সেন্দুৰ কেনেকৈ ল'ব লাগে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 30, 2021

সেন্দুৰ কেনেকৈ ল'ব লাগে: Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ মহিলাসকলে কেনেকৈ সেন্দুৰ ল'ব লাগে আৰু এগৰাকী বিবাহিত মহিলাৰ বাবে সেন্দুৰ কিমান মহত্বপূৰ্ণ ।(Assamese Fact )


শাস্ত্ৰত মান্যতা আছে যে বিবাহিত মহিলাসকলে সেন্দুৰ লৈ যিকোনো পূজাতে সন্মানিত হ'ব পাৰে। কাৰণ সেন্দুৰ বিবাহিত মহিলাসকলৰ সুভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। এইসমূহ কথা দেৱতাসকলেও নহয় বুলি নকয়। পুৰুষসকলে সদায় মূৰ ধুইহে পূজাত বহিব লাগে। কিন্তু বিবাহিত মহিলাসকলে মূৰ নুধুলেও সেন্দুৰ লৈ পূজাত বহিব পাৰে।


সেন্দুৰৰ বিষয়ে এটা বিশেষ কথা জনাটো অতি প্ৰয়োজন। ইয়াৰ ভুল ব্যৱহাৰে আপোনাৰ স্বামীৰ মৃত্যুৰ কাৰণ হৈ পৰিব। আপোনালোকৰ স্বামীয়ে আপোনালোকক যদি মৰম কৰে তেতিয়া আপোনালোকে স্বামীৰ হাতে দিয়ে সেন্দুৰ ল'ব লাগে। যদি দিওঁতে অলপো সেন্দুৰ নাকত পৰে তাৰ অৰ্থ হ'ল আপোনাৰ স্বামীয়ে আপোনাক বহুত মৰম কৰে। শুনিবলৈ কিবা লাগিলেও এই কথাটো সঁচা। 


শাস্ত্ৰৰ অনুসৰিও স্বামীয়ে হাতেৰে দিয়া সেন্দুৰ নাকত পৰা অৰ্থ হ'ল আপোনাৰ স্বামীয়ে আপোনাক বহুত মৰম কৰে। আহিব লগিয়া সময়ত তেওঁলোকৰ সম্পৰ্ক আৰু গম্ভীৰ হৈ পৰিব।যদি আপোনালোকে নিজেই সেন্দুৰ লওঁতে ভুলতে সেন্দুৰ নাকত পৰে তেতিয়া ইয়াৰ অৰ্থ হ'ল যে স্বামীৰ ফালৰ পৰা আপুনি কিবা সু-সংবাদ পাব। হিন্দু ধৰ্মত সেন্দুৰৰ বহুত মহত্ব আছে। কিন্তু সেন্দুৰৰ লগত জড়িত কিছুমান কথা আপোনালোকে নাজানিলে আপোনালোক বহুত সংকতত পৰিব পাৰে।লগতে ইয়াৰ ফল আপোনাৰ স্বামীয়ে ও ভুগিব লগা হ'ব পাৰে। সেন্দুৰ মহিলাৰ বাবে বিবাহিত হোৱাৰ চিন।বিবাহিত মহিলাক সেন্দুৰৰ অবিহনে আধৰুৱা বুলি কোৱা হয়।


১. মান্যতা অনুসৰি যিসকল মহিলাই শিৰৰ মাজত সেন্দুৰ নলয় আৰু কাষত লয়, তেওঁলোকৰ স্বামীয়েও তেওঁলোকৰ পৰা কাষত অৰ্থাৎ আতঁৰি যায়।


২. যিসকল মহিলাই শিৰৰ মাজত সেন্দুৰ লয়, তেওঁলোকৰ স্বামীৰ আয়ু দীঘলীয়া হৈ গৈ থাকে।মা পৰ্বতীৰ আৰ্শীবাদ এনেকুৱা সম্পৰ্কত সদায় থাকে।


৩. মান্যতা অনুসৰি যিসকল মহিলাই সেন্দুৰ চুলিৰে লোকোৱাই বা ধাকি থয়। তেওঁলোকৰ স্বামীও সমাজত লোকাই পৰে আৰু সন্মান নাপায়।

সেই কাৰণে কোৱা হয় যে সেন্দুৰ সদায় দীঘলীয়া আৰু ভালকৈ ল'ব লাগে যাতে সকলোৱে স্পষ্টকৈ দেখা পায়। সেন্দুৰে মহিলাসকলৰ সুভাগ্যক দৰ্শাই আৰু এনেকুৱা মহিলাৰ সৌন্দৰ্যতা বাঢ়ে বুলিও কোৱা হয়।

Assamese Fact )


৪. শিৰত সেন্দুৰ লওঁতে সাৱধান হৈ ল'ব লাগে।শিৰৰ একদম সোঁ মাজতহে সেন্দুৰ ল'ব লাগে। কাষত অৰ্থাৎ মাজৰ শিৰত নলৈ যদি কাষত শিৰ ফালি লয়, তেতিয়া তেওঁলোকৰ স্বামীৰ লগত কাজিয়া হয় আৰু স্বামী অন্য মহিলাৰ প্ৰতি আকৰ্ষিত হৈ পৰে। সেই কাৰণে শিৰত সেন্দুৰ সদায় দীঘলীয়াকৈ ল'ব লাগে।



৫.শিৰত সেন্দুৰ লওঁতে যদি হাতৰ পৰা পৰি যায়। তেতিয়া অশুভ বুলি ধৰা হয়। এইবোৰ আপোনালোকৰ সম্পৰ্কত মতভেদ হোৱা সংকেত। এনেকুৱাত আপোনালোকে। মা পাৰ্বতীৰ ধ্যান কৰিব লাগে আৰু ক্ষমা বিচাৰিব লাগে। যাতে বেয়া সময় পাৰ হৈ বা নাইকীয়া হৈ যায়।



৬.যিসকল ব্যক্তিয়ে সপোনত সেন্দুৰ লৈ থকা মহিলা দেখে । তেওঁলোকৰ বাবে বহুত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত ধন লাভ হয়। এনেকুৱা সপোন দেখাটো বহুত শুভ সংকেত।



৭. যিসকল মহিলাই সেন্দুৰ লোৱা আগত মূৰত সেন্দুৰ টেমাটো লগাই তাৰ পাছত সেন্দুৰ লয়। সেইসকল মহিলাৰ ঘৰ -পৰিয়ালৰ সুখ -সমৃদ্ধি বৃদ্ধি হয়।লগতে স্বামী আয়ু দীঘলীয়া হৈ পৰে।মা পাৰ্বতীয়ে এওঁলোকক আৰ্শীবাদ দিয়ে।



৮.হিন্দু ধৰ্মত নৱৰাত্ৰি,কৰৱা চৌথ আৰু দেৱালীৰ দৰে উৎসৱত মহিলাই স্বামীৰ হাতেৰে সেন্দুৰ লৈ তেতিয়া তাক শুভ বুলি ধৰা হয়। এইয়া দ্বাৰা তেওঁলোকে সদায় লগত থাকে আৰু সুখত থাকে। এনেদৰে কৰা ফলত তেওঁলোক সদায় দীঘলীয়া সময়ৰ লৈকে লগত থাকে। তেওঁলোকৰ মাজত মৰম ভাল পোৱা বাঢ়ি‌ যায় আৰু এনেকুৱা সম্পৰ্ক কেতিয়াও ভাগি নাযায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত





No comments:

Post a Comment

Advertisement

Pages