ফুলশয্যাৰ নিশা এগৰাকী বোৱাৰীয়ে ললে ধৰ্ষণৰ প্ৰতিশোধ ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 8, 2021

ফুলশয্যাৰ নিশা এগৰাকী বোৱাৰীয়ে ললে ধৰ্ষণৰ প্ৰতিশোধ ? Storyboard

Storyboard

বিয়াৰ প্ৰথম নিশা কইনা সাঁজৰ কাপোৰযোৰত ৰূপাৰ মুখ মণ্ডল চিন্তাৰে ভৰি আছিল। নাছিল তাইৰ মুখত ন কইনাৰ আকৰ্ষণীয়তা আৰু ফুলশয্যাৰ নিশাৰ জিলিঙনি! তাই কেৱল চিন্তনীয় ভাৱে সন্মুখৰ বেৰৰ ফালে চাই ৰৈছিল। সেই সময়তে ৪০,৪৫বছৰীয়া মহিলা এগৰাকীয়ে হাতত গাখীৰৰ গিলাচ লৈ ভোৰভোৰাই আহিল, কি যে,অতি বেয়া সময়ত এই ছোৱালীজনী আমাৰ ডিঙিত বান্ধি দিয়া হল! দৰিদ্ৰ বাপেকে হাত সাৰিল আৰু এইজনীক আমাৰ ডিঙিত ওলমাই দিলে! ঐ ছোৱালী, এই গাখীৰ গিলাচ মোৰ লৰাটোক দি দিবি। আৰু চেনি মিহলাই দিবি। আৰু তেনেদৰে ভোৰভোৰাই তাৰপৰা গলগৈ।( Storyboard )


কইনাৰ ভাগৰুৱা শৰীৰ কিছু লৰচৰ হল। এতিয়া তাইৰ চকু গাখীৰৰ গিলাচত আছিল। তাই বিচনাৰ পৰা উঠি আহিল আৰু গাখীৰৰ গিলাচত চামুচেৰে চেনি মিহলালে। আৰু পুনৰ গৈ ফুলেৰে সঁজোৱা বিচনাত বহি পৰিল। বাহিৰৰ পৰা কিছু শব্দ আহিছিল। কইনাই নিজৰ ফোনটো ললে আৰু কিবা লিখিবলৈ ললে আৰু সেই সময়তে ২৬,২৭বছৰীয়া এটা লৰাই দৰা সাঁজত কোঠালৈ সোমাই আহিল।

ঐ ছোৱালী, নিজৰ বন্ধুৰ লগত আজিও কথা পাতিছ! লৰাটোৱে কইনাজনীক গালি পাৰিলে। কইনাজনীয়ে ফোনটো কাষৰে টেবুলত থৈ থিয় হৈ ৰল। আৰু লৰাটোৰ কাষলৈ গৈ তাক সেৱা কৰিবলৈ লওঁতেই তাইক লৰাটোৱে, গোৰ মাৰি পথিয়ালে। তেতিয়া কইনাজনীৰ মূৰটো কাষৰে টেবুলত গৈ লাগিল। 

ছোৱালী, তই সতী সাৱিত্রী হোৱাৰ নাটক কৰিছ! কোনো হিচাপ নাই, কলেজত কিমান লৰাৰ লগত ঘূৰি ফুৰিছিলি আৰু যেতিয়া মই মৰম বিচাৰিলত নাটক কৰিবলৈ ধৰিলি। মই ভাৱিছিলো, তোক শিক্ষা দিম। কিন্তু তই গাওঁতেই ঢোল পিটিলি যে, মই তোৰ ধৰ্ষন কৰিলো। গাওঁৰ লোকসকলো তোৰ বন্ধুৱে। কলে যে এইক বিয়া কৰাই ল, নহলে গাওঁৰ সকলো সুবিধাই বন্ধ কৰি দিম। আৰু কৰ্টত লৈ গৈ, গাওঁবাসীয়ে মোৰ বিষয়ে কবগৈ আৰু মোক ফাঁচী কাঠত ওলমাব।


কইনাজনীয়ে এতিয়াও শান্ত ভাৱে টেবুল খনৰ ওচৰতে পৰি আছিল। তাই এনেকৈ পৰি থকাত লৰাটোৰ আৰু খং উঠিল আৰু তাইক তানি আনি উঠাই লৈ কইনাজনীৰ গালত চৰ সুধাই দিলে। বহুত বিচাৰিছিলি ন তই ন্যায় পোৱাটো আৰু তোৰ দৰিদ্ৰ বাপেৰাৰ তোৰ বিয়াখন মোৰ লগত কৰোৱাৰ। এতিয়া তোক মই ন্যায় দিম। 

চৰিত্ৰহীনা, লৰাটোৱে এনে কৈয়ে, তাইক পিটিবলৈ আগবাঢ়িল। কিন্তু আচৰিত ধৰণে, কইনাজনীয়ে সিংহৰ দৰে গুজৰি, নিজৰ ককাঁলৰ খুচনিৰ পৰা এখন চুৰি ওলিয়াই লৰাটোৱে পেটত সোমোৱাই দিলে। লৰাটোৱে এই আশ্চৰ্য্যজনক ঘটনাটোৰ বাবে প্ৰস্তুত নাছিল। লৰাটোৰ পেটৰ পৰা তেজৰ টোপাল ববলৈ ধৰিলে আৰু সি বিষতে চিঞঁৰিলে আৰু তেতিয়া কইনাজনীয়ে পেটৰ পৰা চুৰিখন ওলিয়াই পুনৰ আকৌ ভয়ানক ভাৱে তাৰ পেটত সোমোৱাই দিলে। লৰাটো মাটিত বাগৰি পৰিল আৰু বিষত চটফটাবলৈ ধৰিলে। কইনাজনীৰ চিন্তনীয় মুখত এতিয়া হত্যাকাৰীৰ হাঁহি জিলিকি উঠিছিল। তাই পুনৰ লৰাটোৰ ফালে তললৈ মূৰ কৰিলে আৰু বাৰে বাৰে তাৰ পেটত চুৰিৰে ঘপিয়াবলৈ ধৰিলে। লৰাটোৰ চিঞঁৰত ঘৰৰ সকলো লোক তালৈ গল আৰু কোঠাটোৰ ৰূপ দেখা পায় সকলো মৌন হৈ ৰল। ( Storyboard )


কইনাজনীৰ হাতত তেজেৰে ভৰা চুৰিখন, তাইৰ বিবাহৰ কাপোৰযোৰো তাইৰ স্বামীৰ তেজেৰে ভৰপূৰ হৈ আছিল। তাইৰ চকু দুটিও বেলেগ হৈ পৰিছিল আৰু মুখত হাঁহি জিলিকি উঠিছিল। ভয়ৰ সতে ঘৰৰ লোকে কইনাজনীক ধৰিলে আৰু মাটিত বাগৰি ৰোৱা লৰাটোৰ কাষলৈ গল। তেতিয়ালৈকে সি উশাহ লবলৈ বন্ধ কৰিছিল। অৰ্থাৎ মৃত্যুক সাৱটি লৈছিল। ঘৰৰ লোকে কইনাজনীক ধৰি লৈ মাৰিবলৈ ধৰিলে। কোঠাটো হুলস্থুল লাগিল। ঐ যখিনি মোৰ লৰাটোক খায় পেলালি আৰু এনেধৰণৰ বহু গালি তাইৰ ওপৰত বৰষিবলৈ ধৰিলে। ঘৰৰ লোকসকল কইনাজনীৰ ফালে আগবাঢ়ি আহিল কিন্তু এতিয়াও কইনাজনীয়ে ভোকত থকা সিংহৰ দৰে চুৰিখন জোৰেৰে খামুচি ধৰি আছিল। সেই সময়তে ঘৰলৈ পুলিচ আহিল। মাটিত তেজেৰে সৈতে লৰাটোক আৰু হাতত চুৰি লৈ থকা কইনাজনীক দেখা পালে। আৰু তক্ষনাৎ তাইক আতক কৰিলে। 


কইনাৰ মাকৰ ঘৰৰ লোকক খবৰ দিয়া হয়। নতুন কইনাৰ সাঁজতে, থানাত বহি থকা কইনাজনীৰ মুখত এতিয়া শান্তি ভাৱ আছিল। তাইৰ মুখ খনক কোনেও, এয়া ভাৱিব নোৱাঁৰিছিল যে কিছু সময়ৰ আগতে এই কইনাজনীৰ মুখত হত্যাৰ ভাৱনা আছিল। পুলিচ ষ্টেচনত সকলোৱে তাই ফালে ঘূৰি ঘূৰি চাই ৰৈছিল। কইনাজনীক এটা আচুতীয়া কোঠালিত সুধা পোচাৰ বাবে লৈ যোৱা হল। যত এগৰাকী মহিলা পুলিচ বিষয় উপস্থিত আছিল। মহিলা পুলিচ বিষয়া গৰাকীয়ে কইনাজনীক বহিবলৈ ইংগিত দিলে। কইনাজনীয়ে তেওঁৰ সন্মুখৰ চকীত বহিলে। /p>


মহিলা পুলিচ বিষয়া, তোমাৰ নাম কি!

কইনা, ৰূপা। মহিলা পুলিচ বিষয়া,

তুমি নিজৰ স্বামীক কিয় হত্যা কৰিলা! 

কইনা, আজি এমাহৰ পৰাই মই তাৰ মৃত্যু বাবে অপেক্ষা কৰি ৰৈছিলো। সি নিজৰ অস্য কামনা পূর্ণ কৰিবলৈ মোৰ জীৱনটো শেষ কৰি দিলে। তাৰ ফল সি পাবলগীয়াই আছিল।

মহিলা পুলিচ বিষয়া, যদি সি তোমাৰ ধৰ্ষণ কৰিছিল, তেতিয়া হলে তুমি তাৰ লগত বিবাহত কিয় বহিছিলা! তুমি আইনৰ সহায়তা লব পাৰিলা হয়! তাক শাস্তি দিবলৈ!

কইনা, হাঁহি লৈ, আইনে যদি মোৰ দৰে ছোৱালীৰ লগ দিয়া হলে, তাৰদৰে দানৱৰ ইমান শক্তি নহল হয় যে আমাৰ দৰে ছোৱালীৰ গাত হাত দিব পাৰে। যিহেটো মোৰ জীৱন সি শেষ কৰিলেই, সেইবাবে মইয়ে তাক শাস্তি দিম বুলি থিৰাং কৰিলো।

মহিলা পুলিচ বিষয়া, তোমাৰ ঘৰৰ লোকক মাতিছিলো, কিন্তু তেওঁলোকে আহিবলৈ মান্তি নহল!

কইনা, তেওঁলোকে মোকে মৃত বুলি এৰি দিলে, যাতে মই মোৰ লগত হোৱা দূৰ্ঘটনাৰ প্ৰতিশোধ লব পাৰো। সেইবাবেই তেওঁলোকে গাঁৱৰ খেকৰ ওচৰত মোৰ বিবাহ সেই দানৱৰ লগত কৰাবলৈ প্ৰাৰ্থনা জনাইছিল। আজি মই মোৰ লগত হোৱা অন্যায়ৰ প্ৰতিশোধ ললো। এতিয়া মোৰ মা দেউতাই শান্তি পাব। আপোনাক মইয়েই হবলগীয়া হত্যাৰ খবৰ দিছিলো, যাতে আপুনি সময়ত আহি মোক সেই সকল লোকৰ পৰা আঁতৰাই আনে, নহলে তাহাঁতি মোকো হত্যা কৰিলে হয়। কিন্তু মই মৰিবলৈ বিচৰা নাই। কাৰণ মই মোৰ কাহিনীটো সেই প্ৰতিজনী ছোৱালীৰ শুনাবলৈ বিচাৰো, যিয়ে নিজকে বহুত দূৰ্বল ভাৱে। আৰু নিজৰ ওপৰত হোৱা অত্যাচাৰক সহি যায়। তাহাঁতি গম পাব লাগে যে আমি যদি লক্ষ্মীৰ ৰূপ হয় আনফালে দূৰ্গাও হয়। যিয়ে দুষ্টক দমন কৰিবলৈ পাৰে।


মহিলা পুলিচ বিষয়া গৰাকীয়ে তাইৰ ফালে ভালদৰে চাই ৰল, যেন তেওঁৰো এগৰাকী মহিলা হিচাপে তাইৰ ওপৰত গৰ্বহে হৈছে।।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages