চিকিৎসা বিজ্ঞান বনাম সমাজৰ অন্ধবিশ্বাসবোৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

চিকিৎসা বিজ্ঞান বনাম সমাজৰ অন্ধবিশ্বাসবোৰ : Assamese Fact

Assamese Fact

"নমস্কাৰ ছাৰ  । ছাৰ মই পংকজ মহন্তই কলো দেওপানীৰ পৰা । এই সাপটোৱে অলপ আগতে আমাৰ চুবুৰীয়া এগৰাকীক কামুৰিছে । সৰুপথাৰৰ চিকিৎসালয়লৈ পঠাই দিছো ।এই, সাপ বিধ অতি বিষাক্ত শ্ৰেণীত পৰে নেকি ?"( Assamese Fact )


লেপটপত আগন্তুক বিশ্ব সৰ্প দিৱসৰ কামবোৰ শেষ কৰি শুবলৈ লওঁতেই, ৬ জুলাইৰ ৰাতি ১০-৪০  বজাত হোৱাটছ এপত মেচেজটো পাওঁ।


পঙ্কজে মোবাইলত পঠাই দিয়া সাপডাল বিষাক্ত পিট ভাইপাৰ সাপ আছিল।ভইছ মেচেজতে আনুসংগিক বিধান দি শুই পৰো।


পিছদিনাখন ৰাতিপুৱাই আকৌ ৰোগী গৰাকীৰ খবৰ ললোঁ।


পঙ্কজে কলে "ছাৰ, কালি ৰাতি সৰুপথাৰ চিকিৎসালয়লৈ নিয়াত দুটা বেজী দিয়াত সামান্য আৰাম পায় ।পিছ ৰাতিলৈ ক্ৰমান্বয়ে বিষ বাঢ়ি পুৱালৈ গোটেই ভৰিটো ফুলি যোৱাত আজি কবিৰাজ এজনৰ ওচৰলৈ লৈ যায়।"


বাৰ্তাটো পাই মই ভীষণ হতাশ হৈছিলোঁ।ৰোগী গৰাকীৰ অৱস্থাটো অনুধাৱন কৰিব চেষ্টা কৰিছিলো।


মই পংকজক আকৌ কলো


"যদিও এইটো এটা অত্যন্ত বিষাক্ত সাপ,ইয়াৰ সম্পূৰ্ণ চিকিৎসা আছে।ওচৰৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব কোৱা,নহলে বিপদ হব পাৰে।কিবা এটা কৰা"


বুলোমণি শইকীয়া

দেউপানী, কাৰ্বি আংলং


বুলোমণি আৰু তেওঁৰ আত্মীয়ক আমি দোষ দিয়া নাই।সৰ্প দংশনৰ পাছত আমাৰ সমাজত বছৰ বছৰ ধৰি প্ৰচলিত ব্যৱস্থাবোৰ তেওঁলোকে মানি চলিছিল।তেওঁলোকৰ গাঁওত বিশ্বাস আছিল,সৰ্প দংশন মানে বেজ বেজালি! কোনো ধৰণৰ মেডিকেল চিকিৎসা নাই বুলি তেওঁলোকৰ সমাজ আৰু গাঁৱে ভাবিছিল।বুলোমণিক দংশন কৰাৰ পাছত তেওঁৰ আত্মীয়সকলে দিক বিদিক হেৰুৱায় পেলাইছিল।যিয়ে যি কৈছে,সেইটোৱেই কৰিছিল।তেওঁলোকক সুসংহত আৰু বৈজ্ঞানীক ভাবে আগুৱাই নিবলৈ কোনো নাছিল।


সেই মুহূৰ্ততে যেন VRT(Venom Response Team) ৰূপী আমাৰ পংকজে হস্তক্ষেপ কৰিব চেষ্টা কৰে।তেওঁৰ অনুৰোধত, তেওঁলোকে মেডিকেল চিকিৎসা গ্ৰহণ কৰাৰ কথা ভাবে।


তেওঁলোকে কিন্তু শিৱসাগৰলৈ অহাৰ কথা ভাবে।পিছ দিনাখন তেওঁলোক,কিছু ৰাস্তা লৈকে আহিছিলও,কিন্তু খবৰ আহিল আৰু এজন ডাঙৰ বেজ আছে,তেওঁৰ ওচৰলৈ যোৱা হওক।


আধা বাটৰ পৰা তেওঁলোক ঘূৰি যায়।বিজ্ঞান আৰু অন্ধ বিশ্বাসৰ যুদ্ধত বিজ্ঞানৰ পৰাজয় হোৱা দেখি অত্যন্ত দুখ পাইছিলোঁ।দুখ লাগিছিল ৰোগীলৈ,দুখ লাগিছিল পৰিয়াল বৰ্গলৈ।কাৰণ তেওঁলোকৰ গাঁওৰ ৰাইজ আৰু সমাজে বেজ বেজালিৰ ওপৰত দৃঢ় বিশ্বাস আছিল।সৰ্প দংশনৰ কোনো মেডিকেল চিকিৎসা নাই বুলি ভাবিছিল।


এইটো মনত ৰাখিব পিট  ভাইপাৰৰ দংশনৰ পাছত ৰোগী গৰাকীৰ তাৎক্ষণিক মৃত্যু নহয়।আমি ভালে খিনি সময় পাওঁ,সময়ত চিকিৎসা নকৰিলে ৩-৪ দিনত অত্যাধিক ৰক্ত ক্ষৰণ হৈ মৃত্যু হোৱাৰ অৱকাশ থাকে।কেনেবাকৈ বাচি গলেও, ৰোগী জনক ঘুনীয়া কৰিব পাৰে,যেনে বৃক্কৰ অকামিলা হোৱা, ভৰিটো কাটিব লগা হোৱা বা কেতিয়াবা স্ট্রোক হোৱাৰ অৱকাশ থাকে।


৮ জুলাইৰ ৰাতিপুৱা,পত্নীৰ অৱস্থাটো প্ৰত্যক্ষ কৰি, স্বামী অভিজ্ঞান শইকীয়াই মেডিকেল চিকিৎসা কৰাৰ কথা ভাবে আৰু শিৱসাগৰ লৈ অহাৰ কথা আমাক অৱগত কৰে।( Assamese Fact )


৮ জুলাইৰ দুপৰীয়া ৩ মান বজাত ৰোগীক পৰীক্ষা কৰি আমি কিছু ভয় খাই আছিলোঁ।ভৰিটোত অত্যন্ত বিষ আছিল,ভৰিটো ফুলি কৰঙলৈকে পাই গৈছিল, ভৰিটোৰ ঠায়ে ঠায়ে ৰঙা পৰিছিল,অৰ্থাৎ ৰক্ত ক্ষৰণ হৈছিল আৰু তেজটো গোট মৰা নাছিল।স্বাভাৱিক মানুহৰ ২০ মিনিটত তেজ গোট মাৰে।এনেকুৱা অৱস্থাত শৰীৰৰ বিভিন্ন অংশৰ পৰা অত্যাধিক ৰক্ত ক্ষৰণ হোৱাৰ অৱকাশ থাকে।


পিট ভাইপাৰ সাপে দংশন কৰাৰ পাছত যিবোৰ কাম একেবাৰে কৰিব নালাগে,সেইবোৰ সকলো বুলোমণিয়ে কৰিছিল বা বিভিন্ন জনৰ বিভিন্ন কথা শুনি,কৰিব বাধ্য হৈছিল,যেনে বান্ধ দিছিল,ভৰিটো সম্পূৰ্ণ লৰচৰ কৰাই আছিল,বিষৰ টেবলেট খাই আছিল আৰু লগতে বনৌষধি খাই আছিল।এই সকলোবোৰ পিট ভাইপাৰ দংশনৰ বিহৰ ক্ষেত্ৰত জ্বলা জুইত ঘিউ দিয়াৰ দৰে হয়।মনে মনে ভাবিলোঁ এইবোৰ কাৰকৰ বাবে এইবাৰ আমি বিফল হম নেকি?মেডিকেল চিকিৎসা বিফল হলে,তেওঁলোকৰ সমাজৰ অন্ধবিশ্বাসবোৰ আৰু গাঢ় হব।মনে মনে ভাবিলোঁ সেয়া হব দিব নোৱাৰি।দুগুন মানোযোগেৰে বুলোমণিক চিকিৎসা প্ৰদান কৰাৰ কথা মনতে ভাবো।


প্ৰগতি চিকিৎসালয়ৰ আপাত কালীন বিভাগৰ চকীখনত বহি সাম্ভাব্য বিপদবোৰ ফঁহিয়াই আছিলোঁ।স্বামীক কলো ভাল হবলৈ ১০ দিনমান লাগিব।সেইবাবে ডিমৌ চৰকাৰী চিকিৎসালয়ত ভৰ্ত্তি হবলৈ বিধান দিওঁ।কিন্তু তেওঁলোকে প্ৰগতি চিকিৎসালয়ৰ সৰ্প দংশন কোঠাত ভৰ্তি হয়।


বুলোমণিৰ পূৰ্ণ গতিত চিকিৎসা আৰম্ভণি হয়।সকলো স্বাস্হ্য কৰ্মী সকলৰ ঐকান্তিক চেষ্টাৰ বলত লাহে লাহে বুলোমণি, তেওঁৰ স্বামী আৰু ভনীয়েক মাইনাৰ মুখত হাঁহি বিৰিঙিল।তেজটো সম্পূৰ্ণৰূপে গোট মৰা নাছিল,তথাপি তেওঁলোকৰ অনুৰোধ মৰ্মে তেওঁলোকক অষ্টম দিনাখন যাৱতীয় বিধান দি ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়।


হয় লেবটেৰী ৰিপৰ্ট সম্পূৰ্ণ  স্বাভাৱিক হোৱা নাছিল যদিও আমি কেতিয়াবা আওকান কৰোঁ।কাৰণ আমি ৰোগী ,ৰোগীৰ লক্ষণ আদিকহে চিকিৎসা কৰোঁ,লেবটেৰী ৰিপৰ্টক আমি চিকিৎসা নকৰোঁ।


ৰোগীৰ ক্লিনিকেল লক্ষণবোৰহে আমাৰ কাৰণে প্ৰয়োজন।এইটো আমি কোৱা নাই যে,ৰিপৰ্টটো স্বাভাৱিক হব নালাগে।আমাৰ দৃঢ় বিশ্বাস আছিল,সেয়া লাহে হব।


কালি বুলোমণিৰ মেচেজটো আহিল।সম্পূৰ্ণ ১৭ দিনৰ মূৰত লেবটেৰী ৰিপৰ্ট সম্পূৰ্ণ স্বাভাৱিক।বুলোমণিৰ আত্ম বিশ্বাস,স্বামী,ভনীয়েক মাইনা,আমাৰ সকলো স্বাস্থ্য কৰ্মীসকলৰ একান্ত প্ৰচেষ্টাত আজি বুলোমণি সম্পূৰ্ণ সুস্থ।


পংকজ মহন্তৰ নিচিনা  ব্যক্তি আমাৰ সমাজৰ একো একোটা নায়ক।তেওঁলোকে সমাজৰ অন্ধ বিশ্বাসবোৰৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰী হিচাবে কাম কৰি আছে।নহলে তেওঁৰ কি দৰকাৰ আছিল? তেওঁক আমি venom response team  (VRT) বুলি কব পাৰো।প্ৰত্যেকজন ব্যক্তি যি সৰ্প দংশনৰ পাছত সম্পূৰ্ণ বৈজ্ঞানীক পদ্ধতিৰে ৰোগীক চিকিৎসালৈয়লৈ স্তানান্তৰিত কৰে,তেওঁলোক সকলোৱে একো একোজন VRT ! VRTয়ে সুসংহত হিচাবে কাম কৰিবলৈ হলে,আপোনাৰ চুবুৰীয়া বা গাঁওত আপোনালোকে মিলিত হৈ এটা VRT গঠন কৰক আৰু সৰ্প দংশন জনীত মৃত্যু বোৰ বাধা দিয়ক।আমি আপোনালোকক সহায় কৰিব সদায় প্ৰস্তুত।সৰ্প দংশন কাৰ কেতিয়া কত হব আমি কোনেও নাজানো।ই এটা আকস্মিক ঘটনা।আমি যদি সুসংহত হৈ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত সৰ্প দংশনৰ ৰোগী অতি শীঘ্ৰে ওচৰৰ চিকিৎসালৈয়লৈ স্তানান্তৰিত কৰোঁ,তেনেহলে আমি সৰ্প দংশন জনীত মৃত্যু বোৰ হেলাৰঙে বাধা দিব পাৰিম।


বিজ্ঞান আৰু সমাজৰ অন্ধ বিশ্বাসবোৰৰ এই আঘোষিত যুদ্ধত মোৰ ভূমিকা তেনেই নগণ্য আছিল।পংকজ, বুলোমণি,তেওঁৰ স্বামী,ভনীয়েক মাইনা আৰু আমাৰ সকলো স্বাস্থ্য কৰ্মী সকলেহে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।আমাৰ এই যুদ্ধত,প্ৰগতি চিকিৎসালয়ৰ কৰ্তৃপক্ষইও বুলোমণিৰ চিকিৎসাৰ মাচুল যিমান পাৰে কম লৈ আমাক উৎসাহিত কৰিছিল।এই যুদ্ধত আমাক সকলোৱে সকলো ফালৰ পৰা সহায় কৰিছিল।মই মাত্ৰ এজন নীৰৱ দৰ্শকৰ দৰে সকলো পৰ্য্যব্যক্ষণহে কৰি আছিলোঁ।( Assamese Fact )


এই জয় আমি সকলোৰে।


পংকজ মহন্ত, বুলোমণি,বুলোমণিৰ স্বামী আৰু ভনীয়েক মাইনা শইকীয়াৰ সন্মতি সাপেক্ষে ৰাইজ আৰু সমাজৰ সজাগতাৰ বাবে প্ৰকাশিত।


আগন্তুক দিনত এনেধৰণৰ জয়ৰ আশাৰে


ধ্যন্যবাদেৰে


Assamese Fact

ডাঃ সুৰজিত গিৰি

সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)

ICU বিশেষজ্ঞ

সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা

শিৱসাগৰ


ফোন: ৯৪৩৫০৫৬৬২৭


এনে ধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

No comments:

Post a Comment

Advertisement

Pages