সদায় মাত লগোৱাৰ দৰে আজিও প্রদীপে তেওঁৰ একমাত্ৰ ছোৱালী দিম্পিক মাত লগাই কলে," মাজনী, আহা ব্ৰেকফাষ্ট কৰি লোৱা, আজি তুমি খাই ভাল পোৱা বস্তু বনাইছোঁ ( Storyboard )।" আচলতে তেওঁৰ পত্নী বহু উচ্চাকাংক্ষী হোৱাৰ বাবে বিয়াৰ তিনি বছৰ পাছতে তেওঁক এৰি বেলেগ এজন ধনী ব্যৱসায়ীৰ লগত বিয়া হল। তেতিয়াৰ পৰাই প্রদীপে নগাঁওত থাকি দিম্পিৰ মাক আৰু দেউতাক দুইজনৰে ভূমিকা পালন কৰি আহিছে। প্ৰদীপ ৰাতিপুৱাই উঠি দিম্পিৰ কাৰণে ব্ৰেকফাষ্ট বনাই, টিফিন পেক কৰি দিয়ে , স্কুল বেগ সামৰি দিয়ে, স্কুলৰ পৰা অনা নিয়া কৰা , গধূলি পঢ়োৱা আৰু ৰাতি তাইৰ বাবে আহাৰ প্ৰস্তুত কৰা এই সকলো কৰে।
প্রদীপে তেওঁৰ সীমিত আয়েৰে দিম্পিক চহৰৰ আটাইতকৈ ভাল স্কুলত নাম ভৰ্তি কৰি দিছে। তেওঁ দিম্পিৰ বাবে ভাল কাপোৰ আনি দিয়ে, তাইৰ সকলো আশা পূৰণ কৰে লাগিলে তেওঁ যিমানেই নিজক লৈ কৃপনালী কৰক। তেওঁৰ সহকৰ্মীয়ে কয়," তুমি নিজৰ কথাও অলপ ভাবিবা। আজিকালিটো সন্তানো নজৰ নহয়। তোমাৰ বয়স নো কিমান হৈছে? তুমি বিয়া নকৰুৱা কিয়?" প্রদীপে তেওঁলোকৰ কথাবোৰত গুৰুত্ব নিদিয়ে আৰু সদায় দিম্পিৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে।
দিম্পীয়ে পঢ়াত খুব মন দিয়ে । তাই ভাল নম্বৰৰ সৈতে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হল আৰু এল.এল.বি কৰাৰ পিছত এল.এল.এম কৰিবৰ বাবে নাম ভৰ্তি কৰালে। কলেজত তাই বাস্তৱ নামৰ লৰাজনক লগ পালে যাৰ দেউতাকৰ মৃত্যু বহুত আগতেই হৈছিল। তেওঁ এজন বহুত গহীন গম্ভীৰ লৰা আছিল। সি ইংৰাজী সাহিত্যত পি,এইচ,দি কৰি আছিল। সাহিত্য পঢ়াৰ বাবে সি বহুত ভাবুক আৰু বেলেগৰ প্ৰতি সংবেদনশীল হৈ পৰিছিল। যেতিয়া সি দিম্পিৰ মাকৰ কথা গম পালে সি তাইৰ প্ৰতি জিজ্ঞাখা প্ৰকাশ কৰিলে।
এদিন কলেজৰ অনুষ্ঠান এটাত দুয়ো একেলগত বহিল। এজন ছাত্ৰই গজল গাইছিল , বাস্তৱে গায়কৰ প্ৰশংসাত হাত চাপৰি বজালে। সেই গজল দিম্পিৰ বহুত পছন্দৰ আছিল যিটো তাইৰ মুখেৰে আপোনাআপুনি "ৱাহ ৱাহ!" ওলাই গল। বাস্তৱে শুনি তাইক কলে," কি সুন্দৰ গীত পৰিবেশন কৰিলে তেওঁ ।" সেইদিনাৰ পৰাই বাস্তৱ আৰু দিম্পিৰ কথা বতৰা আৰম্ভ হল। দুইজনৰে কথাবোৰ মিলাৰ বাবে তেওঁলোকৰ ভাল বন্ধুত্ব স্থাপন হল। দুইজনে সাহিত্য, সঙ্গীত এইবোৰ আলোচনা কৰি ভাল পাইছিল।
বাস্তৱে সামাজিক কামবোৰত আগবাঢ়ি যায় ভাগ লবলৈ। সি সপ্তাহত দুবাৰ দুখীয়া লৰা ছোৱালীবোৰক পঢ়াবলৈ যায়। নিজৰ পাৰিবাৰিক স্থিতিৰ বাবে দিম্পিউ বহুত সংবেদনশীল আছিল। তাই বাস্তৱৰ সামাজিক কামবোৰত সহযোগ কৰিব ললে, যাৰ বাবে দিম্পি বাস্তৱৰ আৰু কাষ চাপিল আৰু দুয়োৰে হৃদয়ত প্ৰেমৰ বীজ গজিল। তেওঁলোকে নিজৰ জীৱন আৰু সামাজিক সংস্থাৰ বিষয়ে চিন্তা কৰে আৰু বহুত সুখী হয়।
দুবছৰ পাছত বাস্তৱৰ গুৱাহাটীৰ এখন কলেজত এচিষ্টেণ্ট প্ৰফেছৰৰ পদত নিযুক্তি হয়। দিম্পীয়ে তাক শুভকামনা জনালে আৰু সি তাইক চহৰৰ আটাইতকৈ প্ৰসিদ্ধ ৰেষ্টুৰেণ্টত পাৰ্টি দিলে। দিম্পীয়ে তাক হাঁহি মুখেৰে বিদায় দিবলৈ ৰেলৱে ষ্টেচনলৈ গল কিন্তু যেতিয়াই ৰেল চলিব ধৰিলে তাই উদাস হৈ পৰিল। বাস্তৱে তাইক দেখি আবেগিক হৈ পৰিল আৰু সান্তনা দি কলে,"তুমি চিন্তা নকৰিবা। মই চুটি পালেই আহি থাকিম আৰু আমাৰ সম্পৰ্কৰ বিষয়ে তোমাৰ দেউতাৰ লগত কথা পাতিম।"
কিছু দিনৰ পিছত বাস্তবে কোৱা ধৰনে দিম্পীৰ দউতাকৰ সৈতে বিয়াৰ কথা পাতিলে,আৰু দুয়োঘৰৰ সন্মতি সপেক্ষে দিম্পী-বাস্তবৰ বিয়া সুকলমে সম্পন্ন হৈ গল। দুইজনে সুখেৰে গুৱাহাটীত জীৱন ব্যতিত কৰি আছে, দিমপীয়েও উকীল কৰিবলৈ আৰম্ভ কৰিলে। বাস্তৱৰ ওচৰত কলেজৰ পাছত পৰ্যাপ্ত পৰিমানৰ সময় থাকে । সি দুখীয়া লৰা ছোৱালীৰ বাবে কাম কৰা সংস্থা এতালৈ যাব ধৰিলে। নগাঁৱত দিম্পিৰ বিয়াৰ পিছত প্ৰদীপ একেবাৰে অকলশৰীয়া হৈ পৰিল। এতিয়ালৈকেতো তেওঁ দিম্পিৰ লগত আছিল যাৰ কাৰণে তেওঁৰ মনটোক বুজাব পাৰিছিল। কিন্তু তেওঁ এই বিষয়ে দিম্পিক একো নকলে। যেতিয়াই তাই ফোন কৰে তেওঁ মাত্ৰ কয়,' ইয়াত সকলো ঠিকে আছে তুমি চিন্তা নকৰিবা" বুলি কৈ কথাষাৰ সলাই দিয়ে।
এবাৰ প্রদীপৰ জণ্ডিচ বেমাৰ হল। প্ৰথমতে তেওঁ দিম্পিক এই বিষয়ে একো নকলে কিন্তু পৰিস্থিতি বেয়া হোৱাৰ বাবে তেওঁ তাইক কব লগা হল। বাস্তৱে তৎক্ষণাত তাৰ মাকক প্রদীপৰ ওচৰত পঠিয়ালে যি নগাঁৱতেই থাকে। মিৰাই(বাস্তৱৰ মা) ডাক্তৰৰ পৰামৰ্শমতে প্রদীপক আহাৰ ৰান্ধি খুৱালে। মিৰাৰ কথাবোৰ আৰু সান্তনা পায় প্ৰদীপ মানসিক ভাৱে সুস্থ হৈ উঠিল। তেওঁ নিজৰ শাৰীৰিক সমস্যাৰ লগতে অকলশৰে থাকি বহুত চিন্তিত হৈ পৰিছিল।
এমাহৰ ভিতৰত প্ৰদীপ সুস্থ হৈ উঠিল। তেওঁ মিৰাৰ কৃতজ্ঞ হৈ ৰল আৰু দিম্পীয়ে মিৰাৰ দ্বাৰা কৰা সহায়ৰ বাবে তেওঁৰ কথা কৈ বহুত প্ৰশংসা কৰিলে। বাস্তৱে মাকক প্রদীপৰ ঘৰলৈ সময় পালে গৈ থাকিব কলে যাতে প্রদীপৰ কোনো অসুবিধা নহয়।
মিৰা অহাৰ পাছত প্রদীপৰ অকলশৰীয়া ভাবটো বহুত কম হৈ গল কিয়নো দুয়োৰে ইচ্ছাবোৰ একেই আছিল। প্ৰদীপ আৰু মিৰা প্ৰতি দেওবাৰে ইজনে সিজনৰ ঘৰলৈ অহা যোৱা কৰিব ধৰিলে। দুয়োৰে মাজত প্ৰায়ে ডবা খেল হয়। দুয়োজনেই ডবা খেলত পাকৈত । কেতিয়াবাতো মিৰাই প্রদীপক ৰাতিৰ আহাৰ খাবৰ বাবে মাতে। প্রদীপক লগ পাই মিৰাও ফুৰ্তিত থাকিব ললে। কিয়নো বাস্তৱ যোৱাৰ পাছত তেওঁ অকলে থাকিব লগা হৈছিল। তেওঁৰ স্বামীৰটো বহুত বছৰ আগতেই মৃত্যু হৈছিল।
দিম্পি আৰু বাস্তৱে ফোন কৰি মাক দেউতাকৰ খবৰ লয় আৰু তেওঁলোকে এইটো জানি সুখী হয় যে মাক দেউতাকে লগ পায় থাকে আৰু বহুত ফুৰ্তিত আছে। মিৰাই ভাবিলে বেচেৰা প্রদীপে সদায় নিজৰ কাৰণে আহাৰ ৰান্ধে, সেইবাবে মিৰাই তেওঁক প্ৰায় খাবলৈ মাতিব ধৰিলে আৰু কেতিয়াবা তেওঁৰ ঘৰলৈ ৰান্ধি লৈ যায়। প্রদীপে বহুত ধুনীয়া আহাৰ ৰান্ধে। এদিন যেতিয়া প্রদীপে মিৰাক ৰুটি, ৰাজমাৰ তৰকাৰী আৰু পায়স বনাই খুৱালে তেতিয়া মিৰাই তেওঁৰ প্ৰশংসা কৰি ভাগৰি পৰা নাছিল। মিৰাই কলে,"মইতো সৰুৰে পৰাই ৰান্ধি আছোঁ কিন্তু ইমান সোৱাদ লগা খাদ্য মই আজিলৈকে খোৱা নাই। আপোনাৰ হাতত কি যাদু আছে?"
প্রদীপে মিচিকিয়াই কলে," যদি আপুনি এই যাদু শিকিব বিচাৰে তেন্তে মই আপোনাকো যাদুকৰ বনাই দিম।"( Storyboard )
দুয়ো ইজনে আনজনৰ লগত সহজ অনুভৱ কৰিব ধৰিলে। তেওঁলোকে মনৰ কথা খুলি পাতিব আৰম্ভ কৰিলে। এবাৰ তেওঁলোকে ৰবিবাৰ এতাত চহৰলৈ ফুৰিব গৈছিল, তাত গৈ তেওঁলোক বহুত আনন্দিত হল।মিৰাৰ মানসপটত ২৫ বছৰ পুৰণি দৃশ্য আলোকিত হল। যেতিয়া মিৰা বিয়াৰ পাছত স্বামীৰ লগত ফুৰিবলৈ আহিছিল আৰু তেওঁৰ স্বামীয়ে তেওঁৰ হাতত ধৰি ফুৰাইছিল।
মিৰাই প্রদীপৰ ব্যৱহাৰত তেওঁৰ স্বামীক বিচাৰি পালে আৰু পুৰণা স্মৃতিত আপোন পাহৰা হৈ গল।প্রদীপে কলে," আপুনি ভাগৰি গল চাগে, বেঞ্চতে বহক মই সোনকালে শীতল পানীয় লৈ আহোঁ।" প্রদীপৰ মিৰাৰ বাবে চিন্তিত হোৱা তাইৰ বহুত ভাল লাগিল আৰু সেইদিনা তেওঁৰ চেহেৰা বহুত বছৰৰ পিছত প্ৰসন্নতাৰে জিলিকি উঠিল। প্রদীপেও সেইদিনা বহু বছৰৰ পাছত তেওঁৰ জীৱনৰ বিৰল মৰুভূমিত সেউজীয়াৰ দৰ্শন পোৱা যেন লাগিল।
দুয়ো এখন ৰেষ্টুৰেণ্টত সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰিলে , তাত কিছুমান প্ৰেমিক যুগলেও খাই আছিল। তেওঁলোকক দেখি দুয়ো ৰোমাঞ্চিত হৈ পৰিল। মিৰাই অলপ লাজ কৰি বেলেগফালে চালে। তাৰ পৰা ওলাই প্রদীপে মিৰাক ঘৰত থবলৈ গৈ নিজৰ ঘৰলৈ আহিল। মিৰাই ঘৰৰ চাবি উলিয়াবলৈ পাৰ্চ্ছতো খোলোতেই এখন ভিযিটিঙ কাৰ্ড ওলাই পৰিল। তেওঁ জানিবলৈ ইচ্ছা কৰি কাৰ্ডখন উঠাই পঢ়িলে আৰু তেওঁ আচৰিত হৈ পৰিল। আচলতে কাৰ্ডখনত লিখা আছিল," আমি সদায় এনেদৰেই একেলগত থাকিব নোৱাৰোঁ নে আৰু ইয়াক এটা সম্পৰ্কৰ নাম দিব নোৱাৰো নে? মই আপোনাৰ উত্তৰৰ বাবে অপেক্ষা কৰিম" লিখনিতো স্পষ্টৰূপত প্রদীপৰ আছিল। মিৰাই পঢ়ি খুব ফুৰ্তি পালে কিন্তু সমাজৰ কথা ভাবি তেওঁক উদাসিণতাই বেৰি ধৰিলে।
মিৰাই নিজৰ বেদৰুমত সোমাল আৰু বিছনাত শুই পৰিল আৰু গোটেই ৰাতি প্রদীপৰ প্ৰস্তাৱৰ বিষয়ে চিন্তা কৰি থাকিল।
ইফালে প্রদীপেও কম চিন্তাত নাছিল। তেওঁ ভাবি আছিল যদি মিৰাই প্ৰস্তাৱটো পায় খং কৰে। যদি সচাকৈ তাই খং কৰে তেন্তে তেওঁ তাইৰ সন্মুখলৈ কেনেকৈ যাব? তেওঁ এই অনিশ্চয়তাৰ মাজেৰে গোটেই ৰাতি কটালে আৰু নিজকে দুষিব ধৰিলে।
এই ঘটনাটো হোৱা দুদিন পাৰ হল। প্ৰদীপে মিৰাৰ মনৰ কথা জানিব খুজিছিল কিন্তু তেওঁৰ মিৰাক ফোন কৰিবলৈ সাহস নহল। তেওঁ কোনো অসভ্য স্বভাৱৰ মানুহ নাছিল যে যিকোনো মহিলাক যি তি কথা কৈ দিব। এয়াটো তেওঁৰ অকলে থকা আৰু সঁচা প্ৰেম আছিল যাৰ বাবে তেওঁ অনায়াসে তেওঁৰ প্ৰেম প্ৰস্তাৱ নিবেদন কৰিলে। এই বয়সত যিকোনো মানুহ অকলশৰে থকাৰ বাবে চিন্তিত হব পাৰে আৰু নিজক অসহায় যেন অনুভৱ হয়।
সম্পূৰ্ণ এসপ্তাহ পাছত মিৰা প্রদীপৰ ঘৰলৈ আগৰ দৰে খাদ্য ৰান্ধি লৈ আহিল যাৰ বাবে প্রদীপৰ অলপ চিন্তা দূৰ হল। অলপ পৰ মৌন হৈ থকাৰ পাছত প্রদীপে পৰিবেশতো সাধাৰণ কৰিবৰ বাবে চাহ বনাবলৈ গল।
অপৰাধবোধেৰে গ্ৰাসীত হোৱা প্রদীপে মিৰাক সুখী কৰিবৰ বাবে আদা আৰু ইলাচীৰ সৈতে ধুনীয়া চাহ বনাবলৈ চেষ্টা কৰিলে। চাহ খাই মিৰাই প্ৰশংসা কৰিব ধৰিলে যাৰ বাবে প্রদীপে উৎসাহ পালে আৰু অলপ শংকা কৰি কলে," মই কাৰ্ডখনত লিখাবোৰ পঢ়ি আপুনি বেয়া পালে নিকী?"
মিৰাই লাজতে চকু তল কৰি কলে," আপুনি নিজেই ইমান এজন বুজা শুনা ব্যক্তি , আপোনাক নো কি কথাৰ বাবে বেয়া পাম? আপুনি যি লিখিছে হয়তো বহুত ভাবি চিন্তি লিখিছে। এই বয়সত অকলে থকা বহুত কঠিন হৈ পৰে। যদি কেতিয়াবা অসুস্থ হৈ পৰে আৰু কিবা সমস্যা হলে এজন সংগীৰ প্ৰয়োজন হয়।" মিৰাৰ কথাবোৰ শুনি প্রদীপৰ সকলো আশংকা দূৰ হল আৰু তেওঁৰ মনে যেন ফুৰ্তিত ময়ূৰ নৃত্য কৰিব ধৰিলে।
প্রদিপে প্রফুল্লিত হৈ মিৰাৰ লগত জীৱনৰ এই নতুন অধ্যায়ৰ বিষয়ে আলোচনা কৰিলে।মিৰাই কলে," ইয়ালৈকে তো ঠিকেই আছে কিন্তু আমাৰ সমাজ আৰু সন্তানে জানো এই সম্পৰ্ক স্বীকাৰ কৰিব? প্রদীপে কলে," দিম্পি আৰু বাস্তৱ বহুত সংবেদনশীল তেওঁলোকক মই বুজাম।" প্রদীপে উৎসাহিত হৈ এইবোৰ কথা কলে কিন্তু এই বিষয়ে লৰা ছোৱালীৰ লগত কথা পতাৰ কথা ভাবিয়েই তেওঁৰ বুকু কঁপি উঠিল।
দুয়োৰে মানসিক অৱস্থা পাহাৰৰ বতৰৰ দৰে হৈ পৰিল যত অলপ সময় ঘোৰ বৰষা হয় আৰু অলপ পাছতেই খুব ৰ'দ দিয়ে। দুয়োৰে মাজত ইমান সাহস নাছিল যে তেওঁলোকে সন্তানৰ লগত এই বিষয়ে কথা পাতিব পাৰে। অৱশেষত বহুত ভাবি চিন্তি দুয়ো মিলি নিজৰ নিজৰ সন্তানক ই মেইলৰ যোগেৰে কথাটো জনালে।
ইফালে বাস্তৱ আৰু দিম্পীয়ে তেঁওলোকৰ ই মেইল পঢ়ি ধৰ্ম সংকটত পৰিল। তেওঁলোকে ভবা নাছিল যে মাক দেউতাক ইমান আগবাঢ়ি যাব। বাস্তৱে ভাবিলে যদি কলেজত এই কথাটো গম পায় তেন্তে কলেজত তাৰ কোনো সন্মান নাথাকিব। দিম্পীয়েও একেদৰেই ভাবিলে । তাইও সমাজৰ কথা ভাবি চিন্তাত পৰিল। সিহঁতে সদায় ঘৰলৈ ফোন কৰি খবৰ লৈছিল কিন্তু আজি তিনিদিন হল তেওঁলোকে ফোন কৰা নাই। ফোন নকৰা দেখি প্ৰদীপ আৰু মিৰাৰ মনত আশংকাই বেৰি ধৰিলে আৰু নিজৰ ওপৰত লাজ পালে। তেওঁলোকে ভাবিলে হয়তো ই মেইল পঢ়ি তেওঁলোকৰ সন্তানে খং কৰিছে আৰু কথা পাতিব খোজা নাই।
আচলতে দিম্পি আৰু বাস্তৱে লাজ আৰু সন্মানৰ বাবে মাক দেউতাকৰ লগত কথা পতা অৱস্থাত নাছিল। কিন্তু মেইল পঢ়াৰ পাছতেই তেওঁলোকে এই বিষয়টোক লৈ গভীৰ চিন্তা কৰিলে আৰু ইয়াৰ সমাধান বিচাৰি আছিলে। দিম্পীয়ে কলে," এইটো ঠিক আছে যে মোৰ দেউতাই মোৰ বাবে বহুত ত্যাগ কৰিলে কিন্তু আমি তেওঁলোকৰ এই কথাটো কেনেকৈ মানি লওঁ?"বাস্তৱে কলে ," তুমি ঠিকেই কৈছা। এনেকুৱা নহয় যে মই মোৰ মাৰ ভাৱনাবোৰ বুজি নাপাও কিন্তু আমিতো এইখন সমাজতেই থাকিব লাগিব। কাইলৈ আমাৰ সন্তানৰ ওপৰত কি প্ৰভাৱ পৰিব?"
প্ৰদীপ নিজৰ অফিচৰ কামত বহুত চিন্তিত আছিল। মাৰ্চৰ মাহ আছিল আৰু সকলো কৰ্মচাৰীৰ ওপৰত বৃত্তিয় বৰ্ষৰ লক্ষ পূৰণ কৰিবৰ বাবে প্ৰভাৱ আছিল। ইয়াৰ মাজতে প্রদীপৰ মোবাইলত নটিফিকেচনৰ শব্দ হল আৰু তেওঁ উঠাই চালে। এই চিন্তাৰ সময়ত দিম্পিৰ মেইল দেখি তেওঁৰ মন ভাগি পৰিল। তেওঁ ভয় কৰি কৰি পঢ়িব আৰম্ভ কৰিলে।
দিম্পীয়ে লিখিছে," আমি আপোনালোকৰ মেইল পঢ়িলোঁ আৰু এই কথা জানি বহুত আচৰিত হলো। দেউতা, মই জানো যে আপুনি মোৰ লালন পালনত আপোনাৰ সকলোখিনি দিলে আৰু গোটেই জীৱন সংঘৰ্ষ কৰিলে। মই সদায় আপোনাক ফুৰ্তিত দেখিব বিচাৰো আৰু ভগৱানক প্ৰাৰ্থনা কৰোঁ আপোনাৰ সকলো মনোকামনা যাতে পূৰণ হয়। দুৰ্ভাগ্যব্শত আপোনালোকৰ সম্পৰ্কটো সমাজে মানি নলয়। যদি আপুনি এই সম্পৰ্কটো আগবঢ়ায় তেন্তে সমাজে আপোনাৰ লগতে আমাকো শান্তিত জীয়াই থাকিব নিদিব। আমি দুয়ো বহুত চিন্তা কৰিলোঁ আৰু আমি ভাবো যে আপোনালোক বিবাহৰ বান্ধোনত বান্ধ নাখাব। এইয়াই আপোনালোকৰ বাবে ভাল হব।"
মেইলৰ প্ৰথম শাৰীটো পঢ়িয়াই প্রদীপৰ চকুৰ সন্মুখত আন্ধাৰ হৈ পৰিল আৰু তেওঁৰ মূৰটো বিষত ফাটি যাওঁ যেন কৰিলে। তেওঁৰ আগলৈ আৰু পঢ়িবলৈ সাহস নহল। তেওঁ এ.চি কেবিনত বহি থকাৰ পাছতো ঘামি পৰিল। তেওঁ বহুত চিন্তাত পৰিল। তেওঁ তৎক্ষণাত অফিচৰ পৰা ঘৰলৈ আহিল আৰু শুই পৰিল। তেওঁৰ মগজুত ধুমুহাৰ সৃষ্টি হল যিয়ে তেওঁক ভিতৰি ভাঙী পেলালে।
সন্ধিয়া যেতিয়া তেওঁ শুই উঠে তেতিয়া তেওঁ দিম্পিৰ উত্তৰৰ বিষয়ে শান্ত মগজুৰে চিন্তা কৰিলে আৰু আপোনাআপুনিকৈ আঙুলিকেইটা ফোনটোত চলিব ধৰিলে।
তেওঁ আকৌ এবাৰ আশংকাৰ মাজেৰে মেইল খুলিলে তাত আৰু আগলৈ লিখা আছিল," বাস্তৱে ইচ্ছা কৰিও আপোনাৰ এই প্ৰস্তাৱক স্বীকাৰ কৰিবলৈ সাহস গোটাব পৰা নাই। তথাপিও তেওঁ আপোনাৰ আৰু মাকৰ বহুত সন্মান কৰে। শেষত আমি অন্তিম সিদ্ধান্ত লৈছোঁ যে আপোনালোকে বিয়া নকৰায় আৰু বিয়া নকৰুৱাকৈ একেলগত থাকিব। এনেকুৱা কৰিলে আপোনালোক একেলগত থাকিব পাৰিব আৰু আমিও সমাজৰ ঠাট্টাৰ পৰা বাচিম। অহা মাহত আপুনি অৱসৰ গ্ৰহণ কৰিব। মই বিচাৰোঁ আপোনালোক আমাৰ ইয়ালৈ গুচি আহি ইয়াত থাকক। ইয়াৰ দ্বাৰা আমি মা দেউতাৰ সংগ পাম আৰু আপুনিও মাৰ সংগ পাব আৰু আমাৰ লগতো থাকিব পাৰিব। বাস্তৱে এটা বহুত ডাঙৰ ঘৰ লৈছে যত আমি সকলো আৰামত থাকিব পাৰিম।"
সম্পূৰ্ন কথাখিনি পঢ়ি প্রদীপে নিজৰ ছোৱালীৰ বিবেকৰ ওপৰত বহুত গৰ্বিত হল আৰু আনন্দত চকুলো বৈ আহিল। তেওঁ আনন্দিত হৈ মিৰাক ফোন কৰি কলে," সন্ধিয়া ঘৰলৈ আহিব। মই আজি নিজ হাতেৰে মটৰ আৰু পনীৰৰ তৰকাৰী ৰান্ধি খোৱাম।"
সমাপ্ত
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment