এই ৭টা নিয়ম পালন কৰক আৰু স্বামীক সকলো সমস্যাৰ পৰা বচাই ৰাখক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 30, 2021

এই ৭টা নিয়ম পালন কৰক আৰু স্বামীক সকলো সমস্যাৰ পৰা বচাই ৰাখক: Assamese Fact

Assamese Fact

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ যে স্বামীৰ দীঘলীয়া আয়ুৰ বাবে বা স্বামীৰ আয়ু বৃদ্ধি হ'বলৈ কি কৰিব লাগে।

Assamese Fact )

 ইয়াৰ বাবে আজি আমি আপোনালোকক ৭টা নিয়মৰ বিষয়ে কম যিবোৰ আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব। আপোনালোকৰ ভুলৰ ফলতো স্বামীয়ে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়।যদি আপোনালোকে নাজানি সেই ভুল সমূহ কৰি আছে তেতিয়া আৰু সেইবোৰ ভুল আজিৰ পৰা নকৰিব। কাৰণ এইবোৰ বিবাহিত মহিলাৰ কাৰণে ভাল নহয়। এতিয়া জানো আহঁক চোন সেইসমূহ নিয়মৰ বিষয়ে-


১. বিবাহিত বুলি চিহ্নিত যিবোৰ বস্তুৱে আপোনাক কৰে সেইবোৰ বস্তু কেতিয়াও চুৰ নকৰিব। দোকানৰ পৰা বা আনৰ থৈ দিয়া চুৰ কৰিব নালাগে।কাৰণ ইয়াৰ ফলত আপোনালোকৰ বেছি লোকচান হ'ব। আপোনালোকৰ কাৰোবাৰ যদি এইসমূহ বস্তু চূৰ কৰা অভ্যাস আছে তেতিয়া আজিৰ পৰা এই ভুল নকৰিব। কাৰণ এইসমূহ বস্তু বিলাব লাগে আৰু দান দিয়া হয়। সকলো পূজা পাতত। বেলেগ একো নিদিলেও এটা সেন্দুৰৰ টেমা আৰু এপেকেট ফুট হ'লেও দান দিব লাগে। এইসমূহ বস্তু দান দিলেহে বাঢ়ে।তাক চুৰ কৰিব নালাগে। খুজি লওঁক কিন্তু চুৰ কৰি নল'ব। এইবোৰ কৰিলে স্বামীৰ আয়ু কমি আহে।


২.সেন্দুৰ আমি বহুত বেছি খৰচ কৰিব নালাগে। সেন্দুৰ অলপ অলপকৈ ব্যৱহাৰ কৰিব লাগে। কাৰণ যিমান অলপ অলপকৈ আমি এই বস্তুটো খৰচ কৰিম সিমান দিনলৈকে আমি এইবোৰ ব্যৱহাৰ কৰি থাকিব পাৰিম। কিছুমানে কয় সেন্দুৰ বেছি ল'লে স্বামীৰ আয়ু দীঘলীয়া হয় বা সেন্দুৰ বেছি ল'ব লাগে।আমি এইটো কথাও মিছা বুলি নকওঁ। কাৰণ সকলোৰে নিজৰ নিজৰ এটা নিয়ম থাকে। কোৱা হয় যে সেন্দুৰ অলপ অলপকৈ ব্যৱহাৰ কৰিলে স্বামীৰ আয়ু ও সিমানেই বাঢ়ি গৈ থাকে।



৩.কেতিয়াও আপোনালোকে নিজৰ স্বামীৰ হাতৰ পৰা পইচা নল'ব। স্বামীয়ে কামৰ পৰা আহি যদি আপোনাক পইচা দিয়ে স্বামীৰ হাতৰ পৰা নিজৰ হাতেৰে পইচা নল'ব। এইবোৰ ভাল কথা নহয়। আপোনালোকে নিজৰ স্বামীক ক'ব যে আপুনি ইয়াতে পইচাটো থৈ দিয়ক মই লৈ লম। এইটো কিয় কৰিব নালাগে তাৰো এটা কাৰণ আছে। কোৱা হয় যে যদি আপুনি হাতৰ পৰা পইচা লয়। তাৰ অৰ্থ হ'ল আপোনাৰ স্বামীয়ে আপোনাৰ ঋণ পৰিশোধ কৰিছে। এইবোৰ আপোনালোকৰ বাবে ভাল নহয়।(Assamese Fact )


৪. বিবাহিত মহিলাসকলে কেতিয়াও ভৰিৰ আঙঠি খুলি নালাগে। গৰ্ভৱতী মহিলাসকলক আঙঠিৰ পৰা ধৰি বস্তু সমূহ খুলিবলৈ কোৱা হয় । কিন্তু আপোনালোকে কেতিয়াও ভৰিৰ পৰা নুখুলিব।


৫.মাহেকীয়াত কেতিয়াও বিবাহিত বুলি চিহ্নিত যিবোৰ বস্তু সেইবোৰ হাত লগাব নালাগে। কাৰণ সেই সময়ত এইবোৰ কৰা বৰ্জিত। যাৰ ফলত আপোনালোকৰ স্বামীৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে।যদি সমস্যা হয় চোব লগা হয়। তেতিয়া একো নাই । কিন্তু যিমান পাৰে চোব নালাগে। মাহেকীয়াত ভুল দিনটো আপোনালোকে নিজৰ চুলি বা মূৰ ধুব নালাগে। তিনিদিনৰ দিনাহে মূৰ ধুব লাগে আৰু মাহেকীয়াত অন্য দিনত মূৰ ধুব খুজিলে দেওবাৰ , মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে ধুব পাৰে।



৬.বিবাহিত মহিলাসকলে কেতিয়াও চুলিত কেচি লগাব নালাগে। কিন্তু আজিকালি সকলোৱে কাটেই। যিয়ে যি ভাল পায়। কিন্তু পাৰিলে কেচি লগাব নালাগে।নিজৰ স্বামীৰ ভালৰ কাৰণে সকলোধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিব লাগে। সদায় আপোনালোকে চুলিত কেচিও লগাব নালাগে। যেনে- মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে কেচি লগাব নালাগে। দেওবাৰে লগাব পাৰে একো নাই। কিন্তু কেতিয়াও মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে কেচি নলগাব।


৭.স্বামী কাম লৈ যোৱা আগত যদি ঘৰ হাৰিব নোৱাৰে। তেতিয়া তেওঁ উলাই যোৱাৰ লগে লগেই ঘৰ হাৰিবলৈ নল'ব। ঘৰৰ পৰা অকল স্বামীয়ে নহয় কোনোবা উলাই যোৱাৰ লগে লগেই কেতিয়াও ঘৰ হাৰিবলৈ ল'ব নালাগে। এইবোৰ অশুভ বুলি কোৱা হয়। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত






1 comment:

  1. মুছলমান সম্প্ৰদায় মহিলাৰ বাবে কি বিধান আছে । সেইটো জনালে সুখী হম।


    ReplyDelete

Advertisement

Pages