণীত থোৱা আৰু কোনোবাই ক'লে ভগৱানৰ লগত ৰাধাক থোৱা। নিৰ্ণয় কৰিব নোৱাৰা হ'লত দুৰ্বাসা ঋষিয়ে ক'লে- চোৱা মই দুয়োজনীকে দেখিছোঁ আৰু ৰাধা আৰু ৰুক্মিণী মাজত ইমান পাৰ্থক্য আছে যে যেতিয়া ৰুক্মিণীৰ পিয়াহঁ লাগে তেতিয়া তাই পানী নিজেই খাই। নিজৰ স্বামীকো নকয় যে আপুনি আগত খাই লওঁক । কিন্তু ৰাধায়ে কৃষ্ণৰ প্ৰেমত ১০০ বছৰৰ লৈকে পানী আৰু খাদ্য নোখোৱাকৈ থাকিল। কৃষ্ণৰ নাম লৈ লৈ।


 সেই কাৰণে মই কওঁ ভগৱানৰ লগত ৰাধাৰ মূৰ্তি থাকিব লাগে। কাৰণ ৰাধা প্ৰেমৰ স্বৰূপ আৰু আহিব লগীয়া যুগত যাতে মানুহে জানে প্ৰেম ৰাধাৰ দৰে হ'ব লাগে। সেই প্ৰেমত ত্যাগ আছিল। ৰুক্মিণীয়েটো পানীৰো ত্যাগ নকৰিলে। কিন্তু ৰাধায়ে ১০০ বছৰৰ লৈকে পানী আৰু খাদ্য ত্যাগ কৰিছিল ভগৱানৰ কাৰণে। ৰাধাৰ ভক্তিত ইমান শক্তি আছিল যে ১০০ বছৰৰ লৈকে পানী আৰু খাদ্য ত্যাগ কৰিও অকল ভগৱানৰ নাম জাপ কৰি জীয়াই আছিল আৰু পানীৰ অবিহনে ৰুক্মিণী ১০ কিলোমিটাৰো যাব নোৱাৰিলে। সেই কাৰণে ৰাধাৰ প্ৰেম বেচি আৰু সমাজে যাতে শিকে কৃষ্ণক কেনেকৈ ভক্তি বা প্ৰেম কৰিব লাগে  ৰাধা নিচিনাকৈ। সেই কাৰণে কৃষ্ণৰ লগত ৰাধাৰ মূৰ্তি ৰাখা। তাৰ ফলতে ৰাধা- কৃষ্ণৰ মূৰ্তি মন্দিৰত দেখা যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Religious Studies)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 




No comments:

Post a Comment

Advertisement

Pages