বৃদ্ধ অৱস্থাত পিতৃ মাতৃক সময় দিয়ক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 5, 2022

বৃদ্ধ অৱস্থাত পিতৃ মাতৃক সময় দিয়ক: Assamese Fact

Assamese Fact

যেনেকৈ ছোৱালী হোৱাতো কঠিন ।তেনেকে ছোৱালীৰ বাপেক হোৱাতোও বহুত কঠিন।মান-সন্মান বচাই ৰখাটোও এজনী ছোৱালীৰে দায়িত্ব।( Assamese Fact )


 মাক-দেউতাক এই কাৰণে নহয় যে ল'ৰা ছোৱালীক খোৱাই বোৱাই ডাঙৰ কৰি ক'ব যি মন এতিয়া কৰি থাকা।মাক-দেউতাকৰ এইটো দায়িত্ব যে কোনটো ভাল কোনটো বেয়া দেখাই দিব পাৰে আৰু তাক মানি পালন কৰাতোঁ প্ৰত্যেক ল'ৰা ছোৱালীৰে দায়িত্ব।


এজন ব্যক্তি আছিল তেওঁৰ নাম দেৱানন্দ আৰু তেওঁ পুলিচৰ চাকৰি কৰিছিল আৰু তাৰ পৰা অৱসৰো লৈছিল। সিহঁতৰ ঘৰত তেওঁ , পত্নী, পুতেক আৰু বোৱাৰীয়েক আছিল। ছোৱালী এজনী আছিল তাইৰ বিয়া হৈ গৈছিল।দেৱানন্দৰ বহুত ডাঙৰ ঘৰ আছিল।


 এদিন কাম কৰা মানুহে ঘৰ মুঁচি আছিল আৰু দেৱানন্দ তালৈ আহিল আৰু পিছে পিছে বোৱাৰীয়েকো আহিল। বোৱাৰীয়েকে দেৱানন্দক ক'লে- দেউতা আপুনি এইটোও নাজানে নে তাই ঘৰ মুঁচি আছে আৰু আপুনি আহি তাত লেটেৰা কৰি দিলে । এতিয়া তাই আকৌ কষ্ট কৰিব লাগিব। তাৰ পিছত দেৱানন্দ ৰুমলৈ আহিল আৰু বহিলে। বহি বহি ভাবিবলৈ ধৰিলে যে কিমান আশা কৰি এই ঘৰখন বনাইছিলো। ভাবিছিলো অৱসৰৰ পাছত ল'ৰা, বোৱাৰী, পত্নী আৰু নাতি নাতিনীৰ লগত হাঁহি মাতি থাকিম। কিন্তু এতিয়া এনেকুৱা লাগে নিজৰ ৰুমৰ ভিতৰতে মই সীমিত আৰু নিজেই বনোৱা ঘৰতে এতিয়া মই আনৰ মতে চলিব লগিয়া হৈছে। 


তাৰ পাছত তেওঁৰ পত্নী আহিল আৰু তেওঁৰ হাতত ধৰি ক'বলৈ ধৰিলে ইমান সৰু কথাত আপুনি কিয় ইমান ভাবিব লাগে। বোৱাৰীয়েহে কৈছে মুখেৰে কৈছে মনৰ পৰা কোৱা নাই। তেতিয়া দেৱানন্দয়ে পত্নীৰ ফালে প্ৰশ্নৰে ভৰা চকুৰে চালে আৰু ধৰি লওঁক সুধিলে তুমি সুখত আছা। তেতিয়া তেওঁৰ পত্নীয়ে চকু তল কৰি দিলে। তাৰ পাছত দুয়োজনে ক'লে চিন্তা কিয় কৰা আমি আছোঁ নহয় দুয়োজন একেলগে । তাৰপিছত দুয়োজনে সুখী হৈ পৰিল। 


দেৱানন্দয়ে সদায় খোজ কাঢ়িবলৈ যায় আৰু আহি পত্নীৰ লগত ঘৰৰ বাহিৰত থকা চকী বহি চাহ খাই আৰু কথা বতৰা পাতে। কিন্তু সেই দিনা কি হ'ল তেওঁ খোজ কাঢ়ি আহিল আৰু দেখিলে তাত তিনিকাপ চাহ থোৱা আছে। তেতিয়া দেৱানন্দয়ে ভাবিবলে ধৰিলে কাৰ কাৰণে তিনি নম্বৰ কাপটো। তেতিয়াই তেওঁৰ পুতেক তাত আহি বহিল আৰু তেওঁ ভাবিলে আজি ই আমাৰ লগত চাহ খাব ভালেই বুলি মনতে ভাবিলে আৰু মনতে আনন্দ অনুভৱ কৰিলে। পুতেক শান্ত হৈ আছিল আৰু সি সৰুতে বাপেকক বহুত কথা কৈছিল যেতিয়ালৈকে সি বাগৰি শুই নাযায়। কিন্তু আজি শান্ত আৰু সি কিবা ক'লে যদি মাককহে ক'লে।

Assamese Fact )

সি ক'লে মা মোৰ শাহুমাহঁতৰ ঘৰত বিয়া মানে মোৰ খুলখালিৰ তেওঁলোক ১০-১৫ দিনৰ কাৰণে ইয়ালৈ আহিব সেই কাৰণে মোক কৈছে যে ক'ৰবাত যদি থাকিবলৈ ঘৰ পাওঁ চাই দিবলৈ। ইয়াতে তেওঁলোকে তাইক বিয়া পাতি দিব। সেই কাৰণে মই ক'লো আমাৰ ইমান ডাঙৰ ঘৰ থকাৰ পাছতো আপোনালোকে বেলেগত ঘৰ ল'ব এইটো ভাল কথা নহয় । মই তেওঁলোকক ইয়ালৈকে মাতি দিলোঁ। 


এমাহৰ পিছত তেওঁলোক ইয়ালৈ আহিব সেই কাৰণে মই আপোনালোকৰ ব্যৱস্থা বাহঁতৰ ঘৰত কৰি দিলোঁ

আপোনালোকে ১০-১৫ দিনৰ লৈকে তাত থাকিব মই বাক কৈ দিলোঁ। বহুত দেৰি দেৱানন্দ মনে মনে থাকিল আৰু তাৰ পাছত ক'লে- শুনা এতিয়া কি তুমি আমাক আমাৰ ঘৰৰ পৰাই উলিয়াবা। আমি ক'তো নাযাওঁ আমি ইয়াতে থাকিম। তাৰ পিছত পুতেকে ক'লে মোক আৰু বোৱাৰীক এতিয়া মিছলীয়া কৰিব নেকি আমি তেওঁলোকক কৈ দিলোঁ।১০-১৫ দিন বাহঁতৰ ঘৰত থাকিলে কি লোকচান হ'ব আপোনালোকৰ।


 ইমানেই কৈ সি উঠি গুচি গ'ল।তাৰ পাছত তেওঁলোকৰ চকুত চকু পানী বৈ আহিল।দুই চাৰি দিন এনেকে গ'ল। তাৰ পিছত পুতেকহতঁ এসপ্তাহৰ কাৰণে ফুৰিবলৈ গ'ল। দুয়োজন স্বামী পত্নীয়ে সিদ্ধান্ত ল'লে এওঁলোকো তীৰ্থযাত্ৰা লৈ গুচি গ'ল।এসপ্তাহৰ পিছত পুতেক আহিল আৰু আহি দেখিলে ঘৰত তলা লগোৱা আছে। তাৰ পিছত চকিদাৰজন আহি এখন চিঠি দি ক'লে- এইখন দেউতাই আপোনাক দিবলৈ কৈছে আৰু এটা চাবিও পুতেকক দি দিলে। চিঠিখনত লিখা আছিল। 


পুত্ৰ বিকাশ মই যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া বহুত কষ্টৰে এই ঘৰখন বনাইছিলোঁ।এটা এটা বস্তু ভাবি ভাবি থৈছিলো এইটো বিকাশৰ কাৰণে এইটো বোৱাৰীৰ কাৰণে এইটো নাতি নাতিনীৰ কাৰণে। মোৰ সপোন, আশা আৰু কল্পনা আছিল ল'ৰা,বোৱাৰী পত্নী আৰু নাতি নাতিনীৰ লগত হাঁহি মাতি থাকিম। বহুত কষ্ট কৰিলোঁ মই । কিন্তু এতিয়া এনেকুৱা লাগিছে ভগৱানে সেই সুখ মোক দিব নিবিচাৰে। মই এটা কথা তোমাক কোৱা নাছিলো মই পুলিচত থাকোঁতে তাত এটা ঘৰ লৈ থৈছিলো আৰু মই সেইটো তোমাক দিছোঁ।


সেইটো আমাৰ আশীৰ্বাদ বুলি ভাবিবা।এই ঘৰতো মই মোৰ তেজ আৰু ঘাঁম উলিয়াই কষ্ট কৰি বনাইছো।এই ঘৰটোত নাইটো মই তোমাক থাকিব দিম নাইটো তোমাৰ পত্নীক। যোৱা সেই ঘৰটোত গৈ থাকা। তুমি যেতিয়া নিজৰ লগত মা-দেউতাক ৰাখিব নোৱাৰা তেতিয়া এইটো ঘৰৰ পৰা উলিয়াবও নোৱাৰা।এই চাবিটো সেই ঘৰতোৰ এই ঘৰতোৰ নহয়। তোমাৰ মন গ'লে গৈ সেই ঘৰটোত থাকিবা ন'গলে চাবিটো এই চকিদাৰটোৰ হাততে থয় যাবা।এইটো অকল মোৰ ঘৰ। ইয়াত মই থাকিম তোমাৰ মাৰ লগত।


এতিয়া আপোনালোকে ভাবিছে চাগে ইয়াত ভুল কাৰ। পিতৃৰ এই সিদ্ধান্তটো ভুল নে শুদ্ধ আৰু এই সিদ্ধান্তটো ল'বলৈ কোনে বাধ্য কৰালে। পুতেক আৰু বোৱাৰীয়েকে। সেই কাৰণে ভাল পুত্ৰ আৰু ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰক।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত






No comments:

Post a Comment

Advertisement

Pages