মীৰাবাঈ কোন আছিল জানেন?এই মীৰাবাঈ বৃন্দাবনৰে আছিল। মীৰাবাঈ আগৰ জনমত গোপিনী আছিল।নাম আছিল মাধৱী।(Assamese Fact )
যেতিয়া তেওঁ নতুনকৈ বিয়া হৈ বৃন্দাবনলৈ আহিছিল তেওঁ শুনিছিল যে তাত ভগৱান কৃষ্ণ থাকে। কিন্তু তেওঁৰ শাহুৱেকে তেওঁক ঘৰৰ পৰা বাহিৰলৈ যাবলৈ নিদিছিল আৰু আন গোপিনীসকলে ভগৱান কৃষ্ণৰ কথা পাতি যায় আৰু তেওঁ তাকে নিজৰ ঘৰৰ ভিতৰত পৰা শুনি থাকিছিল। তাৰ পিছত তেওঁ শাহুৱেকক ক'লে যে- মা মোকো এই শ্যাম সুন্দৰৰ দৰ্শন কৰাই দিয়ক। তেতিয়া শাহুৱেকে ক'লে- নালাগে, তুমি দৰ্শন কৰা নাই ভালেই হৈছে। যিসকলে কৰিছে তেওঁলোকৰ জীৱন বেকাৰ হৈ গ'ল।
কিয়? এই যে সখীবোৰে যেতিয়াৰে পৰা শ্যাম সুন্দৰক দেখিছে তেতিয়াৰে পৰা ইহঁতৰ কামত মন নবহা হ'ল।কিবা কাম কৰিবলৈ লৈ শ্যাম সুন্দৰক মনত পেলাই আৰু তাৰ পাছত কাম নহয়।নাইটো ভালকে খাই নাইটো শুৱে। সপোনত শ্যাম সুন্দৰ আহি গুচি গ'লেও কান্দি কান্দি চিঞৰিবলৈ ধৰে। সেই কাৰণে তুমি সেইবোৰত নপৰিবা। মাধৱীক শাহৱেকে লগ কৰিবলৈ নিদিলে। কাৰণ শাহুৱেকে জানিছিল এইৰো একে হ'ব। শাহুৱেকেও ভগৱানক বহুত ভাল পাইছিল। কিন্তু তেওঁ বোৱাৰীয়েকক কৈছিল চোৱা আমাৰ দৰে যাতে তোমাৰো জীৱন বেকাৰ হৈ নাযায়।
লাহে লাহে সেই সময় আহিল যেতিয়া ভগৱান কৃষ্ণয়ে বৃন্দাবন এৰি যাবলৈ ওলালে । তেতিয়া সকলো গোপিনীয়ে কান্দিছিল। কিন্তু মাধৱীক তেওঁৰ শাহুৱেকে ঘৰৰ পৰা বাহিৰলৈ উলাই যাবলৈ দিয়া নাছিল। কাৰণ তেওঁ কৈছিল তুমি বাচি থকা দৰ্শন কৰিব নালাগে। তাৰ পিছত তেওঁ নেদেখাকৈয়ে আনৰ পৰা শুনি মনৰ ভিতৰত ভগৱানৰ এখন ছবি বনাবলৈ ধৰিলে আৰু বহুত প্ৰেমেৰে তেওঁৰ দৰ্শন কৰিবলৈ ধৰিলে। কান্দিবলৈ ধৰিলে মই কিমান দূৰ্ভগীয়া কিমান পাপী যে মোক আপুনি দৰ্শন নিদিলে।
তেওঁ শুনিছিল মাখন চুৰ কৰিবলৈ ভগৱান যায় গোপিনীবোৰৰ ঘৰলৈ সেই কাৰণে তেওঁ মাখন বনাবলৈ ধৰিলে আৰু মাখন বনাই উলমাই থৈ ৰাতিপুৱা পৰা আবেলি লৈকে লোকাই থাকিল কিন্তু ভগৱান নাহিলে । এনেদৰে সদায় থৈ ভগৱানলৈ বাট চাই কিন্তু ভগৱান নাহিলে।শেষত যেতিয়া বৃন্দাবন এৰি ভগৱান যাবলৈ ওলাল তেতিয়া তেওঁ কান্দিবলৈ ধৰিলে আৰু ভাবিলে ইয়াত থাকোতেঁই দৰ্শন নহ'ল এতিয়া নাজানো ক'ত য'ব আৰু এতিয়া ক'ত চাগে তেওঁৰ দৰ্শন হ'ব।এতিয়াটো দৰ্শনৰো আশা নাই। তেওঁ কান্দি কান্দি এটা আশা লৈয়ে মৰি গ'ল যে শ্যাম সুন্দৰ কেতিয়া দৰ্শন দিবা। সেই মাধৱীয়ে দ্বিতীয় জনমত মীৰাবাঈ হৈ জন্ম ল'লে।
যেতিয়া মীৰাবাঈ জন্ম হৈছিল তাত কাঁহী থৈ দিছিল ভাবিছিল ল'ৰা হ'লে বজাম । কিন্তু ছোৱালী হ'লত সকলোৱে নিজৰ নিজৰ কামত লাগিল কিন্তু সেই কাঁহীবোৰ নিজে নিজেই বাজি উঠিল। মীৰাবাঈৰ ককাকে খবৰ পালে যে কাঁহীবোৰ নিজে নিজেই বাজি উঠিল। তাৰ পিছত মানুহবোৰে অনুমান কৰিলে যে এই সামান্য ছোৱালী নহয়।এই জন্ম হ'ল দেৱী দেৱতাই বাজনা বজাবলৈ আহিছিল। মীৰাবাঈ সৰুৰে পৰা বেলেগ ধৰণৰ আৰু বহুত ধুনীয়া আছিল।
এদিন কি হ'ল তেতিয়া মীৰাবাঈ প্ৰায় ৪ বছৰীয়া মান আছিল। তেতিয়াই তেওঁলোকৰ ঘৰলৈ এজন সাধু আহিল আৰু তেওঁৰ তাত কৃষ্ণ মূৰ্তি এটা আছিল। তেওঁ গাখীৰেদি মূৰ্তিটো ধোৱাই পূজা কৰিবলৈ ধৰিলে আৰু মীৰাবাঈয়েও সাধুজনে কৰা কামবোৰ বহি লৈ চাবলৈ ধৰিলে। তাৰ পিছত মীৰাবাঈয়ে সুধিলে- সাধু মহাৰাজ এওঁ কোননো? তেতিয়া সাধুজনে ক'লে- এইয়া আমাৰ ভগৱান। মীৰাবাঈয়ে ক'লে- মইটো শুনিছোঁ ভগৱান সকলো ঠাইতে থাকে। অ' তুমি ঠিকেই শুনিছা। তেতিয়া আপুনি এওঁৰ পূজা কিয় কৰিছে। তেতিয়া সাধুজনে ক'লে- ভগৱান সকলো ঠাইতে থাকে কিন্তু আমি সকলো ঠাইৰে ভগৱানক কেনেকৈ পুঁজিম আমিটো তেওঁক তাতে থৈ আহিব লাগে কিন্তু এই ভগৱান মূৰ্তিটো মই য'ত যাওঁ তালৈ লগত লৈ যাব পাৰোঁ।
( Assamese Fact )
সেই কাৰণে ভগৱান সকলো ঠাইতে থাকে কিন্তু তেওঁক পুঁজিবলৈ এটা মাধ্যম লাগে। যাৰ সহায়ত বা যাৰ আশ্ৰয় লৈ আমি ভগৱানৰ ধ্যান কৰিব পাৰোঁ।হয় নেকি? মীৰাবাঈয়ে ক'লে- সাধু মহাৰাজ এটা কাম কৰক আপোনাৰ এই ভগৱানৰ মূৰ্তিটো মোক দি দিয়ক। তেতিয়া সাধুজনে ক'লে- নাই , চোৱা নিজৰ ভগৱানক কোনোবাই আনক দিয়ে নেকি? এইয়া প্ৰসাদকে খোৱা।মীৰাবাঈয়ে ক'লে- নাই মোক প্ৰসাদত ভগৱানৰ মূৰ্তিটো লাগে। যোৱা তুমি এতিয়া প্ৰসাদ লৈ যোৱা পাছত আহিবা। তাৰ পাছত মীৰাবাঈ গুচি গ'ল।সাধুজনে মূৰ্তিটো নিদিলে।
ৰাতি যেতিয়া সাধুজন শুলে তেওঁৰ সপোনত ভগৱান আহিল আৰু ক'লে- মই মীৰাৰ কাৰণেই আহিছোঁ মোক তুমি তাইক দি দিয়া।এইটো মোৰ আজ্ঞা । ৰাতিপুৱা শুই উঠিয়ে সাধুজনে মীৰাবাঈক মাতিলে।মীৰাবাঈ আহিলে আৰু তেওঁ ক'লে- ৰাতি সপোনত ভগৱান আহিছিল আৰু ক'লে তেওঁ তোমাৰ কাৰণে আহিছে আৰু তুমিও কালি লাগে বুলি কৈছিলা নহয় লোৱা। তাৰ পিছত মীৰাবাঈ বহুত প্ৰসন্ন হৈ পৰিল আৰু ভগৱানক সজাই পৰাই সেৱা কৰিলে আৰু সাধুজনক সুধিলে এটা কথা নহয় মই এওঁক কি বুলি মাতিম।
সাধুজনে ক'লে- ভগৱান হয়। ভগৱান হয় মই জানো কিন্তু কিবা নামটো হ'ব মই এওঁক কি নামেৰে মাতিম আপুনি কৈ দিয়ক চোন। সাধুজনে ক'লে- এওঁক তুমি গিৰিধৰ গোপাল বুলি মাতিবা। সেই দিনাৰ পৰাই মীৰাবাঈয়ে মোৰ গিৰিধৰ গোপাল, মোৰ গিৰিধৰ গোপাল ক'বলৈ গাবলৈ ধৰিলে। কোৱা হয় সেই সাধুজন আন কোনো নাছিল । ভগৱানেই ভগৱানৰ মূৰ্তি মীৰাবাঈক দিবলৈ আহিছিল। নিজৰ বৰ্ণনা ভগৱানে নিজেই দি গুচি গ'ল। এদিন মীৰাবাঈয়ে পূজা কৰি থাকোঁতে ককাকে দেখিলে আৰু ক'লে তুমি এইয়া কি কৰিছা আৰু এই ভগৱানৰ মূৰ্তিটো তুমি ক'ত পালা।
সেই সাধুজন আহিছিল যে মোক দি গুচি গ'ল। হয় নি তুমি এওঁৰ সেৱা কৰা। অ' ককা এওঁক ভোগ দিবলৈ মোক কিবা বচন আনি দিয়া না।ৰ'বা মই আনি দিম । ককাকে তেওঁক সজোৱা বস্তু বাচন আনি দিলে আৰু তেওঁ ভগৱানক সজাই পৰাই ভোগ দিবলৈ ল'লে সেৱা কৰিলে। নিজৰ লগতে ভগৱানৰ মূৰ্তিটো থ'লে আৰু দিনে ৰাতিয়ে ভগৱানৰ লগতে কথা পাতিবলৈ ধৰিলে। এইবোৰ কিয় হ'ল জানেনে আগৰ জন্মৰ সংস্কাৰ কাৰণ মাধৱী আছিল তেওঁ। ভগৱানক লগ পোৱাৰ বহুত হেঁপাহ আছিল। আজি আমি যি ভক্তি কৰো সেই ভক্তিতত আগৰ জনমৰো ভাগ আছে। এতিয়া যদি কোনোবাই ভগৱানৰ কাৰণে কান্দিছে এইয়া তেওঁৰ এই জনমৰ ভক্তি নহয় আগৰ জনমৰহে ভক্তি।
এই জনমত সেই ভক্তি পৰিপূৰ্ণ হ'ব লৈছে।যদি এই জনমত আৰম্ভ কৰে হয়তো আকৌ জন্ম ল'ব লগা হয়।মাধৱীয়ে ভক্তিৰ ফলতে আকৌ মীৰাবাঈ হৈ জন্ম ল'লে। মীৰাবাঈয়ে ক'লে- ককা, মই সংগীত শিকিব বিচাৰোঁ। তাৰ পিছত সংগীত শিকোৱা মানুহ তেওঁৰ ঘৰলৈ আহিবলৈ ধৰিলে। তাৰ পাছত মীৰাবাঈক সংগীত শিকাবলৈ ধৰিলে। কোনোবাই মীৰাবাঈক সুধিলে- এই সংগীত শিকি তুমি কি কৰিবা।এই কাৰণে শিকিছো যাতে ধুনীয়া ধুনীয়া ৰাগ আৰু সংগীত মই মোৰ গিৰিধৰ গোপালক শুনাব পাৰোঁ।হৰিদাসেও সংগীত গাইছিল কিন্তু সেই সংগীত অকল ভগৱানৰ কাৰণে আছিল।
তেওঁৰ সংগীতত প্ৰসন্ন হৈ নিধি বনৰ পৰা ভগৱান তেওঁৰ ওচৰত প্ৰকট হৈছিল। হৰিদাসে নিজৰ ভক্তি আৰু সংগীতৰ বলত ভগৱানৰ দৰ্শন কৰিলে। এবাৰ মীৰাবাঈয়ে পদ গাই আছিল তেতিয়া কোনোবাই ক'লে- মীৰা অলপ সুৰ লগাই গোৱা। তেতিয়া মীৰাবাঈয়ে ক'লে-নহয়, সুৰেৰে নহয় তালেৰে নহয় ভাবনাৰে গাব লাগে। যদি আপুনি মনৰ পৰা ভাবনাৰে গাইছে তেতিয়া সেই সংগীত ভগৱানৰ বাবে প্ৰিয়। সংগীত যদি ভগৱানৰ লগত জৰিত নহয় তেতিয়া সেই সংগীতৰ একো মূল্য বা অৰ্থ নাই । সেই কাৰণে মীৰাবাঈয়ে প্ৰেমেৰে গাই।
সৰুতেই মীৰাবাঈয়ে নিজকেই ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিলে।মাধৱীৰ ইচ্ছা আছিল মই ভগৱানক চাম আৰু সেই ইচ্ছা লৈয়ে তেওঁ মৰি গৈছিল। কোৱা হয় যে কোনোবাই যদি ভগৱানক চোৱা ইচ্ছালৈ মৰে তেতিয়া ভগৱানে নিজেই তেওঁৰ ইচ্ছা পূৰণ কৰে।মীৰাবাঈয়ে এবাৰ নহয় বহু বাৰ ভগৱানৰ দৰ্শন কৰিছিল। সেই কাৰণে কোৱা হয় মানুহে যি কামনা লৈ মৰে সেই ইচ্ছা বা কামনা ইনেও সম্পূৰ্ণ হয়। মৰা আগত সেই কাৰণে ভগৱানৰ কথা ভাবিব লাগে ভগৱানক চাবলৈ ইচ্ছা কৰিব লাগে। ভগৱানক পোৱা ইচ্ছা থাকিলে আপোনালোকৰ মৃত্যুও সফল হৈ পৰিব। মাধৱীয়ে ভগৱানৰ দৰ্শন পাবলৈয়ে শাস্তি খাই খাই মৰি গ'ল আৰু তেওঁ মীৰাবাঈ ৰূপত ভগৱানক পালে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment