পুৰুষ সকলে কেনেদৰে দূৰ কৰিব শুক্ৰদোষ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

পুৰুষ সকলে কেনেদৰে দূৰ কৰিব শুক্ৰদোষ : Assamese Health Tips

 

Assamese Health Tips

'চৰক সংহিতা'ত আঠ প্ৰকাৰৰ বীৰ্য্যদোষৰ কথা উল্লেখ কৰিছে । যিকেইটাক ৰ যিকোনো এটা থাকিলেও সেই পুৰুষে সন্তান জন্ম দিব নোৱাৰে । ( Assamese Health Tips )


সেই কেইটা হল ... 


১. ফেনযুক্ত বীৰ্য্য , ২ .পাতল বীৰ্য্য, ৩.শুকান বীৰ্য্য ,৪. ৰং সলনি হোৱা বা বিকৃত হোৱা বীৰ্য্য , ৫. দুৰ্গন্ধযুক্ত বীৰ্য্য , ৬. এঠা যুক্ত বীৰ্য্য বা আঠাযুক্ত বীৰ্য্য ৭. তেজ বা অইন কিবা ধাতু মিহলি হৈ ওলোৱা বীৰ্য্য , আৰু ৮ .বীৰ্য্য ওলোৱাৰ সময়ত শৰীৰত হোৱা অতিশয় ভাগৰ বা কষ্টকৰ বীৰ্য্য । 


যেতিয়া শৰীৰত বায়ু দোষ হয় , তেতিয়া শুক্ৰ ফেনযুক্ত , পাতল আৰু শুকান হোৱা দেখা যায় আৰু সেই  বীৰ্য্যৰ দ্বাৰা সন্তান জন্ম দিব নোৱাৰে । 


শৰীৰত পিত্ত দোষ থাকিলে শুক্ৰৰ ৰং নীলা বা হালধীয়া হব পাৰে , দুৰ্গন্ধযুক্ত হয় আৰু শুক্ৰ ওলোৱাৰ সময়ত লিংগৰ ভিতৰত জ্বলন্ অনুভৱ হয়। 


শৰীৰত কফৰ প্ৰভাৱ অধিক হলে বা যিজন মানুহৰ শৰীৰৰ কফ বিকৃত হৈছে , তেতিয়া তেওঁৰ শুক্ৰ খুব পিছলিয়া হয় আৰু ওলোৱাত কষ্ট হয়। 


অধিক শ্ৰী সংগম কৰা , লিংগত আঘাত পোৱা , ঘাঁ হোৱা বা ভিতৰত কটা-চিঙা হলে পুৰুষৰ শুক্ৰৰ লগত ৰক্তমিশ্ৰণ হব পাৰে ।  ( Assamese Health Tips )


মল-মূত্ৰ আদি বেছি সময় ৰখাই থলে শৰীৰত বায়ু দোষৰ উৎপত্তি হৈ  শুক্ৰ ওলোৱা পথ অবৰুদ্ধ হব পাৰে বা শুক্ৰগ্ৰন্থি বন্ধ হৈ কষ্টদায়ক শুক্ৰ ওলোৱা ৰোগ হব পাৰে। 


যি বীৰ্য্য উজ্জল , ঘন , বগা ফিটকীৰীৰ দৰে , মৌৰ দৰে ডাঠ ,কোনো ধৰণৰ জ্বলন্ নোহোৱা আৰু আনন্দদয়ক হয় , সেই শুক্ৰ গৰ্ভধাৰণৰ বাবে উত্তম হয় । 


শুক্ৰদোষ নাইকিয়া কৰাৰ বাবে আগতে শৰীৰটো নিয়মিত আহাৰ-বিহাৰ কৰিব লাগিব । নিচাযুক্ত দ্ৰব্য , মদ -ভাং  , ঠাণ্ডা অহাৰ , ঠাণ্ডা বস্তু , ঠাণ্ডা পনীয় , নিমখ , মৈদা , চেনি, অত্যাধিক ঔষধ সেৱন , fast food  আদি খোৱাৰ অভ্যাসে আপোনাৰ বীৰ্য্য নষ্ট কৰি প্ৰজনন ক্ষমতাত বাধা আনিব পাৰে । 


ইয়াৰ পিছত  বাজিকৰন ঔষধ সেৱন কৰি সুস্থ কৰি লৈ শুক্ৰ বৰ্ধক বা শুক্ৰ দোষ নাইকিয়া কৰা ঔষধ যেনে শিলাজিত , অস্বগন্ধা , শত মূল , জষ্ট্যমধু , ঘিঁউ , মৌ আদি সেৱন কৰিব লাগে নিয়মিত ।

Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।  ( Assamese Health Tips )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages