( Assamese Fact )
মাহেকীয়া বা ঋতুস্ৰাৱ এটা সাধাৰণ প্ৰক্ৰিয়া যিটো সকলো মহিলাৰে হয়। যদি আপুনি মহিলা তেতিয়া আপোনাৰ মাহেকীয়া বা ঋতুস্ৰাৱ হ'বয়ে তাত লাজ কৰিব লগা একো কথা নাই।মাহেকীয় বা ঋতু স্ৰাৱৰ বিষয়ে মানত্য আছে যে ই বেয়া, ইয়াৰ বিষয়ে কথা পাতিব নালাগে,পেড লোকোৱাই ৰাখিব লাগে।
যেতিয়া আপোনালোকে পেড কিনিবলৈ যায় প্ৰথমতেটো তাক বাতৰি কাকতে বান্ধে তাৰ পিছত ক'লা ৰঙৰ পলিথিনত ভৰাই দিয়ে। যাতে কোনো মানুহে গম নাপায় যে আপুনি পেড কিনিছে। কিন্তু ক'লা ৰঙৰ পলিথিনত পেড লৈ গ'লে মানুহে ইনেও গম পায়। যি হ'লেও অকল ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীতে এই মাহেকীয়া বা ঋতু স্ৰাৱক লৈ বিভিন্ন ধাৰণা মানুহে মনত পুঁহি ৰাখিছে।
Poland তো মানত্য আছে যদি মাহেকীয়া হৈ থাকোতে সম্পৰ্ক স্থাপন কৰে তেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়। এনেকুৱা বহুত অদ্ভূত কথা মাহেকীয়া বা ঋতু স্ৰাৱৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। যিসকল ছোৱালীৰ তাত এই তথ্যবোৰ নাই,মাহেকীয়া বা ঋতু স্ৰাৱৰ বিষয়ে জ্ঞান নাই অৰ্থাৎ সঠিক জ্ঞান নাই তেওঁলোকে চাগে বহুত কিবাকিবি সহ্য কৰিব লগা হয়। মানুহে কয় যে পেড লোকোৱাই থব লাগে আৰু যদি আপোনালোকে কাপোৰ ব্যৱহাৰ কৰে তেতিয়া তাক ধুই দেখাকৈ শুকাব নালাগে।লোকোৱাই শুকোৱাব লাগে। এনেকুৱা বহুত অদ্ভূত কথা মাহেকীয়া বা ঋতু স্ৰাৱৰ বিষয়ে কোৱা হয়। আজি আমি আপোনালোকক মাহেকীয়া বা ঋতু স্ৰাৱৰ বিষয়ে কোৱা মিছা কথাবোৰ বিষয়ে কম-
১.পঢ়া-শুনা ,নপঢ়া, গাওঁ থকা ,চহৰত থকা ,বুঢ়া ,ডেকা এনেকুৱা বহুত সংখ্যক মানুহ আছে যিয়ে আজিও মাহেকীয়া বা ঋতুস্ৰাৱৰ বিষয়ে ক'লে বা ক'বলৈ লাজ কৰে। মাহেকীয়া বা ঋতু স্ৰাৱ হোৱাতো একো বেয়া কথা নহয়। যেনে- মাহেকীয়া বা ঋতু স্ৰাৱ হ'লে আচাৰ চোব নালাগে ,পাকঘৰলৈ যাব নালাগে। আজিকালি পঢ়া-শুনা মানুহৰ ঘৰতো এনেকুৱা হোৱা দেখা যায় যে মাহেকীয়া বা ঋতু স্ৰাৱ হ'লে পাকঘৰলৈ যাব নিদিয়ে। কেতিয়াবা এনেকুৱা হয় ঘৰত কোনো নাথাকে আৰু মাহেকীয়া হোৱা মহিলা গৰাকীৰ পিয়াহ লাগিলেও তেওঁ পানী খাব নোৱাৰা হয় যদি পানী অকল পাকঘৰতহে থাকে।
যদি কিবা কৰি আপোনালোকে ভাল পায়ছে তেতিয়া ভাল কথা যদি বেয়া পায় বা জোৰ কৰি কৰোৱা হয় তেতিয়া সেইটো ভুল। আমি কাৰো ধাৰ্মিক মানত্যক আঘাত কৰিব বিচাৰা নাই। সকলোৰে নিজৰ নিজৰ কাৰণ থাকে ।কিন্তু আমি আপোনালোকক বৈজ্ঞানীক আৰু যুক্তিপূৰ্ণ কিছুমান কথাহে ক'ব বিচাৰিছোঁ যে কিয় এনেকুৱা কিছুমান কথা কোৱা হয় বা কিয় এইবোৰ মিছা। তেতিয়া কেনেকুৱা পৰিস্থিতি আছিল এতিয়া কি পৰিস্থিতি আৰু তেতিয়া লগত এতিয়াৰ কি পাৰ্থক্য এতিয়াও সেই আগৰ পুৰণি কথাবোৰ মানিব লাগে নে নালাগে।আমি অকল তাৰ বিষয়ে কথা পাতিম।
বহুত হাজাৰ বছৰ আগতে কোৱা হৈছিল যে পাকঘৰলৈ যাব নালাগে আচাৰ চোব নালাগে। কাৰণ সেই সময়ত ভালকৈ চফা হ'ব পৰা সামগ্ৰী নাছিল যেনে- Hand wash নাছিল,পেড নাছিল । কাৰণ মাহেকীয়া হ'লে ছোৱালীবোৰে তেতিয়া পাত,মাটি ,কাঠ আদি যিটি বস্তু ব্যৱহাৰ কৰিছিল।ইয়াৰ পৰা Hygiene নিয়ন্ত্ৰণ হ'ল হেঁতেন জানো। সেই কাৰণে Hygiene নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সেই মহিলা সকলক বেলেগকে এটা ৰুম দি দিয়া হয়। এইবোৰ সেই সময়ত সেইটো যুগৰ কাৰণে ঠিকেই আছিল ।কিন্তু আজিকালিটো Hygiene নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাকৈ সামগ্ৰীৰ আছে Hand wash ,পেড আদি।যাৰ ফলত Hygiene নিয়ন্ত্ৰণ কৰাতো একো সমস্যাৰ কথা নাই। এতিয়াটো সকলোৱে চাফ -চিকুনকৈ থাকে । সেই কাৰণে পাকঘৰলৈ কিয় যাব নোৱাৰোঁ , আচাৰ কিয় চোব নোৱাৰোঁ। এইবোৰ কথাত বৈজ্ঞানিক সকলে একো কাৰণ নাই বুলি কৈছে।
যদি আমাৰ হাত চফা তেতিয়া আমি চোব পাৰোঁ একো নাই আৰু যদি আমাৰ হাত লেতেৰা লাগিলে আপোনাৰ মাহেকীয়া ন'হকয়ে তথাপিও আচাৰ হ'ক বা বস্তু বেয়াটো হৈয়ে যাব। পাকঘৰলৈ আহিব নিদিয়াটো আগৰ দিনৰ মহিলা সকলে বহুত শাৰীৰিক কষ্টকৰ কাম কৰিব লগা হৈছিল। যেনে- খেতিত কাম কৰা , টোপোলা উঠোৱা, চকৰী ঘূৰোৱা আদি বিভিন্ন কাম কৰিছিল আৰু তেনেকুৱাত মাহেকীয়া হ'লে মহিলাসকলে অলপ দূৰ্বল অনুভৱটো কৰিবয়ে। তেতিয়া এনেকুৱাত অলপ বুদ্ধিমান বৃদ্ধ লোকসকলে কৈছিল যে সিহঁতক বেলেগ ৰুমত ৰাখক আৰু মাহেকীয়া হ'লে পাকঘৰলৈ যাব নাপায় ।
তেওঁলোকে কেতিয়াও কোৱা নাছিল যে তুমি লেতেৰা ,অপবিত্ৰ ,চিঁ আমুক -টামুক আদি। তেওঁলোকৰ এনেকুৱা একো কথা মনত নাছিল। তেওঁলোকে অকল আৰাম কৰিবলৈহে দিছিল। লাহে লাহে মানুহবোৰ সলনি হ'ল মানত্য সলনি হ'ল শেষত ক'বলৈ ধৰিলে মাহেকীয়া মহিলাই এইকাৰণে পাকঘৰলৈ আহিব নালাগে যে কাৰণ তেওঁ অপবিত্ৰ। কিন্তু সচাঁ কথা এইটো যে মাহেকীয়া মহিলাই এইকাৰণে পাকঘৰলৈ আহিব নালাগে যে কাৰণ তেওঁ আৰাম লোৱা প্ৰয়োজন। আজিকালি যদি আপোনালোকে মাহেকীয়া মহিলাক এইকাৰণে পাকঘৰলৈ আহিব নিদিয়ে যে তেওঁ অপবিত্ৰ তেতিয়া বাহিৰলৈও যাব নিদিব , স্কুল,কলেজ ক'তো নপঠিয়াব। কাৰণ তাতো লেতেৰা কৰি দিব। চাকৰিলেও যাব নিদিব। সেই কেইদিন তেওঁলোকক ছুটি দি দিয়ক পাৰিব নে নোৱাৰে ? আজি কালি মহিলা সকলৰ বাবে মাহেকীয়া হোৱাতো বহুত ডাঙৰ কথা বা সমস্যা নহয়।( Assamese Fact )
২. আগৰ যূগত এইটোও কোৱা হৈছিল যে মাহেকীয়া মহিলাসকলে ব্যায়াম কৰিব নালাগে দৌৰিব নালাগে। কিন্তু এনেকুৱা একো কথা নাই আপোনালোকে যদি মাহেকীয়া হ'লেও ব্যায়াম কৰে তেতিয়া আপোনাৰ শৰীৰটো ভাল হৈ থাকে তেজৰ আদান প্ৰদান প্ৰক্ৰিয়াও ভাল হৈ থাকে আৰু আপোনালোকৰ মাহেকীয়া হ'লে বেছি কষ্টও নহয়।
৩. ছোৱালীবোৰে মাহেকীয়াৰ বিষয়ে কথা পাতিব নালাগে।যদি তেওঁলোকে কথা পাতে তেতিয়া তেওঁলোক বহুত অভদ্ৰ।কিয় মাহেকীয়াৰ বিষয়ে কথা পতাটো অভদ্ৰ কথা বুলি কোৱা হয়। কিয় ছোৱালীবোৰক ক'বলৈ দিয়া নহয় ।সদায় আপোনালোকে খাদ্য খাই জৰুৰী হ'লে প্ৰস্ৰাৱ কৰাকে ধৰি বিভিন্ন কথা পাতে। এনেকুৱা নহয় যে মাহেকীয়া কাৰোবাৰ ভুলৰ ফলত হয় এইটো সকলো মহিলাৰে হয়।
৪. বহুতৰে ঘৰত আজিও আৰু আগতেও এনেকুৱা হয় যে যেতিয়া ছোৱালীবোৰৰ মাহেকীয়া হয় তেতিয়া তেওঁলোকক বেলেগকৈ শুৱাই আৰু কিছুমান ঠাই এনেকুৱা আছে যে ঘৰৰ বাহিৰত এটা ঘৰ বনাই দিয়ে আৰু মাহেকীয়া হ'লে তাত থাকিব দিয়ে। আগতে এনেকুৱা হৈছিল আগতে Hygiene নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাকৈ সামগ্ৰী নাছিল। কাৰণ আগতে পেড নাছিল মাহেকীয়া হ'লে যদি ক'ৰবাত বহে তাত ব্লাডৰ চিন লাগি যায় তেতিয়া তেওঁলোকে লেতেৰা বা বেয়া যেন অনুভৱ কৰিছিল। কাৰণ কাপোৰ ইমান সুবিধাজনক নাছিল। সেই কাৰণে তেওঁলোকক এটা বেলেগ ৰুম দি দিয়া হৈছিল যে যোৱা তাত আৰাম কৰা। কাৰণ তেতিয়াৰ মহিলাসকলৰ সমস্যা নাছিল কাৰণ তাত তেওঁলোকে আৰামহে কৰিছিল । কিন্তু আজিকালি ইমান সুবিধা থকাৰ পাছতো যদি কয় তুমি নোচোবা , তুমি অপবিত্ৰ , তুমি লেতেৰা যোৱা আতঁৰি থাকা, মাহেকীয়াৰ বিষয়ে কথা নাপাতিবা। এইবোৰ শুনিলে সৰু সৰু ল'ৰা-ছোৱালীৰ মনত ভয় সোমাই পৰিব তেওঁলোকে ভয় খাব। কিছুমান সৰু ছোৱালীয়ে ভাবে তেওঁলোকৰ মাহেকীয়া নহয় বেমাৰহে হৈছে। যেতিয়া প্ৰথমবাৰ মাহেকীয়া হয় বা তুলনী বিয়া হয় তেতিয়া কিছুমান ছোৱালীয়ে বেমাৰ হোৱা বুলি ভাবে। আজিকালি বহুত পঢ়া-শুনা মানুহেও কয় যে তলত বহা ,চকীত নবহিবা, বিচনাত নবহিবা। এইবোৰ কোৱা বন্ধ কৰক। কাৰণ মাহেকীয়া হোৱাতো লেতেৰা নহয় আপোনালোকৰ শৰীৰত যি তেজ আছে সেই তেজয়ে।
৫.কিছুমানে কয় মাহেকীয়া হ'লে গা ধুব নালাগে। গা ধুলে মাহেকীয়া যি চাপ সেইয়া বাঢ়ি যাব। এনেকুৱা একো কথা নাই। আগতে এনেকুৱা হৈছিল আৰু আগতে এইটো সঠিকো আছিল । কাৰণ আগতে টেপ নাছিল ,টিউৱেল নাছিল আজি কালিৰ দৰে সুবিধা নাছিল।আগতে মানুহে নদীত, পুখুৰী বা নিজৰা পানীত গা ধুইছিল আৰু মাহেকীয়া হোৱা মহিলা গৰাকীয়ে তাত গা ধুলে তেতিয়া সেইখিনি লেতেৰা হৈ পৰিব সেই কাৰণে এনেকুৱা কোৱা হৈছিল।
৬.বহত মানুহে কয় যে যদি আপোনালোকৰ মাহেকীয়া হ'লে আপুনি লগৰ জনীক কৈ দিয়ে আৰু তাই যদি আপুনি লগত থাকে তেতিয়া তাইৰো মাহেকীয়া সোনকালেই হয় বা বিয়পি যায়।এইটো কি যুক্তিকৰ কথা নি? ইয়াত কিবা বৈজ্ঞানিক কাৰণ আছে জানো। এইটো কাহ-পানী লগা নহয় যে এজনীৰ পৰা আনলৈ যাব। মাহেকীয়াটো সময়তহে হ'ব ন। এইবোৰ কথা ওপৰত অকনো বিশ্বাস নকৰিব।
৭.বহুত সংখ্যাক লোকে কয় মাহেকীয়া হ'লে বহুত গোন্ধাই। সেই কাৰণে কিছুমানে ভাবে মই এই লগত আহিছোঁ এই মোৰ মাহেকীয়াৰ গোন্ধ পোৱা নাইটো। এনেকুৱা যদি আপোনালোকে ভাবে তেতিয়া ভুল ভাবে মাহেকীয়া হ'লে একো নোগোন্ধায়। কিন্তু যেতিয়া আমি বহুত দেৰিলৈকে একেটা পেডকে ব্যৱহাৰ কৰোঁ তেতিয়া হয়তো অলপ গোন্ধ আহিব পাৰে। কোনেও গোন্ধি ক'ব নোৱাৰে যে আপোনাৰ মাহেকীয়া হৈছে।
আগতে কোৱা হৈছিল যে পাকঘৰলৈ যাব নালাগে আচাৰ চোব নালাগে। কাৰণ সেই সময়ত ভালকৈ ছপা হ'ব পৰা সামগ্ৰী নাছিল যেনে- Hand wash নাছিল,পেড নাছিল । আগতে এইবোৰ কোৱা হৈছিল আৰু নাপায় বুলি কৈছিল ধৰ্মৰ লগত জড়িত কৰি দিছিল তাতে মানুহে কথাবোৰ মানে। কিন্তু এইবোৰ কোনোবা গ্ৰন্থ বা ভগৱানে কৈছিলে জানো। ভগৱানে মহিলাক অপবিত্ৰ বুলি ক'বয়ে নোৱাৰে কাৰণ যিখন দেশত মহিলাক পূজা কৰা হয় মহিলাক দেৱী বুলি কোৱা হয়, লক্ষ্মী বুলি কোৱা হয় তেতিয়া তাক অপবিত্ৰ বুলি কেনেকৈ ক'ব পাৰে। ছোৱালী জন্ম হ'লে কয় চোন ছোৱালী জন্ম হৈছে ঘৰলৈ লক্ষ্মী আহিছে। তেতিয়া সেই লক্ষ্মীকে মাহেকীয়া হ'লে অপবিত্ৰ বুলি কেনেকৈ ক'ব পাৰে। অলপ ভাবক আৰু আজিকালি আগৰ দৰে একো নাই। আমি এইটো নাই কোৱা যে একদম মাৰ্ডান হৈ যাওঁক ,পেড লৈ ঘূৰক তাত ব্লাড লগায় সকলোকে দেখুওক ।আমিটো ইমানে ক'ব বিচাৰো মে মাহেকীয়াক সাধাৰণ ভাবে লওঁক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
Purbor dore ji niti niyam soli ahise heitu bondho koribo nuwari tenekoi soli thakibo mahekiya hole aaram kora joruri pakghorot jua ga dhuwa hei karone mona ata kotha jenedore manuhor peshab latrin bostu 2 opobitra mana jai kintu manuh jon opobitra nohoi saaf sikon hoi pobitra hoi jai hai dore mahekiya hole opobitra hoi saaf sikunor pisot pabitra mana jai.
ReplyDelete