দৰিদ্ৰতা অহাৰ আগতে এই ৯ টা সংকেত পোৱা যায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

দৰিদ্ৰতা অহাৰ আগতে এই ৯ টা সংকেত পোৱা যায় : Assamese Fact

Assamese Fact

ঘৰত ঘটি থকা বহু সৰু সৰু ঘটনাৰ মাজত বহুতো সংকেত লুকাই থাকে। এই সংকেত কেইটাক বুজি ললে আমি জানিব পাৰিম যে আহিবলগীয়া সময় কেনে হব আৰু যদি কোনো সমস্যা থাকে তেন্তে তাৰ পৰা হাত সাৰি থাকিব পাৰি( Assamese Fact )। জ্যোতিষৰ মতে যেতিয়া দৰিদ্ৰতা বঢ়াৰ সম্ভাৱনা থাকে তেতিয়া সৰু সৰু ঘটনাই সংকেত দিয়ে।আজি জানো আহক এই বিশেষ ৯ টা সংকেতৰ বিষয়ে -


১/ যেতিয়া ঘৰখনত কোনো সমস্যাৰ আগমন হবলগা থাকে তেন্তে প্ৰথমতে ইয়াৰ প্ৰভাৱ ঘৰত থকা তুলসী গছত পৰে। তুলসীৰ গছজোপা একেবাৰে শুকাই যায় যাৰ দ্বাৰা ঘৰখনত সমস্যা আৰু দৰিদ্ৰতা হোৱাৰ সম্ভাৱনা বুলি মনা হয়।

২/ খোৱা বোৱা কৰা পদাৰ্থবোৰত ক'লা পৰুৱা যদি বাঢ়ি যায় তেন্তে ই আপোনাৰ আহিবলগা বেয়া সময়ৰ সংকেত দিয়ে।

৩/ যদি আপোনাৰ ঘৰত থকা গছ গছনিৰ পাতবোৰ শুকাই যাব ধৰে তেন্তে তাক তৎক্ষণাত কটাই দিব লাগে। ঘৰত থকা গছ গছনি সদায় ভৰপূৰ সেইজিয়া হৈ থাকিব লাগে । ঘৰত থকা গছ গছনিৰ পাত শুকাই যাব নালাগে। ইয়াৰ ফলত আপোনাৰ বুধ গ্ৰহ বেয়া হয় আৰু আপোনাৰ ওপৰত ধাৰ- ঋণ বাঢ়ি যায়। গছ গছনি শুকাই নাযাবলৈ সদায় পানী দিব লাগে ।


৪/ ঘৰত থকা ঝাড়ু লক্ষ্মী মাৰ সূচক হয়। কিয়নো ই দৰিদ্ৰতাক ঘৰৰ পৰা বাহিৰ উলিয়াই দিয়ে।ইয়াৰ দ্বাৰা ঘৰলৈ সুখ সমৃদ্ধি আৰু টকা পইচা আহে। ঝাড়ুৰ ওপৰত কেতিয়াও ভৰি থব নালাগে, এনে কৰিলে মা লক্ষ্মীৰ নিৰাদৰ কৰা হয়। যদি ঘৰত থকা কোনো শিশুৱে ঝাড়ু মাৰিব ধৰে তেন্তে ই কোনো আলহীৰ আগমনৰ সংকেত দিয়ে। সন্ধিয়া সময়ত ঘৰত ঝাড়ু মাৰিব নালাগে কিয়নো এনে কৰিলে ই ব্যক্তি এজনৰ দুর্ভাগ্যক আমন্ত্ৰণ দিয়া হয়। ৰাতিপুৱা আহাৰ গ্ৰহণ কৰাৰ আগতে সদায় ঝাড়ু মাৰিলে  ইয়াক শুভ বুলি কোৱা হয়। ঝাড়ুক ওলোটাই থলে বেয়া বুলি মনা হয়। ঝাড়ু সদায় পেলাই থব লাগে , যদি ঝাড়ু থিয় কৰি থোৱা হয় তেন্তে ঘৰত কন্দল বাঢ়ে। আন্ধাৰ হোৱাৰ পাছত কেতিয়াও ঝাড়ু মাৰিব নালাগে, এনে কৰিলে মা লক্ষ্মীয়ে খং কৰে। ঘৰৰ কোনো সদস্য যদি ঘৰৰ পৰা ওলাই গৈছে তেন্তে তৎক্ষণাত ঝাড়ু মাৰিব নালাগে । কিছুসময় পাছত ভগৱানক প্ৰাৰ্থনা কৰাৰ পাছত ঝাড়ু মাৰিব লাগে । ঝাড়ু সদায় কোনেও নেদেখাকৈ আঁতৰাই থব লাগে, যিদৰে মানুহে ধন - টকা পইচা বেলেগৰ দৃষ্টিৰ পৰা আঁতৰাই থোৱা হয় তেনেদৰেই ঘৰলৈ অহা যোৱা কৰা লোকৰ দৃষ্টিৰ পৰা লুকাই থব লাগে ঝাড়ু। বস্তু বিজ্ঞানৰ মতে যিসকল লোকে ঝাড়ু নিৰ্দিষ্ট এটা স্থানত থোৱাৰ সলনি য'তে ত'তে পেলাই থৈ দিয়ে তেনে ব্যক্তিৰ ঘৰত আৰ্থিক সংকটৰ সন্মূখীন হবলগা হয়। এনে কৰিলে খৰছ বাঢ়ে তথা আৰ্থিক সমস্যাৰ সন্মুখীন হবলগা  হয়।( Assamese Fact )

গৰু তথা অন্য যিকোনো জন্তুক ঝাড়ুৰে মাৰি খেদিব নালাগে। এনে কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা খং কৰি আঁতৰি যায়।


৫/ যি ঘৰত গাখীৰ উতলি পৰি যায় সেই ঘৰখনত হঠাৎ টকা পইচাৰ খৰছ বাঢ়ি যায়। ঘৰৰ মানুহবোৰ প্ৰায়ে অসুস্থ হবলৈ ধৰে আৰু ঘৰুৱা জীৱনত অশান্তি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। বহুত লোকৰ মতে গাখীৰ উতলি পৰি যোৱাটো শুভ বুলি মানে কিন্তু যদি সদায় আপোনাৰ ঘৰত গাখীৰ উতলি পৰি গৈছে তেন্তে ই শুভ নহয় । সদায় সদায় এনে হব নালাগে, আপুনি এই কথাৰ ধ্যান ৰাখিব লাগে।

৬/ যদি আপুনি কোনো এটা কামত ঘৰৰ পৰা বাহিৰলৈ যায় আৰু উভতি আহি দুৱাৰ মুখত প্ৰথমতে জেঠী দেখা পায় তেন্তে ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ বেয়া সময় সোনকালেই আৰম্ভ হব। এনে সময়ত আপুনি আগতীয়াকৈ সাৱধান হৈ থাকিব লাগে আৰু বেয়া সময়ত সাহসৰ মাজেৰে কাম কৰি যাব লাগে । এটা কথা সদায় মনত ৰখা উচিত যে মানুহৰ সময় সদায় একে হৈ নাথাকে । বেয়া সময় পাৰ হৈ যাব মাত্ৰ সাহস আৰু ধৈৰ্যৰে সেই বেয়া সময় পাৰ কৰিব লাগে। অৱশ্যে ঘৰত জেঠী দেখা পোৱাটো শুভ সংকেত হয় । কিন্তু যদি আপুনি নতুন ঘৰ লৈছে আৰু তাত মৰি থকা জেঠী আপুনি দেখা পায় তেন্তে আপুনি শীঘ্ৰেই পূজা-পাতল কৰাই লব লাগে । যদি আপুনি এনে নকৰে তেন্তে সেই ঘৰখনত থাকি আপোনাৰ উন্নতি সম্ভৱ নহয়। সদায় বেয়া সময় সেই ব্যক্তিজনৰ ওপৰত চলি থাকে। যদি অজানিতে জেঠী আপোনাৰ শৰীৰত পৰি যায় তেন্তে ই আহিবলগা সময় সূচায়। যদি জেঠী আপোনাৰ মূৰত পৰে তেন্তে ই আপোনাৰ সুখৰ সংকেত লৈ আহে আৰু শীঘ্ৰেই আপুনি ধন লাভ কৰিব পাৰে । কিন্তু যদি জেঠী আপোনাৰ চুলিত পৰে তেন্তে আপুনি সতৰ্ক হব লাগে কিয়নো আপোনাৰ জীৱনলৈ বহুত ডাঙৰ বিপদ আহিব লগীয়া আছে আৰু আপোনাৰ মৃত্যু ওচৰ চাপিছে।


৭/ ঠিক সেইদৰে চকু লৰি থকাটো ও আহিবলগা সময়ৰ সংকেত হয়। মহিলাৰ বাওঁ চকু  লৰিলে সেই মহিলা গৰাকীৰ জীৱনত কিবা ভাল হবলগা থাকে। ই এক শুভ সংকেত। যদি বাওঁ চকু চাৰিও দিশত লৰি থাকে তেন্তে আপোনাৰ শীঘ্ৰেই বিয়া হব। মহিলাৰ সোঁচকু লৰিলে ই আহিবলগা বেয়া সময়ৰ সংকেত দিয়ে। পুৰুষৰ বাওঁ চকু লৰিলে তেওঁলোকৰ কষ্ট কৰাৰ সময় ওচৰ চাপি আহে । পুৰুষৰ সোঁচকু লৰিলে তেওঁলোকৰ জীৱনত কোনো সুখবৰ আহিবলগা থাকে।

৮/ কাউৰীৰ পৰাও আমি আহিবলগা সময়ৰ সংকেত পাওঁ।যদি কাউৰী আহি কোনো স্ত্ৰীৰ মূৰৰ ওপৰত আহি বহে  তেন্তে তেওঁৰ স্বামীৰ ওপৰত কোনো ডাঙৰ বিপদ আহিবলগা আছে। যদি কোনো ব্যক্তিৰ ঘৰৰ ওপৰত আহি বহুত কাউৰী বহি হুলস্থুল কৰিব ধৰে তেন্তে সেই ঘৰখনৰ গৰাকীৰ ওপৰত বহুত ডাঙৰ সমস্যাৰ আগমন ঘটে।

৯/ ঘৰত পৰি থকা ভঙা আইনাৰ গিলাচ বা চীনা মাটিৰ পাত্ৰ বাৰে বাৰে পৰি ভাঙি যায় তেন্তে ই দৰিদ্ৰতাৰ সংকেত দিয়ে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।


Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

10 comments:

  1. অন্ধবিশ্বাস এইবোৰ। 😁😁😁😁

    ReplyDelete
  2. Hahaha andh bissas g uporot thoka jone likhi dise haihe hobo

    ReplyDelete
  3. চুলি মূৰৰ ওপৰত নাথাকি কত থাকে জনাব হে।জেঠী মূৰত পৰিলে ভাল চুলিত পৰিলে বেয়া বুলি কৈছে যে।

    ReplyDelete
    Replies
    1. হয় দিয়ক।আজৱ কথা লিখে।মুৰ আৰু চুলি বেলেগ নেকি ?

      Delete
  4. Jethi murot pora aru sulit pora ekei hobo dekhun. Ajikli eibur maani thkile nhbo aru. Life'ot problem nu kaar naahey. Problem ahi kaar baa jdi khoti hoise hei2 bhogowan'oe ichcha

    ReplyDelete
  5. Kaam korile Khakalu falor pora bhal fol puwa jay apuni jugut kora taythat pohi hindi sinema r sin eta monot poril Bhagabanor usarat joli thoka bonti numay aru an fale Hero r deuta ba maa r mrityu huwa dekhay ...
    But jiye nahauk tathya khini jani thalu ...

    DSI,MLM Top ID
    Products based company
    Call 9101397090

    ReplyDelete
  6. বৰ ভাল লাগিল পঢ়ি বহুত বহুত ধন্যবাদ জনালোঁ................

    ReplyDelete

Advertisement

Pages