প্ৰিয় পাঠকসকল আপোনালোকে নিজৰ ঘৰত মৃতকৰ ফটো লগাই থোৱা দেখিছে চাগে।অকল ফটোৱে নহয় কিছুমান মানুহেটো সেই মানুহজনৰ লগত জড়িত এটা এটা সৰু বস্তু ভালকৈ বা স্বম্ভালী ৰাখে।( Assamese Fact )
কিন্তু আপোনালোকে জানেনে যে এইবোৰ কৰা ফলত তেওঁৰ অশান্তি হ'ব পাৰে। আজি আমি আপোনালোকক জনাম যে মৃতকৰ ফটো বা বস্তু ঘৰত থব লাগে নে নালাগে।
ধাৰ্মিক গ্ৰন্থ বা পুৰাণ সমূহত এনেকুৱা বহুত মতভেদ দেখা যায় যে মৃতকৰ ফটো ঘৰত থব লাগে নে নালাগে। এফালে কয় থ'ব লাগে আকৌ ঘৰত নথ'বলৈও উপদেশ দিয়ে। বাস্তৱিকতাত ধাৰ্মিক গ্ৰন্থসমূহৰ মতে এইটো ধৰা হয় যে মৃতকৰ ফটো ঘৰত লগোৱাতো এইটো ওপৰত নিৰ্ভৰ কৰে যে তেওঁৰ লগত আপোনালোকৰ বা আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিল। অৰ্থাৎ যদি সেই ফটোখন আপোনালোকৰ মা বা দেউতাৰ হয় । তেতিয়া নিশ্চিত ৰূপে আপোনালোকৰ তেওঁলোকৰ লগত সম্পৰ্ক ভালেই আছিল । আপোনালোকে যদি তেওঁলোকক সকলো ভাল বা বেয়া ক্ষেত্ৰতে মন পেলাই থাকে । তেতিয়া এইবোৰ কৰাতোঁ ভুল নহয়। কাৰণ এনেদৰে কৰিয়ে আপুনি বা আপোনালোকে মৰা পিছত তেওঁৰ লগত জড়িত হৈ থাকিব পাৰে আৰু আপোনালোকে জানে যে মাক-দেউতাকে সদায় ল'ৰা-ছোৱালীক ৰক্ষা কৰে ।
কেতিয়াবা মৃত্যুৰ পিছতো এওঁলোকে আপোনালোকৰ বা আমাৰ সপোনত আহি ভৱিষ্যতে হ'ব লগা কিছুমান কথাৰ বিষয়েও আমাক অৱগত কৰে। অৰ্থাৎ যদি আপোনালোকৰ লগত কিবা বেয়া হ'ব লগা থাকে। তেতিয়া মৃত্যুৰ পাছতো আমাৰ সপোনত আহি আমাক অৱগত কৰে বা আমাৰ মগজুত সেই বিষয়ে চিন্তা বা ভাবনা সোমোৱাই দিয়ে। এনেকুৱাত যদি আমি তেওঁলোকৰ ফটো লগাও বা ফটোত মালা লগাও আৰু তেওঁলোকৰ ফটোৰ সন্মুখত ধুপ চাকি লগাও। তেতিয়া ইয়াক ভুল বুলি ধৰা নহয়।
যদি কোনোবা এনেকুৱা আছিল যাৰ মাৰ্গ দৰ্শনে আপোনালোকক সঠিক পথ দেখাছিল বা তেওঁ আপোনাৰ বা আপোনালোকৰ জীৱনৰ এজন গুৰুত্বপূৰ্ণ মানুহ আছিল। তেতিয়া জীৱনৰ কঠিন পৰিস্থিতিত আপোনালোকে তেওঁলোকৰ মাৰ্গ দৰ্শন বা উপদেশ বিচাৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে তেওঁক মনত পেলাই বা এই কঠিন পৰিস্থিতিত মোক সঠিক পথ দেখোৱা বুলি প্ৰাৰ্থনা কৰিলেও, তেওঁ আপোনাৰ বা আপোনালোকৰ সপোনত আহি সঠিক পথ দেখাই বা এই পৰিস্থিতিৰ পৰা কেনেকৈ উলাব পাৰি তাৰ উপদেশ দি যায়। যদি আপোনালোকে তেওঁলোকক এইটো প্ৰাৰ্থনা কৰে যে আপুনি আকৌ আমাৰ জীৱনলৈ ঘূৰি আহঁক। তেতিয়া এইটো আপোনাৰ অশান্তি কাৰণ হ'ব পাৰে। কাৰণ আমাৰ মাক-দেউতায়ে মৃত্যুৰ পিছতো আমাক চাই থাকে।যদি এনেকুৱাত আপোনালোকে এনেকুৱা হোৱাতো বিচাৰে। তেতিয়াৰ ইয়াৰ পৰিমাণ বেয়া হৈ পৰিব পাৰে।
কাৰণ এইটো আৱশ্যক নহয় যে সকলো মৃতক ভাল প্ৰবৃত্তিৰে হ'ব। কিছুমান মৃতক দুষ্ট প্ৰবৃত্তিৰো থাকে। অৰ্থাৎ মৰা পাছতো তেওঁৰ প্ৰবৃত্তি ভাল নহয়। মৰা আগত যেনেকুৱা আছিল তেনেকুৱাই থাকে। লগতে আপোনালোকৰ জীৱনত বেয়া প্ৰভাৱ পেলাই বা সময়ে সময়ে আপোনালোকক সপোনত আহি আমোক কৰা টামোক কৰা আদি বস্তু বিচাৰি থাকে। ইয়াৰ উপৰিও বহুত ধাৰ্মিক বা সাধু ব্যক্তিসকলে কয় যে আমি আমাৰ ঘৰত মৃতকৰ ফটো লগাব নালাগে। এইবোৰ কৰি আমি তেওঁলোকৰ সদ্ গতি হোৱাত বাধা দিয়ো।যেতিয়া লৈকে তেওঁ জীয়াই আছিল তেওঁ আমাৰ লগত জড়িত হৈ আছিল। কিন্তু মৃত্যুৰ পাছতো তেওঁক বেছি মনত পেলাৱাৰ ফলত তেওঁ আমাৰ লগত সম্পৰ্ক ভাঙিব নোৱাৰে বা আমাৰ মোহ এৰিব নোৱাৰে। ইয়াৰ ফলত তেওঁ সদ্ গতি লাভ নকৰে আৰু আপোনাৰ লগতে ফচি থাকে। সেই কাৰণে আপোনালোকে এইটো বুজিব লাগিব যে আমি তেওঁলোকক বেছি মনত পেলোৱা বা তেওঁৰ বিষয়ে ভাবি থকা আদি কাৰ্যয়ে তেওঁক বহুত সমস্যাত পেলাব পাৰে।
লগতে ইয়াৰ লগত জড়িত আৰু এটা বিচাৰ ধাৰা প্ৰচলিত আছে যে যিসকলে এই পৃথিৱী এৰি যায় তেওঁলোকৰ আত্মাই এই পৃথিৱীতে ঘূৰি থাকে। যেতিয়ালৈকে এটা নতুন শৰীৰ নাপায় । সেই কাৰণে আপুনি যেতিয়াই মনত পেলাই তেওঁ আপোনাক বা আপোনালোকক যিকোনো উপায়েৰে উত্তৰ দিবলৈ চেষ্টা কৰে। সেই সময়ত তেওঁৰ ওচৰত শৰীৰৰ নাথাকে ।যাৰ ফলত তেওঁ আপোনাক উত্তৰ দিব নোৱাৰা হয় আৰু তেওঁ আত্মায়ে কষ্ট বা অশান্তিত এই পৃথিৱীত ঘূৰি থাকে। যাৰ ফলত তেওঁলোকে শান্তি নাপায়। আমি এইটো নাই কোৱা যে আপোনালোকৰ বা আপোনাৰ যাৰ লগত বহুত ভাল সম্পৰ্ক আছিল মৰা পাছত তেওঁক মনত নেপেলাব বা পাহৰি যাওঁক বা তেওঁৰ এখনো ফটো নিজৰ ওচৰত নথ'ব । আমি আপোনালোকক এনেকুৱা কিছুমান উপায়ৰ বিষয়ে কম যাৰ ফলত আপোনালোকে মৃতকৰ অকনো লোকচান নোহোৱাকৈ তেওঁৰ ফটো নিজৰ লগত ৰাখিব পাৰিব।(Assamese Fact )
বাস্তু শাস্ত্ৰত এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে যে য'ত আপোনালোকে ফটোখন থলে বা লগালে একো আপত্তি বা সমস্যা নহয় ।লগতে এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে যে য'ত আপোনালোকে মৃতকৰ ফটো লগালে সমস্যা আহি পৰে।
এতিয়া জানো আহঁক চোন এনেকুৱা কিছুমান ঠাইৰ বিষয়ে য'ত ভুলতো মৃতকৰ ফটো লগাব নালাগে। বহুত মানুহে এইটো ভুল কৰে যে য'ত ভগৱানৰ ফটো লগাই তাতে পূৰ্বপুৰুষ বা মৃতকৰো ফটো লগাই।আমি জানো যে মৃতকজন বা পূৰ্বপুৰুষজন আপোনালোকৰ কাৰণে সন্মানীয় আৰু ভগৱানৰ সমানে আপোনাৰ কাৰণে পূজনীয়। কিন্তু বাস্তু শাস্ত্ৰৰ মতে ভুলতো আমি পূৰ্বপুৰুষ বা মৃতকৰ ফটো ভগৱানৰ ওচৰত বা মন্দিৰত লগাব নালাগে। যদি আপোনালোকে পূৰ্বপুৰুষ বা মৃতকৰ ফটো ভগৱানৰ ওচৰত বা মন্দিৰত লগাইছে তেতিয়া আপোনালোকে নিজৰ দুখ বা দূৰ্ভাগ্যক পোনপটীয়াকৈ নিমন্ত্ৰণ দিছে।
হিন্দু ধৰ্মৰ অনুসৰি যেতিয়া মানুহ মৰে বা মানুহৰ মৃত্যু হয়। তেতিয়া তেওঁৰ আত্মাটোৱে সেই শৰীৰটো এৰি আন এটা শৰীৰলৈ গুচি যায়। হিন্দু ধৰ্মৰ অনুসৰি হিন্দুসকলে অকল আত্মাৰ পূজা কৰে।শৰীৰৰ নহয়। সেই কাৰণে মৃত্যুৰ পাছত শৰীৰটো খৰি দিয়া হয়। সেই কাৰণে ভগৱানৰ লগত মৃতকৰ পূজা কৰিলে। ভগৱানক নিন্দ্ৰা কৰা বুলি ধৰা হয়। লগতে এইটোও কোৱা হৈছে যে মৃতকৰ ফটো ঘৰৰ মধ্য ভাগত লগাব নালাগে। ইয়াৰ ফলত সমাজত আপোনালোকৰ মান-সন্মান হানি হ'ব পাৰে। ইয়াৰ উপৰিও মৃতকৰ ফটো ঘৰৰ সেই ঠাইত লগাব নালাগে য'ত আহোঁতে যাওঁতে আপোনালোকৰ বা আপোনাৰ চকু পৰে। পশ্চিম আৰু দক্ষিণ দিশতো লগাব নালাগে। ভুলতে কৰিলেও ই আপোনালোকৰ সম্পত্তিৰ হানি হোৱা কাৰণ হৈ পৰিব।
বাস্তু শাস্ত্ৰৰ মতে মৃতকৰ ফটো উলমাই ৰখাটোও ভাল বুলি ধৰা নহয়। মান্যতা অনুসৰি ইয়াৰ ফলত ব্যক্তিৰ জীৱনো উলমি আৰু ক'ৰবাত ফচি থকা দৰে হয়। ধ্যান ৰাখিব কেতিয়াও মৃতকৰ বা পূৰ্বপুৰুষৰ এখনকৈ বেছি ফটো লগাব নালাগে আৰু তেওঁলোকৰ ফটোত ওপৰত অতিথিৰ চকু পৰিব নালাগে। এইবোৰ কৰিলে ঘৰলৈ নাকাৰাত্মক শক্তিৰ আগমন ঘটে।
এতিয়া জানো আহঁক চোন সেইসমূহ ঠাইৰ বিষয়ে য'ত পূৰ্বপুৰুষ বা মৃতকৰ ফটো লগালে আপোনাৰ বা আপোনালোকৰ একো সমস্যা নাহে। ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ সুখ-সমৃদ্ধিহে আহে। বাস্তু শাস্ত্ৰৰ মতে যদি পূজা কৰা স্থান উত্তৰ -পূৰ্ব দিশত আছে। তেতিয়া আপোনালোকে পূৰ্বপুৰুষ বা মৃতকৰ ফটো পূৰ্ব দিশত লগাব পাৰে। আকৌ যদি পূজা কৰা স্থান পূৰ্ব দিশত আছে। তেতিয়া আপোনালোকে পূৰ্বপুৰুষ বা মৃতকৰ ফটো উত্তৰ দিশত লগাব পাৰে।
যদি বেলেগ ৰুমত থয় তেতিয়া উত্তৰ দিশৰ বেৰত থ'ব লাগে।যাতে পূৰ্বপুৰুষ বা মৃতকৰ চেহেৰা দক্ষিণৰ ফালে থাকে। পূৰ্বপুৰুষ বা মৃতকৰ ফটো দক্ষিণ দিশতো লগাব পাৰে। ফটো লগাওতে এইটো সদায় ধ্যান ৰাখিব যে ফটোখনৰ তলত বাহঁৰ বা কাঠৰ কিবা মাৰি লগাব লাগে যাতে সেই ফটোখন তাত উঠি থাকে পৰি নাযায় বা উলমি নাথাকে। ঘৰৰ পূৰ্বপুৰুষ বা মৃতকৰ ফটো অকল আপুনি চাবৰ বাবেহে আনৰ বাবে নহয়। এনেকুৱা ঠাইত লগাব লাগে য'ত অতিথিৰ চকু নপৰে। আপোনালোকেও তেওঁৰ ফটো সদায় নচালেই ভাল। এইটো হয় যে আপোনালোকৰ বা আপোনাৰ ভাবনা তেওঁৰ লগত জড়িত হৈ আছে। কিন্তু সদায় তেওঁক মনত পেলোৱাৰ ফলত আপোনালোকৰ বা আপোনাৰ ভৱিষ্যতৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। মান্যতা অনুসৰি পূৰ্বপুৰুষ বা মৃতকক সদায় মনত পেলালে মন বেয়া হ'ব আৰু নিৰাশা আহি পৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment