পৰিণীতাই এটা এন.জি.অ'.ত কাম কৰিছিল। তাই চৰ্মৰোগত আক্ৰান্ত আছিল। সেইবাবে তাই নিজৰ দৰে লোকক সহায় কৰি ভাল পাইছিল( Storyboard )। ভাল কথা এইটোৱে আছিল যে তাইৰ মুখত কোনো দাগ নাছিল,কিন্তু শৰীৰত বগা দাগেৰে ভৰি আছিল। সেইকাৰণে তাই সদাই নিজৰ শৰীৰটো ঢাকি ৰাখিছিল। লাগিলে যিমানেই গৰম নহওক কিয় তাই সদায় হাত দীঘল আৰু ডিঙিলৈ ঢকা চোলাহে পিন্ধিছিল।
সেইদিনা বৰ গৰম আছিল,সূৰ্যটোৱে যেন একোৰা জুইহে এৰি দিছিল,ৰাষ্টাত দুই- এজন মানুহহে দেখা গৈছিল। মে' মাহৰ প্ৰখৰ গৰমত দুপৰীয়া ঘৰৰ পৰা বাহিৰ ওলোৱাই আপদ যেন লগা হৈছিল। পৰিণীতাৰ স্কুটিখনো বেয়া হ'ল,তাই ভাবিলে আজি ছুটিয়েই লৈ লওঁ,কিন্তু হঠাৎ অফিচৰ পৰা ফোন আহিল যে এটা জৰুৰী কামৰ বাবে তাই যাব লাগে।
উপায় নাপায় তাই যাব ওলাল ।যেতিয়া কোনোৱাই ছুটি লোৱাৰ কথা ভাবে আৰু গৰমৰ লগতে স্কুটিয়ো বেয়া হৈ থাকে তেতিয়া অফিচলৈ যোৱা সকলোতকৈ ডাঙৰ বিপদৰ কথা হৈ পৰে, কিন্তু অফিচটো যাবয়েই লাগিব ,মুখৰ ভিতৰতে কিবা-কিবি কৈ তাই যাবলৈ ওলাল, পিছফালৰ পৰা মাকে চিঞৰিলে" টিফিনটো লৈ যোৱা,ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই।"
মাকৰ কথা গুৰুত্ব নিদি তাই ঘৰৰ পৰা শীঘ্ৰেই ওলাই গ'ল।ৰাষ্টাত এখনো ৰিক্সা বা অট' তাই দেখিবলৈ পোৱা নাছিল।তাইৰ আৰু খং উঠিলে,"স্কুটিখনো আজিয়েই বেয়া হ'বলৈ পালে,পানীৰ বটলো নানিলো,পিয়াহত ডিঙি শুকাই গৈছে।"
এইদৰে মুখতে কিবা-কিবি বুৰবুৰাই তাই গৈ আছিলে,তেনেতে এখন মটৰ চাইকেল তাইৰ কাষত ৰৈলহি,"বাইদেউ ক'ত যাব আপুনি ,আহক মই থৈ আহোঁ।"এফালে গৰম আৰু আনফালে কোনো মানুহকে তাই দেখা পোৱা নাছিল,মানুহজনে হেল্মেটেৰে মুখখন ঢাকি থোৱা দেখি তাই বৰ ভয় খালে।"নাই মই ক'তো নাযাওঁ দাদা,আপুনি যাওঁক।"
"চাওঁক ভয় নাখাব,মই এজন সৈনিক,এই দুপৰীয়া আপুনি কোনো ৰিক্সা বা অট' নাপায়,আপোনাক অশান্তিত থকা যেন লাগি মই ৰৈ গ'লো, আপুনি ক'ত যাব কওঁক ,মই থৈ আহিম।"তেওঁ হেল্মেট টো খুলি ক'লে।
পৰিণীতাই দেখিলে যে যুৱকজন দেখাত বৰ সুন্দৰ ,তেওঁ নীলা ৰঙৰ জিঞ্চ আৰু ৰঙা ৰঙৰ এটা চাৰ্ট পিন্ধিছিলে।তেওঁৰ দাড়ি নাছিল, দেখাত ভদ্ৰ যেন লাগিছিল।"আহক বাইদেউ মই থৈ আহিম, যিমানহে গৰম এখুজো আগবঢ়া কঠিন যেন লাগিছে।"
"নালাগে দাদা মই গুচি যাম"পৰিণীতাই ভয়ে ভয়ে ক'লে।
"ঠিক আছে আপোনাৰ যি ইচ্ছা ,"এইদৰে কৈ ল'ৰাজন গুচি গ'ল।কিবা প্ৰকাৰে পৰিণীতা অফিচ পালেগৈ,পিয়াহত তাইৰ অৱস্থা বেয়া হৈ গৈছিল,কেবিন পায়েই তাই চকীদাৰজনক পানীৰ কাৰণে মাত লগালে।
"বাইদেউ আপোনাক লগ কৰিবৰ বাবে কোনোবা এজন ৰৈ আছে"চকীদাৰজনে ক'লে।
"ঠিক আছে পঠিয়াই দিয়া তেওঁক।"
ভিতৰলৈ সোমাই অহা লোকজনক দেখি তাই চক্ খালে,কাৰণ সেইজন অন্য কোনো নাছিল, ৰাষ্টাত লগ পোৱা মানুহজনেই আছিল।
"আপুনি" পৰিণীতাই আচৰিত হৈ সুধিলে।
"হয় মই, কিন্তু আপুনি ইয়াত?"
"মই ইয়াত কাম কৰোঁ,আৰু আপুনি কিয় আহিছে।"
মোক পূজা আন্টিয়ে পঠাইছে,চান্দাৰ কাৰণে,এইখন ল'ওঁক চেক্।"ল'ৰাজনে এখন চেক্ উলিয়াই পৰিণীতাক দিলে।
"অ' তাৰমানে এইখন পূজা আন্টিৰ চেক্।তেওঁৰ ফোন আহিছিলে যে তেওঁ চেক্ খন পঠিয়াই দিব।তেওঁক মোৰ ফালৰ পৰা ধন্যবাদ দিব।কিন্তু আপুনি তেওঁৰ কোন হয়"পৰিণীতাই ইনেই সুধিলে।
"হয় ,তেওঁ মোৰ মাহী,ছুটি আছিল বাবে মাক মাহীৰ ঘৰলৈ লৈ আহিছিলো ফুৰাবলৈ।"
"অ' আপুনি নিজৰ নামতো নক'লে?"
"আপুনি সুধাই নাই,অৱশ্যে মই ৰাজ আৰু আপুনি?"
"মই পৰিণীতা"
"বৰ সুন্দৰ নাম।"
পৰিণীতাৰ এনেকুৱা প্ৰসংশা আগতে কোনেও কৰা নাছিল,তাইৰ অলপ লাজ লাগিল।
"ধন্যবাদ"।
"নহয় মই সচাঁ কৈছো,অৱশ্যে মই আপোনাক লিফ্টো দিব বিচাৰিছিলোঁ কিন্তু আপুনি নল'লে,মোৰ চেহেৰাত মই বদমাচ বুলি লিখা আছে নি?"
"আপোনাৰ চেহেৰাত ভদ্ৰ বুলিও লিখা নাই,মই কেনেকৈ আপুনাৰ পৰা লিফ্ট ল'ম,মইতো আপোনাক চিনিয়েই নাপাওঁ।"
"অৱশ্যে আপুনি ঠিকেই কৈছে, আমি কিদৰে অচিনাকি ব্যক্তিক বিশ্বাস কৰিম,কিন্তু এতিয়াতো আমি বন্ধু হ'লো।
"বন্ধু,ইমান সোনকালে।"
"বন্ধু হ'বলৈ কিমান সময় লাগে,এতিয়া বন্ধুত্ব পক্কা,ৰাজে নিজৰ হাতখন আগবঢ়ায় দিলে।পৰিণীতাই হাত যোৰ কৰি নমস্কাৰ জনালে,তাই কাৰো লগত হাত নিমিলাই।"এতিয়া নহয় "বৰ কোমল মাতত তাই ক'লে।
"তেতিয়া হ'লে কেতিয়া ,কি মোৰ চেহেৰা ইমান বেয়ানে যে আপুনি মোৰ লগত হাত মিলাব নোৱাৰে?"
"নহয়,সেইটো কথা নহয়;পৰিণীতা সংকোচিত হৈ পৰিছিল,তাইৰ মনত পৰিলে,তাই যেতিয়া সৰুতে হাত মিলাবলৈ চাই তেতিয়া কোনেও তাইৰ লগত হাত নিমিলাই, তাইৰ বান্ধৱীবোৰেও তাইৰ হাতেৰে একো নাখায়,লাহে-লাহে তাইৰ বান্ধৱী কমিবলৈ ধৰিলে,তাই নিজেও অকলে-অকলে থাকিবলৈ ল'লে।প্ৰথমে তাইৰ শৰীৰত কম দাগ আছিল,যেতিয়া তাই ডাঙৰ হবলৈ ধৰিলে,তাইৰ দাগো বাঢ়ি গ'ল।ভাল কথা আছিল যে তাইৰ চেহেৰাত কোনো দাগ নাই,নহ'লে তাই ঘৰৰ পৰাও নোলালেহেঁতেন,কাৰণ তাই বৰ ভাবুক ছোৱালী।
"কি ভাবি আছে বাইদেউ,আপোনাৰ ঘৰলৈ যাব হৈছে যদি মই হাজিৰ আছো,"ৰাজে তাইৰ ভাবনাত বান্ধ লগাই দিলে।
"নাই আপুনি যাওঁক মোৰ সময় অাছে।"
"মই আপোনাৰ বাবে ৰ'ব পাৰিম,অলপ সময় য'ত ত'ত ফুৰিম আৰু আপোনাক লৈ যাম।"ৰাজে কোনোপধ্যে তাইৰ পিছ এৰা নাছিল।
এতিয়া পৰিণীতা অলপ কঠোৰ হ'ল,"এবাৰ ক'লো নহয় মোৰ সময় লাগিব।"
"ঠিক আছে যাওঁ,খং নকৰিব,আচলতে মই ইয়াত কাকো চিনি নাপাও,সেইকাৰণে আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিলোঁ,কিন্তু আপুনি যদি খং কৰিছে তেতিয়া যাওঁ।"ৰাজ এতিয়া হতাশ হৈ পৰিল।
"সম্ভৱত তুমি মোৰ হাতকেইখন দেখা নাই ,নহ'লে তুমিও মোৰ লগত কথা নাপাতিলাহেঁতেন,পৰিণীতাই ভাবিলে।
ৰাজ তাৰ পৰা গুচি গ'ল।
দ্বিতীয় দিনা যেতিয়া পৰিণীতা অফিচলৈ আহিছিলে ৰাজ আগৰপৰাই তাত ৰৈ আছিল,"আজি আপোনাৰ স্কুটি ভাল হ'ল হ'বলা।"
"হয়"পৰিণীতাই লাহেকৈ ক'লে।
"আজিটো মোৰ লিফ্ট দিয়াৰ সুবিধাই নাইকিয়া হ'ল।"কথাটো শুনি পৰিণীতাই হাঁহিলে।"আপোনাৰ হাঁহিটো ইমান ধুনীয়া,আপুনি বাৰু হঁহাত ইমান কৃপনামী কৰে কিয়?" কথাষাৰ শুনি পৰিণীতা উদাস হৈ পৰিল। "আৰেই মই আপোনাক দুখ দিব বিচৰা নাছিলোঁ,আপুনি যাওঁক।"
গোটেই দিনটো পৰিণীতাৰ কাণত ৰাজৰ মাতটো ভাঁহি থাকিল,নিবিচৰাকৈয়ে তাইৰ মুখত হাঁহি আহি গ'ল,আবেলি যেতিয়া তাই ঘূৰি আহিলে তেতিয়া ৰাজ তাইৰ কাৰণে ৰৈ আছিল,"আজি দেৰি হ'ল নি আপোনাৰ?"ৰাজে যেন তাইৰ লগত কথা পতাৰ সুযোগ বিছাৰি আছিল।
"নাইতো,মই সদায় একে সময়তেই আহোঁ।
