ধনতেৰচত মা লক্ষ্মীৰ কৃপা পাবলৈ এই সমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, November 1, 2021

demo-image

ধনতেৰচত মা লক্ষ্মীৰ কৃপা পাবলৈ এই সমূহ জানি লওক : Religious Studies


.com/img/a/

আমাৰ দেশত ধনতেৰচ বহুত ধুম-ধামেৰে পালন কৰে। এই উৎসৱক সুখৰ আগমন বুলি ধৰা হয়। ধনতেৰচৰ দিনা চাফ-চিকুণ কৰাৰ বহুত মহত্ব আছে। ( Religious Studies )

শাস্ত্ৰৰমতে ধনতেৰচৰ দিনাই সম্পূৰ্ণ  ঘৰখনৰ চাফ-চিকুণ কৰা হয় আৰু আবেলিলৈ বাচন, সোণ-ৰূপ আদি কিনা হয়। কিন্তু আপুনি জানেনে ধনতেৰচৰ দিনা এনেদৰে ঘৰখন চাফ-চিকুণ কৰিব নালাগে, নহ'লে মা লক্ষ্মী ঘৰৰ পৰা ওলাই যায়, সম্পূৰ্ণ ঘৰখন ধ্বংস হৈ যায়।  আহক জানো মা লক্ষ্মীয়ে কেনেকুৱা ঘৰত বসতি কৰে


১। ধনতেৰচৰ দিনা মা লক্ষ্মী সেইখন ঘৰলৈ যায় য'ত জাবৰৰ দ'ম, ভঙা-চিঙা বস্তু আদি নাথাকে। সেয়েহে ধনতেৰচৰ দিনা আমি ঘৰৰ পৰা এইবোৰ বাহিৰলৈ পেলাই দিব লাগে। বিশেষকৈ ভঙা বৈদ্যুতিক সামগ্ৰী, চিগা চেণ্ডেল, ভঙা মূৰ্তি, চিগা ঝাৰু, ঘৰৰ পকী দেৱালত ফাট মেলা আৰু পুৰণা কবৰ বাকচ আদি  ঘৰত থাকিলে মা লক্ষ্মী ক্ৰোধিত হৈ যায় আৰু এনেকুৱা ঘৰলৈ কেতিয়া মা লক্ষ্মীৰ আগমন নহয়।  সেয়ে অতি সোনকালে এইবোৰ বস্তু ঘৰৰ পৰা আঁতৰাই ৰাখক


২। ধনতেৰচৰ দিনা বিশেষকৈ সম্পূৰ্ণ ঘৰখন ভালদৰে চাফ-চিকুণ কৰাৰ লগতে ঘৰখনত গংগা জল চতিয়াব নাপাহৰিব। এনে কৰিলে সম্পূৰ্ণ ঘৰখনৰ শুদ্ধিকৰণ হৈ যায় আৰু মা লক্ষ্মী বহুত প্ৰসন্ন হয়, সেইখন ঘৰকেই নিজৰ বসতি স্থান কৰি লয়।

      ধনতেৰচৰ দিনা মহিলাসকল সোনকালেই শোৱা-পাটিৰ পৰা উঠিব লাগে। কিয়নো পুৱা সেই সময়খিনিতে মা লক্ষ্মীয়ে পৃথিৱীলৈ আহি সকলোৰে ঘৰৰ ফাললৈ নিৰিক্ষণ কৰে আৰু যিখন ঘৰকে পৰিপাটি আৰু সুন্দৰকৈ সজাই থোৱা দেখে সেইখন ঘৰতে মা লক্ষ্মীয়ে অস্থায়ীৰূপে বসতি কৰিবলৈ লয় আৰু সেই ঘৰখন ধন-ধান আৰু সুখেৰে ওপচাই পেলাই। সেয়ে কোনো মহিলা দেৰিলৈকে শুই থাকিব নালাগে।( Religious Studies )


৩। পাঠক সকল যদি আপোনালোকে গছ-গছনিত পানী দিয়ে। তেতিয়া হ'লে মহিলাসকলে ঋতুশ্ৰাৱৰ সময়ত গছ-গছনিত পানী নিদিব, বিশেষকৈ তুলসী গছত এইখিনি সময়ত পানী দিব নালাগে। এই সময়খিনিত মহিলাসকলে যিমান পাৰে আৰামত থাকিব লাগে।


৪। ঘৰত যদি ভগা ইটা, ভগা বিচনা এইটোক বহুত অশুভ বুলি ভবা হয়। বাস্ত্তশাস্ত্ৰ অনুসৰি এইবোৰ থাকিলে ঘৰত কাজিয়া হয়। ঘৰত পুৰণি ভগা বাচন-বৰ্তন, ভগা কাঁচৰ বাচন, ভগা আইনা, বন্ধ হৈ পৰা ঘড়ী ঘৰত ৰাখিব নালাগে। এই সৰু সৰু কথাবোৰত মন দিলে ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নাহে। ঘৰত থকা মকৰাৰ জালে আপোনাৰ ঘৰত মা লক্ষ্মীৰ অনুপস্থিতি আৰু মা লক্ষ্মী ৰুস্ত হোৱাতোকে সুচায়। মকৰাৰ জালে সমস্যাবোৰক আকৰ্ষিত কৰে।


৫। জেতুকা গছ, মধুৰী আমৰ গছ আৰু বগৰীৰ গছ ঘৰৰ ভিতৰত ৰাখিব নালাগে। এই গছবোৰত বেয়া শক্তিয়ে বাস কৰে। ইয়াৰ উপৰিও সুগন্ধি থকা ফুল ঘৰৰ ভিতৰত ৰাখিব নালাগে, এনে ফুলে ঘৰলৈ নেতিবাচক শক্তি আনে। য'ত নেতিবাচক শক্তি থাকে সেইখন ঘৰত অকাল মৃত্যু আৰু কাজিয়া অনিবাৰ্য। ঘৰত বৰগছৰ পুলি লগাব নালাগে। ঘৰত শুকাই যোৱা তুলসী গছো থাকিবলৈ দিব নালাগে, সেইবোৰ পানীত উটুৱাই দিব লাগে নহ'লে মাটিত পুতি পেলাব লাগে। ঘৰত বৰ ডাঙৰ কলৰ গছো ৰুব নালাগে। এনে কৰিলে দেৱশক্তি ক্ৰোধিত হয়।


৬। পাঠক সকল, ৰাতি জোঠা বাচন থ'ব নালাগে। বিশ্বাস কৰা হয় যে জোঠা বাচনে গোটেই ঘৰখনৰ মানুহক অভিশাপ দিয়ে আৰু এই অভিশাপৰ ফলত টকা-পইচাৰ নাটনি হোৱাৰ লগতে, পতি-পত্নীৰ মাজত কাজিয়া আৰু অকাল মৃত্যু হ'ব পাৰে। সেয়ে ৰাতিৰ ভাগত পাকঘৰত জোঠা বাচন থ'ব নালাগে, নহ'লে মা লক্ষ্মী অসন্তোষ্ট হয়। ইয়াৰ উপৰিও পাকঘৰতো পৰিষ্কাৰকৈ ৰাখিব লাগে কিয়নো পাকঘৰত মা অন্নপূৰ্ণাই বসতি কৰে।( Religious Studies )

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

No comments:

Post a Comment

Advertisement

Pages