দেহত আইৰনৰ পৰিমাণ কম হোৱাৰ বাবে তেজৰ অভাৱ হয়,যাৰ বাবে আমি বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়( Assamese Fact )।যেনে-দুৰ্বলতা,মূৰৰ বিষ,শৰীৰৰ বিষ ইত্যাদি।এই লেখাটোত আমি দেহত তেজৰ অভাৱ হোৱাৰ ১৫টা ডাঙৰ লক্ষণৰ বিষয়ে ক'ম যিখিনি সকলো মানুহে জনাটো প্ৰয়োজন।কাৰণ তেজৰ অভাৱ হোৱাটো কোনো সৰু-সুৰা কথা নহয়।কিয়নো শৰীৰত হিম'গ্ল'বিনৰ অভাৱ হোৱাৰ ফলত আপুনি চিকিৎসালয়টো ভৰ্তি হ'বলগীয়া হ'ব পাৰে।
আহক দেহত হিম'গ্ল'বিনৰ পৰিমাণ কম হোৱাৰ ১৫টা লক্ষণ আপোনালোকক কঁও।
১) tiredness অৰ্থাৎ ভাগৰুৱা-
যদি আপুনি অকাৰণতে ভাগৰুৱা হৈ পৰে আৰু এলাহ অনুভৱ কৰে তেন্তে হ'ব পাৰে আপোনাৰ তেজৰ পৰিমাণ কম হৈছে।যদি কোনোবা কাম কৰিবলৈ আপোনাৰ মন নাযায় আনকি বিচনাৰ পৰাও উঠিবলৈ মন নাযায় তেন্তে তেজৰ অভাৱ তাৰ এটা কাৰণ হ'ব পাৰে।
২) heartburn বা হৃদয়ৰ জ্বলন অথবা বিষ-
সাধাৰণতে আমি বেছি মছলাযুক্ত খাদ্য খালে বুকু জ্বলা-পুৰা কৰা দেখা যায়।কিন্তু যদি আপুনি বেছি মছলাযুক্ত খাদ্য খোৱা নাই তাৰপিছটো আপোনাৰ মাজে মাজে হৃদয়ত জ্বলন বা বিষ হয়,তেন্তে সেইয়াও আপোনাৰ দেহত তেজৰ অভাৱ হোৱাৰ লক্ষণ হ'ব পাৰে।
৩) Less sleep বা টোপনি কম হোৱা-
যদি গোটেই দিনটো কাম কৰি কৰি ভাগৰি পৰাৰ পিছতো ৰাতি আপোনাৰ টোপনি অহা নাই তেন্তে এইয়া আপোনাৰ দেহত তেজৰ পৰিমাণ কম হোৱাৰ লক্ষণ।দেহত তেজৰ অভাৱ হ'লে টোপনি যাব নোৱাৰে বা টোপনি গ'লেও মাজে মাজে ভাগি যায়।আপোনাৰ দেহে আৰাম নাপায়।
৪) weak nails বা কমযোৰ নখ-
যদি আপোনাৰ নখ সোনকালে ভাঙি যায় বা ফাতি যায় তেন্তে আপোনাৰ দেহত তেজৰ অভাৱ হৈছে।আপোনাৰ নখ দুৰ্বল হোৱা বাবে সিহঁত বাঢ়িবও পৰা নাই আৰো সিহঁতৰ কোনো জিলিকনি নাই।এইবিলাক শৰীৰত তেজৰ অভাৱৰ কাৰণেই হয়।
৫) dark circles বা চকুৰ তলত ক'লা দাগ পৰা-
আপুনি ৰাতিটো সাৰ পাই থাকিলে চকুৰ গুৰি ক'লা পৰে।কিন্তু প্ৰায় মানুহে প্ৰশ্ন কৰে "আমিটো গোটেই ৰাতিটো শুইছো।তাৰপিছতো চকুৰ তলত ক'লা দাগ পৰিছে।এনে কিয় হয়??"এইয়া এই কাৰণে যে আপোনাৰ শৰীৰত তেজৰ অভাৱ হৈছে।যাৰ কাৰণে চকুৰ তলত ক'লা দাগ পৰিছে।দৈনিক যাতে আপুনি আঠ ঘণ্টাৰ টোপনি সম্পূৰ্ণ কৰে সেইয়া ধ্যান দিব।
৬) hairfall বা চুলিসৰা-
চুলি সৰাটো আজিকালি এটা সচৰাচৰ হৈ থকা সমস্যা যদিও চুলি সৰাৰ বহুতো কাৰণ আছে।যদি আপুনি চুলিৰ সম্পূৰ্ণ যতন লোৱাৰ পিছতো আপোনাৰ চুলি সৰিছে তেন্তে আপোনাৰ দেহত তেজৰ অভাৱ হৈছে।একেৰাহে চুলি সৰি থাকিলে জানিব যে আপোনাৰ হিম'গ্ল'বিনৰ পৰিমাণ কমিছে।( Assamese Fact )
৭) yellow eyes বা চকু হালধীয়া হোৱা-
সাধাৰণতে জণ্ডিচ হ'লে চকু হালধীয়া হয়,কিন্তু তেজৰ অভাৱটো চকু হালধীয়া হয়।কিন্তু যেতিয়া দেহত তেজৰ অভাৱ হয় তেতিয়াও চকু হালধীয়া হয় নহ'লেবা আপোনাৰ চকু একেবাৰেই বগা হৈ থাকিব।
৮) body pain বা শৰীৰৰ বিষ-
আপোনাৰ হাত ভৰিবোৰ প্ৰায়ে বিষ হৈ থকাটোও তেজৰ অভাৱৰ এটা লক্ষণ হয়।
৯) pale skin বা ছালৰ ৰং সলনি হোৱা-
তেজৰ অভাৱৰ কাৰণে আমাৰ শৰীৰৰ ছাল এক্ববাৰে শেতা পৰি যোৱা দেখা যায়,ছালত কোনো ধৰণৰ উজ্জ্বলতা নাইকিয়া হয় আৰু ছালৰ বৰণ লাহে লাহে ক'লা হ'ব ধৰে।যাৰ দ্বাৰা আপুনি জানিব যে আপোনাৰ দেহত তেজৰ অভাৱ হৈছে।
১০) breathlessness বা উশাহ বন্ধ হোৱা-
আপুনি যদি অলপ কাম কৰিয়ে ভাগৰি যায় আৰু উশাহ বন্ধ হ'ব ধৰে নেকি??এইয়াও শৰীৰত তেজৰ অভাৱৰ কাৰণে হয়।
১১) cold hand and feet বা হাত ভৰি ঠাণ্ডা পৰা-
আপোনাৰ হাত-ভৰি যদি ঠাণ্ডা পৰি থাকে তেন্তে সেইয়াও তেজৰ অভাৱৰে লক্ষণ হয়।
১২) wounds not healing বা সোনকালে ঘাঁ শুকাই নোযোৱা-
সাধাৰণতে দেখা যায় ডায়েবেটিছ ৰোগীৰ ঘাঁ সোনকালে শুকাই নাযায়।কিন্তু আপোনাৰ যদি অন্য কোনো ৰোগ নাই তাৰ পিছতো আপোনাৰ ঘাঁ সোনকালে নুশুকাই তেন্তে আপোনাৰ তেজৰ অভাৱ হৈছে
১৩) weakness বা দুৰ্বলতা-
যদি আপুনি অকাৰণে দুৰ্বল অনুভৱ কৰিছে যেন শৰীৰত শক্তি অলপো নাই তেন্তে আপোনাৰ দেহত তেজৰ অভাৱৰ সমস্যা আছে।দুৰ্বলতাৰ বাবে শৰীৰত বিষো যথেষ্ট হয়।
১৪) painfull period বা বেদনাদায়ক মাহেকীয়া-
যিবিলাক মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় তেওঁলোকে নিজৰ তেজৰ পৰীক্ষা কৰাওক।তেজৰ অভাৱত মাহেকীয়াৰ সময়ত যথেষ্ট পেটৰ বিষ হয় আৰু কম পৰিমাণে ৰক্তক্ষৰণ হয়।
১৫) acne,pimples বা মুখমণ্ডলত শালমইনা উঠা-
যদি আপোনাৰ শৰীৰত শালমইনা বা গুটি উঠিছে তেন্তে আপোনাৰ শৰীৰত ৰক্তৰ সঞ্চালন সঠিক ভাৱে হোৱা নাই যাৰ কাৰণে মুখমণ্ডলত গুটি উঠে।তেজৰ অভাৱৰ কাৰণেও আপোনাৰ মুখমণ্ডলত শালমইনা বা গুটি উঠিব পাৰে।
এনেসমূহ লক্ষণ যদি আপোনাৰ শৰীৰত দেখা দিছে,তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক,ধন্যবাদ।
(এনে লেখা প্ৰতিদিনে দিনৰ ঠিক ৯:৩০, ১০:৩০, ১১:৩০, ১২:৩০, ১:৩০, ২:৩০ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে লেখা সনূহ পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment