প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ৬ ) Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 13, 2021

প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ৬ ) Assamese Storyboard

 

সময় কাৰো বাবে ৰৈ নাথাকে। তাইও মনৰ দুখ বোৰ সামৰি থৈ কামত মনটো নিয়োগ কৰে।মনৰ দুখবোৰ যে নিৰাময়ৰ  এক উপায় কামত ব্যস্ত থকাতো( Assamese Storyboard )।আজি চাকৰিটো নাপালে হয়তো তাইৰ থকা অস্তিত্ব খিনিও নাথাকিল হেতেন।হয়তো ঘৰতে থাকি দুখবোৰ মনতে সামৰি তাই মৰিয়েই থাকিলহেতেন।

পিছমুহুৰ্ততে ভাবে তাই ,হয়তো ভগবানে তাইৰ ধৈৰ্যৰ পৰীক্ষা লৈ আছে।চাকৰি থকাই জীৱনটো অকণমান সুস্থিৰ হৈ থকা বাবে মনে মনে ভগবানক ধন্যৱাদ যাচে তাই।


সিদিনাখন বেংকত যঠেষ্ট ভিৰ আছিল।তাই কাম কৰা কাউণ্টাৰটোৰ গ্লাছৰ মাজেৰে দেখিছিল সমীৰ যেন লগা এজন লোক।তাইৰ যেন উশাহটো এইমুহুৰ্ততে চুটি হৈ যাব তেনেকুৱা লাগিছিল তাইৰ।জুলাই মাহৰ গৰমৰ দিনত এ,চি ৰ বতাহতো ঘামি উঠিছিল তাই।লাহে লাহে তাইৰ হাতখনৰ দ্বাৰা মাউচটো নচলা হৈছিল,কম্পিউটাৰৰ স্ক্ৰীণখনো দুচকুৰে জলমলাই থকা হে দেখা পাইছিল।


ঃএই বাইদেউ জনীয়ে বহুত সময় লগায়

ভিৰৰ মাজৰ পৰা কোনোবা এজনে কৈ উঠিছিল


আৱেগ বিলাক দলিয়াই দি কামত লাগিছিল


সমীৰ আহি কাউণ্টাৰ পাইছিল।তেনেই সৰু কাম এটি লৈ তাইৰ ওচৰলৈ আহিছিল সি।বুজি পাইছিল তাৰ উদ্দেশ্যৰ কথা তাই।মুখৰ মাত বোল নাছিল কিন্তু যাওঁ‌তে কাগজ এখন দি গৈছিল।লিখা আছিল-

    মোক ক্ষমা কৰা সু।আমাৰ একো ভুল নাছিল।কথাবোৰ তোমাক খুলি কবলৈ আছে।মোক এটা ফোন কৰিবাচোন।নম্বৰটো একেই আছে মোৰ।( Assamese Storyboard )


তাই কাগজখন পঢ়ি উঠি অদৰকাৰী বুলি ডাষ্টবিনলৈ দলিয়াই দিয়ে।তাইৰ অন্তৰত থকা সমস্ত খংবোৰ মুখখনত ফুটি উঠে।অস্থিৰ ভাবেৰে সময় বোৰ পাৰ কৰে তাই।আজি গৈ গাৰ্গী হতক কব লাগিব।নহলেযে আৰু অশান্তি পাব তাই।তাৰ কি দৰকাৰ এনেকৈ হঠাৎ তাইক বিচৰাৰ।হয়তো ক্ষমা খুজিব।নাই নাই তাই তাক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰে সি তাইৰ মনৰ অবস্থাটোৰ যি পৰিবৰ্তন আনি দিছিল সেইখিনি তাই এইটো জীৱনত পাহৰিব নোৱাৰিব।তাতকৈ ডাঙৰ কথা তাইক মৰম লগাই বিশ্বাসঘাটকত কৰাটো।


নাই নাই,তাক আৰু তাইৰ ওচৰ চাপিবলৈ দিয়াটো উচিত নহব।পাৰিলে তাইহে তাৰ ওচৰত প্ৰতিশোধ লোৱাৰ সময় এয়া।এবাৰ মাত্ৰ তাক গালি দিব পাৰিলে তাইৰ নৰক যন্ত্ৰনাৰ পৰা হয়তো মুক্তি পাব তাই।


-এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://বিচ্ছেদৰ-পিছত.in

( Assamese Storyboard )


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages