হাতীটোৰ আত্মাটো দেখি চিত্ৰগুপ্তয়ে হিচাব কৰিবলৈ ধৰিলে। তাৰ পিছত তেওঁ যমৰাজক ক'লে হেই নাথ ই বহুত সত্য আৰু ধৰ্মনিষ্ঠ আছিল। ই ধৰ্মনিষ্ঠাৰে মালিকৰ সেৱা কৰিছিল কেতিয়াও কাকো কষ্ট দিয়া নাছিল।ইয়াক মালিকে যিমান দিয়ে সিমানেই খাইছিল আৰু দুখ আৰু খঙ কৰি কাকো কষ্ট দিয়া নাছিল।চিত্ৰগুপ্তৰ কথা শুনি যমৰাজ বহুত প্ৰসন্ন হ'ল আৰু হাতীটোক ক'লে - তুমিটো বহুত ভাল, তোমাৰ কৰ্ম ও ভাল কোৱা তোমাক কি লাগে?
তেতিয়া হাতীটোৰ দিব্য আত্মাই ক'বলৈ ধৰিলে- হেই, ভগৱান যদি আপুনি মোৰ ওপৰত প্ৰসন্ন হৈছে তেতিয়া মোৰ এটা প্ৰাৰ্থনা স্বীকাৰ কৰক।যমৰাজে ক'লে- কোৱা কোৱা তোমাৰ কি ইচ্ছা আছে। তাৰ পাছত হাতীটোৱে ক'লে মোৰ লগত যিয়ে কৰক মোৰ ক'বলৈ একো নাই কিন্তু মোক মানুহৰ লগত বান্ধি নিদিব। মই নিবিচাৰোঁ কোনো ব্যক্তিয়ে মোৰ ওপৰত শাসন কৰাটো।যদি আপুনি মোক কৰ্মৰ অনুসৰি কিবা জন্ম দিব বিচাৰে বা যিকোনো জন্তুটো বনাই দিয়ক। যিকোনো অৱস্থাতে ৰাখক কিন্তু মানুহৰ শাসনত মোক নাৰাখিব। কাৰণ মানুহৰ লগত থকাটো বহুত কঠিন।
হাতীটোৰ কথাবোৰ শুনি যমৰাজ আচৰিত হৈ পৰিলে আৰু ক'লে এইবোৰ কি কৈছা মইটো শুনিছোঁ মানুহ বহুত ভাল আৰু বুদ্ধিমান।হাতীটোৱে তেতিয়া ক'লে- সেইটোৱেইটো চিন্তাৰ কাৰণ আপুনি কিছুমান কথা নাজানেই।যমৰাজে ক'লে - কি কথা? চোৱা তোমাৰ ওচৰত কিমান মনুষ্য আছে সিহঁতি নিজৰ নিজৰ শাস্তি একো নোকোৱাকৈ স্বীকাৰ কৰি লৈছে। মই যি কওঁ তাকে কৰে। তেতিয়া হাতীটোৱে হাঁহি ক'বলৈ ধৰিলে -মহাৰাজ এই যে মনুষ্যবোৰ আপোনাৰ ওচৰ পালেহি এইবোৰ সকলো মৰা যেতিয়া কোনোবা জীয়াই থকা মানুহ আপোনাৰ ওচৰলৈ আহিব পাৰিব তেতিয়া আপোনাৰো থকাটো কঠিন কৰি তুলিব।
হাতীটোৰ এইবোৰ কথা শুনি যমৰাজে আচৰিত হ'ল আৰু হাতীটোৰ চেলেঞ্জ মানি ল'লে। তাৰ পাছত হাতীটোক ক'লে- হ'ব মই এজন জীয়াই থকা মানুহক স্বৰ্গলৈ মাতিম আৰু কিমান বুদ্ধিমান চাম আৰু যদি তুমি কোৱাৰ দৰে হয় তেতিয়া মই তাকে কৰিম যেনেকুৱা তুমি বিচৰা।যদি মই এই চৰ্তত জিকোঁ আৰু তুমি হাৰা তেতিয়া পুনৰ তুমি মানুহৰ লগতেই থাকিব লাগিব।হাতীটোৱে সেই চৰ্তটো মানি ল'লে । তাৰ পিছত যমৰাজে নিজৰ দূতক মাতি ক'লে - যোৱা সেইখন গাওঁত এজন মানুহ থাকে তাক লৈ আহা।
যমৰাজৰ দূতকেইজনে গাঁৱলৈ আহি সুধিলে -আমোক নামৰ ব্যক্তিজন ক'ত থাকে। তেতিয়া মানুহবোৰে সেই মানুহজনৰ ঘৰটো দেখোৱাই দিলে। দূতকেইজনে ভাবিলে আমিটো নিলে মানুহৰ আত্মাটোহে নিওঁ এতিয়া জীয়াই থকা মানুহজন কেনেকৈ লৈ যাম। দূতকেইজনেই মানুহজনৰ ঘৰ গৈ পাই দেখিলে মানুহজন সাৰ পাই আছিল সিহঁতি ভাবিলে আগত শুৱক তাৰ পাছত লৈ যাম। যেতিয়া মানুহজন শুলে দূতকেইজনেই মানুহজনক বিচনাৰ সৈতেই দাঙি লৈ গ'ল।আধা ৰাস্তাতে মানুহজনৰ টোপনি ভাঙি গ'ল আৰু সি দেখিলে চাৰিটা মানুহে তাক দাঙি নি আছে।সি সুধিলে তোমালোক কোন মোক ক'ত লৈ যোৱা।
তেতিয়া সিহঁতি ক'লে- আমি যমৰাজৰ দূত আৰু তোমাক লৈ যাবলৈ আমাক যমৰাজে পঠাইছে। সেই মানুহজনে এইবোৰ শুনি মূৰত হাত দিলে আৰু ক'লে-যমৰাজৰ ওচৰলৈ সেইজন ব্যক্তিহে যায় যি মৰি যায়। মইটো জীয়াই আছোঁ। মোক কিয় লৈ গৈছা। কাৰণ এটা হাতীয়ে নিবলৈ কৈছে আৰু তাৰ কথা ভুল বুলি প্ৰমাণিত কৰিবলৈ যমৰাজে জীয়াই থকা মানুহ নিবলৈ কৈছে। অ' সেইটো হাতীটো মোৰ আছিল আৰু সিয়েই মোক ওপৰলৈ মাতি পঠিয়াইছে। অ' তুমিয়েই তাৰ মালিক আছিলা সি তোমাৰেই ইমান গুণ গাই আছিলে। সেই কাৰণে যমৰাজে তোমাক লৈ যাবলৈ কৈছে ব'লা এতিয়া যমৰাজক লগ কৰা।
তেতিয়া মানুহজনে ভাবিবলে ধৰিলে এনেকুৱা কি কৰোঁ যি কৰিলে মোৰ জীৱনটো বাচি যাব। তেতিয়াই তাৰ ধ্যান বিছনাত থকা কাগজ আৰু কলমটোলৈ গ'ল আৰু সি তাত কিবা লিখিলে যেতিয়া লিখি হ'ল সিহঁতি মানুহজনক আনি যমৰাজৰ ওচৰত থ'লে আৰু যমৰাজে জীয়াই থকা মানুহ দেখি হাঁহিবলৈ ধৰিলে। তাৰ পিছত হাতীটোক ক'লে-, তুমি ইয়াৰ কথা কৈছিলা। চোৱা কিমান শান্ত হৈ আছে। তুমি কৈছিলা ই বহুত বুদ্ধিমান যদি বুদ্ধিমান হ'ল হেঁতেন ইয়ালে নাহিলে হেঁতেন। তেতিয়া হাতীটোৱে ক'লে - মহাৰাজ এতিয়া আহিছেহে আগলৈ কি হয় চাই থাকক।
যমৰাজে মানুহজনক নিজৰ ওচৰলৈ মাতিলে। তেতিয়া মানুহজনে দূৰৰ পৰাই খঙত ক'লে- আপুনি যে মোক মাতিলে আপুনি জানেনে যে মই কোন।যমৰাজে সুধিলে - তুমি কোন? তেতিয়া মানুহজনে ক'লে এইখন কাগজ লওঁক। যমৰাজে যেতিয়া সেই কাগজখন খুলি চালে তেওঁ আচৰিত হৈ পৰিল আৰু নিজৰ সিংহাসনৰ পৰা নামি আহিলে । তাৰ পাছত মানুহজনক হাতত ধৰি নি সিংহাসনত বহোৱাই দিলে। যেতিয়া মানুহজনে সিংহাসনত বহিলে তেতিয়া যমৰাজক ক'লে- আজিৰ পৰা আপোনাৰ শাসন সমাপ্ত আজিৰ পৰা মই শাসন কৰিম। তেতিয়া হাতীটোৱে ক'লে - আগলৈ আৰু কি হ'ব চাই থাকক।(Assamese Storyboard)
যমৰাজে মানুহজনক ক'লে- তুমি যি কোৱা মই তাকে কৰিম। মানুহজনে ক'লে- এতিয়াৰ পৰা স্বৰ্গ আৰু নৰকৰ খেল নাথাকিব। আজিৰ পৰা অকল সকলো স্বৰ্গলৈ পৰিণতি হ'ব। সকলো নৰকৰ মানুহ স্বৰ্গত ভৰি পৰিল। সকলোৱে স্ফুৰ্তি কৰিবলৈ ধৰিলে। তেতিয়া মানুহজনে ভাবিলে সময় বেছি নাই যিদিনা মোৰ বিষয়ে গম পাব মোক মাৰি পেলাব। সেইটো ভাবিয়ে সি দান আৰু পুণ্য কৰিবলৈ ধৰিলে। যিমান মানুহ স্বৰ্গত আছিল সেই মানুহবোৰৰ বিষয়ে সুধিলে ইহঁতৰ হিচাপ কিমান? চিত্ৰগুপ্তয়ে হিচাপ কৰি ক'লে ই আমোক শাস্তি পাবলৈ আছে ই আমোক সি টামোক। তেতিয়া মানুহজনে ক'লে কাকো একো শাস্তি দিব নালাগে।
তাৰ পিছত হাতীটোৰ ফালে চাই ক'লে- গজৰাজ ভালে আছে নে তোমাৰ মৃত্যু হ'লত তুমি মোকো ওপৰলৈ মাতি আনিলা।হাতীটো মানুহজনৰ ওচৰলৈ গ'ল আৰু সুধিলে মহাৰাজ তলতটো আপুনি মোৰ মালিক আছিলে কিন্তু ইয়াৰ মালিক আপুনি কেনেকৈ হৈ গ'ল। তেতিয়া মানুহজনে ক'লে এইটো এটা ৰহস্যজনক কথা তোমাক মই কেনেকৈ কৈ দিওঁ। মহাৰাজ এতিয়াটো আমি দুয়োজন সমান । মোকো আপুনি মানুহ বনাই দিব তাৰ পাছত আমি দুয়োজন তললৈ গুচি যাম আৰু মই আপোনাৰ চাকৰ হৈ থাকিম লাগিলে। এতিয়াটো কথাটো মোক কৈ দিয়ক। তেতিয়া মানুহজনে ক'বলৈ ধৰিলে যেতিয়া এই দূতকেইটাই মোক লৈ আহিল মই দেখিলোঁ ইহঁতি মোক মাৰি পেলাব সেই কাৰণে মই মোৰ কলম কাগজ উঠাই লৈ তাত লিখিলোঁ যি ব্যক্তিজন পৃথিৱীৰ পৰা স্বৰ্গলৈ আহিছে যমৰাজ তেওঁক আপুনি নিজৰ সিংহাসন খন দি দিবা আৰু তাৰ পাছত মই তলত ভগৱান বিষ্ণুৰ চহী কৰি দিলোঁ।
সেই মানুহজনৰ কথা শুনি হাতীটোৱে ভাবিবলে ধৰিলে মইটো ভাবিছিলোঁ মানুহৰ মগজু অকল পৃথিৱীতহে চলে কিন্তু ইটো স্বৰ্গলৈ আহিও ইমান বুদ্ধি কৰিব পাৰিলে। তাৰ পিছত হাতীটো শান্ত হৈ বহি থাকিল আৰু ক'লে- মালিক মোৰ ওপৰত দয়া কৰিব মোকো মানুহ বনাই দিব। নহ'লেবা পুৰণা যমৰাজ আহিলে মই কৰ্মৰ অনুসৰি জীৱ জন্তু হ'ব লাগিব। কিন্তু আপুনিটো দয়ালু মই আপোনাৰ চাকৰ হৈ যাম। মোক মানুহ বনাই দিয়ক তেতিয়া মানুহজনে ক'লে এটা চৰ্ত আছে তুমি এই কথাটো কাকো নকবা তেতিয়াহে তোমাক মানুহ বনাম। যদি কৈ দিয়া তেতিয়া তোমাক হাতীত কৈও সৰু আৰু বেয়া জন্তু বনাম। তেতিয়া হাতীটোৱে ক'লে কি বনাব । মানুহজনে ক'লে- জিৰাফ বনাই দিম তেতিয়া তোমাৰ ঘাঁহ খাবলৈও অশান্তি হ'ব ডিঙি বিষাব । তেতিয়া হাতীটোৱে ক'লে হ'ব মালিক মই নকওঁ। তেতিয়া মানুহজনে ক'লে যদি চৰ্ত মতে কাম কৰা তেতিয়া তুমি নিশ্চিয় মানুহ হ'ব পাৰিবা।
এনেদৰে ৭-৮ দিন পাৰ হৈ গ'ল আৰু যিমান মানুহ মৰি ওপৰলৈ আহিছিল সকলোৱে স্বৰ্গত স্থান পাই গৈছিল। লাহে লাহে এই কথাটো গোটেই দেৱ লোকত বিয়পি পৰিল আৰু তেওঁলোকৰ কাৰণে স্বৰ্গৰ অপচৰাবোৰেও অশান্তি পাবলৈ ধৰিলে আৰু ক'লে এওঁলোকে যেতিয়াই মন যায় তেতিয়াই চাহ ,কফি আৰু যিটি খুজি থাকে আৰু আমি বুজি নাপাওঁ আৰু ইহঁতৰ সেৱাও কৰিব লাগে। এওঁলোকতকৈ ভাল দেৱতা আছিল যিয়ে নিয়ম অনুসৰি কামবোৰ কৰিছিল। যেতিয়া এই কথাটো ভগৱানে গম পালে তেওঁ ভাবিলে এনেকুৱা কোন আহিল যিয়ে মোৰ নিয়মৰ উলঙ্ঘা কৰিছে।
তাৰ পাছত ভগৱান বিষ্ণু স্বৰ্গলৈ আহিল ।আহি দেখিলে তেওঁ যাক যমৰাজ পাটিছিলে তেওঁ গেটৰ বাহিৰত বহি আছে। তেতিয়া তেওঁ সুধিলে যমৰাজ তুমি ইয়াত আছা যদি স্বৰ্গত শাসন কোনে কৰি আছে। তেতিয়া যমৰাজে ক'লে- আপুনি কিয় ধেমালি কৰিছে আপুনিয়ে চোন মোৰ ঠাইত বেলেগ ব্যক্তিক নিযুক্তি দিছিল। মই চোন কাকো নিযুক্তি দিয়া নাই। সেইজন কোন যি তোমাৰ ঠাইত স্বৰ্গ আহি আছে। আপুনিয়েটো ৭দিনৰ আগত মানুহ এজনক পঠিয়াই এই কাগজখন লিখি চহী কৰি দিছিলে। তেতিয়া ভগৱানে হাঁহি ক'লে - যমৰাজ তুমি কোনোবা জীয়াই থকা মানুহ ওপৰলৈ মাতি আনিলা নেকি? অ' মাতিছিলো হাতীটোৰ কাৰণে । তেতিয়া ভগৱানে হাঁহি ক'লে -তুমি কি এতিয়াও বুজি পোৱা নাই যি তোমাৰ ঠাইত বহি আছে আৰু কাগজ লৈ আহিছে সেই কাগজখনো মিছা। সেই পত্ৰখন সি নিজেই লিখি তোমাক দি দিলে। যদি সি তোমাক পত্ৰখন নিদিলে হেঁতেন তেতিয়া তুমি তাক বুদ্ধিমান বুলি নাভাবিলা হেঁতেন। তাৰ বুদ্ধিমত্তা কিমান তুমি নাজানিলা হেঁতেন। তাৰ পিছত যমৰাজে মূৰত হাত থলে আৰু ক'লে-আপোনাৰে অদ্ভূত কলাকৃতি এই মনুষ্য তাৰ পাছত তেওঁলোক স্বৰ্গৰ ভিতৰলৈ আহিল।
ভগৱান বিষ্ণু আৰু যমৰাজে স্বৰ্গত ভৰি দিয়া লগে লগে মানুহজন সিংহাসনৰ পৰা নামি দিলে আৰু ভগৱানক ভৰিত ধৰিলে তাৰ পাছত ক'লে- হেই ভগৱান মই আপোনালৈকে ৰৈ আছিলোঁ। কাৰণ মই এই কাৰ্যবোৰৰ পৰা মুক্ত হ'ব বিচাৰোঁ। তেতিয়া ভগৱানে হাঁহি ক'লে তুমি বহুত বুদ্ধিমান ।দেখিলা যমৰাজ জীৱিত মানুহ ওচৰলৈ মতা পৰিণাম।৭দিন শাসনো কৰিলে এতিয়া মই খঙ কৰিম বুলি গম পাই মোক প্ৰসন্ন কৰিবলৈ চেষ্টা কৰিছে।
যমৰাজে খঙত তেতিয়া মানুহজনক ক'লে - তুমি কোন ,কি কৰা ? মানুহজনে ক'লে মই কি কৰোঁ বাদ দিয়ক কিন্তু মই কোন মই সচাঁ কম মই এজন বেপাৰী। তেতিয়া ভগৱানে হাঁহি যমৰাজৰ ফালে চাই ক'লে- চাওঁক এই বেপাৰীবোৰ এনেকুৱাই সকলোকে প্ৰসন্ন কৰি দিয়ে। যমৰাজে ক'লে- প্ৰভু এই বেপাৰীবোৰ কি সচাঁই ইমান বুদ্ধিমান। ভগৱানে ক'লে এওঁলোকে সকলো কাম কৰিব পাৰে ঠাণ্ডা ঠাইতো ফ্ৰিজ বিক্ৰী কৰি দিব পাৰে।যমৰাজে হাতীটোৰ ওচৰলৈ গৈ ক'লে সেই গজৰাজ তুমি চৰ্তত জিকিলা মই হাৰিলো। মই ভাবিছিলো আমি দেৱতাবোৰহে বুদ্ধিমান কিন্তু তুমি ইয়াক ওপৰলৈ মাতি মোৰ ভ্ৰম ভাঙি দিলা। তেতিয়া হাতীটোৱে ক'লে- মহাৰাজ মই এতিয়া চৰ্তত জিকিলো মোকো এতিয়া বেপাৰী বনাই দিয়ক।
মই তললৈ গৈ বেপাৰ কৰিম আৰু পৰমাত্মাৰ ভজন কৰি নিজৰ জীৱনটো সফল কৰি তুলিম। তেতিয়া যমৰাজে হাঁহি ক'লে মই তোমাক মানুহ বনাম কিন্তু বেপাৰী নবনাওঁ এওঁলোক বহুত বুদ্ধিমান আৰু পৰমাত্মাৰ মাৰ্গৰ পৰাও আঁতৰি যায়। তেতিয়া হাতীটোৱে ক'লে- মই এনেকুৱা বেপাৰী নহওঁ মই সচাঁ আৰু ভাল বেপাৰী হ'ম। যিয়ে আনক সহায় কৰে, দান কৰে নিজৰ ইনকামৰ এটা অংশ ভগৱানৰ নামত বা দান দিয়ে। মই এনেকুৱা বেপাৰী হ'ম। তাৰ পিছত ভগৱান তাৰ পৰা গুচি গ'ল আৰু যমৰাজৰ আদেশত হাতীটোৱে এটা মানুহৰ শৰীৰ পালে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:
Post a Comment