এইসমূহ গুণ থকা পত্নীয়ে স্বামীক সকলো সময়তে লগ দিয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 28, 2021

এইসমূহ গুণ থকা পত্নীয়ে স্বামীক সকলো সময়তে লগ দিয়ে : Assamese Fact

Assamese Fact

চাণক্য কোন আৰু চাণক্য নীতি কি সেই বিষয়ে আমি আপোনাক কোৱাৰ কোনো প্ৰয়োজনীয় নাই কাৰণ চাণক্যৰ বিষয়ে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জানে।

Assamese Fact )


আজি আমি চাণক্যৰ দ্বাৰা বৰ্ণিত এক চাণক্য নীতিৰ কথা আপোনালোক ক'ব বিছাৰিছো। হয়, আজি আমি পত্নীৰ ৪টা গুণ বিষয়ে কম। যিয়ে আপোনাক এজন সুখী ব্যক্তি হিচাপে জীয়াই থকাত সুবিধা প্ৰদান কৰিব।


আপুনি যদি বিবাহিত তেন্তে এই কথাবোৰে আপোনাক বহুত লাভাম্বিত কৰি তুলিব আৰু যদি আপুনি বিবাহ পাশত আবদ্ধ হব বিচাৰিছে তেন্তে আপুনিও বিচাৰিব পাৰে পত্নী মাজত এনে ৪টা গুণ- 


মহান অৰ্থ শাস্ত্ৰবিদ আচাৰ্য চাণক্যই এক নীতি শাস্ত্ৰ ৰচনা কৰি থৈ গৈছিল য’ত তেওঁ সম্পদ, মহিলা, বন্ধুবৰ্গ, কেৰিয়াৰ আৰু আমাৰ বিবাহিত জীৱনৰ সৈতে সম্পৰ্কিত বহুতো কথা গভীৰভাৱে উল্লেখ কৰিছে আচাৰ্য চাণক্যয়ে সদায় সমাজক তেওঁৰ নীতিৰে পথ প্ৰদৰ্শন কৰি আহিছে। বিশ্বাস কৰা হয় যে আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰা এজন ব্যক্তিয়ে তেওঁৰ জীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰে।


আচাৰ্য চাণক্যই নিজৰ নীতি শাস্ত্ৰত এগৰাকী মহিলাৰ ৪ টা বিশেষ গুণৰ কথা উল্লেখ কৰিছে আৰু এনে গুণ থকা মহিলাক বিয়া কৰোৱা ব্যক্তিক যথেষ্ট ভাগ্যৱান বুলিও বিশ্বাস কৰা হয় । গতিকে সেই গুণকেইটা বিষয়ে জানো আহক –


১.ধৈৰ্য্য- যিসকল মহিলা ধৈৰ্য্যশীল স্বভাৱৰ হয় সেইসকলে স্বামীৰ প্ৰতিটো অসুবিধাত কান্ধত কান্ধ মিলাই একেলগে আগুৱাই যায় । এনে স্বভাৱৰ পত্নীয়ে তেওঁলোকৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ বাধা বিঘিনী আহিবলৈ নিদিয়ে। এনেধৰণৰ পত্নীয়ে স্বামীক কঠিন পৰিস্থিতিৰ পৰা উলাই অহাত যথেষ্ট সহায় কৰে। এনে গুণ থকা এগৰাকী মহিলাই সদায় তেওঁৰ স্বামীৰ মনোবল বৃদ্ধি কৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ব্যক্তি সদায় সন্তুষ্ট থাকিব লাগে। কিয়নো যিসকলৰ সন্তুষ্টি নাথাকে। তেওঁলোকৰ লোভে তেওঁলোকক ধ্বংস কৰে। সন্তুষ্ট প্ৰকৃতিৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হয়, এনে গুণ থকা মহিলাই আটাইতকৈ কঠিন সময়বোৰো সহজে অতিক্ৰম কৰে।

Assamese Fact )


২.সন্তুষ্ট প্ৰকৃতিৰ পত্নী- আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তি বা সেইয়া লাগিলে মহিলাই হওঁক সদায়েই সন্তুষ্ট হৈ থাকিব লাগে। কিয়নো যিসকলৰ ব্যক্তিৰ সন্তুষ্টিৰ স্বভাৱ নাই লোভে তেওঁলোকক ধ্বংস কৰে। সন্তুষ্ট প্ৰকৃতিৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হয় । এনে গুণ থকা মহিলাসকলে আটাইতকৈ কঠিন সময়বোৰো অতি সহজে অতিক্ৰম কৰে।


৩.মৰম লগা বা শুৱলা কথা কোৱা- যদি আপোনাৰ পত্নীয়ে মৰম লগা বা শুৱলাকৈ কথা কয় তেন্তে পৃথিৱীত আপোনাতকৈ আৰু অধিক ভাগ্যৱান কোনো নাই। চাণক্যৰ অনুসৰি এনে গুণ থকা মহিলাসকলক বিয়া কৰা ব্যক্তিয়ে অতি সুখী জীৱন যাপন কৰিব পাৰে। এনে মহিলাসকলৰ আত্মীয়েই হওঁক নাইবা চুবুৰীয়া হওঁক সকলোৰে সৈতে ভাল সম্পৰ্ক থাকে। যাৰ ফলত ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকে ।


৪.শান্ত প্ৰকৃতি- এজন খঙাল প্ৰকৃতিৰ ব্যক্তিয়ে সকলো ধ্বংস কৰি পেলায়। আনহাতে মা লক্ষ্মীৰ কৃপা শান্ত প্ৰকৃতিৰ লোকৰ ওপৰত সদায়ে থাকে। যিসকল পুৰুষৰ পত্নী শান্ত স্বভাৱৰ তেওঁলোকক অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। এনে পত্নীয়ে সদায় ঘৰত শান্তি আৰু সুখ বজাই ৰাখে। তেওঁলোকে প্ৰতিকূল পৰিস্থিতিতো বুদ্ধিমত্তাৰে কাম কৰে।


 পত্নীৰ এই ৪টা গুণ অৰ্থাৎ ধৈৰ্য্য, শান্ত প্ৰকৃতি, মৰম লগা বা শুৱলাকৈ কথা কোৱা, সন্তুষ্ট প্ৰকৃতিৰ আদি গুণ সংসাৰখন সুন্দৰকৈ গঢ় দি তুলিব পাৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত

No comments:

Post a Comment

Advertisement

Pages