"তেতিয়া মইয়েই সোনকালে আহিলোঁ হ'বলা, গম পাইনে এঘন্টাৰ পৰাই আপোনাৰ কাৰণে ৰৈ আছো।"
"কি"পৰিণীতাই সাধাৰণ ভাবে সুধিলে।
"আপোনাক লগ পাবলৈ,"ৰাজে চিধাচিধিকৈ ক'লে।তৃতীয় দিনাও ৰাজ পৰিণীতাৰ কাৰণে ৰৈ আছিল,আবেলিও সি তাতে ৰৈ আছিলে।পৰিণীতাই ঘৰলৈ গৈ ভাবিলে যে তাই কাইলৈ সোনকালে অফিচলৈ গুচি যাব,কিন্তু চতুৰ্থ দিনাও সি তাতেই ৰৈ আছিল,"মই জানিছিলোঁ যে আজি আপুনি সোনকালেই যাব।"
"কেনেকৈ "
"বচ্ মোৰ হৃদয়ে কৈছিলে যে মই আজি সোনকালে যাওঁ আৰু মই আহি গ'লো।" পৰিণীতাই জানিছিলে যে যিদিনা সি সঁচা কথা গম পাব সি তাইৰ ফালে ঘূৰিয়ো নাচাব।"আপুনি নিজৰ সময় নষ্ট কৰিছে ৰাজ"কৈয়েই তাই স্কুটিখন ষ্টাৰ্ট কৰি তাৰপৰা গুচি গ'ল।পঞ্চম দিনা ৰাজ খোজকাঢ়িয়েই আহিল,"আপুনি মোক লিফ্ট দিবনে?"
"আপোনাৰ বাইকখন কি হ'ল?"
"বেয়া হ'ল,মোৰ ওচৰৰ বজাৰলৈ যাব লগা আছে,আপোনাৰ পিছতে বহি যাব পাৰিমনে,মই আমনি নকৰো"
"ঠিক আছে "
ৰাজে কিবা নহয় কিবা কৈয়েই গৈ থাকিল।এঠাইত সি ৰবলৈ ক'লে। পৰিণীতাই স্কুটি ৰখালে,সন্মুখত এখন কফি শ্বপ আছিল"ব'লক কফি একাপ খাওঁ"
"নাই মোৰ দেৰি হৈছে।"
"ইমানো দেৰি হোৱা নাই যে একাপ কফি খাবও সময় নাই"ৰাজে জেদ কৰিবলৈ ধৰিলে।
পৰিণীতা ভিতৰলৈ সোমাই গ'ল,দুয়োজন সন্মুখা-সন্মুখিকৈ বহিলে।"পৰিণীতা আপুনি নাহাঁহে কিয়,আপুনি জানেনে আপোনাৰ হাঁহিটো কিমান ধুনীয়া "পৰিণীতাৰ চকুত চকু পানীৰে ভৰি পৰিল,"আপুনি মোৰ বিষয়ে কি জানে?"
"সকলো"ৰাজে ক'লে।
"সকলো মানে,আপুনি জানে মই কি ৰোগত পীড়িত হৈ আছো"
মই সকলো জানো পূজা আন্টিয়ে মোক সকলো কৈছে যে আপুনি কিমান ভাল আৰু নিজৰ দুখ পাহৰি কিদৰে আনক সহায় কৰিব লৈছে।"( Storyboard )
"তথাপিও আপুনি মোক ...."পৰিণীতাই নিজৰ কথা আধৰুৱা কৰি এৰি দিলে,কিছুমান কথা আধৰুৱা হ'লেও বুজিব পাৰি।
"কি হৈছে আপোনাৰ,এইটো কি এনে অসাধাৰণ বেমাৰ যে আগতে কাৰো হোৱা নাই,নে আপুনি কিবা ভূল কৰিছে ,তেতিয়া আপুনি কিয় সমাজৰ পৰা ইমান আঁতৰি থাকে ,"ৰাজে ক'বলৈ ধৰিলে।আপুনি হাঁহিলে পাপ হ'ব নি?
"আপুনি মোৰ বিষয়ে কিমান জানে, আপুনি জানে জানো মোৰ সৰু কালৰ কথা,মই কিমান সহিছো।সৰুতে মোৰ হাতৰ পৰা ল'ৰা -ছোৱালীবোৰে একো নাখাইছিল,মোৰ লগত কোনেও নেখেলিছিল,বগা দাগ থকা বুলি মোক সকলোৱে জোকাইছিল,মোক গতিয়াই থৈ যায়, মই ইমান গৰমতো কিয় দিঙিৰ ওপৰলৈকে চোলা পিন্ধো জানেনে যাতে মোৰ বগা দাগবোৰ দেখা নাযায়,পৰিণীতাই একে উশাহতে কথা কেইটা ক'লে । এইটোৱেই ভাল কথা যে মোৰ মুখত দাগ নাই,নহ'লে আপুনি মোক ভাল পোৱা দূৰৈৰ কথা মোৰ লগত কথায়েই নাপাতিলেহেঁতেন। তুমি জানানে পৰিণীতা মই তোমাৰ বিষয়ে কেৱল শুনিয়েই পূজা আন্টিৰ পৰা তোমাক ভাল পায় পেলাইছিলো।মই নাজানো মোৰ লগত এনেকুৱা কিয় হ'ল কিন্তু এনেকুৱা আগতে কেতিয়াও হোৱা নাছিল।সৰুতে আমাৰ এনে বহু ঘটনা হয় যিবিলাক আমাৰ মনত ৰখাৰ প্ৰয়োজন বোধ নাই।ৰাজ মনে-মনে থাকিলে।অলপ সময় মনে-মনে থাকি সি আকৌ কবলৈ ধৰিলে,"আৰু মই নাজানো তোমাৰ ইমান গৰমত দিঙিলৈ উঠা কুৰ্তা পিন্ধাৰ প্ৰয়োজন কি?কাৰোবাৰ কথা ভাবি কি লাভ।"
"আপুনি নাজানে ৰাজ মোৰ আত্মবিশ্বাস শেষ হৈ গৈছে,মই কোনো পাৰ্টিলৈ নাযাঁও,কেতিয়াও কাৰো ঘৰলৈ নাযাঁও।"
"কিন্তু কিয়?"
"কাৰণ মোৰ ভয় লাগে কোনোবাই যদি মোক লাজ দিয়ে।"
"প্ৰথম কথা তুমি মানুহৰ পৰা সন্মানৰ আশা কৰা কিয়?যিবোৰ মানুহে কাৰো ভাবনাক সন্মান কৰিব নাজানে,আৰু মই বুজা নাই এইটো কি এনে ডাঙৰ বেমাৰ যে তোমাক চুলেই হৈ যাব।"
"আপুনিও ভাবনাতে ডুব গৈ মোক ভাল পোৱা নাইতো?কাৰণ আমি চিনাকী হোৱাতো পাঁচ দিনহে হৈছে।"
"ঠিক আছে যদি তোমাৰ এনেকুৱা অবুভৱ হৈছে তেতিয়া মই তোমাক কৈ দিও যে মই পৰহিলৈ যামগৈ,মোৰ ছুটি শেষ হৈছে,যদি মই তোমাক সঁচা ভাল পাওঁ তেতিয়া সদায় তোমালৈ ফোন কৰিম আৰু এবছৰ পাছত যেতিয়া আকৌ আহিম তোমাক বিয়া কৰাই লৈ যাম।"ৰাজে সহজ ভাৱে কথা কেইটা ক'লে।
পৰিণীতাই বুজি পোৱা নাছিলে যে তাইৰ জীৱনত এইবোৰ কি হৈছিলে,তাই লাজ ,আনন্দ একোৱেই কৰিব পৰা নাছিলে মাত্ৰ চকু মেলি ৰাজৰ ফালে একেধাৰে চাই থাকিল। কি হ'ল পৰিণীতা তুমি মোলৈ কি চাই আছা,তোমাকোতো সময় লাগে মোৰ বিষয়ে ভাবিবলৈ,পিছে মোৰ বিষয়ে কি ভাবি আছা,ৰাজে দুষ্টালীৰ সুৰত সুধিলে।কিন্তু পৰিণীতাই এতিয়াও বিশ্বাস কৰিব পৰা নাছিল এইয়া সচাঁয়ে সম্ভৱনে?কথাবোৰ তাইৰ চিনেমাৰ দৰে লাগিল,তাই এতিয়াই হা কৰি দিব নেকি,মাত্ৰ পাঁচ দিনতে প্ৰেম হোৱা সম্ভৱনে? ৰাজে সঁচা কৈছেতো,এনেধৰণৰ নানান প্ৰশ্নয়ে তাইক খুন্দা মাৰি ধৰিলে,কিন্তু সকলো প্ৰশ্নৰ উত্তৰ কেৱল সময়েহে দিব,আৰু ৰাজে তাইক সময় দিবলৈও সাজু আছে।
"একো নোকোৱা নেকি?"
"কি কম একো ভাবি পোৱা নাই"
"তুমি একো নোকোৱা যদি ময়েই কও তুমি কালিলৈ ছুটি লবা আৰু আমি গোটেই দিন ফুৰিম"
"ঠিক আছে" পৰিণীতাই নভবাকৈয়ে তাইৰ মুখৰ পৰা হা ওলাই গ'ল।
ষষ্ঠ দিনতোও এইদৰে পাৰ হ'ল।সপ্তম দিনা ৰাজ যাবলৈ ওলাল।
পৰিণীতা উদাস হৈ পৰিছিল,ৰাজে তাইৰ কপালত মৰম সানি দিলে,"মোৰ ওপৰত বিশ্বাস আছেতো?"পৰিণীতাই মূৰ জোকাৰিলে,"নিজতকৈয়ো বেছি ।"
"তেতিয়া মই সহজে যাব পাৰিম।"
ৰাজ গুচি গ'ল,পৰিণীতা বৰ উদাস আছিলে,পিছদিনা ফৌজৰ পৰা ৰাজৰ ফোন আহি গ'ল,বহুত দেৰিলৈকে তেওঁলোকে কথা পাতিলে,তাই বৰ আনন্দিত আছিল যেন মাটিত ভৰিয়েই নপৰিব।
এইদৰে ছমাহ পাৰ হ'ল।ৰাজে সদায়েই ফোন কৰে,তাইৰ দিনবোৰ সোণৰ আৰু ৰাতিবোৰ হীৰাৰ দৰে হৈ পৰিল।তাই প্ৰথমবাৰৰ বাবে সপোন দেখা আৰম্ভ কৰিলে,তাই নাচি বাগি আনন্দ কৰিবলৈ ল'লে।ঘৰৰ আৰু এন.জি.অ.ৰ মানুহে তাইৰ আনন্দৰ কথা ভাবিব পৰা নাছিল।
সেইদিনা ৰাজে তাইক ক'লে "এতিয়া তোমাৰ মোৰ ওপৰত বিশ্বাস হ'লনে?"
"কি কৈছা ৰাজ নিজতকৈও বেছি বিশ্বাস আছে"
"তেতিয়া মই মাক তোমালোকৰ ঘৰলৈ পঠিয়াই দিও?"
"ও"
"জোৰকৈ কোৱা মই শুনা নাই,"ৰাজে ধেমালী কৰিলে।
"ৰাজ মায়ে মোৰ বিষয়ে জানেতো?তেওঁৰ কোনো আপত্তি নাইতো"
"কি কথা কৈছা পৰি,তেওঁ কিয় আপত্তি কৰিব,বিয়া মইহে কৰাম আৰু মই ছাগে তোমাক কৈছিলো যে মোৰ আইতায়েও এই দুখ সহিছে।
"নাই মই নাজানো,কিন্তু এতিয়া মই বুজিছো তুমি মোক কিয় ভাল পালা"পৰিণীতাই ধেমালীতে ক'লে।
"হ'ব ঠাট্টা নকৰিবা,কাইলৈ পূজা আন্টি আৰু মাঁ দুয়োগৰাকীকে তোমাৰ ঘৰলৈ পঠাই দিম।"
পৰিণীতাৰ গোটেই ৰাতি টোপনি নাহিল,তাই ভবিষ্যতৰ সোণালী সপোন দেখিবলৈ ধৰিলে।দ্বিতীয় দিনা ৰাজৰ অনুপস্হিতিতেই পৰিণীতাৰ আঙঠি পিন্ধোৱা হৈ গ'ল,
আৰু এইটো সিদ্ধান্ত হ'ল যে ৰাজ অহাৰ পাছত তেওঁলোকৰ বিয়া হ'ব।ৰাজৰ ছুটিলৈ মাত্ৰ তিনিমাহ বাকী আছিল,পাতল বৰষুণৰ টোপালবোৰে বতৰটো আৰু ধুনীয়া কৰি তুলিছিল।আজি ৰাতিপুৱাৰ পৰা ৰাজৰ ফোন অহা নাছিল। ৰাজেতো সদায়েই ফোন কৰে,ৰাতিপুৱা ঘৰৰ পৰা ওলোৱালৈকে তাৰ ফোন আহি যায়,ৰাতি শুৱাৰ আগত পৰিণীতাই ফোন কৰে এইটো নিয়মেই আছিল।
পৰিণীতাৰ বুকুখন কঁপি উঠিল। ৰাতি কথা পাতোতেই ৰাতিপুৱা কথা পতাৰ প্ৰতিশ্ৰুতি আছিল।ৰাজে পৰিণীতাক কৈছিল যে তাই যাতে ৰাতিপুৱা ফোন নকৰে,সি ব্যস্তয়ো থাকিব পাৰে।কিন্তু আজি তাই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে।ফোনটো ৰিং কৰিয়েই আছিল,পৰিণীতাৰ বুকুখন আৰু বেছি কঁপিবলৈ ধৰিলে,তেতিয়াই এটা ফোন আহিল যে সৈনিক চাৱনীত সন্ত্রাসবাদীয়ে আক্ৰমণ কৰিছে আৰু কেইবাজনো সৈনিক বীৰগতি প্ৰাপ্ত হৈছে।পৰিণীতাৰ ভৰিৰ তলৰ মাটি খহি পৰা যেন অনুভৱ হ'ল,তেনেতে পূজা মাহীৰ ফোন আহিল যে ৰাজ জীয়াই আছে কিন্তু বৰ বেয়াকৈ আহত হৈছে,সি হাস্পাতালত আছে।
যেতিয়া সকলো পৰিয়ালৰ লোক ৰাজৰ ওচৰ পালেগৈ সি অজ্ঞান হৈ আছিল,তাৰ জ্ঞান ঘূৰি অহাতহে সি গম পালে যে সি তাৰ ভৰি দুখন হেৰুৱাইছে আৰু সি কেতিয়াও দেউতাক হ'ব নোৱাৰে,সি কন্দা নাছিল মাত্ৰ পৰিণীতাক ক'লে,"পৰি মই এতিয়া তোমাৰ যোগ্য নহয়।"পৰিণীতাই কান্দি দিলে।তাই ৰাজৰ হাতখন নিজৰ হাতত ল'লে আৰু ক'লে,"নাই ৰাজ তুমি হয়,তুমি মোৰ সকলো।এতিয়া মই তোমাক সুধিছো-"তুমি মোক বিয়া কৰাবানে?"
সমাপ্ত
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment