এবাৰ এগৰাকী মহিলা এজন সাধুক সুধিলে-বাবা ভগৱানৰ লকেট পিন্ধিব পাৰি নে? তেতিয়া তেওঁ ক'লে- পাৰিব একো কথা নাই। ( Assamese Fact )
কাৰণ ভগৱান সদায় আমাৰ ভিতৰতে থাকে।আমি য'ত যাওঁ লগতে যায়।এজন পুৰুষ আছিল তেওঁ বহুত ভগৱানৰ নাম লৈ থাকিল।সদায় সীতা ৰাম,সীতা ৰাম জাপ কৰি থাকিছিল।
তেওঁ যেতিয়া শৌচ কৰিবলৈ যায় তেতিয়াও সদায় সীতা ৰাম,সীতা ৰাম জাপ কৰি থাকিছিল। এদিন হনুমানে দেখিলে আৰু এঘুচা দিলে ক'লে-এইখিনি ঠাইহে পালি নেকি সীতা ৰাম জাপ কৰিবলৈ।
তাৰ পিছত যেতিয়া হনুমান ৰামৰ ওচৰলৈ গ'ল তেতিয়া ভগৱান ৰামে মলম লগাই আছিল। হনুমানে সুধিলে প্ৰভু আপোনাৰ মুখত কি হ'ল? তেতিয়া ভগৱান ৰামে ক'লে প্ৰথমতে মাৰিলা আৰু এতিয়া সুধিছা।
হনুমানে ক'লে-প্ৰভু মই আপোনাক কেতিয়া মাৰিলো? মোক নমাৰিলে কি হ'ব সেই ভক্তজনকটো মাৰিছিলা।বেচেৰাই মোৰ ভজন কৰে দিন ৰাত। মইটো তাৰ হৃদয়তে থাকোঁ।তাক মাৰিলা সি মৰিয়ে গ'ল হয় মই গৈ পালোঁ কাৰণে সহ্য কৰিব পাৰিলোঁ।
হনুমান মোৰ নাম মানুহে য'ত বা যেতিয়াই লওঁক । তাৰ কল্যাণ হবয়ে।মৃতকক খৰি দিবলৈ নিওঁতে ৰাম নাম জাপ কৰে নে নাই। অৰ্থাৎ ভগৱানৰ নাম শুদ্ধ বা অশুদ্ধ অৱস্থাত ল'লেও কল্যাণ হয়।( Assamese Fact )
এজন মানুহে সুধিলে- বাবা , এখন পুৰণা ৰামায়ণ ঘৰত আছে। সেইখন কি কৰিম এতিয়া? পুৰণা ৰামায়ণ ভালকৈ ঘৰত থওঁক।পুৰণা বস্তু বহুত মূল্যবান হয়।১০০ বা ২০০ বছৰৰ আগৰ কিবা গ্ৰন্থ হ'লে সেইখনৰ আজিকালি বহুত বেছি মূল্য।
সুখ দেৱৰ জন্ম কেনেকৈ হৈছিল? ভাগৱতত লিখা আছে সুখদেৱে জন্ম হৈয়ে খোজ কাঢ়িবলৈ ধৰিছিল। হনুমানৰ নাম কোন শাৰীত পৰে? হনুমানৰ নাম অমৰজীৱীসকলৰ শাৰীত আহে। চিৰঞ্জীৱী।
শ্ৰীকৃষ্ণয়ে মাক যশোদাক বৃন্দাবনত এৰি দুৱাৰীকালৈ কিয় গুচি গ'ল। তেওঁ নিজৰ মাকৰ লগত এনেকুৱা কিয় কৰিলে। কাৰণ ভগৱান কৃষ্ণৰ ওচৰত দুটা দায়িত্ব আছিল।প্ৰথমতো মা যশোদাৰ শ্ৰেৱা কৰা সেইকাৰণে কৃষ্ণই ১১ বছৰৰ লৈকে তাত থাকিল।
তাৰ পাছত কৃষ্ণৰ কৰ্তব্য আছিল যে যিগৰাকী মাকে তেওঁক জন্ম দিলে অলপ সময় তেওঁকো দিব লাগে। সেই কাৰণে ভগৱান সেই মাতৃৰ ওচৰলৈ গুচি গ'ল।যদি নগ'ল হয় তেতিয়া ভগৱানে যি উদ্দেশ্য হ'ল জন্ম লৈছিল সেইটো সম্পূৰ্ণ নহ'ল হেঁতেন।
অৰ্থাৎ কংসক মাৰিব নোৱাৰিলে হেঁতেন।এটা ৰূপে যদি যশোদাক এৰি গৈছিল আন এটা ৰূপ তেওঁৰ লগতেই আছিল।মানে যশোদাৰ হৃদয়তে কৃষ্ণয়ে বাস কৰিছিল।
ঘৰত আহঁত গছ থাকিলে ভাল নে বেয়া? ঘৰত আহঁত গছ থকাতোঁ ভাল। মানুহে আহঁত গছৰ শিপাই ঘৰ বেয়া কৰিব বুলি ভাবি আঁতৰত ঘৰ বনাই। কিন্তু ঘৰত আহঁত গছ ছাঁ পৰিলে ভাল। মানুহে ইনেই ভাবি লয় যে আহঁত গছৰ তলত ঘৰ বনাব নালাগে।আহঁত গছ সদায় কল্যাণকাৰী ।ই কেতিয়াও লোকচান নকৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment