আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা কৰিব ওলাইছোঁ সেইয়া হৈছে "Vaginal Cleaniness" ( Assamese Health Tips )
আজি আমি জানিম যে Vaginal cleaniness ৰখাটো কিয় জৰুৰী? কেতিয়া ইয়াক আৰম্ভ কৰিব লাগে অৰ্থাৎ কিমান বয়সৰ পৰা কৰিব লাগে ? কি বস্তুৰে কৰিব লাগে ? ইয়াক পৰিষ্কাৰ কৰাৰ সম্পূৰ্ণ প্ৰণালী কি? আৰু ইয়াৰ ফলত কি উপকাৰ হব? "
প্ৰথমতে আমি জানিম যে vaginal cleaniness ৰখাটো কিয় জৰুৰী? প্ৰথম কাৰণটো হৈছে যে এনে কৰিলে infection ৰ সমস্যা দূৰ হয়। vaginal area ত infection হোৱাটো স্বাভাৱিক হয়। infection হোৱাৰ মূল কাৰণ হৈছে আমাৰ ঋতুস্ৰাৱৰ গোটেই প্ৰক্ৰিয়াৰ সময়ছোৱাত এই পৰিষ্কাৰ পৰিচন্নতা বজাই ৰখাটো জৰুৰী। কিছু মহিলাই shaving কৰাই তাৰ ফলটো কিন্তু vaginal areat সংক্ৰমণ হয় । আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে যৌন সম্পৰ্ক। যৌন সম্পৰ্ক স্থাপন হোৱাৰ পাছত infection হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । গতিকে যৌন সম্পৰ্ক স্থাপন হোৱাৰ পাছত vaginal area পৰিষ্কাৰ কৰি ৰাখিব লাগে।
Vaginal Hygiene আৰম্ভ কৰাৰ সঠিক বয়স কি সেই বিষয়ে আহকচোন জানি লওঁ - চিকিৎসক সকলৰ মতে Teenage ৰ কালছোৱাৰ পৰাই ইয়াক আৰম্ভ কৰিব লাগে। আমি যিদৰে এজন শিশুক আহাৰ গ্ৰহণ কৰাৰ আগতে নিজৰ হাত খন ধুবলৈ শিকাও ঠিক সেইদৰে এগৰাকী কিশোৰীয়ে নিজৰ প্ৰথম পুস্পিতা হোৱাৰ কিছুদিন আগৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। সাধাৰণতে ডাক্তৰ সকলে ইয়াক বাৰে বাৰে পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ নিদিয়ে। এবাৰ গা ধোৱাৰ সময়ত পৰিষ্কাৰ কৰাটোৱেই যথেষ্ট। যিদৰে আমি দিনটোত এবাৰ গা ধুই লওঁ ঠিক সেইদৰে দিনটোত এবাৰ vaginal area পৰিষ্কাৰ কৰিব লাগে। কিন্তু দিনটোত দুই তিনিবাৰ কৰাৰ প্ৰয়োজন নাই। ( Assamese Health Tips )
ভিতৰৰ চোৱাত পৰিষ্কাৰ কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো আমাৰ মহিলাসকলৰ যোনিৰ নিজৰ পৰিষ্কাৰ কৰাৰ ক্ষমতা থাকে গতিকে আমি ভিতৰৰ ফালে পৰিষ্কাৰ কৰিব নালাগে মাত্ৰ যৌনাঙ্গৰ বাহিৰৰ ফালে পৰিষ্কাৰ কৰি ৰাখিলেই হয়।
কি বস্তুৰে ইয়াক পৰিষ্কাৰ কৰিব লাগে সেইটোও এটা গুৰুত্বপূৰ্ণ বিষয়?
আজিকালি বজাৰত বহুতো Intimate Wash পোৱা যায় কিন্তু আমি সেইবোৰ দ্ৰব্য ব্যৱহাৰ কৰিব লাগে নে নালাগে?
এই ক্ষেত্ৰত আপুনি কোনো chemical নিমিলোৱা চাবোন (mild soap) ব্যৱহাৰ কৰিব পাৰে । আৰু মাত্ৰ দিনত গা ধোৱা সময়ত এবাৰেই ব্যৱহাৰ কৰিব লাগে। যদি আপুনি ভাবিছে যে চাবোনেৰে হয়তো আপোনাৰ কিবা অসুবিধা হব পাৰে তেন্তে আপুনি মাত্ৰ পানী ব্যৱহাৰ কৰিও পৰিষ্কাৰ কৰিব পাৰে। এতিয়া আমি টিভিত বিভিন্ন intimate wash ৰ product ৰ বিজ্ঞাপন দেখিবলৈ পাওঁ আৰু Teenage ৰ ছোৱালীবোৰে সেইবোৰ দ্ৰব্য ব্যৱহাৰ কৰে । কিন্তু সকলোৰে ছালখন একে ধৰণৰ নহয় গতিকে সকলোৱে intimate wash ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে। যদি আপুনি তেনে দ্ৰব্য ব্যৱহাৰ কৰিব বিচাৰে তেন্তে চেষ্টা কৰিব যাতে তাত কোনোধৰণৰ পাৰ্ফিউম নাথাকে, কেমিকেল নাথাকে লগতে আপোনাৰ ছালখন যাতে জ্বলা পুৰা নকৰে।
যদি আপুনি ঘৰতেই থাকে তেন্তে দিনটোত এবাৰ পৰিষ্কাৰ কৰাটো ও যথেষ্ট। কিন্তু তাৰ মাজতো বহুতো লোকে বাৰে বাৰে এই পৰিষ্কাৰ কৰিব লাগে। যিসকল মহিলা জিমৰ পৰা আহে , কোনোবা মহিলাই বাহিৰত ফুৰিবলৈ গৈ public toilet ব্যৱহাৰ কৰিলে তেন্তে আপুনি ঘৰলৈ অহাৰ পাছত এবাৰ পৰিষ্কাৰ কৰি লোৱাটো আপোনাৰ বাবেই ভাল। কিন্তু বাৰে বাৰে পৰিষ্কাৰ কৰি থাকিলেও Dryness হব আৰু তাৰ ফলটো ইনফেক্সন হব। আপুনি পৰিষ্কাৰ কৰাৰ পাছত কোনো শুকান কাপোৰেৰে জোৰকৈ মুচিব নালাগে মাত্ৰ Tissue paper বা কোমল কাপোৰেৰে Soft Dry কৰিব লাগে। যিমানেই vaginal Area শুকান হৈ থাকিব সিমানেই infectionৰ সম্ভাৱনা কম হব।
মাহেকীয়া হোৱাৰ সময়তো কিছুমান সাৱধানতা লোৱাটো জৰুৰী। আপুনি যিটো Sanitary Pad ব্যৱহাৰ কৰে সেইটো প্ৰতি ৪/৬ ঘণ্টাৰ মূৰে মূৰে সলনি কৰি দিয়ক। সলনি কৰাৰ সময়ত আপুনি এবাৰ পৰিষ্কাৰ কৰি লওক নৰ্মেল পানীৰ সৈতে।
যদি আপুনি Menstrual Cup ব্যৱহাৰ কৰে তেন্তে বাৰে বাৰে পৰিষ্কাৰ কৰাৰ প্ৰয়োজন নাই। যদি আপুনি Intimate wash ব্যৱহাৰ কৰে তেন্তে চেষ্টা কৰিব যাতে সপ্তাহত দুবাৰ হে ব্যৱহাৰ কৰে।
সদায় কপাহী কাপোৰৰ innerwear ব্যৱহাৰ কৰিব লাগে । ইয়াক ব্যৱহাৰ কৰিলে আপোনাৰ vaginal area dry হৈ থাকিব আৰু infection হোৱাৰ ভয় নাথাকে।
বেছি টান কাপোৰ নিপিন্ধিব। কোনোধৰণৰ পাউদাৰ ব্যৱহাৰ কৰিব নালাগে vaginal area ত।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment