কৰুণাৰ যেতিয়া গাঁৱত প্ৰবেশ ঘটিল : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 4, 2021

কৰুণাৰ যেতিয়া গাঁৱত প্ৰবেশ ঘটিল : Storyboard

Storyboard

অৱশেষত  গাৱঁলৈ কৰু(ৰো)ণা আহিল । খবৰটো বিয়পি পৰাৰ ল'গে ল'গে গাঁৱৰ মানুহৰ মাজত হাহাকাৰ লাগিল । ইমানদিনে যি ভয় কৰি আছিল সেয়াই হ'ল । এতিয়া মানুহৰ মুখে মুখে কেৱল কৰু(ৰো)ণাৰ নাম , এক আতংকময় পৰিবেশ বিৰাজ কৰিছে সকলোৰে মনত । কি কৰিব এতিয়া ৰাইজে ! কি ব্যৱস্থা গ্ৰহণ কৰিব ! কেনেকৈ যুজঁ দিব কৰু(ৰো)ণাৰ বিৰুদ্ধে ।( Storyboard ) 


       আচলতে গাঁৱৰ মানুহৰ অলপ বিভ্ৰান্তি হ'ল । কৰুণা আহিল নে কৰোণা আহিল গাওঁলৈ । কৰোণাক কোনেও দেখা নাই , কিন্তু ই বৰ্তমান গোটেই পৃথিৱীজুৰি বিভিষীকাৰ সৃষ্টি কৰিছে , ই এক মহামাৰী । কিন্তু কৰুণা ? গাওঁখনৰ কাৰণে কৰুণাও  সমনেই ভয়ানক । এই কৰুণাই এসময়ত বিভিষীকাৰ সৃষ্টি কৰিছিল , এই দুৰ্যোগৰ সময়ত আকৌ গাওঁলৈ আহিল । ঘৰে ঘৰে এতিয়া এটাই চৰ্চা, কৰোণা নে কৰুণা , দুয়োটাই ভয়ংকৰ আজিৰ দিনত । 


      বহুদিন গাঁৱৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নথকা কৰুণা লকডাউনৰ কাৰণে এতিয়া গাঁৱলৈ উভতি আহিছে । তেওঁৰ মতলব কি কোনেও ধৰিব নোৱাৰে । এসময়ত গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল কৰুণাই , বহুবছৰ ধৰি গুৱাহাটীত আছে , এতিয়া কি উদ্দেশ্য লৈ আকৌ আহিল , গাঁৱৰ ৰাইজে ধৰিবই পৰা নাই । সেয়ে মানুহ প্ৰথমতে ধৰিবই পৰা নাছিল, কৰুণা নে কৰোণা আহিছে , দুয়োটা বদনামী ।


    মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰা কৰুণাই সৰুৰেপৰাই উদণ্ড আছিল , হাই কাজিয়া কৰা , ইটো সিটো চুৰি কৰি আনৰ মাৰধৰ খাই ডাঙৰ হোৱা কৰুণাই এটা সময়ত উগ্ৰপন্থী দলৰ লগত যুক্ত হৈ ৰাতিটোৰ ভিতৰতে চেহেৰা সলাই পেলাইছিল । এসাজ খাই এসাজৰ চিন্তা কৰা কৰুণাই কম দিনৰ ভিতৰতে ধনী হৈছিল । নামি দামী কাপোৰ , বাইক লৈ ঘুৰি ফুৰিছিল । গাওঁখনৰ যেন উঠি ৰজা বহি ৰজা আছিল, যি মন যায় তাকেই কৰিছিল , হাতত পিষ্টল লৈ ঘুৰি আছিল । গাঁৱৰ মানুহে ভয়তে দেখাকৈ একো নকৈছিল কিন্তু মনে মনে সি নিপাট যাওঁক বুলি খাটনি ধৰিছিল । 


     এদিন সি পঢ়া স্কুল খনৰ প্ৰধান শিক্ষকৰ ছোৱালীজনীক বন্দুকৰ ভয় দেখুৱাই একপ্ৰকাৰ অপহৰণ কৰি গুৱাহাটীলৈ লৈ গ'ল আৰু যোৰ কৰি বিয়া পাতিলে । সেই দুখতে সকলোৰে প্ৰিয় শিক্ষক জন অষুস্থ হৈ মৃত্যু মূখত পৰিল । তেতিয়াৰ পৰাই কৰুণা গাওঁবাসীৰ বাবে বদনামী হ'ল । 


      ইফালে কৰুণাই গুৱাহাটীত থাকি ব্যৱসাই কৰি সুন্দৰ ভাবে চলি আছিল , কিন্তু দুবছৰ মান পিছত কৰুণাৰ পত্নীয়ে আত্মহত্যা কৰিলে । তেতিয়াৰ পৰাই সি গাঁৱৰ মানুহৰ মাজত ঘৃণিত হৈ পৰিল ।( Storyboard )


  ........ এইবোৰ ভালেমান বছৰৰ আগৰ কথা । সময়ৰ ল'গে ল'গে মানুহে কৰুণাৰ কথা পাহৰি গৈছিল, কিন্তু সি গাঁৱৰ কথা পাহৰা নাছিল । অৱশ্যে কিছুমান শুভাকাংক্ষী বন্ধুৰ লগত সি যোগাযোগ ৰাখিছিল আৰু গাৱঁত ভালেমান মাটি সম্পত্তি কৰি থৈছিল ।


      হঠাতে গোটেই পৃথিৱীজুৰি সংহাৰী ৰূপ লোৱা কৰোণা ভাইৰাছৰ তাণ্ডৱত বহুতৰে জীৱনত আউল লাগিল । কৰুণায়ো গাওলৈ উভতি আহি কিনি থোৱা মাটিত পৰিকল্পিত ভাবে বিভিন্ন ধৰণৰ খেতি আৰু পুখুৰী খান্দি মাছৰ ব্যৱসাই কৰাৰ কথা মনতে ভাবিলে । নিজৰ লগতে দহজন নিৱনুৱাক সংস্থাপন দি পূৰ্বৰ কুকৰ্মৰ প্ৰায়চিত্ত কৰাৰ কথা ভাবি কৰুণাই গাওঁলৈ আহি প্ৰথমে মানুহৰ মাজত সহজ হৈ তাৰ প্ৰতি আস্থা আনিবলৈ চেষ্টা কৰাৰ কথা ভাবিলে । 


    লকডাউনৰ সময়ত উপাৰ্জন বন্ধ হৈ  হাহাকাৰৰ সৃষ্টি হোৱা গাঁৱৰ  মানুহ খিনিক কিছু বস্তু দি সহায় কৰিম বুলি কৰুণাই তাৰ বন্ধুৰ জৰিয়তে খবৰ দিলে আৰু সেইমতে চাউল দালি, মিঠাতেল আলু বিস্কুট ইত্যাদি খাদ্য আনি গাঁৱৰ মানুহক দিবলৈ সাজু হ'ল । কিন্তু .... কিন্তু আচৰিত কথা , গাঁৱৰ মানুহে কৰুণাই দিয়া সাহাৰ্য নিবলৈ নাহিল । বৰং বদনামী কৰুণাৰ পৰা সাহাৰ্য লৈ জীয়াই থকাতকৈ নাখায় মৰিব বুলি সকিয়নী দিলে গাঁৱৰ ৰাইজে । লাগিলে কৰোণাত মৰিব , তথাপিও কৰুণাৰ খাই নমৰে । নিপাত যাওঁক কৰু(ৰো)ণা ।


     কৰুণাৰ মনত বৰ দুখ লাগিল । দুই এজন বন্ধুৰ লগত তেওঁ এই বিষয়ে কথা পাতিলে আৰু মনৰ দুখ আতৰ কৰিবলৈ বন্ধুৰ লগত অলপ মদ খালে । সদায় গেলা মদ খাই নিচাত পৰি থকা বন্ধুই বিলাতী সুৰাৰ সোৱাদ পাই কৰুণাৰ প্ৰসংসাত পঞ্চমুখ হৈ পৰিল । লাহে লাহে সন্ধিয়া সময়ত বিলাতী সুৰাৰ সোৱাদ লবলৈ অহা বন্ধুৰ সংখ্যা বাঢ়ি আহিল । যিবিলাক মানুহে দিনৰ পোহৰত বদনামী কৰুণাই দিয়া সাহাৰ্য ল'বলৈ অহা নাছিল , সেইবোৰ মানুহে ৰাতিৰ এন্ধাৰত বিলাতী সুৰাৰ নিচা ল'বলৈ কৰুণাৰ কাষলৈ আহিব ধৰিলে ।  মানুহ বোৰৰ দূমুখীয়া চৰিত্ৰ বোৰ গম পাই কৰুণাৰ হাঁহি উঠিল । বিলাতী সুৰাৰ ৰাগিত গাঁৱৰ কেইজনমান বাৰুকৈয়ে ডুবিল । এদিন কৰুণাই গোটেই কেইজনকে একেলগে মদ খাবলৈ মাতিলে । তেওঁ নিজে আগতীয়াকৈ দুপেগ খাই লৈ বন্ধু সকলৰ আগত হাজিৰ হ'ল আৰু তেওঁলোকক খাবলৈ দিয়াৰ আগতে গোৱালগালি পাৰিব ধৰিলে --" চব ননচেঞ্চ , ছূৱাপাত চেলেকা , চব দুমুখীয়া , খাবলৈ পালে বুকুলৈ জপিয়াই, নাপালে ভুকে , এই কৰুণাক চিনি পোৱা নাই চাল্লা । মানুহে কৰু(ৰো)ণাক বদনাম কৰে , হা হা হা । সকলো বদনামী , কৰুণা বদনামী কৰোণা বদনামী , এই মানুহ বোৰো বদনামী ,হা হা হা -----"


বিলাতী সুৰাৰ নিচা লবলৈ অহা কেইটাৰ গা বেজবেজাই গ'ল । তেওঁলোকো তাৰমানে কৰু(ৰো)ণাৰ দৰেই বদনামী নেকি !! 


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages