সংগীজনে যদি আপোনাৰ লগত কথা কমকৈ পাতিবলৈ লৈছে তেতিয়া এনেদৰে কৰক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 25, 2021

সংগীজনে যদি আপোনাৰ লগত কথা কমকৈ পাতিবলৈ লৈছে তেতিয়া এনেদৰে কৰক: Assamese Fact

Assamese Fact

যদি আপোনালোকৰ সংগী বা আন মানুহে আপোনালোকৰ লগত কথা নাপাতে বা বহুত কম কথা পাতে। আপোনালোকক সময় নিদিয়ে, আপোনালোকৰ লগত থাকি আমনি পায়। এনেকুৱা পৰিস্থিতিত আমি কি কৰিব লাগে। (Assamese Fact)


ইয়াৰ বিষয়ে আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ।আপোনালোকৰ সংগী বা আন মানুহে আপোনালোকৰ লগত কথা নাপাতে বা বহুত কম কথা পাতে তেতিয়া এইসমূহ কাম কৰিব নালাগে। যদি আপোনালোকে নিজৰ সম্পৰ্ক বচাব খোজে আকৌ আগৰ দৰে হোৱাটো বিচাৰে তেতিয়া মনোবিজ্ঞানৰ মতে চলিব লাগে আজি আমি আপোনালোকক মনোবিজ্ঞানৰ কিছুমান কথায়ে কম।


আপোনালোকৰ লগত যেতিয়া কোনোবা মানুহে কথা নাপাতে বা বহুত কম কথা পাতে বা আপোনালোকে‌ দেখিছে যে সি বা তাই কম কথা পতা হ'ল বা মেচেজ নকৰা বা কম কৰা হ'ল। তেতিয়া সেই সময়ত মানুহৰ সকলোতকৈ ডাঙৰ দোষ হ'ল তেওঁলোকে সেই ব্যক্তিজনক অভিযোগ কৰিবলৈ লয়।অভিযোগ এইকাৰণে কৰে যে তেওঁ অসুৰক্ষিত অনুভৱ কৰে।ভাবে তাই বা সি আনৰ লগত কথা পতা নাইটো বা সি বা তাই বেলেগক ভাল পায় নি? উদাহৰণ স্বৰূপে - আপুনি যদি ব্যৱসায় কৰে তেতিয়া আপুনি সেইজনৰ লগতহে কৰিব যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে। যদি সি আপোনাক কয় মই ১ লাখ দিম তুমিও দিয়া । আপুনি সেই মানুহজনক তেতিয়াহে দিব যেতিয়া আপোনাৰ তেওঁৰ ওপৰত বিশ্বাস থাকিব ন'হলেবা কিয় দিব। যদি কোনোবাই কয় সি বেয়া ঠগে তেতিয়া আপুনি সেই ব্যক্তিজনক পইচা দিব জানো।


তেনেদৰে কোনোবা ব্যক্তিৰ ওপৰত যদি‌ বিশ্বাস আছে তেতিয়াহে সম্পৰ্ক স্থাপন কৰক।যদি আপোনালোকৰ তেওঁৰ ওপৰত বিশ্বাস নাই তেতিয়া কিয় আছে নাথাকিব । সন্মুখৰজনক সম্পূৰ্ণ স্বাধীন ভাবে থাকিবলৈ দিয়ক।একেই কথা বিশ্বাস নকৰি বৰবাদ হোৱাতকৈ বিশ্বাস কৰি বৰবাদ হৈ যাওঁক। আপোনাৰ লগত কথা পাতিলেও ,নাপাতিলেও সি যদি আনৰ লগত কথা পাতিব বিচাৰে পাতিবয়ে লাগিলে আপুনি যিয়ে নকৰক। যিমানে চেষ্টা নকৰ। আপুনি সন্মুখৰ ব্যক্তিজনক কথা নাপাতিবলৈ জোৰ কৰিব নোৱাৰে। আপুনি সদায় তাক স্বাধীনভাৱে থাকিবলৈ দিয়ক আৰু তেওঁৰ পিছত দৌৰি আছে যেন তেনেকুৱা নেদেখাব।


সম্পৰ্ক এটাত সকলোৱে এইবোৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যদি আপুনি বুদ্ধিয়ক আৰু মনোবৈজ্ঞানিক কিছুমান কথা জানে তেতিয়া আপুনি সেই সম্পৰ্কটো বচাব পাৰিব আৰু আগৰ দৰে অনুভৱ অনুভূতিবোৰ ঘূৰাই আনিব পাৰিব। যদি আপোনালোকৰ লগত থাকি কোনোবাই বেয়া পাইছে তেতিয়া এনেকুৱা কিবা কৰক যাতে সন্মুখৰ জনে আকৌ আপোনাৰ অনুভূতিবোৰ বুজি পায়। (Assamese Fact)


যেতিয়া সংগী বা আন মানুহে আপোনালোকৰ লগত কথা নাপাতে বা বহুত কম কথা পাতিবলৈ আৰম্ভ কৰে। তেতিয়া সেই ব্যক্তিজনক আমি অভিযোগ কৰিবলৈ লওঁ যে তুমি কিয় কম কথা পাতিবলৈ ল'লা, তুমি মোক মেচেজৰ ৰিপ্লাই কিয় কমকৈ দিয়া হ'লা। বহুত অভিযোগ আমি কৰো । কিন্তু সেই পৰিস্থিতিত আমি কি কৰিব লাগে সি যদি কম কথা পাতিছে  মেচেজৰ ৰিপ্লাই কমকৈ দিছে তেতিয়া আমি মেচেজ ফোন কৰা বন্ধ কৰি দিব লাগে। সন্মুখৰজনে যদি  হেল্ল' কৈছে তেতিয়া হেল্ল' আৰু যদি বাই কৈছে তেতিয়া বাই। সন্মুখৰ জনে যদি সুধে ভাত খালা ।খালো ইমানেই কোৱা। 


আমি ১০ হাজাৰৰ মোৱাইল লৈছোঁ ১৫  হাজাৰৰ লৈছোঁ তাত অকল সেই ব‌্যক্তিজনৰে মোবাইল নম্বৰ নাই বহুতৰে আছে।মা-মামী, ভাইটি ,বা বহুতৰে থাকে। তেওঁলোকৰ লগতো কথা পাতক অকল তেওঁৰ লগতে যে পাতিব তেনেকুৱা একো নাই ন। আমি যদি সেই ব্যক্তিজনৰ বিষয়ে বেছি ভাবো তেতিয়া আমিয়েই সমস্যাত পৰিম। আমি সেই ব্যক্তিজনক স্বাধীনভাৱে থাকিবলৈ দিব লাগে। যি থাকিব ইনেও আপোনাক বুজি পালে থাকিব যি যাব বিচাৰে তাক যাব দিয়ক।


 

কাৰণ সি যদি আপোনাৰ নাছিল সি কেতিয়াও আপোনাৰ হ'ব নোৱাৰে। এটা সম্পৰ্কত যদি দুয়োজনৰ বুজাবুজি থাকে তেতিয়া কেতিয়াও তেনে ধৰণৰ সম্পৰ্ক নাভাগে।কাজিয়া হ'ব ১০-১৫ দিন কথা নাপাতিলেও সম্পৰ্ক কেতিয়াও ভাঙি নাযায়। কিন্তু এজনে যদি বিচাৰে আৰু আনজন থাকিব নিবিচাৰে তেতিয়া তাৰ লগত দৌৰি লাভ নাই সি যি হ'লেও আপোনাক এৰি যাবয়েই। সেই কাৰণে ইমান সময় নষ্ট কৰা প্ৰয়োজন নাই চাওঁক সন্মুখৰ জনে আপোনালোকৰ লগত থাকিব বিচাৰে নে নাই ।যদি নিবিচাৰে তেওঁক যাব দিয়ক। তেওঁক জোৰ কৰি লাভ নাই। নিজক অভিযোগ প্ৰকৃতি দৰে গঢ়ি নুতুলিব। যিমান অভিযোগ কৰিব সিমান আপোনাৰ সমস্যাহে বাঢ়িব। সন্মুখৰ জনক এনেকুৱা দেখাওক যে সি আতঁৰি গ'লেও আপোনাৰ একো নাই।


এটা সম্পৰ্কত অলপ হ'লেও বুদ্ধি আৰু মনোবৈজ্ঞানিক নীতি ব্যৱহাৰ কৰিব লাগে। আগতে যিজনে আপোনাক বহুত মৰম কৰে ,সময় দিয়ে পাছলৈ সেইবোৰ নাইকীয়া হৈ পৰে কিয় কাৰণ আপুনি তেওঁক বেছি সুযোগ দিয়ে বেছি চল দিয়ে সেই কাৰণে। তাক যদি আপোনালোকে সকলো কয় সকলো বিচাৰে তাক সকলো দিয়ে এনেকুৱাতো হ'বয়ে। আপুনি যি কষ্ট পাইছে তাকো পাবলে দিয়ক। তেতিয়াহে সি বুজি পাব।কাৰণ মানুহে নিজেই যেতিয়া দুখ পাই কষ্ট পাই তেতিয়াহে বুজি পায়।যদি আপোনালোকে সি মেচেজ ,ফোন  নকৰিলে কষ্ট পাইছে তেতিয়া তাকো সেই কষ্ট পাবলৈ দিয়ক। ১০-১৫ দিন  তেওঁৰ পৰা আঁতৰি থাকক তেওঁ যদি বুজি পায় আপোনাক ভাল পায় ইনেও আপোনাৰ ওচৰলৈ আহিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact)


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 







No comments:

Post a Comment

Advertisement

Pages