এহাল পিতা-পুত্ৰ আছিল আৰু বাপেকৰ মেডিকেলৰ দোকান আছিল। দোকানখন ভালকৈয়ে চলিছিল তেওঁ নাম আছিল ৰামদয়াল।(Assamese Storyboard )
তেওঁ ভগৱানক বহুত বিশ্বাস কৰিছিল। দোকানত এখন কৃষ্ণৰ সৰু ফটো আছিল আৰু তাতে সদায় তেওঁ চাকি বা ধুপ লগাইছিল। দোকানলৈ যেতিয়া কোনো মানুহ নাহে তেতিয়া তেওঁ কৃষ্ণৰ নাম জপ কৰি থাকে। কিন্তু তেওঁ পুতেকে ভগৱানক বিশ্বাস নকৰিছিল।ৰামদয়ালে সদায় তাক কৈছিল যে ভগৱান আছে ভগৱান সৰ্বজ্ঞানী । তেতিয়া পুতেকে কয় -দেউতা হ'ব দিয়া তুমি একো নাজানা।
তেতিয়া তেওঁ কৈছিল যে এই সংসাৰখন ভগৱানৰ ফলতেই চলি আছে আৰু এই সকলোবোৰ ভগৱানৰ।সি এইবোৰ কথা মানি লোৱা নাছিল। ৰামদয়ালে মৰা ঠিক ৫দিন আগত আহি পুতেকৰ সন্মুখত দোকানত বহিলে ।পুতেকেও দোকান স্বম্ভালীছিল। ৰামদয়ালে ভগৱানৰ ফটোখন মঁহাৰি পুতেকক ক'লে- মই মৰা পাছত তই কিন্তু এই ফটোখন আতঁৰাই নেপেলাবি । কাৰণ মই জানো তই ভগৱানক বিশ্বাস নকৰ আৰু মই এতিয়া বুঢ়া হৈ আহিছোঁ কেতিয়া মৰো ঠিক নাই মোৰ কথা এটা মানিবি নেকি?
সি ক'লে -কোৱা দেউতা। তোৰ যদি কিবা সংকত আহে আৰু সংসাৰৰ সকলো দুৱাৰ বন্ধ হৈ যায় কোনেও তোক সহায় কৰিব নোৱাৰে তেতিয়া তই এওঁৰ ফালে এবাৰ চাই দিবি।এই কথাটো কোৱাৰ পাচঁদিন পিছতেই ৰামদয়ালৰ মৃত্যুৰ হ'ল। দেউতাকৰ মৃত্যু পিছত সি সকলো কাৰ্য সম্পন্ন কৰি দোকানত বহিবলৈ ল'লে। কিন্তু সি ভগৱানৰ ফটোখন য'ত আছিল সেই ফালে নাচায়ে। ফটোখন ওপৰত ধূলি জমা হৈ পৰিছিল মাহৰ পাছত মাহ আৰু তাৰ পাছত বছৰ পাৰ হৈ গ'ল।
বৰষুণৰ দিনত আছিল লাহে লাহে বতাহো মাৰি আছিল সি দোকানত বহি মানুহ আহিব বুলি বাট চাই আছিল। কিন্তু বৰষুণৰ কাৰণে কোনো গ্ৰাহক অহা নাছিল কিন্তু তাৰ লগৰ ল'ৰা কেইটামান আহিল। ৰাতি ৭ বা ৮ মান বাজিছিল চাগে তাৰ পিছত সি দোকানৰ চাটাৰখন অলপ পেলাই লগৰকেইটাৰ লগত তাচ খেলিবলৈ ধৰিলে। তেতিয়াই এটা সৰু ল'ৰা আহিল তাৰ মাকৰ বহুত বেমাৰ হৈছিল আৰু মৰো মৰো অৱস্থা আছিল। ডাক্তৰে ক'লে এই দৰব কেইটা আনিব পাৰিলে হয়তো তোমাৰ মা বাচি যাব পাৰে। কিন্তু এতিয়া ৯-৩০ বাজিলে দোকানতো খুলি থোৱা নাই চাগে। সৰু ল'ৰাটোৱে দৌৰি দৌৰি গ'ল সকলো দোকান বন্ধ কিন্তু এখন দোকানৰ লাইট জ্বলি আছিল। কাৰণ তাত সিহঁতি তাত খেলি আছিল ।
( Assamese Storyboard )
ল'ৰাটো দৌৰি দৌৰি গ'ল আৰু ক'লে - দাদা এই দৰৱটো আছে নেকি? তাৰ পিছত সি কাগজখন চাই ক'লে আছে ।যেতিয়াই সি দৰৱটো দিবলৈ উঠিলে তেতিয়াই লাইনটো গুচি গ'ল আৰু সি আনটাজতে দৰৱটো দি দিলে। তাৰ পিছত ল'ৰাটো দৌৰি গুচি গ'ল এইটো আশাত যে এই দৰৱটো খাই মোৰ মা ভাল হৈ যাব। ল'ৰাটো যোৱা পাচঁ মিনিট পিছত লাইনটো আহিল আৰু সি দেখিলে যে মইটো ইয়াত নিগনি মৰা দৰৱ থৈছিলো। তাৰ পিছত ৰামদয়ালৰ পুতেক বহুত চিন্তাত আছিল সি ভাবিলে কি কৰোঁ মইটো ভুলতে সৰু ল'ৰাটোক নিগনি মৰা দৰৱ দি দিলোঁ সি নিজৰ মাকক বচাবলৈ মোৰ পৰা দৰৱ নিব আহিছিল মই এইয়া কি কৰি পেলালো। তাৰ পিছত সি ওলাই চালে ক'তো নাই কাৰণ ল'ৰাটো গুচি গ'ল আৰু সি নাজানেও কোন আছিল ক'ৰ পৰা আহিছিল ।
তাৰ পিছত সি নিজকে দোষ দিবলৈ ধৰিলে আৰু ভাবিলে কি কৰোঁ কি কৰোঁ। তেতিয়াই তাৰ দেউতাকে কোৱা কথাটো মনত পৰিল আৰু সি দেউতাকে লগোৱা ফটোখনৰ ফালে প্ৰথমবাৰ শ্ৰদ্ধাৰ দৃষ্টিৰে চালে আৰু হাত জোৰ কৰি ক'লে- হেই ভগৱান মই আজিলৈকে আপোনাক মনা নাছিলো পূজা নকৰোঁ কিন্তু মোৰ দেউতাই মৰা আগত কৈছিল যে মই যাতে এবাৰ আপোনাৰ দুৱাৰত খটখটাও।আজি মই আপোনাৰ ওচৰত ভিক্ষা খুজিছোঁ মই মৰি গ'লে মৰি যাম কিন্তু সেই সৰু ল'ৰাটোৰ মাক যাতে নমৰে। কাৰণ ভুল মই কৰিছোঁ।যদি আপুনি শুনে তেতিয়া মোৰ এইটো কথা শুনক সেই ল'ৰাটোৰ মাকক বচোওক।
তাৰ পাছত সি কান্দিবলৈ ধৰিলে সি আৰু একো কৰিব নোৱাৰে । কাৰণ সৰু ল'ৰাটোৰ ঠিকনা তাৰ তাত নাছিল । তেতিয়াই সেই সৰু ল'ৰাটো আকৌ তাৰ দোকানলৈ আহিলে আৰু ক'লে- দাদা ,দাদা এই দৰৱটো আকৌ পাম নেকি? তাৰ পিছত সি চকু পানী মঁহাৰি ক'লে- কি হ'ল তোমাৰ মাৰ কি হ'ল,মায়ে দৰৱ খোৱা নাইটো। নাই মই দৌৰি দৌৰি যাওঁতে আমাৰ চোতালত পানী আছিল মই পিছল খাই পৰিলোঁ আৰু দৰৱৰ বটলতো গৈ পাথৰত লাগি ভাগি থাকিল আৰু মই আকৌ আহিলোঁ আহোতে ভাবিছিলো আপুনি দোকান বন্ধ কৰা নাইটো আপুনি দোকান বন্ধ কৰা হ'লে মোৰ মা নাবাচিল হয়।
সি ভগৱানক প্ৰাৰ্থনা কৰিলে আৰু ভগৱানে তাৰ প্ৰাৰ্থনা শুনি আকৌ ল'ৰাটো পঠিয়াই দিলে। সচাঁই কৈছিল ৰামদয়ালে এবাৰ ভগৱানক বিশ্বাস কৰি চোৱা।যদি ভগৱানে তোমাৰ বিশ্বাস নাভাঙে তেতিয়া সেই বিশ্বাস তুমিও তেওঁৰ ওপৰত ৰাখিবা। সচাঁ ক'বলৈ গ'লে ভগৱানৰ ওপৰত বিশ্বাস ৰখাতোৱে বহুত কঠিন আৰু যদি এবাৰ হৈ যায় তেতিয়া সেই বিশ্বাস ভঙাটোও বহুত কঠিন। সেই কাৰণে আন ক'লে বিশ্বাস নকৰিলেও নিজেই কৰি চাবা কাৰণ নিজেই দেখা আৰু কৰা কামত কেতিয়াও বিশ্বাস নাভাঙে।
তাৰ পিছত সি দোকান বন্ধ কৰি দৰৱ লৈ সৰু ল'ৰাটোক কোচত লৈ মাকৰ ওচৰলৈ গ'ল আৰু তাৰ পাছত মাকক চিকিৎসালয়ত ভৰ্তি কৰালে আৰু নিজৰ টকাৰে মাকৰ চিকিৎসা কৰিলে আৰু মাকক বচালে। তাৰ পিছত সি পিছদিনা দোকানলৈ আহি প্ৰথমতে ভগৱানৰ ফটোখনৰ পৰা ধূলি আতঁৰালে আৰু চাকি জ্বলালে তাৰ পাছত ক'লে- হেই ভগৱান মই আপোনাক বিশ্বাস নকৰিলোঁ কিন্তু কালি মোক আপুনিয়ে বচালে। মানুহে আৱিষ্কাৰ কৰিবলৈ ল'লে বহুত কাম কৰিব পৰা হ'ল কিন্তু যদি মানুহৰে আৱিষ্কাৰ নহ'ল হয় মানুহে কেনেকৈ আৱিষ্কাৰ কৰিলে হেঁতেন । সেই কাৰণে নিজকে কেতিয়াও ভগৱান বুলি ভাবিব নালাগে আপোনাৰ ওপৰতো এজন ভগৱান আছে যিয়ে সকলোকে নিয়ন্ত্ৰণ কৰি থাকে। সেই কাৰণে ভগৱানক বিশ্বাস কৰিবলৈ শিকক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment