উচ্চ ৰক্তচাপ এবিধ এনে ৰোগ যাক মিঠা বিষ বুলিও কব পাৰি। যিয়ে মানুহৰ দৈহিক আৰু মানসিক স্বাস্থ্যত বাৰুকৈয়ে ব্যাঘাত জন্মাই।
(Assamese Health tips)
এই ৰোগে এদিনতে একো ক্ষতি নকৰে । লাহে লাহে , দিনে প্ৰতিদিনে ক্ষতি কৰি গৈ থাকে যাক Silent Killer বুলি কলেও ভুল কৰা নহয়। বৰ্তমান সময়ত জনজীৱনৰ জীৱন শৈলীৰ অৰ্থাৎ Life Style ব্যাধি হৈছে এই উচ্চ ৰক্তচাপ।
প্ৰিয় পাঠকসকল আজিৰ আমি আপোনালোকক উচ্চ ৰক্তচাপৰ কাৰণ আৰু ঘৰুৱা নিৰাময় বিষয়ে ক'বলৈ উলাইছোঁ। উচ্চ ৰক্তচাপ হোৱাৰ ঘাই কাৰণ সমূহ।
অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ যেনে অত্যাধিক চৰ্বি জাতীয় খাদ্য গ্ৰহণ ।অত্যাধিক নিমখ, চেনী, তেলত ভজা খাদ্য সেৱন । অত্যাধিক মদ্যপান, চাধা, বিড়ি, চিগাৰেট সেৱন আদি।
আৰাম বিলাসী জীৱন যাপন। দৈনিক কমেও যদি ৩৫ মিনিটত কৈ কোনোবাই পৰিশ্ৰম কৰা নাই বা খোজ কঢ়া নাই তেন্তে তেওঁৰ বয়স বাঢ়ি যোৱাৰ লগে লগে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা থাকে।
অত্যাধিক মানসিক চাপ বৃদ্ধি ফলত। দৈনিক ৭ -৮ ঘণ্টা টোপনিৰ অভাৱ। বয়স বৃদ্ধি হৈ গৈ থকাটোও এটি উচ্চ ৰক্তচাপৰ কাৰণ হব পাৰে। উচ্চ ৰক্তচাপ হোৱাৰ বহুত কাৰণ আছে ।
১০ প্ৰকাৰৰ এনেকুৱা খাদ্য আছে ।যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।উচ্চ ৰক্তচাপত আমি সদায় চিকিৎসকৰ দিহা-পৰামৰ্শ লৈ চলিব লাগে। কিন্তু চিকিৎসকৰ দিহা-পৰামৰ্শতকৈ কিছু কিছু ঘৰুৱা বিধান আছে যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। তেনে কিছু খাদ্য তালিকা বা ঘৰুৱা বিধানৰ কথা জানো আহঁক।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ কাৰক সমূহ বৰ্জন কৰা খুৱেই দৰকাৰী। তাৰোপৰি চিকিৎসকৰ পৰামৰ্শ লৈ যেনেকৈ নিজৰ ৰক্তচাপৰ মাত্ৰা ১২০ – ৮০ mm Hg বা তাৰ তলত ৰখা বাঞ্ছনীয়, তেনেকৈ কিছুমান খাদ্য যিসমূহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে সেই সমূহ নিজৰ খাদ্য তালিকাত যোগ কৰাটো সিমানে বাঞ্ছনীয়। তেনে খাদ্য সমূহ হৈছে –
১. পালেং শাক - অধিক মাত্ৰাত পটাছিয়াম সমৃদ্ধ ।এই পালেং শাকত আৰু বহু ভিটামিন , মিনাৰেল থাকে বাবে বহু লোকে পালেং শাক সেৱন কৰিলে ৰক্তচাপ বৃদ্ধি হয় বুলি ভুল ধাৰণা কৰে। কিন্তু বাস্তৱত পালেং শাকত থকা পটাছিয়ামে তেজৰ চডিয়ামৰ মাত্ৰা কমাই ফলত উচ্চ ৰক্তচাপ নিম্নগামী হয়।
২. নহৰু- উচ্চ ৰক্তচাপৰ বাবে এই নহৰু হৈছে ৰামবান ঔষধি । নহৰু সেৱন কৰিলে তেজৰ কলেষ্টৰলৰ মাত্ৰা হ্ৰাস হয়। লগতে নেহৰুত থাকে এবিধ ছালফাৰ মিশ্ৰণ যাক এলিচীন বোলা হয়। যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
৩.মাছ - মাছত থাকে এবিধ এন্টিঅক্সিডেন্ট যাৰ নাম হৈছে ওমেগা ৩ ফেঁটী এচিড যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
৪.চিডছ আৰু নাটছ - বাদাম, কাজু বাদাম, সূৰ্য্যমুখী ফুলৰ গুটি, আখৰোত গুটি, পানী লাওৰ গুটি আদিত যথেষ্ট মেগনাছিয়াম থাকে যাৰ বাবে এই সমূহ সেৱন কৰিলে কলেষ্টল হ্ৰাস হয় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।(Assamese Health tips)
৫.জিকা- প্ৰচুৰ পৰিমাণে ভিটামিন A, ভিটামিন C, আইৰন, পতাচিয়াম আৰু মেগনাছিয়াম থাকে যি সমূহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
৬.কমলা - পটাছিয়াম, ভিটামিন C থকাৰ উপৰিও কমলাত থাকে এবিধ ফ্লেৱনয়দছ যাৰ নাম হৈছে হেঁচপেৰিদিন (Hesperidin) যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।
৭.মটৰ আৰু মছুৰ দাইল - ইয়াত থাকে যথেষ্ট পৰিমাণে প্ৰটিন আৰু মিনাৰেল । নগন্য পৰিমানে চৰ্বী থাকে। লগতে থাকে অসংপৃক্ত চৰ্বী , যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে।
৮.কল - পটাছিয়াম ভৰপূৰ ভাবে থাকে কলত। সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিবলৈ কল খোৱা অত্যন্ত দৰকাৰী।
৯.আলু - মধুমেহৰ বাবে আলু অপকাৰী কিন্তু পটাছিয়ামৰ মাত্ৰা যথেষ্ঠ থকা হেতুকে আলু সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ হৈ ৰব।
১০.শুকান খেজুৰ - ফাইবাৰ, পটাছিয়াম, আইৰণ, মেগনাছিয়াম , ভিটামিন B6 থাকে যথেষ্ট পৰিমাণত সেয়ে এই খেজুৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে।
উচ্চ ৰক্তচাপ বহুত বেছি জটিল সমস্যা নহয়, ই আপোনাৰ দৈনন্দিন জীৱনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। আপুনি ইচ্ছা কৰিলে কোনো চিকিৎসকৰ দিহা-পৰামৰ্শ নোলোৱাকৈ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Health tips )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment